অসমত সুনাগৰিক গঢ়াৰ বাবে সম্পূৰ্ণ শিক্ষাৰ প্ৰয়োজনীয়তা
- মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড
- Jul 13
- 2 min read

মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড
এগৰাকী আজীৱন শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে যোৱা কেইদশকমানৰ পৰা হোৱা অসমৰ শিক্ষা ব্যৱস্থাৰ সালসলনি আৰু মানুহৰ মনোবৃত্তিয়ে বাৰুকৈয়ে ভবাই তুলিছে আমাক। শিক্ষা মাথোঁ এখন চার্টিফিকেট নহয়। শিক্ষা হৈছে অৰ্হতাৰে আৰু কৃতকাৰ্য্যতাৰে জীৱনটো গঢ় দি নিজে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়াল আৰু সমাজৰো উৎকর্ষ সাধন কৰা এক অতি প্রয়োজনীয় আহিলা। এতিয়া পৃথিৱীখন বৈদ্যুতিন মাধ্যমে সলাই পেলাইছে। ইয়াৰ বাবে সকলো বস্তু এতিয়া সহজলভ্য হৈছে যদিও ইয়াৰ এক ঋনাত্মক দিশো আছে। কাৰণ এয়া ইমান সহজলভ্য যে ল'ৰা-ছোৱালীয়ে এই মাধ্যমৰ দ্বাৰা যি কোনো কথাই জানিব পাৰে। সেইবাবে আজি-কালি বেছিভাগ ল'ৰা-ছোৱালীকে হয় ম'বাইল ফোনত নাইবা লেপটপত ব্যস্ত থকা দেখা যায়। ইয়াৰ বাবে বেছিভাগ ল'ৰা-ছোৱালীয়ে সামাজিকভাৱে কাৰো লগত ভালকৈ কথা-বতৰা পাতিবও নোৱাৰে। তাৰ উপৰি ল'ৰা-ছোৱালীয়ে যদি মাতৃভাষাৰ মাধ্যমত নপঢ়ি অন্য মাধ্যমত পঢ়া-শুনা কৰিছে তেওঁলোকে সাধাৰণতে এনে ধৰণৰ সামাজিক কথোপকথনৰ পৰা বিৰত থাকে যাৰ বাবে তেনে ল'ৰা-ছোৱালী পঢ়াত ভাল হৈ ভাল চাকৰি কৰিলেও পিছৰফালে জীৱনত বহুতো অশান্তি বা হতাশাত ভোগা দেখা যায়। এইবিলাক কাৰণতে সৰুৰেপৰা সন্তানক সকলো ধৰণৰ শিক্ষা দিয়া উচিত।
একো একোজন শিশু সমাজৰ ভৱিষ্যৎ। যেনেকৈ কুমলীয়া বাঁহ এডাল বেঁকা কৰিব পাৰি, তেনেকৈ সৰুৰেপৰা দিয়া সু-শিক্ষাৰ পৰা এজন সন্তানৰ ওপৰত সুপ্ৰভাৱ পৰিব পাৰে। সু-শিক্ষা মানে কেৱল আনুষ্ঠানিক শিক্ষাই নহয়, পৰিয়ালৰ পৰা বা সমাজৰ পৰা হোৱা সু-শিক্ষা বা নীতি শিক্ষায়ো সন্তানৰ জীৱনত আলোকপাত কৰে। আজিকালি আগৰ দৰে যৌথ পৰিয়াল বা সমাজো নাই। গতিকে অঙ্কুৰৰপৰা স্কুলীয়া শিক্ষা সম্পূর্ণ নোহোৱালৈকে তেওঁলোকক সুনাগৰিকত্বৰ শিক্ষা দিয়া উচিত। চীন আৰু জাপানত এই শিক্ষা প্রথম দিনা অঙ্কুৰৰ শ্ৰেণীলৈ যোৱাৰ পৰা শিকোৱা হয়। তেওঁলোকে বিদ্যালয়লৈ গৈয়েই ইজনে সিজনক আৰু শিক্ষক-শিক্ষয়ত্ৰীক মূৰ দোৱাই সম্ভাষণ জনায় ৷ সেয়ে তেওঁলোকৰ সেই নম্রতা ডাঙৰলৈকে