আমাৰ জুবিন দা
- ফাৰহান কুৰেছি, বল’সিং মেঃ স্কুল,বৰপথাৰ

- Oct 13
- 2 min read

ফাৰহান কুৰেছি, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল
স্কুল, বৰপথাৰ, গোলাঘাট
আমাৰ সকলোৰে মৰমৰ “জুবিন দা”; জুবিন গাৰ্গৰ জন্ম হয় ১৯৭২ চনৰ ১৮ নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰা চহৰত ৷ তেখেতে স্কুলীয়া শিক্ষা অসমৰ বিভিন্ন ঠাইত গ্ৰহণ কৰিছিল৷ তেখেত বিশ বছৰ বয়সতে এজন গায়ক হিচাপে বিখ্যাত হৈ পৰে ৷ তেখেতে ভাৰতৰ কেইবাটাও ভাষাত মুঠ ৩৮ হাজাৰ গীত গাইছে আৰু কেইবাখনো বোলছবিতো অভিনয় কৰিছে ৷ আগতে মই ৰাতিপুৱা শোৱাৰ পৰা উঠি শুনিছিলো “ গুৰু মোৰ গ’লাগৈ আমাক নিথৰুৱা কৰি থৈ“ গীতটি। কিন্তু এতিয়া মই জুবিন দাৰ “মায়াবিনি” গীতটি শুনো ৷
আগতে সাধাৰণতে আমাৰ ঘৰত কোনো লোকৰে ছবিত চাকি জ্বলোৱা দেখা নাই । কিন্তু এতিয়া জুবিন দাৰ নামত মা-দেউতাই জুবিন দাৰ ছবিৰ আগত চাকি দিয়ে৷ মায়ে কয়, সকলো মানুহ থাকি গ’ল, মাত্ৰ আমাৰ জুবিন দাহে গুচি গ’ল...!
তেওঁৰ মৃত্যুৰ পাছত দেখিলো তেওঁৰ বাবে মানুহ মৰিব পাৰে ৷ সকলোৱে তেওঁক বহুত ভাল পায়৷ তেওঁৰ গান শুনি আগতে মানুহে আনন্দ কৰিছিল, টোপনি গৈছিল ৷ কিন্তু আজিকালি তেওঁৰ গান শুনি সকলোৱে মাত্ৰ কান্দে ৷ আগতে মই মোৰ মা-দেউতাক কিতাপ পঢ়িবলৈ এৰি মোবাইল চোৱা কেতিয়াও দেখা নাছিলোঁ। কিন্তু এতিয়া মাত্ৰ তেওঁকে চাই মোবাইলত আৰু তেওঁৰ মৃত্যুৰ বিষয়ে লিখা কথাবোৰ মনোযোগেৰে পঢ়ে ৷ পঢ়ি লৈ জুবিন দাৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
মা-দেউতাৰ এই পৰিবৰ্তন মাত্ৰ আমাৰ হাৰ্টথৰ্ব জুবিনদাৰ বাবে সম্ভৱ হৈছে ৷
মই দেখিলোঁ তেখেতৰ শেষ যাত্ৰাত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো অসমবাসী একেলগে সৰু সজাই ষ্টেডিয়ামত শ্ৰদ্ধাঞ্জলি দিয়া ৷ তাত সকলো জাতি ধৰ্মৰ লোকে তেওঁৰ বিদায় বেলাত কান্দিছিল ৷ তেওঁৰ অবৰ্তমানত, তেওঁৰ বিদায়ত গৰু, ঘোঁৰা, বান্দৰ, কাছ, কুকুৰ, চৰাই সকলোৱে কান্দিছে৷ তেওঁ এজন প্ৰকৃতি প্ৰেমিক আছিল ৷ তেওঁক হামিং কিং বুলিও জনা যায় ৷
নিষ্ঠুৰ নিয়তিৰ হাতত ১৯ ছেপ্তেম্বৰ ২০২৫ ত ছিংগাপুৰত তেখেতৰ মৃত্যু হয় ৷ কায়িকভাবে তেখেত আমাৰ মাজত নাই যদিও তেখেতৰ গানেৰে জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব ৷
😘😘😘😘😘😘





Comments