অযাচিত দুৰ্যোগ আৰু সজাগতা
- ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী
- Jan 7
- 4 min read

ইৰা বৰঠাকুৰ, গুৱাহাটী
শাৰদীয় বতৰৰ আগমনৰ পৰাই মুনমীৰ মনটো গধুৰ হৈ পৰে। মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা অনাকাংক্ষিত ঘটনা কিছুমান ঘটে, যাৰ বাবে জীৱনটো অনুশোচনাত ভুগিব লগা হয়। মুনমীৰ জীৱনতো পাঁচ বছৰৰ আগতে ঘটা ঘটনা এটাৰ কথা মনলৈ আহিলেই তাইৰ অন্তৰ আজিও দহে। শাৰদীয় বতৰত শুভ্ৰ শেৱালিৰ আমোল-মোল সুবাসে, নৈৰ পাৰত কঁহুৱা বনৰ নাচোন আৰু শাৰদীয় পুৱাৰ নিয়ৰেও দেখোন মন পুলকিত কৰিব নোৱাৰে মুনমীৰ।
"দেউতা আমি দেৱালীৰ দিনা ক'ৰ'বাত ফুৰিবলৈ যাওঁ ব'লাচোন। মোৰ দেৱালীটো একেবাৰে ভাল নালাগে। আজিৰ টি ভিৰ বাতৰিত দেখুৱাইছে নহয়, কাজিৰঙাৰ ওচৰৰ এখন গাঁৱৰ মানুহ বিলাকে দেৱালীত কোনো দিন ব'ম, ফটকা আদি নুফুটায় বুলি। কিয়নো কাজিৰঙা অভয়াৰণ্যৰ জীৱ-জন্তু বিলাকে ব'ম, ফটকাৰ শব্দ শুনিলে ভয় খাই বহু দূৰলৈ ঢাপলি মেলে আৰু অস্বাভাৱিক আচৰণ কৰে। গতিকে আমি দুদিন মানৰ কাৰণে কাজিৰঙালৈকে গৈ ৰিজৰ্ট এটাত থাকি আহোঁ, কেনেকুৱা হ'ব দেউতা?"
দেউতাকে মুনমীৰ কথাৰ উদ্দ্যেশ্য বুজি পালে। এই তেৰ বছৰীয়া ছোৱালীজনীৰ মনত উদ্বিগ্নতা দেখি তেওঁৰো মনটো দুখেৰে ভৰি পৰিল। তেওঁলোক সকলোৰে সেইদিনাৰ ঘটনাটো জল-জল পট-পট কৈ চকুৰ আগত ভাঁহি আছে।
ঘটনাটো ঘটিছিল আজি পাঁচ বছৰৰ আগতে এই দেৱালীৰ দিনটোতে। সন্ধিয়া এন্ধাৰ নামি আহিছিল যদিও চাৰিওফালে দেৱালীৰ ৰঙীন পোহৰেৰে জকমকাই অমাৱস্যাৰ ঘোৰ এন্ধাৰো দিনৰ নিচিনা হৈ পৰিছিল। দীপাৱলীৰ আনন্দত সকলো আত্মহাৰা। দীপাৱলী পোহৰৰ উৎসৱ, ইয়াৰ উদ্দ্যেশ্য হ'ল ঘৰে ঘৰে চাকি-বন্তি জ্বলাই অজ্ঞানতাৰ এন্ধাৰ নাশি মনলৈ পোহৰ কঢ়িয়াই অনা। সেয়েহে সকলোৱে এই আনন্দৰ উৎসৱটো সুন্দৰভাৱে পালন কৰিবলৈ বিচাৰে। মুনমীয়েও দুদিনৰ আগত মাক দেউতাকৰ লগত গৈ বজাৰৰ পৰা ফটকা, ফুলজাৰী ৰংচঙীয়া চাকি আৰু ভালেমান মমবাতি আৰু মিঠাই আদি কিনি আনিলেগৈ। তেতিয়া মুনমীৰ বয়স আছিল মাত্ৰ আঠ বছৰ। ঘৰৰ একমাত্ৰ ছোৱালী কাৰণে মাক দেউতাকে তাইৰ প্ৰতিটো আব্দাৰ পূৰণ কৰিবলৈ চেষ্টা কৰে। সেয়েহে সেইদিনা দেউতাকে তাই কিনিবলৈ বিচৰা সকলো বস্তু কিনি দিছিল তাইক। পুৱাই লগৰ বন্ধু-বান্ধবী জিনা, পম্পী, মীৰা, মনীষা, মীঠু, বাবুল, বিকি, বাপু আটাইকে পাছদিনা সিহঁতৰ ঘৰলৈ আহি তাইৰ লগত দেৱালী উদযাপন কৰিবলৈ মাতি