top of page
  • Black Facebook Icon
  • Black Instagram Icon

হেনচেল আৰু গ্রেটেল

  • Writer: পবিত্ৰা বৰঘৰীয়া, মুম্বাই
    পবিত্ৰা বৰঘৰীয়া, মুম্বাই
  • Oct 12
  • 11 min read

Updated: Oct 14


ree

পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

এসময়ত এখন অটব্য অৰণ্যৰ কাষত এজন দুখীয়া খৰিকটীয়াই পত্নী আৰু দুটা সন্তানৰ সৈতে বৰ কষ্টেৰে বসবাস কৰিছিল। তেওঁৰ ল'ৰাটোৰ নাম আছিল হেনচেল আৰু ছোৱালীজনীৰ গ্রেটেল। এবাৰ সেই ঠাইত ইমান খাদ্যৰ আকালে দেখা দিলে যে, খৰিকটীয়াই কোনোমতে পৰিয়ালটোৰ বাবে সামান্য আহাৰৰো যোগাৰ কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হ'ল। এনে অনাটনৰ মাজত তেওঁ, পত্নী আৰু ল'ৰা ছোৱালী দুটিৰে সৈতে কেনেকৈ জীয়াই থাকিব তাকে ভাবি চিন্তি উপায় নাপাই ৰাতি বিচনাত ইকাটি-সিকাটিকৈ থাকিও টোপনি নহাত হুমুনিয়াহ কাঢ়ি পত্নীক ক'লে, "আমাৰ কি হ'ব এতিয়া? আমাৰ‌ এতিয়া নিজৰে দুবেলা দুমুঠি খাবলৈ নথকা অৱস্থাত এই সন্তান দুটিক ক'ৰপৰা খোৱাৰ যোগাৰ কৰোঁ!"

 

মহিলাগৰাকীয়ে উত্তৰ দিলে,"মইনো কি ক'ম স্বামী, কালিলৈ ৰাতিপুৱাই আমি ল'ৰা-ছোৱালী দুটাক হাবিলৈ লৈ যাম আৰু হাবিৰ মাজত আটাইতকৈ বেছিকৈ গছ-গছনিৰে ভৰা, গেজেপনি মৰা ঠাইডোখৰতে জুই একুৰা জ্বলাই তেওঁলোক জুইৰ কাষতে বহুৱাই প্ৰত্যেককে এটুকুৰাকৈ পাওৰুটি দি তেওঁলোকক অকলে এৰি দি আমি  নিজৰ কামলৈ বুলি আঁতৰি আহিম। তেওঁলোক অকলশৰীয়া হৈ পৰিব আৰু ডাঠ হাবিৰ মাজত ঘৰলৈ উভতিবলৈ চেষ্টা কৰিলেও বাট বিচাৰি নাপাব আৰু আমি তেওঁলোকৰ পৰা মুক্তি পাম।"

 

"নাই  নাই, তুমি তেনে কথা নক'বা।"  মানুহজনে কৈ উঠিল। তেওঁ পুনৰ ক'লে, "মই তেনেকুৱা কৰিব নোৱাৰোঁ; মোৰ সন্তানক হাবিত অকলে মই কেনেকৈ এৰি থৈ আহিব পাৰিম কোৱা? আমি সিহঁতক এনেকৈ এৰি থৈ আহিলে, বনৰীয়া জন্তুবোৰে আহি অতি সোনকালেই সিহঁতক চিৰাচিৰ কৰি পেলাব।" তাই ক'লে, "অ', হে মূর্খ! তেন্তে অচিৰেই আমি চাৰিওজনেই ভোকতে মৰিব লাগিব, আৰু তুমি আমাৰ কফিনৰ বাবে তক্তাবোৰ যোগাৰ কৰিব পাৰা।" আৰু খেতিয়কজনে সন্মতি নিদিয়ালৈকে তাই তেওঁক অলপো শান্তি দিয়া নাছিল। "কিন্তু এই দুৰ্ভগীয়া ল'ৰা-ছোৱালীহালৰ কথা ভাবি মোৰ বৰ দুখ লাগিছে, আমি সকলোবোৰতো একেই", মানুহজনে ক'লে।

 

