top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আইধানৰ আৰ্জি

  • Writer: নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
    নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
  • Apr 6
  • 5 min read
ree

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ


কলেজৰ ষাণ্মাষিক পৰীক্ষাৰ অন্তত মাঘ বিহুৰ বন্ধ মিলাই বৰুৱা দম্পতীয়ে মুঠতে ১৫ দিনীয়া বন্ধ এটা পালে। দুয়ো কলেজৰ শিক্ষক। তেওঁলোকৰ কৰ্মসূচীত বন্ধবোৰ মিলে বাবে ফুৰা-ছকাকে ধৰি ঘৰুৱা কাম কিছুমানৰ আউল মাৰিব পাৰে। তাতে মূল ঘৰখনৰ পৰা প্ৰায় দুশ কিল'মিটাৰ দূৰৈত কলেজখন হোৱা বাবে নিজৰ ঠাইৰ পৰা উঠি অহাদিয়ে আহি তেওঁলোকে যোৰহাট চহৰত ঘৰ বান্ধিলেহি।

 

আইধান বৰুৱা-সংসাৰত একছত্ৰী সম্ৰাজ্ঞী। একমাত্ৰ সন্তান হোৱাৰ সুবাদতে তাই এই পদৱীত ক্ষমতাশালী। সেই বুলি তাই আক' অনাহক অধিকাৰ বিচৰা অথবা চিন্তা চৰ্চা নকৰাকৈ কাম কৰা ছোৱালী বুলি তোমালোকে নাভাবিবা।

 

তাইৰ মতি-গতি পূৰঠ ছোৱালীৰ দৰে। ভাবৰ গভীৰতাও মন কৰিবলগীয়া।

 

আইধানৰ ভাল নামটো ইপ্সিতা বৰুৱা। ৰংবং জাতীয় বিদ্যালয়ৰ সপ্তম মানৰ ছাত্ৰী। তাহাঁতক লাকি বাইদেৱে সমাজ অধ্যয়ন পঢ়ুৱায়। বছেৰেকীয়া পৰীক্ষাৰ আগতে জমা দিয়াকৈ আইধানহঁতৰ শ্ৰেণীটোক তেওঁ ক্ষেত্ৰ অধ্যয়নৰ বিষয়টো দিছে - ' শীতকালত উৎপাদন হোৱা অসমৰ থলুৱা শাক-পাচলি '।

       

শাক-পাচলিৰ নামবোৰ ক'বলৈ গ'লে আইধানহঁতে কিতাপৰ পৰাহে শিকিছে। বজাৰৰ পৰা পাকঘৰলৈ যিবোৰ পাচলি মাক-দেউতাকে কিনি আনে সেইবোৰৰ লগতহে প্ৰায়বোৰ ল'ৰা-ছোৱালীৰ পৰিচয় হয়। অৱশ্যে শাকনি থকা ঘৰৰ ল'ৰা-ছোৱালীৰ কথা সুকীয়া। আজিকালি আক' গোটেই বছৰ ধৰি কিছুমান পাচলি বজাৰত উপলব্ধ হয়। সেয়ে বাৰিষা আৰু খৰালিৰ শাক-পাচলিৰ প্ৰভেদ উলিয়াটো অলপ পয়মালৰ কথা। সেই ভাবিয়ে লাকি বাইদেৱে এনে এটি বিষয় অধ্যয়নৰ বাবে বাছিলে।

      

আইধানৰ বিদ্যালয়ৰ বন্ধ মিলাই বৰুৱাৰ পৰিয়ালে লখিমপুৰৰ মূল ঘৰখনলৈ যাত্ৰা কৰিলে। এইবাৰ যেনিবা ‘আইৰো বাৰ্তা গঙ্গাৰ যাত্ৰা’ লেখিয়া হ'ল। আইধানে তাতে গৈ ক্ষেত্ৰ অধ্যয়নৰ সমল গোটাব। এই ভ্ৰমণ তাৰ শিক্ষামূলক যেতিয়া আইধানৰ বাস্তৱ অভিজ্ঞতা সুদৃঢ় কৰাবলৈ মাজুলী হৈ ফেৰীৰে তেওঁলোকে যাত্ৰা কৰিলে। গাড়ীখনো তেওঁলোকৰ লগতে ফেৰীত উঠা কথাটোৱে আইধানক বৰ আমোদ দিলে।

             

