এটা কুকুৰ আৰু ঘৰচিৰিকা চৰাই
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী

- Apr 12
- 5 min read

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
এসময়ত এখন গাঁৱত এটা ভেড়াৰখীয়া কুকুৰ আছিল যাক মালিকে বিশেষ যত্ন লোৱা নাছিল। আনকি তেওঁ কুকুৰটোক ঠিকমতে খাবলৈও দিয়া নাছিল। সেয়ে সি মালিকৰ লগত থাকিব নোৱাৰি এদিন মনে মনে মালিকৰ ঘৰৰ পৰা আঁতৰি গ’ল। ৰাস্তাত দুখমনেৰে অনাই বনাই ঘূৰি ফুৰোতে সি এটা ঘৰচিৰিকা চৰাই লগ পালে। কুকুৰটোক দেখি ঘৰচিৰিকাই সুধিলে, "ভাই কুকুৰ, তুমি ইমান দুখ মনেৰে কিয় আছা?" কুকুৰটোৱে উত্তৰ দিলে, "মোৰ বৰ ভোক লাগিছে আৰু খাবলৈ মোৰ ওচৰত একোৱেই নাই।" তাকে শুনি ঘৰচিৰিকাই ক’লে, "প্ৰিয় ভাইটি, মোৰ লগত সৌ চহৰখনলৈ ব’লা, তাতে তোমাক ভালদৰে খোৱাই তোমাৰ ভোক উপশম কৰিম।" গতিকে সিহঁত দুয়ো একেলগে চহৰখনলৈ সোমাই গ'ল আৰু সিহঁত গৈ এখন কচাইৰ দোকানৰ সন্মুখত উপস্থিত হ’লগৈ।
ঘৰচিৰিকাই কুকুৰটোক ক'লে, "তুমি ইয়াতেই অলপ সময় ৰোৱা, মই তোমাৰ বাবে মাংস এটুকুৰা আনোঁগৈ।" এইবুলি কৈয়েই ঘৰচিৰিকাই দোকানখনৰ পৰা নামি আহি চাৰিওফালে চাবলৈ ধৰিলে । যেতিয়া সি নিশ্চিত হ’ল যে তাক কোনেও নিৰীক্ষণ কৰা নাই, তেতিয়া দোকানৰ কাষতে থৈ দিয়া মাংস এটুকুৰাত সি ঠোঁটেৰে ইমান জোৰেৰে চেপি ধৰি আঁজোৰিলে যে তাৰপৰা সৰু মাংস এটুকুৰা এৰাই আহিল। তাকে দেখি ভোকাতুৰ কুকুৰটো দৌৰি আহিল আৰু মাংস টুকুৰা চুক এটালৈ লৈ গৈ পৰম তৃপ্তিৰে খাবলৈ ধৰিলে। তাকে দেখি ঘৰচিৰিকাই ক'লে, "এতিয়া আমি আন এখন দোকানলৈ যাওঁ আহা। তাতো তোমাৰ বাবে মই মাংস এটুকুৰা আনি দিম যাতে তুমি তৃপ্তিৰে খাই পেট ভৰাব পাৰা।" কুকুৰটোৱে সেইদৰে ঘৰচিৰিকাই আনি দিয়া দ্বিতীয় টুকুৰা মাংসও খাই পেলালে। তেতিয়া ঘৰচিৰিকাই সুধিলে, "ভাই কুকুৰ, এতিয়া তোমাৰ ভোক মৰিলনে?" কুকুৰে উত্তৰ দিলে, "হয়, মই যথেষ্ট মাংস খাইছোঁ, কিন্তু