থাকি যায়। সেই ধৰণে তেওঁলোকক নিজৰ কাম নিজে কৰি সৰুৰে পৰা স্বাধীনচেতিয়া হ'বলৈ শিকায়। বৃটেইনতো নাগৰিক সচেতনতা আৰু দায়বদ্ধতা সৰুৰে পৰা শিকোৱা হয় ৷ যেনে- য'তে-ত'তে জাবৰ পেলোৱা বা থু-খেকাৰ পেলোৱা আইনমতে দণ্ডণীয় আৰু জাতি বর্ণ ধর্ম নির্বিশেষে সকলোকে সমান চকুৰে চাবলৈ শিকায়। কিবা কথাত খং উঠিলেও কাকো অবাইচ মাত মাতিব নোৱাৰে বা শাৰীৰিকভাৱে আক্ৰমণ কৰিব নোৱাৰে। কেতিয়াবা ইয়াৰ ব্যতিক্ৰম হ'লে কর্তৃপক্ষই উচিত ব্যৱস্থা অৱলম্বন কৰে।
বৃটেইনত পিতৃ-মাতৃয়ে সন্তানক সমানে প্রাধান্য দিয়ে। ল'ৰা হওক, ছোৱালী হওক, নিজৰ বয়স অনুসৰি সকলোৱে ঘৰত সহায় কৰে। কাৰণ এই দেশত সহায়ক বা সহায়িকা সহজলভ্য নহয়। মই ভাৰতৰ অন্য ঠাইৰ কথা ক'বলৈ নাযাওঁ, কিন্তু অসমত বেছিভাগ ল'ৰা-ছোৱালীয়েই পশ্চিমৰ বেয়া কিছু দিশ অনুকৰণ কৰিবলৈ গৈ গুৰু-গোসাঁই নমনা হৈ এখন অতি নীতিহীন ধ্বংসমুখী সমাজ গঢ়া পৰিলক্ষিত হৈছে। এয়া সমাজৰ বাবে নিশ্চয় সু-বাৰ্তা নহয় যাৰ ফলত মানৱীয়তা হ্রাস পাইছে, অসুখ-বিসুখ, মানসিক অশান্তি, অকাল মৃত্যু, দুর্ঘটনা আদি বঢ়া দেখা গৈছে। লগতে বিবিধ ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰে নিজৰ, পৰিয়ালৰ তথা সমাজৰো প্ৰচুৰ ক্ষতিসাধন কৰিছে। সেয়ে মোৰ অভিজ্ঞতাৰে ভাবোঁ যে এই অপকাৰিতাবিলাকৰ কথা সৰুৰপৰাই ল’ৰা-ছোৱালীৰ মনত সোমোৱাই দিব লাগে। পিতৃ-মাতৃয়েও এইবিলাক কথাত সাৱধান হোৱা উচিত। মানৱ অধিকাৰ, নাৰী স্বাধীনতা, নাৰী সবলীকৰণ মানে দায়বদ্ধতা, বিশৃংখলতা নহয়। আজি অসমৰ সমাজ জীৱনৰ ছবি অতি ধূসৰ হ'ব ধৰিছে। মাত মাতিলে অপমানিত হোৱাৰ ভয়ত বেছিভাগ অগ্রজ নিমাত আৰু অকলশৰীয়া হৈ পৰিছে। কিছুমানলোকে ভিন্ন উপায়ে ধন ঘটি ভোগবাদী সমাজ গঢ়ি নিগনি দৌৰত লিপ্ত হৈ আছে। কিছুৱে আকৌ সন্তানৰ আগ্রহ, প্রৱণতা বা ক্ষমতা নথকা সত্ত্বেও ডাক্তৰ, ইঞ্জিনীয়াৰ বা ডাঙৰ চৰকাৰী বিষয়া হ'বলৈ সন্তানক ঠেলি মানসিক অশান্তিত ভোগায়। এইবিলাক কাৰণতো সন্তান কুপথে যায়। ঘৰ এটা বান্ধিবৰ হ'লে যেনেকৈ ঘৰটোৰ ভেঁটি টনকিয়াল হ'ব লাগে সেইদৰে এজন শিশুক এজন সফল নাগৰিক কৰিবৰ বাবেও আনুষ্ঠানিক শিক্ষাৰ লগতে আনুষঙ্গিক সংস্কাৰ-সংস্কৃতিৰ শিক্ষা দিলেহে একোজন দায়বদ্ধ নাগৰিক হৈ নিজৰ আৰু দেশৰ উন্নতি সাধন কৰিব পাৰিব।
###############
Comentarios