এজন কৃষক আৰু চয়তান
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- Jul 12
- 2 min read

লেখকৰ পৰিচয় : বিশ্ব বিখ্যাত লোককথা ৰচক জাৰ্মান শিক্ষাবিদ, সাংস্কৃতিক গৱেষক, ভাষাবিজ্ঞানী আৰু অভিধানকাৰ গ্ৰিম ভাতৃদ্বয়, উইলহেম (১৭৮৬-১৮৫৯) আৰু জেকব (১৭৮৫-১৮৬৩) হৈছে গ্ৰন্থখনৰ ৰচক। গ্ৰিম ভাতৃদ্বয়ে 'চিণ্ডেৰেলা', ‘দ্য ফ্ৰগ প্ৰিন্স', 'হেনচেল এণ্ড গ্ৰেটেল', 'লিটল ৰেড ৰাইডিং হুড', 'ৰেপাঞ্জেল', 'ৰম্পেলষ্টিল্টস্কিন', 'স্লিপিং বিউটি' আৰু 'স্নো হোৱাইট' আদি কাহিনীক জনপ্ৰিয় কৰি তুলিছিল।
অনুবাদ : পবিত্ৰা বৰঘৰীয়া, মুম্বাই
***********
*******
এজন কৃষক আৰু চয়তান