 ব্ৰহ্মপুত্ৰৰ বুকুত থকা চাপৰিবোৰ আঁতৰৰ পৰা হালধীয়া সাগৰ যেন লাগিছে। নদীৰ দুয়োপাৰে এঢলীয়াবোৰত হৰেক কিচিমৰ শাক-পাচলিৰ বাগিচা। তাই দৃশ্যটো ছবি বহীত আঁকিব বুলি মনতে পাঙি থলে। ইপাৰ  চেৰাই ফেৰীখন বাবা ব্ৰহ্মপুত্ৰৰ মাজ পালেগৈ। মানুহ এজনে নাৱৰ ভিতৰতে শুধ গাই গাখীৰতে তপতোৱা চাহ  বাকি বেচি আছে। মাক-দেউতাকে চাহ একো গিলাচ লৈ কুকিজেৰে পিলে। তাইকো এগিলাছ গাখীৰ যাচিছিল। পিছে আইধানে গাখীৰ খাবলৈ বেয়া পায় বাবে হেহোঁ-নেহোঁ কৰিলে। তাইৰ মন কেতিয়া ককাকৰ ঘৰ পায়গৈ তাতহে। কিছু সময়ৰ পাছত ফেৰী গৈ কমলাবাৰী ঘাটত লাগিল। পোনতে তাইৰ চকুত সিপাৰৰ পথাৰৰ নৰাৰ ওপৰত বগাই থকা মটৰৰ বাগিচাখনতহে পৰিল। কি যে নয়নাভিৰাম দৃশ্য! অজানিতে ভাবটো তাইৰ মনলৈ আহিল। দেউতাকে গাড়ীখন ফেৰীৰ পৰা নমোৱালৈ তাই কুমলীয়া মটৰ দুচিৰামান ছিঙি মুখত দিলে। মটৰবোৰ গাখীৰতী হৈয়ে আছে। মাজতে ৰঙাচাহী নামৰ ঠাইত থকা পেহীয়েকৰ ঘৰত সোমাই ভাত-পানী খালে। বেলি পৰো পৰো হওঁতে আইধানহঁত ককাকৰ ঘৰৰ পদূলি পালেগৈ। চোতালত শুকাবলৈ মেলি দিয়া মাটিমাহৰ মৰণাটোৰ কাষতে বহি ককাকে কামি তুলি থকা দেখিলে।

 

তাই ককাকক প্ৰণাম জনালে। ককাকে হাফোলা মাৰি তাইক বুকুত সুমুৱাই ল'লে। বৰমাকে সকলোকে ভিতৰলৈ আদৰি নিলে। ইতিমধ্যে আইমণি আৰু দেহামানু আহি ভনীয়েকৰ লগ ল'লেহি। সোনকালে জা-জলপান খাই আটায়ে নিজৰ নিজৰ কামত লাগিল।

 

সন্ধ্যা লগাত বৰমাকৰ লগত গোসাঁই থাপনাৰ আগত বহি তায়ো প্ৰাৰ্থনা কৰিলে। আইমণিয়ে তাইৰ কাষতে টেবুলত পঢ়িবলৈ ঠাই উলিয়াই আইধানক মাতিলে। দেহামানুৱে চ'ৰাঘৰৰ পৰা কেকোজেকোকৈ কাঠৰ চকী এখন যতনাই দিলেহি। জাকৰুৱা ঘৰখনৰ আদৰ-সাদৰ পাই আইধানৰ বৰ ভাল লাগিল। পঢ়াৰ মাজে মাজে কথাও পাতিলে সিহঁতে। আজিৰ কথা বেলেগ। মাকে গালি পৰাৰ সলনি হাতে হাতে কাগজৰ টোপোলাত গৰম গৰম মাহ-কৰাই ভজা দিলেহি। আইধানৰ বাবে এইটি মুখৰোচক অচিনাকি। আইমনিয়ে তাইক বুজাই দিলে -

: মাহ-কৰাই মাঘ বিহুত খাবই লাগে। তেহে বছৰটোলৈ পেটত পেলু নহয়। মাকৰ পৰা পোৱা জ্ঞান সেয়া । মাহ-কৰাই শুকানকৈ ভজা মাটিমাহ, তিল আৰু বৰা চাউলৰ মিশ্ৰণ। ইয়াৰ লগত মিহিকৈ কুটা নাৰিকল আৰু আদা দি মিঠাতেল সানি বৰমাকে সোৱাদ বঢ়াইছে।