এতিয়ালৈকে মই কোনো ৰুটি জাতীয় খাদ্য খাবলৈ পোৱা নাই।" ঘৰচিৰিকাই ক’লে, “তোমাৰ সেইটো মনৰ ইচ্ছাও পুৰণ কৰিম। তুমি মাত্ৰ মোৰ লগত আহা।” তাৰ পিছত ঘৰচিৰিকাই তাক বেকাৰী দোকান এখনলৈ লৈ গ’ল আৰু দুটামান সৰু সৰু বান কুকুৰটোৱে খাব পৰাকৈ ঠোঁটেৰে তললৈ পেলাই দিলে। বান কেইটা খোৱাৰ পিছতো কুকুৰটোৰ পেট নভৰাত সি তাক আন এখন দোকানলৈ লৈ গ’ল। আৰু তাতো ঘৰচিৰিকাই তাক কেইবাটাও ৰুটি খোৱালে। যেতিয়া সেয়া খাই শেষ হ'ল, চৰাইটোৱে ক'লে, "ভাই কুকুৰ, এতিয়া তোমাৰ যথেষ্ট হৈছেনে?" "হয়" সি উত্তৰ দিলে, "এতিয়া আমি চহৰৰ বাহিৰত অলপ সময় খোজ কাঢ়িবলৈ যাওঁ ব’লা।"
তাৰ পাছত দুয়ো ঘাইপথলৈ ওলাই গ’ল। কিন্তু সেইদিনা বতৰ বৰ গৰম আছিল আৰু সিহঁতে অলপ দূৰ খোজ কাঢ়োতেই কুকুৰটোৱে ক'লে, "মই ভাগৰি পৰিছোঁ। মই অলপ শুব বিচাৰোঁ।" চৰাইটোৱে উত্তৰ দিলে, "বাৰু, তুমি অলপ শুই লোৱা। আৰু ময়ো এইখিনি সময়তে গছৰ ডালত অলপ জিৰাই লওঁ।“ সেইমতে কুকুৰটোৱে ৰাস্তাত শুই পৰিল আৰু গভীৰ টোপনিত লালকাল হ’ল। কুকুৰটোৱে ৰাস্তাতে শুই থাকোতেই এজন গাড়োৱানে তিনিটা ঘোঁৰাই টনা গাড়ী এখনত ৱাইনৰ দুটা বেৰেল লৈ সেইফালে আহিবলৈ ধৰিলে। চৰাইটোৱে যেতিয়া দেখিলে যে গাড়োৱানটোৱে আন ফালে নগৈ কুকুৰটো শুই থকা ফালেই পোনাই জোৰৰে আহিব ধৰিছে তেতিয়া সি সন্ত্ৰস্ত হৈ চিঞৰি উঠিল, "হেই হেই গাড়োৱান, তেনে নকৰিবা, তেনে নকৰিবা। মোৰ ভাই কুকুৰটোক নামাৰিবা। সেইটো কৰিলে, মই তোমাক সুদাই নেৰোঁ, তোমাক মই একেবাৰে সম্বলহীন কৰি পেলাম।" গাড়োৱানটোৱে কিন্তু মনতে ভোৰভোৰাই কৈ উঠিল , "তুমি মোক কি সম্বলহীন কৰিবা! " আৰু চাবুক মাৰি ঘোঁৰা দৌৰাই গাড়ীখন কুকুৰটোৰ ওপৰেৰে পাৰ কৰাই দিলে আৰু চকাৰ তলত পৰি কুকুৰটো ঠিতাতে মৰি থকিল। তেতিয়া চৰাইটোৱে খংতে চিঞৰি উঠিল, “তুমি মোৰ ভাই কুকুৰটোৰ ওপৰেদি গাড়ী চলাই তাক বধ কৰিলা, তাৰ বাবে তুমি তোমাৰ গাড়ী আৰু ঘোঁৰাৰে মূল্য দিব লাগিব।“