সেইদিনা ৰাতি ল'ৰা-ছোৱালী দুটাও ভোকতে শুব পৰা নাছিল আৰু তেওঁলোক দুয়ো  মাহীমাক-দেউতাকে আলোচনা কৰা কথাবোৰ শুনি আছিল। গ্রেটেলে চকুলো বোৱাই হতাশাৰে হেনচেলক ক'লে, "এতিয়া আমাৰ সকলো শেষ হ'ল।" হেনচেলে ক'লে,"মনেমনে থাকা গ্রেটেল, হতাশ নহ'বা। মই অতি সোনকালে আমাক নিজকে বচাবলৈ কিবা এটা উপায় বিচাৰি উলিয়াম।" যেতিয়া মাহীমাক-দেউতাক দুয়োজনে টোপনিৰ কোলাত ঢলি পৰিল,  তেতিয়া সি উঠি সৰু কোটটো পিন্ধি তলৰ দুৱাৰখন খুলি হাতত সাৰে ভৰিত সাৰে বাহিৰলৈ ওলাই গ'ল। চন্দ্ৰটো তেতিয়া উজ্জ্বলভাৱে জিলিকি উঠিছিল আৰু ঘৰৰ সন্মুখত পৰি থকা বগা শিলগুটিবোৰ ৰূপৰ পইচাৰ দৰে জিলিকি উঠিছিল। হেনচেলে চাপৰি লৈ যিমান পাৰে সিমান বগা শিলগুটি কোটৰ সৰু পকেটটোত ভৰাবলৈ ধৰিলে। তাৰ পিছত তেওঁ উভতি গৈ গ্রেটেলক ক'লে, "চিন্তা নকৰিবা, মোৰ কণমানি সৰু ভনীজনী, এতিয়া শান্তিৰে শোৱা। ভগৱান আমাৰ সহায়, তেওঁ আমাক কেতিয়াও অকলশৰীয়া নকৰে।" এইবুলি ভনীয়েকক আশ্বাস দি তেওঁ আকৌ নিজৰ বিচনাত শুই পৰিল। যেতিয়া ৰাতিপুৱাবলৈ ধৰিলে, কিন্তু সূৰ্য্য উদয় হোৱাৰ আগতেই মহিলাগৰাকীয়ে আহি ল'ৰা-ছোৱালী দুটাক জগাই ক'লে, "উঠা, এলেহুৱা দুটা! আমি খৰি কাটি আনিবলৈ হাবিলৈ যাবলৈ ওলাইছো।" তাই দুয়োকো এটুকুৰাকৈ সৰু ৰুটি দি ক'লে, "এইয়া তোমালোকৰ ৰাতিৰ আহাৰৰ বাবে কিবা এটা আছে, কিন্তু তাৰ আগতে সেইটো নাখাবা, কাৰণ তোমালোকে আৰু একো নাপাবা।"

 

গ্রেটেলে ৰুটিখন নিজৰ এপ্ৰ'নৰ তলত থৈ দিলে, কিয়নো হেনচেলৰ পকেটত শিলবোৰ আছিল। তাৰ পাছত সকলোৱে একেলগে হাবিলৈ বুলি ৰাওনা হ'ল।

 

অলপ সময় যোৱাৰ পিছত হেনচেলে হঠাতে ৰৈ ঘৰটোলৈ উভতি চালে আৰু বাৰে বাৰে তেনেকৈয়ে উভতি চাই চাই আগবাঢ়িবলৈ ধৰিলে। দেউতাকে ক'লে, "হেনচেল, তুমি কিয় পিছ পৰি আছা আৰু বাৰে বাৰে উভতি কি চাই আছা? তুমি যি কৰি আছা, সেইয়া মনত ৰাখিবা আৰু ভৰি দুখন কেনেকৈ ব্যৱহাৰ কৰিব লাগে পাহৰি নাযাবা।" হেনচেলে ক'লে,"আস! দেউতা, মই মোৰ সৰু বগা মেকুৰীটোলৈ চাই আছো, যি ছাদত উঠি বহি আছে আৰু মোক বিদায় দিব বিচাৰিছে।” মাহীমাকে ক'লে, "মূর্খ, সেইটো তোমাৰ সৰু মেকুৰী নহয়, সেইটো ৰাতিপুৱাৰ ৰ'দহে যিটো চিমনিত পৰি জিলিকি আছে। হেনচেলে অৱশ্যে মেকুৰীটোৰ ফালে পিছলৈ ঘূৰি চোৱা নাছিল, কিন্তু অনবৰতে পকেটৰ পৰা বগা শিলগুটি উলিয়াই এটাৰ পিছত এটাকৈ ৰাস্তাত পেলাই গৈছিল।

 

আহি আহি যেতিয়া তেওঁলোকে হাবিৰ মাজ পালেহি তেতিয়া দেউতাকে ক'লে, " পোণাহঁত, এতিয়া তোমালোকে কাঠ কেইডালমান গোটাই লোৱা, মই জুই জ্বলাই দিম যাতে তোমালোকে ঠাণ্ডাৰ পৰা ৰক্ষা পাব পাৰা।" হেনচেল আৰু গ্রেটেলে ব্রাছ গছৰ কাঠ কিছুমান গোটাই সৰু পাহাৰৰ দৰে দ'ম কৰি সজাই থ'লে। ব্ৰাছৰ কাঠত জুই জ্বলাই দিয়া হ'ল আৰু যেতিয়া জুই দপদপকৈ ওখকৈ জ্বলি উঠিল, তেতিয়া মহিলাগৰাকীয়ে ক'লে, "এতিয়া তোমালোকে জুইৰ কাষত শুই জিৰণি লোৱাহঁক, আমি হাবিলৈ গৈ কাঠ কাটি আনোঁগৈ। যেতিয়া আমাৰ কাম শেষ হ'ব, তেতিয়া আমি উভতি আহি তোমালোকক লৈ যামহি।"

 

