উতলা ফাগুনৰ অলংকাৰ- সোণাৰু, শিমলু, মদাৰ পলাশ…
- মন্দিতা শৰ্মা, গুৱাহাটী
- Apr 6
- 1 min read

মন্দিতা শৰ্মা, গুৱাহাটী
সোণাৰু শিমলু মদাৰ পলাশ নহয় মাথোঁ ফুল,
ই সৃষ্টিৰ অগনি, জুইৰ মুকুল।
ফাগুনে লিখে উন্মত্ত কবিতা,
বসন্তক আদৰাৰ জীৱন্ত মালিতা।
সময়ৰ বুকুত প্ৰকৃতিৰ উন্মাদনা।
উৰ্বৰতাৰ উছাহ জগাই,
কি জুই জ্বলালি অ' উতলা ফাগুন,
গগনে গগনে ভাহে ৰঙীন বসন্তৰ ৰোল,
বতাহে বতাহে সিঁচে আবিৰৰ বোল,
মলয়াৰ ঢৌত ৰঙা শিমলু-মদাৰে নাচে,
সোণাৰু-পলাশে হৃদয় সাজে।
উতনুৱা আকাশত ঢৌ খেলি নাচে,
চঞ্চলা ফাগুনীৰ ৰঙা-হালধীয়া আঁচল উৰে
পথে পথে চিটিকে মানিকীমাধুৰী অগ্নিশিখা।
জিলিকে গৌৰৱে প্ৰজ্বলিত জুইশিখা।
সময়ৰ বুৰঞ্জীত উদ্ভাসিত জয়গান।
পথিকৰ উন্মাদ হিয়া কৰি খৰমান।
আকাশৰ জুই মাথোঁ জুই নহয়,
ই জীৱনৰ চিৰন্তন ছাঁ,
শিমলু-পলাশ কেৱল ফুল নহয়,
ফাগুনৰ হৃদয়, অগ্নিৰ ধাৰা,
প্ৰেমৰ গান গায় ৰঙীন আকাশ,
বসন্তৰ দলিচাত সপোনৰ প্রকাশ।
গাভৰু শিমলুৰ ৰঙা খিলখিল হাঁহি,
পলাশ-মদাৰে উজলাই আকুল উচ্ছ্বাস লাহি।
সোণালী সোণাৰুৰ স্নিগ্ধ সংহতি,
উদ্দাম সৃষ্টিৰ অপূৰ্ব অনুভূতি।
ধুমুহাৰ ৰাগিণীত দোলে আকাশ,
শিমলু-মদাৰৰ জুইত দহি প্ৰেমৰ নিশ্বাস।
সোণাৰু-শিমলু-পলাশ ফাগুনৰ অলংকাৰ,
মানিক মুকুতাখচিত প্ৰকৃতিৰ অনবদ্য উপহাৰ!
&&&&&&&&
Commentaires