top of page
  • Black Facebook Icon
  • Black Instagram Icon

অমৰাৱতী খহিছে তৰপে তৰপে...

  • Writer: ইন্দু বৰুৱা, গুৱাহাটী
    ইন্দু বৰুৱা, গুৱাহাটী
  • Jan 4
  • 1 min read
ree

ইন্দু বৰুৱা, গুৱাহাটী

মানুহৰ দৰে দেহৰ গঠন

চিন্তা চেতনাত সক্ৰিয় দানৱ

আঁজুৰি ছিঙিব খোজে পৃথিৱীৰ হাওঁফাওঁ!

 

সিহঁতৰ নিমিলিত দুচকুত

ঈশ্বৰৰ নিৰ্মল সৃষ্টি

মৰ্ত্যৰ অমৰাৱতী।

সপোনৰ ছঁয়াময়াত বিনিময়

এহাতে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

আনহাতে ধৰিত্ৰীৰ বুকু ফালি সুৰঙ্গেৰে গুচি যাব

ধোঁৱাময় মালগাড়ী ।

 

ঐশ্বৰ্যৰ নীলা পাহাৰত বহে

পৰিৱেশ সংৰক্ষণৰ ভুৱা ঘূৰণীয়া মেজমেল ।

পৃথিৱীৰ উশাহ সেউজীয়া অৰণ্যৰ

গোপন বিপণন

ছাইৰ তলৰ মাটিৰো থাকে অন্য এক প্ৰাপ্তি..

জটিল অংকৰ সহজ সমীকৰণ।

 

জিঘাংসাৰ আঙুলি সেউজীয়া তেজেৰে সিক্ত

হালি পৰা গছৰ উচুপনিত

নিঃস্ব অৰণ্যবাসী 

বতাহ ঠিকনাবিহীন

মহাৰণ্যৰ কাজলচকুৰ ক'লা বৰষুণ

দেখা নাই কোনেও।

 

আৰ্তনাদৰ মহানাদ

প্ৰদূষিত আকাশ-বতাহ-উশাহ।

 

এখন চিৰসেউজীয়া অৰণ্যৰ মৃত্যুত

অৰ্ধমৃত পৃথিৱী

অমৰাৱতী খহিছে তৰপে তৰপে...


*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page