হেনচেল আৰু গ্রেটেলে জুইৰ কাষত বহিল আৰু যেতিয়া দুপৰীয়া হ'লহি, দুয়োটাই এটুকুৰাকৈ ৰুটি খালে আৰু কাঠ কটা কুঠাৰখনৰ শব্দ শুনি তেওঁলোকে বিশ্বাস কৰিলে যে তেওঁলোকৰ দেউতাক ওচৰত আছে। সেয়া অৱশ্যে কুঠাৰৰ শব্দ নাছিল, সেয়া আছিল পিতাকে শুকান গছ এজোপাত বান্ধি থোৱা ডাল এটাহে, যিটোৱে বতাহত আগলৈ পিছলৈ কৰি থাকি সেই শব্দৰ সৃষ্টি কৰিছিল। ইমান সময় এনেকৈ বহি থকাৰ বাবে ভাগৰত দুয়োৰে চকু জাপ খাই আহিল আৰু তেওঁলোক গভীৰ টোপনিত ঢলি পৰিল। অৱশেষত যেতিয়া সিহঁত সাৰ পালে, তেতিয়া ইতিমধ্যে চৌপাশে আন্ধাৰ হৈ পৰিল। গ্রেটেলে ভয়তে কান্দিবলৈ ধৰিলে আৰু ক'লে, "আমি এতিয়া কেনেকৈ হাবিৰ পৰা ওলাই যাম?” কিন্তু হেনচেলে তাইক সান্ত্বনা দি ক'লে, "জোনটো উদয় হোৱালৈকে, মাত্ৰ অলপ সময় অপেক্ষা কৰা। জোনাক হৈ উঠাৰ লগেলগে আমি ঘৰলৈ যোৱাৰ বাট সোনকালে বিচাৰি পাম।”  যেতিয়া পূর্ণিমাৰ জোন উঠি চাৰিওফালে জোনাকেৰে ঢৌৱাই তুলিলে, তেতিয়া হেনচেলে নিজৰ ভনীয়েকৰ হাতত ধৰি ৰূপৰ টুকুৰাহেন মুদ্ৰাৰ দৰে জিলিকি থকা শিলগুটিবোৰ অনুসৰণ কৰি তেওঁলোক ঘৰলৈ বুলি আগবাঢ়ি গৈ থকিল।

 

গোটেই ৰাতি এনেকৈয়ে তেওঁলোকে আগবাঢ়ি গৈ থাকিল আৰু দিনটো আৰম্ভ হোৱাৰ আগে আগে তেওঁলোকে দেউতাকৰ ঘৰৰ সমুখত উপস্থিত হ'লগৈ। ঘৰ পাইয়ে দুৱাৰত টোকৰ মাৰিলে আৰু যেতিয়া মহিলাগৰাকীয়ে দুৱাৰখন খুলিয়েই হেনচেল আৰু গ্রেটেলক দেখিলে, তেতিয়া তাই লগেলগে কৈ উঠিল, "তোমালোক দুষ্ট ল'ৰা-ছোৱালী, ইমান দেৰিলৈকে হাবিত কিয় শুই আছিলা? আমি ভাবিছিলো তোমালোকে আৰু কেতিয়াও ঘৰলৈ ঘূৰি নাহিবা!" ল'ৰা-ছোৱালী দুটাক দেখা পাই পিতাক অৱশ্যে আনন্দিত হ'ল, কাৰণ তেওঁলোকক হাবিত অকলে এৰি থৈ আহি দুখত তেওঁৰ হৃদয় ভাগি পৰিছিল।

 

তাৰপিছত, অলপ দিন যাওঁতেই আকৌ এবাৰ সকলো ঠাইতে দুৰ্ভিক্ষই দেখা দিলে আৰু তেওঁলোকৰ পৰিয়ালটোও খাদ্য সংকটৰ সন্মুখীন হ'ল। ল'ৰা- ছোৱালী দুটাই ৰাতি মাকে দেউতাকক কৈ থকা শুনিলে, "আকৌ সকলো খোৱা বস্তু অন্ত হৈ আহিল, আমাৰ হাতত মাত্ৰ আধামান ৰুটিহে বাকী আছেগৈ আৰু তাৰ পিছত সকলো শেষ হ'ব। ল'ৰা-ছোৱালী দুটা এইবাৰ যাবই লাগিব, আমি সিহঁতক হাবিৰ আৰু বেছি গভীৰলৈ লৈ যাব লাগিব যাতে সিহঁতে আকৌ ওলাই অহাৰ পথ বিচাৰি নাপায়; নহলে নিজকে বচাবলৈ আন কোনো উপায় নাই।"

 

মানুহজনৰ হৃদয় গধুৰ হৈ পৰিছিল, আৰু তেওঁ ভাবিছিল "তোমাৰ অৱশিষ্ট খাদ্যকণ ল'ৰা-ছোৱালীদুটাৰ সৈতে ভাগ-বতৰা কৰি খোৱাটোৱেই ভাল কথা হ'লহেঁতেন।" মহিলাগৰাকীয়ে অৱশ্যে তেওঁ কোৱা একো কথাই নুশুনিলে, বৰঞ্চ তেওঁক বকাবকি আৰু তিৰস্কাৰহে কৰিছিল। যিজনে ক কয়, তেওঁক খ ক'ব লাগিব, আৰু যিহেতু তেওঁ প্ৰথমবাৰেই হাৰ মানিছিল, সেয়েহে দ্বিতীয়বাৰো তেনে কৰিবলগীয়া হৈছিল।

 

