এখন বজাৰ, এজোপা বৰগছ আৰু দেহমন
- গৌৰৱ বৰুৱা, দেৰগাঁও

- Jul 3, 2024
- 4 min read
Updated: Sep 22, 2024

ত্ৰ
(প্ৰথম খণ্ড)
তেতিয়া দিনৰ বাৰ বাজি পাৰ হৈ গৈছে। দুপৰীয়াৰ সময়। সমুখৰ আকাশখনলৈ লক্ষ্য কৰোতে গৌৰৱে মন কৰিলে ক্ৰমাৎ যেন সিহঁতৰ সমগ্র অঞ্চলটো ধূলিয়ৰি হৈ উঠিছে। ৰাস্তাৰ ইপাৰ-সিপাৰ নেদেখাকৈ ধূলিৰ এখনি ডাঠ চামনিয়ে আকাশ মণ্ডল আৱৰি পেলাইছে। দিনতে আন্ধাৰ হোৱাৰ দৰে অৱস্থা হৈছে। সঁচাকৈয়ে এক আচৰিত পৰিঘটনা! গৌৰৱে বজাৰলৈ দুপৰীয়াতে এপাক যোৱাৰ কথা ভাবিছিল যদিও বতৰৰ অদ্ভুত ৰূপ দেখি সেই আশা বাদ দি ঘৰৰ অন্যান্য কামত ব্যস্ত হ'ল।
: বৰতা তোমাৰ লগত আমিও বজাৰলৈ মাছ কিনিবলৈ যাম দেই। নন্দিনীয়ে বৰদেউতাকৰ কাষলৈ আহি হাতখনত ধৰি ক'লে।
: বতৰৰ অৱস্থা দেখিছানে নাই মাজনী? কেনেকৈ ৰাক্ষসৰ দৰে খাওঁ খাওঁ মূর্তি ধৰি আহিছে। এইহেন বতৰত বাহিৰলৈ ওলাই যাব নোৱাৰি দেই। যদি পিচবেলা বতৰ ভাল হয় তেন্তে দাদা আৰু তুমি দুয়োটা ওলাবা বাৰু। এতিয়া ভিতৰলৈ যোৱা। গৌৰৱে তাইক ক'লে।
: মজা। থেংক ইউ বৰতা। দাদা শুনচোন আমি আবেলি বৰতাৰ লগত বজাৰলৈ যাম। মাছ কিনিম। আইচক্রীম খাম। নন্দিনীয়ে ফুর্তিতে চিঞৰি চিঞৰি ভিতৰলৈ গ'ল।
: ধেৎ এই ঠাণ্ডাখন ক'ত আইচক্রীম পাবি ভন্টী।
: আমাৰ যোৰহাটত দেখোন পাই আইচক্রীম। তহঁতৰ ইয়াতহে নাপায়। মিছা কথা নকবি স্বাগত দাদা....।
: নাপায় বুলি কৈছো নহয় নাপায়। নাপায় অ'।
: ও
: হ'ব মুখখন ওফোন্দাব নালাগে। বজাৰত পালে বাৰু আনি দিম। কিন্তু আইচক্রীম খাই কাহ হ'ব লাগিলে মোক দোষ নিদিবি।
: হ'ব বাৰু।
ভিতৰৰ পৰা ভাহি অহা ককায়েক ভনীয়েকৰ মৰমলগা কাজিয়াখন শুনি গৌৰৱৰ হাঁহি উঠি গ'ল।
সিহঁতৰ গাঁওখনৰ সীমা পাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথটোত উঠি নেঘেৰিটিঙৰ ফালে ওলাই আহিলে আজিকালি গৌৰৱৰ মনটো বিষাদৰ এচাটি বতাহে খুন্দিয়াই থৈ যায়। ফ'ৰলেনৰ কাম আৰম্ভ হোৱাৰ পিচৰপৰা ৰাস্তাৰ কাষৰ দুয়োপাৰৰ অসংখ্য ডাঙৰ ডাঙৰ পুৰণি গছ নিমিষতে হাইৱে অথ'ৰিটিয়ে কাটি খাস্তাং কৰি দিলে। ৰাস্তাৰ দুয়োকাষে শাৰী শাৰীকৈ থকা কৃষ্ণচূড়া আৰু ৰাধাচূড়া গছবোৰ যেতিয়া ফুলিছিল সেই সময়ত এই নান্দনিক পৰিবেশ প্রত্যক্ষ কৰিবলৈ প্রকৃতিপ্রেমীৰ সোঁত বৈছিল। কৃষ্ণচূড়া আৰু ৰাধাচূড়াবোৰৰ চাৰিওকাষে তলসৰা ৰং বিৰঙৰ ফুলবোৰ দূৰৈৰ পৰা এখন ৰঙীন