এসময়ত এখন গাঁৱত এজন অতি দূৰদৰ্শী আৰু কাৰ্যদক্ষ কৃষক আছিল। কৃষকজনৰ দূৰদৰ্শিতাৰ কথা চাৰিওফালে বিয়পি পৰিছিল। এবাৰ তেওঁ কেনেকৈ চয়তান এটাক বুদ্ধিৰ বলেৰে মূৰ্খ বনাই গাঁৱৰ পৰা খেদি পঠাইছিল, তাৰে এটা বৰ আমোদজনক কাহিনী ক’বলৈ ওলাইছোঁ।
সেই কৃষকজনে এদিন নিজৰ পথাৰত কাম কৰি আছিল। গধূলি হোৱাৰ লগে লগে তেওঁ যেতিয়া ঘৰলৈ যাবলৈ সাজু হৈছিল, তেতিয়াই তেওঁৰ পথাৰখনৰ মাজভাগত জ্বলি থকা কয়লাৰ দ’ম এটা দেখা পালে । আচৰিত হৈ কৃষকজনে যেতিয়া খৰখেদাকৈ কয়লাৰ দ’মটোৰ ওচৰলৈ গ’ল, তেতিয়া জ্বলি থকা কয়লাবোৰৰ ওপৰত এজন সৰু ক’লা চয়তান বহি থকা দেখা পালে। চয়তানটোক তেনেকৈ বহি থকা দেখা পাই কৃষকজনে মাত লগালে, "তুমি সঁচাকৈয়ে এটা ধন-সম্পদৰে ভৰা ভঁৰালৰ ওপৰত বহি আছা!" কৃষকজনৰ কথা শুনি চয়তানে তপৰাই মাত লগালে, "হয়, আপুনি সঁচা কথাই কৈছে। আপুনি আজিলৈকে যিমানবোৰ সোণ, ৰূপ আদি সম্পদ দেখিছে, তাতোতকৈ এইয়া বেছি পৰিমাণৰ সম্পদৰ ওপৰত মই বহি আছোঁ।"
চয়তানৰ কথা শুনি কৃষকজনে ক'লে, "এই যে মোৰ পথাৰখনত যিমানবোৰ সম্পদ দেখিছা, এই সকলোবোৰ মোৰেই হয়।" চয়তানে উত্তৰ দিলে, "আপুনি যদি আপোনাৰ পথাৰত উৎপাদিত সকলো ফচলৰ আধা ফচল দুবছৰৰ বাবে মোক দিয়ে, বৰ ভাল কথা হ’ব।মোৰ হাতত যথেষ্ট টকা-পইচা আছে, কিন্তু পৃথিৱীৰ ফলৰ প্ৰতি মোৰ সদায়ে এটা আকাংক্ষা আছে।"
কৃষকজনে ভাবি-চিন্তি দৰ-ভাওৰ কথাটো বেয়া নেদেখিলে, সেয়ে তেওঁ সন্মতি জনালে। কিন্তু ফচল হোৱাৰ পিছত যাতে ফচলৰ ভাগ-বাটোৱাৰা কৰাৰ সময়ত একো সমস্যাৰ সৃষ্টি নহয়, তাৰবাবে বুধিয়ক কৃষকজনে আগতেই সাৱধান হ’বলৈ ক’লে, "কিন্তু ফচল বিভাজনৰ সময়ত যাতে কোনো বাদ-বিবাদৰ সৃষ্টি নহয়, তাৰ বাবে আমি আগতেই এটা মীমাংসালৈ আহিব লাগিব,-- খেতিৰ মাটিৰ ওপৰৰ যিখিনি ফচল উৎপন্ন হ’ব সেইখিনি সকলো তোমাৰ হ'ব আৰু মাটিৰ তলত থকা সকলো মোৰ হ'ব।" সেই কথা শুনি চয়তানজন যথেষ্ট সন্তুষ্ট হ’ল আৰু কৃষকজনৰ স্বত্বটো মানি ল’লে ।
কিন্তু সিঁয়ান কৃষকজনে মনেমনে আন এটা বুদ্ধিহে পাঙিলে।
কৃষকজনে সেইবাৰ তেওঁৰ পথাৰখনত চালগোমৰ খেতি কৰিবলৈ মনস্থ কৰিলে। চিন্তা অনুসৰি কাম। যেতিয়া শস্য চপোৱাৰ সময় আহিল, তেতিয়া চয়তানে আহি পথাৰত উপস্থিত হ’লহি আৰু তাৰ নিজৰ ভাগৰ শস্যখিনি লৈ যাবলৈ বিচাৰিলে। কিন্তু পথাৰত চাৰিওফালে চালগোম গছৰ শুকান হালধীয়া পাতবোৰৰ বাহিৰে আন একো নাপালে। অথচ কৃষকজনে তেতিয়া আনন্দমনেৰে মাটিৰ তলৰ পৰা চালগোম খান্দি আছিল।
তাকে দেখি চয়তানৰ বৰ খং উঠিল, কিন্তু একো ক’বলৈও নোৱাৰা হ’ল, কাৰণ কৃষকজনৰ লগত চুক্তিৰ স্বত্ব এইটোৱে আছিল। গতিকে খং সম্বৰণ কৰি চয়তানে ক’লে, “এইবাৰ আপুনি উৎকৃষ্ট শস্য লাভ কৰিলে। কিন্তু পিছৰবাৰ সেইটো নহ'ব। অহা বছৰলৈ মাটিৰ ওপৰত যি শস্য গজিব, সেয়া তোমাৰ হ'ব, আৰু মাটিৰ তলত যি হ’ব সেয়া মোৰ হ'ব।"
কৃষকজনে হাঁহিমুখে চয়তানৰ স্বত্ব মানি ল’লে। কিন্তু যেতিয়া বীজ সিঁচাৰ সময় আহিল, তেতিয়া তেওঁ এইবাৰ চালগোমৰ খেতি নহয়, ঘেঁহুৰ খেতিহে কৰিলে। যেতিয়া শস্য পকিলে, কৃষকজনে পথাৰলৈ গৈ পকা ঘেঁহুবোৰ কাটি ঘৰলৈ চপাই আনিলে। শস্য সংগ্ৰহ কৰিবলৈ যেতিয়া চয়তানজন আহিল, তেতিয়া তেওঁ পথাৰত ঘেঁহুগছৰ নৰাবোৰৰ বাহিৰে একো দেখা নাপালে। চয়তানজনে সকলো বুজি পালে আৰু ক্ৰোধত একো নাই হৈ শিলৰ ফাট এটাৰে তললৈ নামি আঁতৰি গ’লগৈ।"
এইটোৱেই আছিল চয়তানটোক প্ৰতাৰণা কৰাৰ উত্তম উপায়" বুলি কৃষকজনে নিজকে নিজে ক’লে আৰু কষ্টৰে কৰা নিজৰ শষ্যখিনি চপাই আনি সুখে সন্তোষে থাকিল।
গতিকে নিজ বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ দ্বাৰা জ্ঞানী কৃষকজনে দুষ্ট চয়তানৰ কৱলৰ পৰা মুক্ত হৈ সুখে-সন্তোষে থাকিবলৈ ধৰিলে।
&&&&&&&&&&&





Comments