আম ফলৰ ৰজা
- চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
- Jul 12
- 3 min read

মৰমৰ মইনাহঁত, ভালে আছা নিশ্চয়? ভালকৈ পঢ়া শুনা কৰিছানে?
আজি আমি অকণমান ফলৰ ৰজা আমৰ বিষয়ে কথা পাতোগৈ ব'লা....।
কেঁচাই হওক বা পকাই হওক আম খাই বেয়া পোৱা কোনোবা ওলাবনে? কেঁচা টেঙা আমকো চকলিয়াই নিমখ জলকীয়াৰে সৈতে খোৱা কথাটো মনলৈ অনাৰ লগে লগে মুখলৈ পানী আহে নহয়নে? পকা তুলতুলীয়া আমৰ কথাটো বেলেগেই। পকা আম একাঁহী ভাতৰ দৰে খোৱা মানুহো আছে। আমৰ বতৰত প্ৰত্যেকৰে ঘৰতে পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ বা সন্ধিয়াও খোৱা টেবুলত আম লগৰী হৈ থাকে।
গৰমৰ দিনত বজাৰবোৰত বিভিন্ন ৰঙৰ সৰু ডাঙৰ ফলবোৰে সকলোৰে চকুত চমক লগায় নহয়নে? কিন্তু গোটেই বছৰটো উৎকণ্ঠাৰে পাৰ কৰি আমলৈ অপেক্ষা কৰাৰ পিছত বজাৰত পকা হালধীয়া আম দেখাৰ লগে লগে মন আনন্দত যিদৰে নাচি উঠে, তেনেকৈ আন ফল দেখিলে পিছে সিমান আনন্দ নালাগে। সকলো ফলতে বেলেগ বেলেগ গুণাগুণ নিহিত হৈ থাকে। আম ভিটামিন চি, এ আৰু পটাছিয়ামৰে সমৃদ্ধ এবিধ উপকাৰী ফল হোৱাৰ উপৰিও সোৱাদৰ ফালৰ পৰা সকলো ফলতকৈ ওপৰত বাবে সকলোৰে অতিকৈ প্ৰিয় এবিধ ফল। সেয়ে আমক ফলৰ ৰজা বুলি কোৱা হয় আৰু ভাৰতবৰ্ষত সকলোতকৈ বেছি জনপ্ৰিয় আৰু পচন্দৰ ফল বুলি কোৱা হয়। ভাৰতবৰ্ষত আমৰ উৎপাদন পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি হয়। আমৰ আন্তৰাষ্ট্ৰীয় বজাৰতো ভাৰতে নিজৰ স্থান ওপৰত ৰাখিবলৈ সক্ষম হৈছে।
আমাৰ দেশৰ এখন উল্লেখযোগ্য ৰাজ্য উত্তৰ প্ৰদেশ যেনেদৰে ইতিহাস প্ৰসিদ্ধ; পুৰণি দূৰ্গ, বিখ্যাত স্মৃতিসৌধ আদিৰ বাবে বিখ্যাত ঠিক তেনেদৰে আমৰ বাবেও বিখ্যাত। উত্তৰ প্ৰদেশ ভাৰতৰ ভিতৰত সবাতোকৈ বেছি আম উৎপাদক ৰাজ্য। ভাৰতবৰ্ষৰ উৎপাদিত মুঠ আমৰ প্ৰায় ২৬ শতাংশ আম উত্তৰ প্ৰদেশত উৎপাদন হয়।
উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ চহৰত এটা দশক জুৰি কটাবলৈ পোৱা বাবে বিভিন্ন জুতিৰ আমৰ সোৱাদ আজিও জিভাত লাগি আছে।
উত্তৰ প্ৰদেশৰ যিকোনো অন্য চহৰলৈ যেতিয়া যাত্ৰা কৰিবা, বাটৰ দুয়ো পাৰে বিশাল বিশাল আমৰ বাগান দেখিবলৈ পাবা। অসমৰ চাহ বাগানতকৈ কোনো গুণে কম নহয় উত্তৰ প্ৰদেশৰ আমৰ বাগানে আগুৰি থকা মাটি কালি। নগাঁও জিলাৰ সীমা পাৰ হোৱাৰ পিছত উজনি অসমৰ যিকোনো ঠাইলৈ উজাই গৈ থাকোঁতে যেনেকৈ এটি কলি দুটি পাতৰ বা ৰিব্ ৰিব্ মলয়াই দেহা মন শাত পেলায়, তেনেদৰে উত্তৰ প্ৰদেশৰো লক্ষ্ণৌ চহৰৰ ভয়ানক যান-জঁটৰ পৰা ওলাই হৰদই, বাৰাণসী, অযোধ্যালৈ যোৱা যিকোনো বাটেৰে আগুৱাই গ'লেই বিশাল বিশাল চাফ-চিকুণ মনটো প্ৰশান্তিৰে ভৰি পৰা আমৰ বাগান বাটৰ দুয়োপাৰে চকুত পৰিব। চহৰ খনৰো প্ৰতিটো তিনি আলিৰ চ'ক, চাৰি আলিৰ চ'ক, অলিয়ে-গলিয়ে সকলোতে আম আৰু আম। শুনিলে হাঁহিবা তোমালোকেও... জুন জুলাই মাহৰ লেকেতীয়া জেপজেপীয়া গৰমত গাৰ পৰা যি ঘামৰ দুৰ্গন্ধ ওলায় সেয়াও পকা আমৰ গোন্ধেই!
