উপস্থিত বুদ্ধিৰ ফল

Updated: Sep 22, 2024

ৰাণু ফুকন, কঠিয়াখুন্দা গাঁও,চৰাইদেউ
এইবাৰ বছেৰেকীয়া পৰীক্ষাৰ শেষত বাবলু বৰদেউতাকৰ গাঁৱৰ ঘৰলৈ কিছুদিন থকাকৈ গৈছিল। গাঁৱলীয়া পৰিৱেশ তাৰ বৰ ভাল লাগে। বৰদেউতাকৰ লগত খেতি-পথাৰ, বজাৰ-সমাৰ সকলোতে সি ঘূৰি ফুৰি মনত বৰ ৰং পায়। বৰমাককো মাজে সময়ে পাকঘৰৰ কামত সহায় কৰি দিয়ে। তেখেতৰ লগে লগে হাঁহ, পাৰ, কুকুৰাক দানা খাবলৈ দিয়াটোও তাৰ ভাল লগা কামৰ ভিতৰতে পৰে।
বাবলুৰ গাঁৱত থাকি ভাল লগাৰ আন এটা কাৰণ হৈছে, পথাৰৰ পৰা আহি নদীত গা ধুবলৈ যোৱা বৰদেউতাকৰ লগতে সিয়ো গা ধুবলৈ যোৱা আৰু নদীত সাঁতুৰিবলৈ শিকা। মাকে পিছে বাবলুক পানীত নামিবলৈ মানা কৰি পঠাইছিল।
আইতাকে কিন্তু তাক সাঁতুৰিবলৈ উৎসাহিত কৰিছিল আৰু কৈছিল, 'সাঁতুৰিবলৈ শিকাটো বৰ জৰুৰী বুইচ, ই এটা বৰ ভাল ব্যায়ামো হয়।' আইতাকৰ উৎসাহতে সি সাঁতুৰিবলৈ শিকি ইতিমধ্যে সাঁতোৰত পাকৈত হৈ পৰিল। কিন্তু ভয়তে সি কথাটো মাকৰ পৰা লুকুৱাই ৰাখিলে।
ঘৰলৈ ঘূৰি অহাৰ পিছত তাৰ সেই আনন্দ কিছু ম্লান পৰে যদিও স্কুল বন্ধ পালেই আকৌ যোৱাৰ আশা বুকুত বান্ধি সি মনপুতি পঢ়া শুনাত লাগিল।
এদিন স্কুল ছুটীৰ পিছত সমনীয়াৰ লগত ঘৰলৈ অহাৰ পথত পুখুৰী এটাৰ পাৰত আতংকিত চিঞৰ-বাখৰ শুনি সিহঁতে দৌৰি গৈ দেখিলে; পানীত পৰি ছোৱালী এজনী ককবকাই আছে! কেইজনমান ল'ৰাই খৰধৰকৈ কেইডালমান লতা দীঘল কৰি জুটি আছে, কিন্তু পানীত নামি ছোৱালীজনী বচাবলৈ কোনেও সাহস কৰা নাই। বাবলুৱে তৎক্ষণাৎ জোতা-মোজা খুলি লতাডাল কঁকালত মেৰিয়াই সিহঁতক দুগুণে চিঞৰিবলৈ কৈ পানীত জাপ মাৰিলে। ককবকাই থকা ছোৱালীজনী এবাৰ পানীৰ ওপৰলৈ ওলাওঁতেই, তাইক থপিয়াই ধৰি পাৰৰ ফালে আনিব ধৰিলে। পাৰৰ ল'ৰাহঁতেও লতাডাল টানি তাক পাৰলৈ অহাত সহায় কৰিলে।
ইতিমধ্যে চিঞৰ বাখৰ শুনি পুখুৰীৰ পাৰত বহুত মানুহ গোট খালে। সকলোৰে সহযোগত আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত ছোৱালীজনী লাহে লাহে সুস্থ হৈ উঠিল। পানীত পৰা মানুহৰ চিকিৎসা বাবলুৱে নেজানিছিল বাবেই ল'ৰাহঁতক চিঞৰিবলৈ লগাইছিল যাতে ডাঙৰ মানুহে সহায় কৰিবলৈ ওলাই আহিব পাৰে। আনহাতে সাঁতুৰিব জানিলেও সি যাতে বিপদত নপৰে তাৰ বাবে কঁকালত লতাডাল মেৰিয়াই লৈছিল।
ছোৱালীজনী সুস্থ হোৱাত সকলোৱে বাবলুক মৰম আৰু আশীৰ্বাদেৰে উপচাই পেলালে আৰু পৰিচয় লৈ সন্তোষেৰে ঘৰত থৈ আহিলগৈ। মাক দেউতাকে তেওঁলোকৰ মুখে কথাখিনি শুনি তবধ মানিলে আৰু এজনী ছোৱালীৰ জীৱন ৰক্ষা কৰাত বাবলুক লৈ গৰ্ববোধ কৰিলে। বাবলুৱেও সাঁতুৰিবলৈ শিকোৱাৰ কাৰণে বৰদেউতাক আৰু শিকিবলৈ উৎসাহিত কৰাৰ বাবে আইতাকক অন্তৰেৰে কৃতজ্ঞতা জনালে।
সেয়েহে আমি সকলোৱে সাঁতুৰিবলৈ শিকিব লাগে।
<><><><><>



Comments