ল'ৰা-ছোৱালীদুটা অৱশ্যে সেইদিনাও সাৰে  আছিল আৰু তেওঁলোকৰ কথা-বতৰা শুনি আছিল। দেউতাক আৰু মহিলাগৰাকী যেতিয়া শুই পৰিল, হেনচেল উঠিল আৰু আগৰবাৰ কৰাৰ ধৰণে বাহিৰলৈ  ওলাই গৈ শিলগুটি বুটলি আনিবলৈ পাং পাতিলে। কিন্তু মহিলাগৰাকীয়ে দুৱাৰখনত তলা মাৰি থৈছিল, আৰু হেনচেলে ওলাই যাব নোৱাৰিলে। তথাপিও তেওঁ সৰু ভনীয়েকক সান্ত্বনা দিলে আৰু ক'লে, "কান্দিব নালাগে গ্রেটেল, মনে মনে শুই থাকা, কৰুণাময় ঈশ্বৰে আমাক নিশ্চয় সহায় কৰিব।

 

ৰাতিপুৱাই মহিলাগৰাকী আহি, ল'ৰা-ছোৱালীদুটাক টোপনিৰ পৰি জগাই দিলেহি। তাৰপিছত তেওঁলোকৰ ভাগৰ ৰুটিৰ টুকুৰা দুটা তেওঁলোকক দিয়া হৈছিল যদিও আগৰ বাৰতকৈ কিন্তু ৰুটিৰ টুকুৰা দুটা সৰু আছিল। হাবিলৈ যোৱাৰ পথত হেনচেলে পকেটত থোৱা নিজৰ ভাগৰ টুকুৰাটো ছিন্নভিন্ন কৰি পেলালে, আৰু বাটত এখন্তেক ৰৈ ৰৈ ৰুটিৰ সৰু টুকুৰা একোটাকৈ মাটিত পেলাই যাবলৈ ধৰিলে। তাকে দেখি দেউতাকে কৈ উঠিল, "হেনচেল, তুমি ৰৈ ৰৈ চাৰিওফালে কি চাই আছা? আমাৰ লগেলগে আহি থাকা।"  "মই চাদত বহি থকা মোৰ সৰু পাৰ চৰাইটোলৈ উভতি চাইছোঁ, সি মোক বিদায় দিব বিচাৰিছে" হেনচেলে উত্তৰ দিলে। মহিলাগৰাকীয়ে কৈ উঠিল, "গজমূৰ্খ, সেইটো তোমাৰ সৰু পাৰ চৰাইটো নহয়, সেইটো হৈছে ৰাতিপুৱাৰ ৰ'দ পৰি জিলিকি উঠা  চিমনিটোহে।" হেনচেলে অৱশ্যে কোনেও নেদেখাকৈ অলপ অলপকৈ ৰুটিৰ সকলো টুকুৰা ওৰেটো বাটত পেলাই গ'ল।

 

মহিলাগৰাকীয়ে ল'ৰা-ছোৱালীদুটাক অৰণ্যৰ গভীৰতালৈ লৈ গ'ল, য'লৈ সিহঁতে জীৱনত আগতে কেতিয়াও যোৱা নাছিল। তাতে আগৰবাৰৰ দৰে আকৌ ডাঙৰকৈ জুই একুৰা জ্বলালে আৰু ক'লে, "ল'ৰা-ছোৱালীহঁত, তোমালোক ইয়াতে বহা আৰু ভাগৰ লাগিলে ইয়াতে তোমালোকে অলপ শুই ল'বও পাৰা; আমি কাঠ কাটিবলৈ হাবিলৈ যাওঁ, আৰু সন্ধিয়া যেতিয়া কাম শেষ হ'ব, আমি ইয়ালৈ আহি তোমালোকক লৈ যামহি।" যেতিয়া দুপৰীয়া হৈছিল, গ্ৰেটেলে নিজৰ ৰুটিৰ টুকুৰাটো হেনচেলৰ লগত ভাগ কৰি খালে, কাৰণ সি তাৰ নিজৰ ভাগৰ ৰুটিৰ টুকুৰাটো বাটৰ চিন ৰাখিবৰ বাবে সিঁচৰতি কৰি থৈ আহিছে।

 

তেওঁলোক শুই পৰিল। সন্ধিয়া পাৰ হৈ ৰাতি হ'ল, কিন্তু দুৰ্ভগীয়া ল'ৰা-ছোৱালীহালৰ ওচৰলৈ কোনো নাহিল। গভীৰ আন্ধাৰ ৰাতি ভয়ত কান্দিবলৈ ধৰা সৰু ভনীয়েকক সান্ত্বনা দি হেনচেলে ক'লে, "মাত্ৰ জোন উঠালৈকে অপেক্ষা কৰা গ্রেটেল, জোনৰ জোনাকত মই সিঁচি থৈ অহা ৰুটিৰ টুকুৰাবোৰ বিচাৰি চাম, সিহঁতেই আমাক আকৌ ঘৰলৈ যোৱাৰ পথ দেখুৱাব।” জোন উঠাৰ পিছত সিহঁতে ৰাওনা হ'ল, কিন্তু সিহঁতে ৰুটিৰ এটা টুকুৰাও বিচাৰি নাপালে, কাৰণ হাবি আৰু পথাৰত উৰি ফুৰা চৰাইবোৰে সেই টুকুৰাবোৰ খাই পেলালে। হেনচেলে গ্রেটেলক ক'লে, "আমি সোনকালে বাট বিচাৰি পাম" কিন্তু তেওঁলোকে বাট বিচাৰি নাপালে। গোটেই ৰাতিটো আৰু পিছদিনাখনো ৰাতিপুৱাৰ পৰা গধূলিলৈকে খোজ কাঢ়িয়ে থাকিলে, কিন্তু হাবিৰ পৰা ওলাই যোৱাৰ পথ বিচাৰি নাপালে। তেওঁলোকৰ বৰ ভোক লাগিছিল, কাৰণ মাটিত গজি উঠা দুটা বা তিনিটা জামুৰ বাহিৰে তেওঁলোকে তেতিয়ালৈকে একোৱেই খোৱা নাছিল।  অনাই-বনাই ঘূৰি তেওঁলোক ইমানেই ক্লান্ত হৈ পৰিছিল যে তেওঁলোকৰ ভৰি দুখনে তেওঁলোকক আৰু কঢ়িয়াই নিব নোৱাৰা হ'ল। সেয়েহে তেওঁলোক গছৰ তলত শুই পৰিল আৰু টোপনি গ'ল।