: ইমান 'টেষ্টি মিক্সাৰ' আজি প্ৰথম খাইছোঁ দেই আইমনিবা। বৰমাজনী বৰ ভাল 'চেইফ' কিন্তু ।

আইধানৰ কথাত সিহঁত দুটাই বৰ ৰস পালে।

 

পুৱাৰ জলপান চেৱা-দিয়া বৰা চাউলৰ। আইধানক বৰমাকে দৈ-গুৰেৰে জলপান দিছিল। মাক-দেউতাকে পোৰা আলুৰ পিটিকাৰে খোৱা দেখি তাৰো এগৰাহ তাই  খাই চালে। তাই সেয়া বেছি ভাল বুলি কোৱাত মাকৰ চকু কপালত উঠিল। ককাকে তাইক জুহালতে পোৰা ৰঙা আলু এডোখৰ বাকলি গুচাই দিলে। ইমান মিঠা, তাই টকালি পাৰি খালে। যোৰহাটৰ ঘৰত মাকে এবাৰ ইয়াৰে লালমোহন বনাইছিল। তেওঁ পিছে তাইক নামটো  মিঠাআলু বুলি কৈছিল।

 

ৰ'দ চাতি ওলালত ঠাণ্ডা কমিল। ককাকে তাইক পিছবাৰীৰ পাচলি খেতিলৈ লগ ধৰিলে। বনকৰা ল'ৰা শিৱই তাতে আলু খান্দি আছিল। তাই তধা লাগি চাই ৰ'ল । মাছৰহাটৰ পাচলি বজাৰত দেখা পাচলিবোৰ ককাকৰ বাগিচাত উপচি থকা দেখি। একোজোপা লাইশাক তাইতকৈয়ো ওখ। গবা মাৰি ধৰিব নোৱাৰা। সেয়া মেৰলাই। কিছুমান ডাঠ সেউজীয়া, কেইজোপামান কজলা বৰণীয়া। ককাকে চুকা, পালেং, ধনীয়া, মূল আদিৰ ভেটিবোৰৰ ওচৰলৈ নি তাইক শাকবোৰ চিনাই গ'ল। ফুলা সৰিয়হৰ গোন্ধ পাই ক'ৰ পৰা যে মৌ-মাখিবোৰ আহিছে মউ চুহিবলৈ! বীজৰ বাবে ৰখা মূলা আৰু লাইশাকৰ বগা আৰু হালধীয়া ফুলবোৰ তাইৰ চুলিত লাগি তৰাৰ দৰে জিলিকিল। এটা ভেটিৰ ধনীয়াবোৰ ফুলিছে, কিছুমান গছত গুটিও ধৰিছে। দীঘলকৈ উশাহ টানি আইধানে শাকৰ গোন্ধ উজাই ল'লে। তাইৰ মনটো সতেজ হৈ পৰিল। তাই পিছে গাজৰৰ গছবোৰ ধনীয়া বুলি ভুল কৰিছিল। বাবৰি শাকবোৰ দেখি তাই ককাকক সুধিলে -

: ককা চিজন ফ্লাৱাৰবোৰ আক' শাকনিত কিয় লগালা?

: সেইবোৰ বাবৰি শাক অ' মাজনি। হাঁহকণীৰ লগত ভাজি খাবলৈ বৰ ভাল ।

 

তাই পিছে শাকবিধৰ গোন্ধটো অকণমানো ভাল নাপালে। জিলিমিলি শাকবোৰ আলুভেটিবোৰত অগাইধনী হৈ আছে। সেইবিধ তাই চিনি পায়। মাকে সৰু আলুগুটিৰ লগত শুকানকৈ ভাজিলে তাই খাবলৈ ভাল পায়। পেলু নহ'বলৈ মাকে তাইক বগৰী টেঙা দি থুপথুপিয়া আঞ্জা ৰান্ধিও খুৱায়। ককাকে সেইষাৰ শুনি বৰ সন্তোষ পালে। বহল পাতৰ ৰঙা জিলিমিলিবিধ তাই পিছে আজিহে দেখিলে। ওলকবি, বন্ধাকবি, ফুলকবি, বীটৰূট শাৰী শাৰীকৈ লগোৱা আছে। পূৰঠবোৰ উঠাই নিলে চাগে। ঠায়ে ঠায়ে সেয়ে খালি হৈ আছে। মূলাও দুবিধ আছে-ৰঙা আৰু বগা। আৰু এবিধ অলপ বেঙুনীয়া, আকাৰত ওলকবিৰ দৰে।


: অ' ককা তোমাৰ বাৰীত ব্ৰকলি নাই যে? আৰু যে বেঙুনীয়া ৰঙৰ বন্ধাকবি?

