top of page
  • Black Facebook Icon
  • Black Instagram Icon

আইতাৰ নীতিকথা

  • Writer: কমলা উজীৰ, গুৱাহাটী
    কমলা উজীৰ, গুৱাহাটী
  • Jun 29, 2024
  • 2 min read

Updated: Sep 22, 2024

ree

কমলা উজীৰ, ছয় মাইল, গুৱাহাটী


"বাবলু, মাইনা, দেবু, টিনা, নিতু, তোমালোক কোন ক'ত আছা আহাঁচোন মোৰ ওচৰলৈ, আজি তোমালোকক অলপ বেলেগ ধৰণৰ কথা এটা কওঁ বুলি ভাবিছোঁ।" এটা যৌথ পৰিয়ালৰ মৰমীয়াল আইতাক গৰাকীয়ে নাতি-নাতিনীহঁতক নাম ধৰি ধৰি মাতিবলৈ ধৰিলে। 

 

সিহঁত পাঁচোটাৰ ভিতৰত বাবলু আটাইতকৈ ডাঙৰ। সি এইবাৰ বিদ্যালয়ৰ দশম মানৰ পৰীক্ষা দিব। তেওঁক লৈ মাক-দেউতাকৰ বৰ আশা, পৰীক্ষাত ৯৭/৯৮ শতাংশ নম্বৰ আশা কৰিছে তাৰ পৰা।

 

সি কিন্তু আইতাকক আপত্তি দৰ্শাই কৈছে, "চোৱাচোন আইতা, ইমান নম্বৰ আনিব লাগিব বুলিলেই মই আনিব পাৰোঁ নে? কষ্ট মই সাধ্যমতে কৰিছোঁ। ফলাফল পিছত হে দেখা যাব।"

 

হাঁহি এটা মাৰি আইতাকে বাবলুক ক'লে, "আচলতে এইবোৰেই ভুল কথা বুজিছ, তহঁতক এনেকৈ তাগিদা দিয়া অনুচিত। মনটো বান্ধি লৈ ভালদৰে বুজি মেলি পঢ়া-শুনা কৰি যা সোণ, ভাল ফল নিশ্চয় পাবি। আৰু শুন, কেৱল পৰীক্ষাত বেছি নম্বৰ পালেই নহ'ব নহয়। পাঠ্যপুথি অধ্যয়নৰ বাহিৰেও সৎ স্বভাৱ-চৰিত্ৰৰে এজন সু-নাগৰিক হৈ সমাজখন নিকা কৰি ৰখাৰ কথাও ভাবিব লাগিব। তহঁতবোৰেই দেশৰ ভৱিষ্যৎ। মই আজি তহঁতক মাদক দ্ৰব্যৰ অপকাৰিতাৰ ওপৰত কিছু কথা ক'ম দেই।"

 

বাবলু, মাইনা, দেবুয়ে মাদক দ্ৰব্য কি অলপ বুজি পোৱা হৈছে, কিন্তু টিনা আৰু নিতুয়ে একো বুজি পোৱা নাই যদিও টিনাই তৎকালে ক'লে, "অ আইতা বঢ়িয়া হ'ব, বঢ়িয়া হ'ব। কোৱা, কোৱানা।"

 

আইতাকে ভালদৰে বহি লৈ সন্তোষৰ হাঁহি এটা মাৰি ক'লে, "শুন তেনেহলে। এঘৰ বৰ ধনী মানুহ আছিল। তেওঁলোকৰ এটি মাথোঁ ল'ৰা সন্তান। মাক দেউতাকৰ আলাসৰ লাৰু।"

 

"আলাসৰ লাৰু মানে কি আইতা" বুলি টিনাই মাজতে মাত লগালে। আইতাকে ক'লে, "আলাসৰ লাৰু মানে অতিকৈ মৰমৰ। সন্তানে যি খোজে মাক দেউতাকে তাকেই দিয়ে। ভালৰো ভাল স্কুল এখনত তাক নাম লগাই দিলে। স্কুললৈ অনা নিয়া কৰিবলৈ গাড়ী, ড্ৰাইভাৰ সকলো আছে। অলপ ডাঙৰ হোৱাৰ পাছত সি এদিন মাক দেউতাকক ক'লে যে তাক গাড়ীৰে অনা নিয়া কৰিব নালাগে। তাৰ সলনি ভাড়াৰ কাৰণে টকা দিলেই হ'ব, সি আন ল'ৰা-ছোৱালীৰ দৰে নিজেই অহা-যোৱা কৰিব। পুত্ৰৰ কথা মতে অভিভাৱকে তাৰ হাতত টকা দিয়া কৰিলে। লাহে লাহে সি স্কুলৰ পৰা পলমকৈ ঘৰলৈ অহা কৰিলে। আচলতে সি বেয়া সঙ্গত পৰি অনৈতিক কামত লিপ্ত হৈ দেৰিলৈকে টিউচন আছিল বুলি কৈ সদায় মিছাৰ আশ্ৰয় ল'বলৈ ধৰিলে। এদিন সি বেয়াকৈ পুলিচৰ হাতত ধৰা পৰি গ'ল। মাক দেউতাকে কোনোমতেই বিশ্বাস নকৰে সিহঁতৰ সন্তান যে নিচাজাতীয় দ্ৰব্যৰ কবলত পৰিছে! পুলিচে সকলো তথ্য যেতিয়া উদঙাই দিলে, তেতিয়াহে মাক-দেউতাকৰ চকু মেল খালে! ইতিমধ্যে ল'ৰাৰ অৱস্থা দিনক দিনে শোচনীয় হৈ আহিল আৰু অতি কম দিনৰ ভিতৰতে সি মৃত্যুক আকোঁৱালি ল'লে।"

 

‌আইতাকে পুনৰ ক'লে, "শুনিলি তহঁতে, কেনেকৈ এটা জীৱন ধ্বংস হৈ গ'ল, লগতে ঘৰখনো। এইটো মোৰ চকুৰ আগতে ঘটা ঘটনা ! মাদক দ্ৰব্যৰ কৱলত পৰি সৰু ল'ৰা এটাৰ এনে মৃত্যু দেখিলে, সমাজখনৰ অধঃপতন দেখিলে বৰ দুখ লাগে অ’।"

 

কিছু সময় নীৰৱে থাকি ‌বাবলু, মাইনা আৰু দেবুৱে আইতাকক কৈ উঠিল, "আইতা আমি ডাঙৰ হৈ এই মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰিম, সমাজৰ পৰা ইয়াক নিৰ্মূল কৰিম। ভালদৰে পঢ়া-শুনা কৰি নিজক সুন্দৰকৈ গঢ়াৰ লগতে এইবোৰলৈ চকু ৰখাও আমাৰ এটা ডাঙৰ দায়িত্ব, নহয় নে আইতা?"


আইতাকে সন্তোষেৰে হাঁহি এটা মাৰি সস্নেহে সিহঁতকেইটালৈ চাই ৰ'ল।


*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page