 

দেউতাকহঁতৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত এতিয়া তিনিটা ৰাতিপুৱা পাৰ হ'ল। তেওঁলোকে বাট বিচাৰি পুনৰ খোজ কাঢ়িবলৈ ধৰিলে, কিন্তু তেওঁলোকে  হাবিখনৰ বেছি গভীৰতাতহে সোমাই পৰিল আৰু এনে এটা অৱস্থা হ'লগৈ, যদি সোনকালে কোনো সহায় নাপায়, তেন্তে ভোক আৰু অৱসাদত মৰিবলগীয়া হ'ব পাৰে। দুপৰীয়া সময়ত তেওঁলোকে দেখিলে, গছৰ ডাল এটাত বহি বৰফৰ দৰে বগা চৰাই এটাই ইমানেই আনন্দৰে গান গাইছিল যে তেওঁলোকে থৰ লাগি ৰৈ চৰাইটোৰ গান শুনিছিল। আৰু গান শেষ কৰি ডেউকা মেলি সিহঁতৰ আগেদি চৰাইটো উৰি গ'ল আৰু সিহঁতে তাৰ পিছে পিছে গৈ থাকিল। গৈ গৈ সিহঁতে এটা সৰু ঘৰ পালেগৈ, যিটোৰ ছালত গৈ চৰাইটো  নামিলগৈ;  আৰু যেতিয়া তেওঁলোকে যথেষ্ট সৰু সেই  ঘৰটোৰ ওচৰলৈ আহিল তেতিয়া তেওঁলোকে দেখিলে যে সেই ঘৰটো ব্ৰেডেৰে নিৰ্মিত আৰু কেকেৰে ঢাকি থোৱা, কিন্তু খিৰিকীবোৰ স্পষ্ট চেনিৰ। সেইটো দেখি উল্লাসিত হৈ হেনচেলে কৈ উঠিল, "আমি এতিয়া ভালকৈ পেট ভৰাই খাম। মই ছাদৰ পৰা অলপ খাম, আৰু তুমি গ্রেটেল, খিৰিকীৰ বেছি অংশ খাবকে নোৱাৰিবা, ইয়াৰ সোৱাদ বৰ মিঠা হ'ব।" হেনচেলে ওপৰলৈ হাতখন আগবঢ়াই ছাদৰ অলপ অংশ ভাঙি আনি ইয়াৰ সোৱাদ কেনেকুৱা হয় চাবলৈ চেষ্টা কৰিলে আৰু গ্ৰেটেলে খিৰিকীখনৰ ওপৰত হেলান দি খিৰিকীৰ গ্লাছবোৰত চুমা খালে। তেনেতে কোঠাৰ পৰা কোমল মাত এটাই চিঞৰি উঠিল, -

 

কুট কুট কৰচ কৰচকৈ …

মোৰ সৰু ঘৰটো কোনে কুটি খাইছে?"

টুকুৰা টুকুৰ কৈ, কৰচি কৰচি….

মোৰ সৰু ঘৰটো কোনে কুটি খাইছে?"

 

ল'ৰা-ছোৱালীদুটাই উত্তৰ দিলে, "বতাহে, বতাহে, স্বৰ্গৰ পৰা অহা বতাহে” আৰু অবিচলিতভাৱে  খাই যাবলৈ ধৰিলে। ছাদখনৰ সোৱাদ বৰ ভাল বুলি ভবা হেনচেলে তাৰ এটা ডাঙৰ টুকুৰা ভাঙি পেলালে আৰু গ্রেটেলে এখন খিৰিকীৰ ঘূৰণীয়া কাঁচখন ঠেলি উলিয়াই আনি বহিল আৰু আনন্দৰে খাবলৈ ধৰিলে। হঠাতে দুৱাৰখন খোল খালে আৰু এগৰাকী অতি বৃদ্ধ মহিলা ক্ৰাচত ভৰ দি বগুৱা বাই সোমাই আহিল। হেনচেল আৰু গ্রেটেল ইমানেই ভয়ংকৰভাৱে ভয় খাইছিল যে হাতত থকা খোৱা বস্তুখিনি উফৰি পৰিছিল। বুঢ়ীয়ে অৱশ্যে মূৰ দুপিয়াই ক'লে, "অ', হে মৰমৰ মইনাহঁত, তোমালোকক ইয়ালৈ কোনে আনিলে? আহাঁ, মোৰ লগতে থাকাঁহি, তোমালোকৰ কোনেও ক্ষতি কৰিব নোৱাৰে। তাই দুয়োৰে হাতত ধৰি নিজৰ সৰু ঘৰখনলৈ লৈ গ'ল। তাৰ পিছত গাখীৰ আৰু পেনকেক, চেনি, আপেল, বাদাম আদি সুখাদ্য তেওঁলোকৰ আগত ৰখা হ'ল। তাৰপিছত দুখন ধুনীয়া সৰু বিচনা পৰিষ্কাৰ বগা লিনেনৰে ঢাকি থোৱা হ'ল আৰু হেনচেল আৰু গ্রেটেলে সেইদুখনত শুই স্বর্গত থকা যেন সুখ অনুভৱ কৰিলে।

