অপৰূপা প্ৰকৃতি
- নীৰলা বৰুৱা, গ্লাজগ', ইউনাইটেড কিংডম

- Jun 27, 2024
- 1 min read
Updated: Jul 16, 2024

নীৰলা বৰুৱা
গ্লাজগ', ইউনাইটেড কিংডম
সোণৰ গলপতা, মণি, বাখৰুৱা খাৰু,
কাণত হীৰাৰ কাণফুলি,
ৰঙা বগা বাখৰৰ আঙঠি আঙুলিত
নিজকে ভাৱিছো আমি সুদৰ্শনা বুলি !
অতিকৈ শুৱনি আই প্ৰকৃতিৰ
বুকুৰ সমৃদ্ধি আমি আনিছোঁ আঁজুৰি।
ধীৰে ধীৰে পৃথিৱীত জ্বলিছে অগনি
মৰুভূমিত বৰষাৰ বানপানী I
সেউজীয়া পথাৰ হৈ ৰ'ল তৃষ্ণাতুৰ,
ওখ শৃঙ্গ হ'ল তুষাৰবিহীন !
গছ-লতা অবিহনে বনৰ জীৱ জন্তুও
আজি অসহায় হৈ হ'ল গৃহহীন।
বিষেৰে বিষাক্ত কৰি আই ধৰিত্ৰীৰ বুকু
সোণ, ৰূপ, হীৰাৰ টুকুৰা বিচাৰি
সোণেৰে নুজুখিবা মৰম হিয়াৰ
সোণ হীৰা নহয় প্ৰতীক প্ৰতিশ্ৰুতিৰ।
হৃদয়ৰ উত্তাপেৰে, চেনেহ জৰীৰে বন্ধা
অটুট সম্বন্ধ, কৃতজ্ঞতা, পোৱা-দিয়াৰ।
নিজকে সুধিছো প্ৰশ্ন, মোৰ প্ৰয়োজন কি?
কেতিয়া, ক'ত, আৰু কিমান লাগে?
প্ৰকৃতিয়েনো বাৰু আমাক কিমান দিব!
ক্লান্ত হৈছে আই বোজা টানি টানি,
এবাৰ থমকি ৰৈ, এখন্তেক ভাবা
প্ৰকৃতিৰ বুকু এৰি ক'লৈ যাম আমি?
সৰি পৰা সুগন্ধি বকুল, শেৱালীৰ মালা পিন্ধি,
শুৱনি কৰি তোলো গাভৰু দেহা,
খোপাতো গুজি লোৱা গোলাপৰ কলি,
প্ৰাকৃতিক সুন্দৰতা তুলনাবিহীন
লোৱা, আই ধৰিত্ৰী তুমি অপৰূপা বুলি।
@@@@@@@





Comments