থৈ আহিল। গধূলি মাক দেউতাকৰ লগত গেটৰ মুখত স্থাপন কৰা কলগছত চাকি, বন্তি জ্বলাই লগৰ বন্ধু বান্ধবী বিলাকৰ লগত ফটকা, ফুলজাৰী, ৰকেট আদি উলিয়াই গেটৰ মুখত ফুটাবলৈ গ'ল। মুনমীৰ ঘৰৰ কাষৰ বান্ধবী জিনাই আগ ভাগ লৈ সকলোকে ফটকা ফুলজাৰী বিলাক বিলাই দিলে। সকলোৰে হাতেহাতে ফটকা ফুলজাৰী! মনীষাও আগবাঢ়ি গ'ল ডাঙৰ ব'ম এটা লৈ। ব'ম কেইটা মুনমীৰ দেউতাকে নিজে ফুটাবলৈ আনিছিল। দেউতাকে নেদেখাকৈ তাৰে ব'ম এটা মনীষাই ফুটাওতেই ব'মটোৰ টুকুৰা এটা উফৰি আহি তাইৰ চকুতে লাগিলহি। তাই গগণফলা চিঞৰ এটা মাৰি মাটিত বাগৰি পৰিল। লগৰ কেইটাই একো ধৰিবই নোৱাৰিলে। মনীষাৰ লগৰ দুটামানে গৈ তাইৰ মাক দেউতাকক মাতি আনিলেগৈ। দেউতাকে দৌৰি আহি তাইক ডাংকোলা কৰি তেওঁলোকৰ ঘৰলৈকে লৈ গৈ বিছনা এখনত শুৱাই দিলে। লগে লগে ফ্ৰিজৰ পৰা বৰফৰ প্লেট আনি চকুৱে মুখে বৰফ অলপ দি ওচৰৰে ডাক্তৰ এজনক খবৰ দিলে। দেউতাকে ডাক্তৰলৈ বাট নাচাই নিজৰ গাড়ীখন লৈ ওচৰৰে চিকিৎসালয়লৈ লৈ গ'ল। ডাক্তৰে লগে লগে ICU ত সুমুৱাবলৈ নিৰ্দেশ দিলে। মাক কান্দি-কাটি বেহুচ হৈ পৰিল। সেইদিনা তাইক ICU তে ৰাখিব লাগিব বুলি ডাক্তৰে জনালে।
কিছু সময়ৰ পাছত ডেৰ কিলোমিটাৰ বাট খোজ কাঢ়িয়েই মুনমী আৰু লগৰকেইজন আহি চিকিৎসালয় পালেহি। আটায়ে তাইক চাবলৈ বিচাৰিলে, কিন্তু ICU ত থকা বাবে মনীষাক চাবলৈ দিয়া নহ'ল। মুনমীয়ে মনীষাৰ মাক- দেউতাকক ভৰিত ধৰি ক্ষমা খুজিলে, "খুড়া-খুড়ী মোৰ কাৰণেই মনীষাৰ আজি এই অবস্থা হ'ল। মই ব'ম ফুটাবলৈ নমতাহ’লে আজি আপোনালোকে তাইৰ এনেকুৱা অবস্থা দেখিব লগা নহ'লহেঁতেন।" মনীষাৰ মাকে মুনমীক তেওঁৰ ওচৰতে বহুৱাই কান্দি কান্দিয়েই সান্ত্বনা দিলে, "মুনমী তুমি নিজকে মিছাতে দোষাৰোপ নকৰিবা, তুমি ফটকা ফুটাবলৈ নমতাহ’লেও তাই জানো ঘৰত ফটকা নুফুটালেহেঁতেন? আজি তাইৰ গুৰুজনা বেয়া আছিল বুলি ধৰিবা, নহ’লে তোমালোক আটাইকেইটাৰ মাজত তাইৰহে তেনেকুৱা হ'ব লাগেনে! যি হ'ব লগা আছিল হ'ল, এতিয়া মাথো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে তাই সোনকালে সুস্থ হৈ উঠে।" মনীষাৰ মাকৰ বুজনিত তাই অলপ শান্ত হ'ল যদিও তাই মনে মনে উচুপিয়েই থাকিল।
এসপ্তাহৰ পাছত মনীষাক চিকিৎসালয়ৰ পৰা ৰিলিজ দিলে। তাই দেখাত সুস্থ কিন্তু তাই চকুৰে একো দেখা পোৱা নাই। তাই তেতিয়াহে উপলব্ধি কৰিলে যে তাইৰ জীৱনলৈ চিৰদিনৰ বাবে অন্ধতা নামি আহিল। তেতিয়াৰ পৰাই দেৱালী অহাৰ লগে লগে মুনমীক সেই পুৰণা স্মৃতিটোৱে বৰকৈ আমনি কৰে। মনীষাৰ চকুলৈ চিৰদিনৰ বাবে অন্ধতা নামি অহাৰ কথাটো ৰোমন্থন কৰি তাই নিজেই অনুশোচনাত দগ্ধ হয়।