 

বুঢ়ীয়ে আচলতে ইমান দয়ালু হোৱাৰ অভিনয়হে কৰিছিল, তাই দৰাচলতে এগৰাকী দুষ্ট ডাইনীহে আছিল, যিয়ে ল'ৰা-ছোৱালীৰ বাবে অপেক্ষা কৰি আছিল আৰু সিহঁতক প্রলোভিত কৰিবলৈহে  ব্ৰেড, কেক আদিৰে সৰু ঘৰটো নিৰ্মাণ কৰিছিল। যেতিয়া কোনো শিশু তাইৰ যাদুকৰী শক্তিৰ অধীনলৈ আহে, তেতিয়া তাই তাক মাৰি-কাটি, ৰান্ধি খায় আৰু সেইটো দিন তাই মহাভোজৰ দিন হিচাপে উপভোগ কৰে। ডাইনীৰ চকুযোৰ ৰঙা হয় আৰু দূৰলৈ দেখা নাপায়, কিন্তু জন্তুৰ দৰে তীক্ষ্ণ ঘ্ৰাণ শক্তি আছে আৰু মানুহ ওচৰ চাপিলে সহজে উমান পায়। হেনচেল আৰু গ্রেটেল যেতিয়া তাইৰ চুবুৰীলৈ আহিল, তাই কু-অভিপ্ৰায়েৰে হাঁহিলে আৰু উপহাস কৰি ক'লে, "মোৰ খোৱা বস্তুবোৰ দেখি সিহঁত মোৰ ওচৰলৈ আহিব আৰু মোৰ ওচৰৰ পৰা সাৰি যাব নোৱাৰে!" ৰাতিপুৱাই ল'ৰা-ছোৱালীদুটা  সাৰ পোৱাৰ আগতেই তাই উঠিছিল, আৰু শুই থকা ধুনীয়া মৰমলগা, নোদোকা ৰঙা গালৰ দুয়োকে দেখি তাই মনতে বিৰবিৰাই উঠিল, "সেয়া জুতি লগা এসাঁজ হ'ব।"  তাৰ পাছত তাই হেনচেলক শেঁতা পৰা নিস্তেজ হাতখনেৰে ধৰি সৰু গোহালি এটালৈ লৈ গ'ল আৰু লোহাৰ দুৱাৰ এখনেৰে বন্ধ কৰি দিলে। সি হয়তো নিজৰ ইচ্ছামতে চিঞৰিব, কিন্তু তাৰপৰা একো লাভ নহ'ব, তাৰ চিঞৰৰ শব্দ কোনোও শুনা নাপাব।  তাৰপাছত তাই গ্রেটেলৰ ওচৰলৈ গৈ তাইক জোকাৰি জোকাৰি জগালে আৰু চিঞৰি উঠিল, "উঠা, এলেহুৱা প্ৰাণী, পানী আনি তোমাৰ ভাইটিৰ বাবে ভাল কিবা এটা ৰান্ধা, সি বাহিৰৰ গোহালিত আছে আৰু তাক খুৱাই- বুৱাই নোদোকাটো কৰিব লাগে। যেতিয়া সি নোদোকা হৈ উঠিব, তেতিয়া মই তাক খাম।" গ্রেটেলে হিয়ালি-জিয়ালিকৈ কান্দিবলৈ ধৰিলে, কিন্তু এই সকলোবোৰ অসাৰ হৈ পৰিল, দুষ্ট ডাইনীজনীয়ে তাইক দিয়া নির্দেশ মতে কাম কৰিবলৈ তাই বাধ্য হ'ল।

 