"গাড়ী আৰু ঘোঁৰাৰে!… সঁচাকৈয়ে নে!" গাড়োৱানটোৱে উপলুঙা কৰি ক’লে। তাৰপিছত "তুমি মোৰ কি ক্ষতি কৰিব পাৰিবা হুহ?" বুলি কৈ অহা বাটেই গাড়ী চলাই কদমত আগুৱাই গ’ল। তাকে দেখি চৰাইটোৱে প্ৰতিশোধ লোৱাৰ অভিপ্ৰায়েৰে গাড়ীখনৰ ভিতৰলৈ সোমাই গ’ল আৰু ৱাইন থকা ড্ৰাম এটাৰ সৰু ঢাকনিখনত ঠোঁটেৰে ইমান জোৰেৰে বল প্ৰয়োগ কৰিলে যে ড্ৰামৰ ঢাকনিখন খোলখাই গ’ল আৰু সেইফালে ৱাইন বাহিৰ হৈ পৰিবলৈ আৰম্ভ কৰিলে। ইফালে গাৰোৱানটোৱে আপোনমনে কেৱল গাড়ী চলোৱাতে ব্যস্ত হৈ থাকিল। এবাৰ কিবা কাৰণত পিছলৈ চাওঁতে যেতিয়া দেখিলে যে গাড়ীখন ৱাইনৰে তেনেই তিতি গৈছে আৰু ভালদৰে চাই দেখিলে যে এটা ড্ৰাম তেনেই খালী হৈ পৰিছে! তাকে দেখি গাড়োৱানটোৱে চিঞৰি উঠিল, "উহ! মই যে কি দুৰ্ভগীয়া! মোৰ এটা ড্ৰামৰ ৱাইন পৰি তেনেই নষ্ট হ’ল।" “এতিয়াও তুমি যথেষ্ট দুৰ্ভগীয়া নহয়" ….এইবুলি কৈয়ে চৰাইটোৱে উৰা মাৰি গাড়ী টানি থকা ঘোঁৰা এটাৰ মূৰৰ ওপৰত বহিলগৈ আৰু তাৰ ঠোঁটেৰে ঘোঁৰাটোৰ চকু এটা কুৰুকি উলিয়াই পেলালে। তাকে দেখি গাৰোৱানটোৱে খংত একো নাই হৈ চৰাইটোক মাৰিবৰ বাবে কুঠাৰ এখন উলিয়াই চৰাইটোৰ গালৈ জোৰেৰে মাৰি পঠালে। কিন্তু চৰাইটো ওপৰলৈ উৰা মাৰিলে আৰু কুঠাৰখন গৈ ঘোঁৰাটোৰ মূৰত গৈ আঘাট কৰিলেগৈ আৰু সেই আঘাটতে ঘোঁৰাটো মৰি থাকিল। তাকে দেখি গাড়োৱানটোৱে চিঞৰি উঠিল, "উহ! মই যে কিমান দুৰ্ভগীয়া! " চৰাইটোৱে লগে লগে কৈ উঠিল, “এতিয়াও তুমি যথেষ্ট দুৰ্ভগীয়া নহয়।"
ইয়াৰ পিছত যেতিয়া গাৰোৱানটোৱে দুটা ঘোঁৰাৰে টানি গাড়ীখন চলাই যাবলৈ আৰম্ভ কৰিলে, চৰাইটোৱে আকৌ গাড়ীখনৰ ভিতৰলৈ সোমাই গ’ল আৰু দ্বিতীয়টো ড্ৰামৰ ঢাকনিখন ঠোঁটেৰে জোৰকৈ টান মাৰি খুলি পেলালে আৰু সেইফালে ৱাইন নিগৰি পৰি ড্ৰামটো খালী হৈ পৰিল। যেতিয়া গাৰোৱানটোৱে সেয়া দেখিলে তেওঁ পুনৰ কান্দি উঠিল, "অহ', মই কি দুৰ্ভগীয়া মানুহ!" কিন্তু চৰাইটোৱে