top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

অস্তগামী সূৰুযৰ বিষাদৰ উচুপনি

  • Writer: বিজু ফুকন কলিতা, দুনী, দৰং
    বিজু ফুকন কলিতা, দুনী, দৰং
  • Apr 6
  • 2 min read
ree

বিজু ফুকন কলিতা, দুনী দৰং


বহু চেষ্টা কৰিও শেৱালীয়ে চকুত টোপনি আনিব পৰা নাই। টোপনি যাবলৈ বহু চেষ্টা কৰিও বিফল ‌হোৱাত অৱশেষত বিছনাৰ কাষত থকা খিৰিকিখন খুলি দি বাহিৰৰ ৰঙীন পৃথিৱীখন চাবলৈ চেষ্টা কৰিলে। শেৱালী থকা তিনি মহলাৰ পৰা খিৰিকিখন খুলি দিলে ৰঙীন লাইটৰ পোহৰে ৰমক-জমক হৈ থকা মায়ানগৰী গুৱাহাটী মহানগৰৰ অট্টালিকাবোৰ দেখা পোৱা যায়। তাতে আকৌ পূব আকাশত জোনটোৱে এখন কাঁহীৰ দৰে গোল হৈ পোহৰ বিলাই সোণত সুৱগা চৰাইছে। মাজে মাজে জোনটোৰ উজ্জল পোহৰবোৰ মেঘৰ আঁৰত লুকাই পৰে।

       

শেৱালীয়েও জোনটোৰ পোহৰৰ দৰেই নিজৰ সংসাৰখনক সুখৰ পোহৰ বিলাবলৈ বিচাৰিছিল। সৰুতেই বাপেকক হেৰুৱা  ল'ৰা তিনিটাক কোনো অভাৱ নোহোৱাকৈ শিক্ষা- দীক্ষাৰে উপযুক্ত কৰি,  বিয়া কৰাই দিছিল। ডাঙৰ পুতেক উকিল। তেওঁৰ ল'ৰা এটা ছোৱালী এজনী, মাজু পুতেক ডাক্টৰ, তেওঁৰ ল'ৰা এটা। সৰু পুতেকে বহুজাতিক কোম্পানী এটাৰ মেনেজাৰ‌ কৰে। তেওঁৰ আঠ মহীয়া এটা ল'ৰা সন্তান আছে। কিন্তু ল’ৰা, বোৱাৰী, নাতি-নাতিনীৰে সৈতে ইমান এটা ডাঙৰ পৰিয়াল থকাৰ পিছতো শেৱালীয়ে আজি  তেওঁলোকৰ সান্নিধ্যৰ পৰা আঁতৰি জীৱন কটাবলগীয়া হৈছে। নিজৰ আপোন মানুহখিনিৰ পৰা আঁতৰি এখন অচিনাকি চহৰৰ এটি অট্টালিকাৰ সৰু কোঠালী এটিত নিঃসঙ্গ জীৱন যাপন কৰিব লগা হৈছে।

 

শেৱালীৰ গিৰিয়েকৰ বহু মাটি সম্পত্তি আছিল। কিন্তু তিনিটাওটা ল'ৰাই বিয়া কৰোৱাৰ পিছত মাটি সম্পত্তিক লৈ টনা-আঁজোৰা লাগি সকলো সম্পত্তি ভাগ-বতৰা কৰি নিজৰ নিজৰ নামত উইল কৰি ল’লে। পাহৰি গ'লে সিঁহতৰ যে এজনী বিধৱা মাতৃ আছে, যি গৰাকী মাতৃয়ে অকালতে  স্বামীক হেৰুৱায়ো নিজৰ মনোবল অটুট ৰাখি ল'ৰা তিনিটাক সমাজত মানুহ হিচাপে প্ৰতিষ্ঠিত কৰালে। অথচ আজি সেই সন্তানেই সমাজত ডাঙৰ মানুহ দেখুৱাই নিজ মাতৃক এখন অচিনাকি চহৰৰ বৃদ্ধাশ্ৰমলৈ অপসাৰণ কৰালে। সিঁহতৰ বাবে মাক হৈ পৰিল ঘৰখনৰ অলাগতিয়াল বস্তু। মাজু পুতেকে মাক থকা ঘৰতো ভাঙি প্ৰাইভেট ক্লিনিক এখন খুলি ল'লে। প্ৰথম অৱস্থাত দুই এবাৰ পুতেক বোৱাৰীয়েকহঁত আহিছিল। সিঁহত অহাৰ খবৰ শুনিলেই পুত্ৰ স্নেহত মাকৰ মন থৌকিবাথৌ লাগিছিল।

 

কিন্তু লাহে লাহে সিঁহতৰ অহা-যোৱাতো কমি গৈ পিছলৈ দেখা-দেখিয়ে নোহোৱা হ'ল। আনকি ফোন কৰিলেও নাপায়, ফোন বন্ধ থাকে। হয়তো ফোনৰ নতুন নম্বৰ লৈ মাকৰ লগত সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ কৰিলে। আজি দহ বছৰে শেৱালীয়ে পুতেক-বোৱাৰী-নাতি-নাতিনীহঁত আহিব বুলি সদায় এইদৰেই খিৰিকিৰে বাহিৰলৈ চাই থাকে। বুকুত অহৰ্নিশে এটি শূন্যতা বিৰাজমান। এটা দীঘল হুমুনিয়াহ এৰি খিৰিকীখনৰ কাষৰ পৰা আহি বিচনাত বাগৰ দিলে।

 

ভগৱানে কাৰোবাক অজস্ৰ সুখ দিছে আৰু কাৰোবাক সুখ দিয়ো বৰদৈচিলাৰ দৰে সকলো সুখ, সকলো সপোন ধূলিসাৎ কৰিছে। কাৰোবাক আকৌ দুখ দি দি সময়ত সুখৰ অমৃত মুখত ঢালি দিছে। এয়াই বিধাতাৰ বিধান। শেৱালীৰ বাবে জীৱনৰ এই দীঘলীয়া সময়খিনিৰ একমাত্ৰ সাৰথি হৈছে মাথোঁ বৃদ্ধাশ্ৰমৰ বাসিন্দাসকল আৰু এই বিছনাখন।

 

ৰাতিয়েই খুলি থোৱা খিৰিকিৰে সোমাই অহা পুৱাৰ উদিত সূৰুযৰ ৰাঙলী আভা তাইৰ সেমেকা চকুহালত আহি পৰাতহে শেৱালীয়ে উমান পালে যে ইতিমধ্যে আৰু এটি নিশাৰ অৱসান ঘটিল। প্ৰতিদিনেই আবেলিৰ অস্তগামী সূৰুযে বিদায় লোৱাৰ পিছত বৃদ্ধাশ্ৰমৰ এই আছুতীয়া কোঠাৰ পৰা ভাঁহি আহে নিঃশব্দ বিষাদৰ উচুপনি।


#############

Comentários


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page