এতিয়া আটাইতকৈ ভাল খাদ্য ৰন্ধা হৈছিল, বেচেৰা হেনচেলৰ বাবে। গ্রেটেলে কিন্তু কটা কেঁকোৰাৰ খোলাৰ বাহিৰে একো খাবলৈ নাপালে। প্রতিদিনে ৰাতিপুৱাই মহিলাগৰাকীয়ে সৰু গোহালিটোৰ ওচৰলৈ সোমাই গৈছিল আৰু চিঞৰিছিল, "হেনচেল, তোমাৰ আঙুলিটো মোৰ ফালে আগবঢ়াই মেলি দিয়া যাতে তুমি কিমান নোদোকাটো হৈছা মই অনুভৱ কৰিব পাৰোঁ।" হেনচেলে অৱশ্যে তাইৰ ওচৰলৈ হাড় এডালহে আগবঢ়াই দিলে আৰু ম্লান দৃষ্টিশক্তিৰে  বুঢ়ীয়ে সেইটো দেখা নাপালে আৰু হেনচেলৰ আঙুলি বুলিয়ে ভাবিলে। তেওঁ আচৰিত হ'ল যে তেওঁক ইমান খুৱোৱাৰ পিছতো শকত নহ'ল যেতিয়া তেওঁক শকত কৰাৰ কোনো উপায় নাই ! যেতিয়া চাৰি সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো হেনচেল ক্ষীণ হৈয়ে থাকিল, তেতিয়া তাই অধৈর্য্য হৈ পৰিল আৰু বেছি অপেক্ষা নকৰিবলৈ ঠিৰাং কৰিলে। তাই ছোৱালীজনীক চিঞৰি মাতিলে, "হেৰা, গ্রেটেল, ফটাফট যোৱা আৰু অলপ পানী লৈ আহা। হেনচেল শকতেই হওক বা ক্ষীণেই হওক, কাইলৈ মই তাক মাৰি পেলাম, আৰু ৰান্ধি খাম।"  দুৰ্ভগীয়া সৰু ভনীয়েকজনীয়ে শোকতে হা-হুমুনিয়াহ কাঢ়ি পানী আনিবলগীয়া হ'ল আৰু তাইৰ চকুৰ দুধাৰি লোতক দুগালৰ ওপৰেৰে বৈ গ'ল। তাই কান্দি কান্দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে, "হে প্ৰিয় সখা ভগৱান, আমাক সহায় কৰক। যদি অৰণ্যৰ বনৰীয়া জন্তুবোৰে আমাক খাই পেলালেহেঁতেন, তেন্তে আমি যিকোনো প্ৰকাৰে দুয়ো একেলগে মৃত্যুবৰণ কৰিলোঁহেতেন। কিন্তু এইয়া তুমি কি কৰিলা প্ৰভু !" তাইৰ কথা শুনি ৰাক্ষসী বুঢ়ীজনী জকজকাই উঠিল, "তোৰ এই চিঞৰ-বাখৰখিনি নিজৰ মাজতে ৰাখ। এইবোৰ কৈ একো লাভ নাই, এইখিনিয়ে তোক একোৱেই সহায় নকৰে।"

 

পুৱাতে উঠি গ্ৰেটেলে বাহিৰলৈ গৈ পানীৰ সৈতে কলহটো ওলোমাই থ'বলগীয়া হ'ল আৰু জুই জ্বলাব লগীয়া হ'ল। বুঢ়ীয়ে ক'লে, "আমি প্রথমে বেক কৰিম। মই ইতিমধ্যে অভেনটো গৰম কৰি দিছোঁ আৰু আটাখিনি মঠি থৈছোঁ।" তাই বেচেৰী গ্রেটেলক জুইৰ শিখা হুৰহুৰাই ওলাই অহা অভেনটোৰ ওচৰলৈ ঠেলা মাৰি দি ক'লে, "লাহেকৈ ভিতৰলৈ সোমাই যা আৰু ভালদৰে গৰম হৈছে নে নাই পৰীক্ষা কৰ, যাতে আমি ৰুটিখিনি সেক খোৱাকৈ অভেনটো বন্ধ কৰি দিব পাৰো।" আৰু যেতিয়া এবাৰ গ্রেটেল ভিতৰলৈ যাব, তেতিয়া তাইক অভেনৰ ভিতৰতে বন্ধ কৰি দিবলৈ মনতে পাং পাতিলে আৰু তাৰ পিছত তাইকো অভেনতে বেক কৰি খাবলৈ সিদ্ধান্ত ল'লে। কিন্তু গ্রেটেলে তাইৰ মনৰ ভিতৰত চলি থকা কথাবোৰ অনুমান কৰিব পাৰিলে; সেইবাবে ক'লে, "মই কেনেকৈ সেইটো কৰিব লাগে নাজানো; আপুনি কেনেকৈ সেইটোৰ ভিতৰত সোমায়?" "নিৰ্বোধ হাঁহ" বুঢ়ীয়ে জকজকাই উঠি ক'লে, "দুৱাৰখন যথেষ্ট ডাঙৰ, চাচোন ভালকৈ, আনকি ময়ো সহজেই সোমাব পাৰো !" আৰু তাই আগবাঢ়ি আহি নিজৰ মূৰটো অভেনৰ ফাললৈ আগবঢ়াই দিলে। সেই সুযোগতে গ্রেটেলে তাইক পিছফালৰ পৰা ঠেলা এটা  মাৰি পঠালে যিটোয়ে তাইক অভেনৰ বহুখিনি ভিতৰলৈ লৈ গ'ল, আৰু লগেলগে লোহাৰ দুৱাৰখন জপাই ব'ল্টটো বন্ধ কৰি দিলে। তাৰপিছত তাই অতি ভয়াবহভাৱে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, কিন্তু গ্রেটেলে ততালিকে তাৰপৰা আঁতৰি গ'ল আৰু নাস্তিক ডাইনীজনীক অতি দুখলগা ধৰণৰে জ্বলাই হত্যা কৰা হ'ল।

 