উত্তৰ দিলে, "এতিয়াও তুমি যথেষ্ট দুৰ্ভগীয়া নহয়" আৰু উৰি গৈ দ্বিতীয় ঘোঁৰাটোৰ মূৰত বহি তাৰ চকু দুটাও উলিয়াই আনিলে। তাকে দেখি চালকজনে দৌৰি তাৰ ওচৰলৈ গৈ আঘাত কৰিবলৈ কুঠাৰখন ওপৰলৈ তুলিলে, কিন্তু চৰাইটোৱে ওপৰলৈ উৰি গ’ল আৰু কুঠাৰৰ আঘাতটোৱে ঘোঁৰাটোক খুন্দা মাৰিলেগৈ। সেই আঘাটতে ঘোঁৰাটো পৰি গ’ল।
"অ', মই কি যে দুৰ্ভগীয়া মানুহ।" “এতিয়াও যথেষ্ট দুৰ্ভগীয়া নোহোৱা।"….. ঘৰচিৰিকাটোৱে ক'লে আৰু তৃতীয় ঘোঁৰাটোৰ মূৰৰ ওপৰত উৰি উৰি তাৰ চকু দুটাও উলিয়াই আনিলে।
চালকজনে ক্ৰোধত একো নাই হৈ ঘূৰি নোচোৱাকৈ চৰাইটোলৈ বুলি কুঠাৰখন মাৰি পঠালে, কিন্তু চৰাইটোৰ গাত নালাগি ই তৃতীয় ঘোঁৰাটোৰ গাত জোৰকৈ খুন্দা মাৰিলেগৈ আৰু খুন্দাৰ কোবত ঘোঁৰাটো মৰি থাকিল। "অ' মই কি দুৰ্ভগীয়া মানুহ" সি কান্দিলে। "এতিয়াও তুমি যথেষ্ট দুৰ্ভগীয়া নহয়" চৰাইটোৱে উত্তৰ দিলে। "এতিয়া মই তোমাক তোমাৰ ঘৰতে কেনেকৈ দুৰ্ভগীয়া কৰিম চাই থাকা" বুলি ঘৰচিৰিকাটো উৰি গুছি গ'ল।
তিনিওটা ঘোঁৰা হেৰুৱাৰ পিছত গাৰোৱানটোৱে গাড়ীখন ঠাইতে থিয় কৈ থৈ খং আৰু বিৰক্তিৰে ঘৰলৈ বুলি খোজ ল’লে। ঘৰ পাইয়েই তেওঁ পত্নীক ক'লে, ""আহ ! মোৰ কি যে দুৰ্দশা হ’ল! মোৰ দুইটা ড্ৰামৰ ৱাইন পৰি শেষ হৈ গ’ল আৰু ঘোঁৰা তিনিওটা মৰি থাকিল!" কথাবোৰ শুনি পত্নীয়ে হায় হায় কৰি উঠিল আৰু স্বামীক ক’বলৈ ধৰিলে, "কেনেকুৱা যে দুষ্টমতি চৰাই এটা আমাৰ ঘৰলৈ আহিছে! সি পৃথিৱীৰ গোটোইবোৰ চৰাইকে গোটাই – পিটাই আনিছে আৰু সিহঁতে আমাৰ গোমধানবোৰৰ ওপৰত বহি লৈ গোমধানবোৰ খাবলৈ লৈছে।" কাথাষাৰ শুনিয়েই গাড়োৱানটো দৌৰা-দৌৰিকৈ ওপৰলৈ উঠি গৈ দেখিলে, হাজাৰ হাজাৰ চৰাই বেলকনিত বহি আছে আৰু সকলোৱে মিলি গোমধানবোৰ এফালৰ পৰা খাই যাবলৈ আৰম্ভ কৰিছে । আৰু সেই চৰাইজাকৰ মাজত ঘৰচিৰিকাটোও বহি আছে!। তাকে দেখি নিৰুপায় হৈ গাড়োৱানজন কান্দি উঠিল, "অ' মই কি দুৰ্ভগীয়া মানুহ?"