মহাৰাষ্ট্ৰৰ অলফন্সো নামৰ প্ৰজাতিৰ আমবিধ ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইত সমাদৃত। উত্তৰ প্ৰদেশৰ আমৰ বিভিন্ন জাত যেনে দশহৰী, লঙৰা, চৌসা, ফজলীৰ ভিতৰত ফজলীত বাদে তিনিও বিধে ৰপ্তানি হয়।
লক্ষ্ণৌ চহৰৰ পৰা ২০/২৫ কিঃমিঃ আঁতৰৰ মালিহাবাদ নামৰ ঠাইখন দশহৰী আমৰ বাবে বিশ্ব বিখ্যাত। মালিহাবাদ চহৰক "Mango Capital Of India" বুলি কোৱা হয়। বছৰি কিমান আম উত্তৰ প্ৰদেশত উৎপাদন হয় জানানে? শুনিলে আচৰিত হ'বা, চাৰি হাজাৰ পাঁচশ মেট্ৰিক টন। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত আমৰ ২৬% বুলি ওপৰত উল্লেখ কৰিছোৱেই নহয়।
ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰি এঘন্টা মান পিছত ইয়াৰে স্থানীয় লোকসকলে পকা মিঠা আম খোৱাটো যেন এক নিয়মহে, অন্ততঃ মে, জুন, জুলাই, আগষ্ট এই চাৰিমাহৰ বাবে। একে সময়তে আমবিলাক পকি সৰি একেলগে শেষ নহ'বৰ বাবে আমৰ খেতিয়কসকলে আমৰ বাগান বিলাকক ডাকত দি থয়। সেইবুলি নিজৰ বাগানৰ ওপৰত নিজৰ অধিকাৰতো থাকিবই, হয়নে? সেয়ে ঘৰৰ পৰা বাহিৰত থকা ল'ৰা ছোৱালী, ইষ্ট কুটুম্বক পকা আম খাবলৈ ঘৰলৈ নিমন্ত্ৰণ দিয়ে। বিশ্বাস কৰিবা নে? এইকেইটা দিনত এশ টকাত তিনি কেজি মানকৈ পকা হালধীয়া আম পোৱা যায়।
তোমালোকে বিখ্যাত উৰ্দু কবি মিৰ্জা গালিবৰ নাম নিশ্চয় শুনিছা। তেওঁৰ আম বৰ প্ৰিয় খাদ্য আছিল। তেওঁ আৰু আমৰ বিভিন্ন জনপ্ৰিয় আমৰ দৰে ৰসাল ঘটনা এতিয়াও চৰ্চিত হৈ আছে। মিঠা, মৌৰ দৰে ৰসেৰে ভৰপূৰ কুঁহিয়াৰকো তেওঁ আমৰ আগত স্থান দিয়া নাছিল। তেওঁ ৰাজদৰবাৰত বহি সোৱাদ ভৰা আমৰ জুতি লৈ থকা সময়তে গাধ এটাই বাটত পৰি থকা আম এটাক কেৰাহীকৈও নোচোৱাকৈ পাৰ হৈ যোৱা দেখি তেওঁৰ সতীৰ্থ এগৰাকীয়ে কথাটো আঙুলিয়াই দি কৈছিল..... এনে কি আছে আমত? আপুনি আম বুলিলে যি আদৰ কৰে অথচ গাধটোৱে কেৰাহীকৈও নাচালে। তেতিয়া প্ৰতুৎপণ্ণমতি সম্পন্ন গালিৱে তৎক্ষণাত উত্তৰ দিছিল যে যি গাধ সি কেনেকৈ আম চিনি পাব?
কোনোবা বিধাতাৰ কু দৃষ্টিত যদি সোৱাদৰ কথা নজনা মানুহ আছে তাৰবাদে আম সঁচাকৈয়ে সৰু-ডাঙৰ সকলোৰে বাবে ফলৰ ৰজা।
তোমালোকে আমৰ লগতে বতৰৰ সকলো ফল মূল খাবা দেই! কাৰণ বেলেগ বেলেগ ফলত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় বেলেগ বেলেগ দৰকাৰী খাদ্যপ্ৰাণ থাকে।
আজিলৈ আহিছোঁ। আকৌ লগ পাম।
তোমালোকলৈ মৰমেৰে,
চয়নিকা শৰ্মা
চান্দমাৰী, কৃষ্ণনগৰ, গুৱাহাটী
ফোন: ৮৮৪০১৯২৯৮৯
*************
Comments