: সেইবোৰ আমি নলগাও মাজনী। দুবছৰমান লগাই চাইছিলোঁ, পিছে আমাৰ মাটিত নুশুজিল হ'বলা, ভালদৰে নাবাঢ়িল।

: আমাৰ বিজ্ঞানৰ আচাৰ্যই কৈছে আমাৰ খাদ্যত ৰামধেনুৰ সাতো ৰং থাকিব লাগে।

: অ, তোন। তাতে সেইবোৰ পাচলি কেঁচাই চাটনি আৰু চালাদ কৰিও খাব পাৰি। ৰং বিৰঙৰ চালাদ খাবা আৰু।

        

ককাকে শিৱক বৰ মানিমুনি একোচা উভালি ল'বলৈ ক'লে। তেখেতে নিজে খুতৰা শাক এমুঠি চিঙিলে। নাতিয়েকক লগতে হাতী খুতৰা আৰু মালভোগ খুতৰাও চিনাই দিলে। আইধানে চুবলে হাত মেলোতেই হাতী খুতৰাৰ গাত থকা কাঁইটে বিন্ধিলে। তাই চক খাই উঠিল। তেজ নোলাল বুলিহে। ফ্ৰেঞ্চবিনবোৰ থোপাথোপে লাগি থকা দেখি তাইৰ চিঙি চাবলৈ মন গ'ল। ককাকৰ অনুমতি লৈ একোঁচ চিঙিলে। শিৱক আলুৰ বস্তা থেলাত উঠাই ঘৰলৈ আনিবলৈ কৈ ককা আৰু নাতিয়ে ঘৰলৈ বাট বুলিলে। বাটে বাটে তাই ভালে কেইখন পাচলিৰ বাগিচা দেখি আহিল। গোমধানৰ খেতি এডৰাৰ পৰা ককাকে তাইক কুমলীয়া গোমধান এটা চিঙি দিলে। বৰ সোৱাদ পালে তাই। তাই দেউতাকৰ লগত সান্ধ্য ভ্ৰমণলৈ গ'লে কেতিয়াবা বৰুৱা চাৰি আলিত পোৰা গোমধান খায়।

     

ঘৰতো সৰুসুৰা এখন কিচ্চেন গাৰ্ডেন আছে। পাকঘৰৰ ওচৰতে। ককাকে তাইক নি আদা, হালধি আৰু জলকীয়া খেতি দেখুৱালেগৈ। আদা, হালধি গছবোৰ মৰিছেই। কন্দবোৰ ফলীয়া তুঁহৰ মাজত বাঢ়ি আছে। তামোলৰ বাকলিও ওপৰতে দিছে। তাই ককাকৰ খেতি কৰা বুদ্ধি দেখি আচৰিত হ'ল। তাহাতৰ ঘৰৰ ছাদৰ ওপৰতো মাকে না না বুদ্ধি ফন্দিৰে পাচলি অকণমান লগায়।


: ছোৱালীজনী ঘূৰি-পকি চাগে তেনেই ভাগৰুৱা হ'ল। বোলো ককাক নাতিয়েকৰ ক্ষেত্ৰ অধ্যয়ন কেতিয়া শেষ হ'বনো?     

বৰ বোৱাৰীয়েকৰ মাততহে ককাৰ মনলৈ আহিল যে তেওঁলোকৰ দুপৰীয়া ভাতমুঠি ধৰাৰ সময় হ'ল।


: ব'ল ব'ল মাজনী আজিলৈ সামৰোঁ আৰু। ময়ো সাউতকৈ গাতো তিয়াই লওঁগৈ। বেলি মূৰৰ ওপৰ পালেগৈ।


: যোৱা ককা। ভাত খাই উঠি মই দেখা পাচলিবোৰৰ বিষয়ে তুমি ভালদৰে কৈ দিবা। সন্ধিয়া ভালকৈ লিখি পেলাম। কথাষাৰ কৈ জঁপিয়াই- জঁপিয়াই আইধান ভিতৰ সোমাল।


************



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page