"এতিয়াও তুমি যথেষ্ট দুৰ্ভগীয়া নোহোৱা, গাড়োৱান! তোমাৰ কামৰ প্ৰতিফল স্বৰূপে তুমি তোমাৰ জীৱনটোও দিব লাগিব!" এইবুলি কৈ চৰাইটো উৰি গুছি গ'ল। তেতিয়ালৈ গাড়োৱানজনে নিজৰ সকলো সম্পত্তি হেৰুৱাই পেলাইছিল । তেওঁ যথেষ্ট খং আৰু তিক্ত মনৰে তললৈ নামি আহি কোঠাত সোমাই চৌকাৰ পিছফালে বহি পৰিল। কিন্তু চৰাইটোৱে তাতো তেওঁক শান্তিৰে থাকিবলৈ নিদিলে আৰু খিৰিকীৰ সন্মুখত বহি চিঞৰিলে, "গাড়ীচালক, তোমাৰ কৰ্মৰ বাবে তুমি তোমাৰ প্ৰাণ পৰ্যন্ত হেৰুৱাব লাগিব।"
তেতিয়া তেওঁ হিতাহিত জ্ঞান হেৰুৱাই কুঠাৰখন আনি চৰাইটোৰ ফাল্লৈ দলিয়াই দিলে। কিন্তু ই কেৱল খিৰিকীখন ভাঙিলে, চৰাইটোৰ পাখি এখনো লৰাব নোৱাৰিলে। চৰাইটোৱে তেতিয়া জপিয়াই কোঠাটোলৈ সোমাই আহিল আৰু চৌকাৰ কাষত বহি চিঞৰিলে, "গাড়ীচালক তোমাৰ কৰ্মৰ বাবেই তুমি প্ৰাণ হেৰুৱাব লাগিব।" ঘৰচিৰিকাৰ কথা শুনিয়েই তেওঁ ক্ৰোধত উন্মাদৰ দৰে হৈ পৰিল আৰু কুঠাৰেৰে চৌকাটো কাটি দুভাগ কৰি পেলালে । চৰাইটোৱেও একে ঠাইতে ৰৈ নাথাকি এঠাইৰ পৰা আন এঠাইলৈ উৰি ফুৰিব ধৰিলে আৰু চৰাইটোক মাৰিবলৈ গাড়োৱানেও ইফালে সিফালে কুঠাৰ চলাই ঘৰৰ সকলো আচবাব, আয়না, বেঞ্চ, টেবুল আৰু শেষত তেওঁৰ ঘৰৰ বেৰবোৰতো আঘাত কৰি সকলো লণ্ডভণ্ড কৰি পেলালে। তথাপিও তেওঁ ঘৰচিৰিকাটোক আঘাত কৰিব নোৱাৰিলে।
অৱশেষত অৱশ্যে তেওঁ চৰাইটোক হাতেৰে ধৰি পেলালে। পত্নীয়ে উৎসাহিত হৈ সুধিলে, "মই মাৰিম নেকি এই দুষ্ট চৰাইটোক?" "নাই, নাই, নহয়। তুমি নামাৰিবা।" তেওঁ চিঞৰি উঠিল, "সেয়া কৰিলে তাৰ প্ৰতি অতি দয়া দেখুওৱা হ’ব। বৰঞ্চ ইয়াক বহুত বেছি নিষ্ঠুৰভাৱে মাৰিব লাগিব।"…. বুলি কৈ গাড়োৱানেজনে ঘৰচিৰিকাটোক গোটে গোটে গিলি পেলালে।
চৰাইটোৱে গাড়োৱানৰ শৰীৰৰ ভিতৰত ইফালৰ পৰা সিফালে ধপধপাই ফুৰিবলৈ ধৰিলে। এবাৰ সি এনেকৈ মানুহজনৰ মুখৰ ওচৰলৈ আহি মূৰটো কথমপি বাহিৰলৈ উলিয়াই চিঞৰিবলৈ ধৰিলে, "গাড়োৱান, তোমাৰ প্ৰাণ এতিয়া কেনেকৈ যাব চাবা।" ঘৰচিৰিকাৰ মাতটো শুনিয়েই এইবাৰ গাড়োৱানে কুঠাৰখন পত্নীৰ হাতত তুলি দি ক'লে, "হেৰা, এইখন লোৱা আৰু মোৰ মুখত থকা এই চৰাইটো মাৰি পেলোৱা।" গিৰিয়েকৰ কথা মতে মহিলাগৰাকীয়ে দুহাতেৰে গাৰ জোৰেৰে কুঠাৰেৰে আঘাত কৰিলে, কিন্তু ভুলবশত: কুঠাৰৰ চাবটো গৈ গাড়োৱানৰ ঠিক মূৰত জোৰেৰে আঘাত সানিলেগৈ! সেই আঘাততে গাড়োৱানজন পৰি গ’ল আৰু প্ৰাণ হেৰুৱালে। কিন্তু চৰাইটোৱে ওপৰলৈ উৰা মাৰিলে আৰু বন্ধু কুকুৰটোৰ মৃত্যুৰ প্ৰতিশোধ লৈ শান্তিৰে লাহে লাহে আঁতৰি গ’ল।
🐈🐈🐈🐈🐈🐈



Comments