গ্রেটেলে অৱশ্যে বিজুলীৰ বেগেৰে দৌৰি হেনচেলৰ ওচৰলৈ গৈ তাৰ সৰু গোহালিটোৰ দুৱাৰখন খুলি কান্দিবলৈ ধৰিলে, "হেনচেল হেনচেল, আমি ৰক্ষা পৰিলোঁ। বুঢ়ী ডাইনীজনী মৰিল।" দুৱাৰখন খোলাৰ লগেলগেই হেনচেলে পিঞ্জৰাৰ পৰা চৰাই ওলাই অহাৰ দৰে জপিয়াই ওলাই আহিল। সিহঁতে কেনেকৈ যে আনন্দ কৰিছিল আৰু ইজনে সিজনক আলিংগন কৰিছিল, নাচিছিল আৰু চুমা খাইছিল! যিহেতু তেওঁলোকে তাইক ভয় কৰাৰ আৰু কোনো প্রয়োজন নাছিল, গতিকে তেওঁলোকে ডাইনীজনীৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু দেখিলে ডাইনী জনীৰ ঘৰৰ প্ৰতিটো  চুক-কোণতে মুকুতা আৰু মণিৰে ঠাহখাই আছিল। "এইবোৰ শিলগুটিতকৈ বহু গুণে ভাল" বুলি কৈ হেনচেলে যিমান পাৰে সিমানখিনি নিজৰ পকেটত ভৰাই ল'লে আৰু গ্রেটেলেও, "ময়ো ঘৰলৈ কিবা এটা লৈ যাম" বুলি কৈ যিমান পাৰে সিমান তাইৰ পিন্ধি থকা এপ্ৰনৰ পকেটত ভৰাই ল'লে। লগেলগে হেনচেল সজাগ হৈ উঠিল আৰু ক'লে "এতিয়া কিন্তু আমি আঁতৰি যাম, যাতে আমি ডাইনীৰ অৰণ্যৰ পৰা ওলাই যাবলৈ পাৰো।"

 

দুঘণ্টা খোজ কাঢ়ি যোৱাৰ পিছত তেওঁলোকে এডোখৰ জলাশয় পালেগৈ। হেনচেলে ক'লে, "আমি কেনেকৈ পাৰ হ'ম এতিয়া! মই ইয়াত কোনো নাও নাইবা দলং দেখা পোৱা নাই।" "আৰু কোনো  হাত নাৱো পাৰ হোৱা দেখা নাই "। গ্রেটেলে উত্তৰ দিলে, "কিন্তু তাত বগা হাঁহ এটা সাঁতুৰি আছে, মই যদি তাইক সোধোঁ, তাই আমাক সহায় কৰিব পাৰে।" তেতিয়া তাই ইনাই-বিনাই হাঁহটোক উদ্দেশ্যে কৰি ক'বলৈ ধৰিলে,

 

"সৰু হাঁহ, সৰু হাঁহ, তুমি দেখিছানে,

হেনচেল আৰু গ্রেটেলে তোমাৰ বাবে অপেক্ষা কৰি আছে?

ইয়াত তক্তা বা দলং একো দেখা পোৱা নাই,

আমাক তোমাৰ ইমান বগা পিঠিটোত বহুৱাই পাৰ কৰি লৈ যোৱা।"

 

হাঁহটো তেওঁলোকৰ ওচৰলৈ আহিল, আৰু হেনচেল তাৰ পিঠিত বহিল আৰু ভনীয়েককো তেওঁৰ কাষতে বহিবলৈ ক'লে। "নাই নাই" গ্রেটেলে কৈ উঠিল, "সেইটো সৰু হাঁহটোৰ বাবে বৰ গধুৰ হ'ব; তাই আমাক এটাৰ পিছত আনটোকৈ সিপাৰলৈ লৈ যাব।"

 

ভাল সৰু হাঁহটোৱে তেনেকৈয়ে কৰিলে আৰু যেতিয়া সিহঁতে নিৰাপদে পাৰ হৈ অলপ সময় খোজ কাঢ়ি আগুৱাই গৈ থকিল, হাবিখন যেন সিহঁতৰ বাবে অধিক চিনাকি হৈ পৰিল আৰু শেষত সিহঁতে দূৰৰ পৰাই সিহঁতৰ দেউতাকৰ ঘৰটো দেখা পালে। তাৰ পাছত দুয়ো দৌৰি দৌৰি গৈ, বহা কোঠাত বহি থকা দেউতাকৰ কোলাত উবুৰিখাই পৰিলগৈ। মানুহজনে ল'ৰা-ছোৱালীহালক হাবিৰ মাজত এৰি অহাৰ পিছৰে পৰা এটাও পল সুখৰে পাৰ কৰিব পৰা নাছিল, মহিলাগৰাকীৰ অৱশ্যে ইতিমধ্যে মৃত্যু হৈছিল।

 

গ্ৰেটেলে তাইৰ এপ্ৰনটো খালী কৰি গ'ল যেতিয়ালৈকে কোঠাটোৰ চাৰিওফালে মুকুতা আৰু বহুমূলীয়া পাথৰে ভৰাই নেপেলালে আৰু হেনচেলেও পকেটৰ পৰা এমুঠিৰ পিছত আনমুঠি উলিয়াই সেইবোৰত যোগ দি থাকিল। তেতিয়া সকলো উদ্বিগ্নতাৰ অন্ত পৰিল আৰু তেওঁলোকে তিনিও একেলগে মহাসুখেৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে।

 

মোৰ এতিয়া কাহিনীটো কোৱা শেষ হ’ল, তাত এটা নিগনি দৌৰা-দৌৰি কৰি আছে; যিয়েই সেইটো ধৰিব পাৰিব, সিয়েই তাৰ ছালৰ পৰা নিজৰ কাৰণে এটা ডাঙৰ টুপি বনাই ল’ব পাৰিব।


###############


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page