top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আহ্বান নৱপ্ৰজন্মলৈ ...

  • Writer: বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
    বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
  • Sep 20, 2024
  • 1 min read

Updated: Oct 3, 2024

ree







বৰ্ণালী হাজৰিকা,

বিশ্বনাথ চাৰিআলি

এটি এটি শিশু

আমাৰ গৌৰৱ,

সৎ আৰু শুদ্ধ পথৰে

আগবঢ়াই নিয়া আমাৰ দায়িত্ব,

কিয়নো, আজিৰ শিশুটি কাইলৈ দেশৰ নাগৰিক।

 

হে' মোৰ দেশৰ নতুন পুৰুষ -

তোমালোকৰ উৎসাহ আৰু সাহস

তোমালোকৰ আশা আৰু ভাৱনা

তোমালোকৰ জীৱন

তোমালোকৰ কাহিনী,

তোমালোক নিজেই নিজৰ চিনাকি।

 

হে' মোৰ দেশৰ নতুন পুৰুষ -

তোমালোকে নতুন সপোন দেখা

তোমালোকে নতুন পথৰ সন্ধান কৰা

তোমালোকে নিজৰ ভাগ্য সলনি কৰা

তোমালোকৰ শব্দ

তোমালোকৰ ছাঁ

তোমালোকৰ জীৱন,

এই সকলোবোৰ তোমালোকৰ নিজৰেই।

 

হে' মোৰ দেশৰ নতুন পুৰুষ -

নিজক চিনি পাবলৈ শিকা

নিজক বুজিবলৈ শিকা

নিজৰ সপোন আৰু জীৱনৰ পথ বাচি লোৱা

তোমালোকেই নতুন দিনৰ আশা

এখন নতুন ভাৰতৰ

নৱ নিৰ্মাতা,

এখন সুকীয়া পৃথিৱী গঢ়োতা।

 

হে' মোৰ দেশৰ নতুন পুৰুষ

তোমালোক হ'ব লাগিব

আই মাতৃৰ সুযোগ্য সন্তান

দূৰ্নীতি, ভ্ৰষ্টাচাৰ আঁতৰাই গঢ়িব লাগিব

এখন সততাৰ পৃথিৱী। 


**********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page