অপাৰেশ্যন কৰাৰ পাছতো তাই চকুৰ দৃষ্টিশক্তিৰ উন্নতি হোৱা দেখা নগ'ল। দেউতাকে বন্ধু এজনৰ কথামতে ইন্টাৰনেট খুচৰি খুচৰি গম পালে যে আমেৰিকাত এযোৰ চচমা পোৱা যায়, যি যোৰ জন্মগতভাৱে অন্ধ লোকৰ বাহিৰে, দুৰ্ঘটনা আদি হৈ অন্ধ হৈ পৰা লোকে পিন্ধিলে চকুৰে সম্পূৰ্ণ দেখা পায়। কিন্তু চচমা যোৰ যথেষ্ট ব্যয় বহুল। তেওঁ এই কথাটো প্ৰথমে বিশ্বাস কৰিবলৈ টান পাইছিল কিন্তু কেইবাজনো চকু বিশেষজ্ঞৰ লগত কথা-বাৰ্তা পাতি, তেখেত সকলেও সকলো ৰিপ'ৰ্ট পৰীক্ষা কৰি সেইজোৰ চচমা তাইৰ কামত আহিব বুলি কোৱাত টকা পইচাৰ কথা চিন্তা নকৰি অৱশেষত চচমাযোৰ আনিবলৈ আগ্ৰহী হ'ল।
প্ৰায় তিনিমাহ মানৰ পাছত, ঘৰৰ সকলোৰে আকাংক্ষিত দিনটো আহি পালেহি। চচমাযোৰ পিন্ধাবলৈ তেওঁলোক পুনৰ আগতে অপাৰেশ্যন কৰা চিকিৎসালয় খনলৈকে গ'ল। সকলোৰে উৎকণ্ঠাৰ মাজতে ডাক্তৰে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰৰ আন্ধাৰ ৰূম এটাত চচমাযোৰ পিন্ধাই মনীষাক লাহে লাহে চকু টিপিয়াবলৈ ক'লে, কিন্তু তাই এইবাৰো একো দেখা পোৱা নাই বুলি ফেকুৰিবলৈ লাগিল। চকু বিশেষজ্ঞ জনে ৰূমৰ লাইট জ্বলাই দিবলৈ নিৰ্দেশ দিলে। লাইট জ্বলাৰ লগে লগে তাত থকা মানুহ বিলাকক দেখি মনীষাই হুকহুকাই কান্দি উঠিল। তাই মাকক ক'লে "মা মই তোমালোক সকলোকে দেখা পাইছোঁ।" মাক দেউতাক দুয়ো আনন্দৰ চকুপানী বাধা দি ৰাখিব নোৱাৰিলে। তাই মাকক সাবটি ধৰি বহুত সময় উচুপি থাকিল। চিকিৎসালয়ৰ ডাক্তৰ আৰু নাৰ্ছ সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰি তেওঁলোক আনন্দেৰে ঘৰ পালেহি।
এতিয়া মনীষাই সকলো কথা বুজি পোৱা হৈছে। অকণমান সময়ৰ অসাৱধান, ক্ষন্তেকীয়া উছাহে যে মানুহৰ জীৱনলৈ কাল অমানিশা নমাই আনিব পাৰে সেই কথা তাই মৰ্মে মৰ্মে বুজি উঠিছে।
মনীষাই আজিকালি লগৰীয়া কেইজনৰ সহযোগত প্ৰত্যেক বছৰে বছৰে অহা দেৱালীৰ দিন কেইটাত দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰু শিশু সকলক আতচবাজি আৰু ফটকা ফুটাওঁতে জীৱ-জন্তু তথা পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰিবলৈ গোটেই অঞ্চলটোত যৎপৰোনাস্তি সজাগতাৰ চেষ্টা কৰি আহিছে।
তেওঁলোকে বাৰুকৈয়ে বুজি উঠিছে যে সাৱধানীৰ মৰণ নাই।
@@@@@@@@@@@
Comments