চাদৰৰ দৰে লাগিছিল য'ত জীৱনৰ ৰংবোৰ প্ৰতিফলিত হৈছিল আৰু জিলিকি উঠিছিল এমুঠি ডালিমগুটিয়া হাঁহি হৈ। গছ গছনি কাটি শেষ কৰি পেলোৱাৰ পিচত এটা সময়ত আজিকালিৰ ল'ৰা-ছোৱালীয়ে এই ধুনীয়া গছবোৰ চিনিকে নাপাব...! এজোপা গছ সম্পূর্ণ ডাঙৰ হৈ গছ পাত ফুলেৰে জাতিষ্কাৰ হ'বলৈ বহুত সময়ৰ প্রয়োজন হয়। তাৰ বাবে গছ ভাল পাব লাগিব সকলোৱে। গছ ৰুব লাগিব সকলোৱে।
যিখিনি গছ-বিৰিখৰ তলত এসময়ত দূৰণিবটীয়া ভাগৰুৱা বাটৰুৱাই নিৰাপদে আশ্রয় লৈছিল আৰু প্ৰদূষণমুক্ত অক্সিজেন সেৱন কৰিছিল, ৰাস্তাৰ কাষৰ অজস্ৰ শিপাৰে আৱৰা সেই ডাঙৰ ডেৰশ বছৰ পুৰণি বৰগছ জোপা যিজোপা বহুতো দেশ বিদেশৰ পৰিভ্ৰমী চৰাইৰ খন্তেকীয়া বিশ্রামৰ একমাত্র নিৰাপদ ঠাই আছিল, সেইখিনি গছ-বিৰিখ নির্লজভাবে কাটি প্রকৃতিৰ মনোৰম সেউজীয়াখিনি মানুহেই ধ্বংস কৰাত উঠি-পৰি লাগিছে। আজি ৰাতিপুৱাৰ বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ পাইছিল ফ'ৰলেন বনোৱাৰ নামত ডবকাত ৰাস্তাৰ কাষৰ ছয় হাজাৰজোপা বহু পুৰণি ডাঙৰ ডাঙৰ শাল গছ কাটি পেলাবলগীয়া বুকু বিষাই যোৱা খবৰটো। গছবিলাক নকটাকৈ থাকিব নোৱাৰিনে বাৰু? কিছুদিনৰ আগতে মোবাইলত এটা ভিডিঅ'ত সি দেখিছিল বাহিৰৰ এখন উন্নত দেশত গছবিলাক এখন বিশাল আকৃতিৰ ক্রেনত সংযুক্ত হৈ থকা এটা ৰৱটিক চিষ্টেম ব্যৱহাৰ কৰি শিপাৰ সৈতে ডাঙি আনি আন কোনোবা নিৰাপদ স্থানত পুনৰ ৰোৱা হৈছে। আমাৰ ইয়াতো তেনেধৰণৰ উন্নত প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি আপুৰুগীয়া বয়সিয়াল গছবিলাক শেষ হৈ যোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিনে? উত্তৰবিহীন প্রশ্নবিলাকে মনৰ মাজতে গুজৰি-গুমৰি থাকোঁতেই নন্দিনীয়ে সুধিলে----
: বৰতা যোৱাবাৰ আমি ইয়ালৈ আহোঁতে ৰাস্তাৰ কাষত দেখোন বহুত ডাঙৰ ডাঙৰ গছ আছিল। এতিয়া দেখোন এজোপা গছো নাই। ইমান বেয়া লাগিছে দেখিবলৈ জানা। মানুহবোৰে বাৰু এই গছবোৰ কিয় কাটি পেলালে? গছবিলাক দুষ্ট আছিল নেকি? ----নন্দিনীৰ কথাষাৰত গৌৰৱে থতমত খোৱাৰ দৰে হ'ল।
(দ্বিতীয় খণ্ড)
: গছ-গছনি কেতিয়াও দুষ্ট নহয় মাজনী। এইবিলাক প্ৰকৃতিৰ বৰদান, যি মানুহৰ সদায় উপকাৰহে কৰে। দুষ্ট প্রকৃতিৰ কিছুমান মানুহে মিলি প্রকৃতি ধ্বংসৰ ষড়যন্ত্ৰত উঠি-পৰি লাগিছে যাৰ ফল আজি দুটা বছৰে মায়া লগা বেমাৰটোৰ কৱলত পৰি আমি সকলোৱে ভোগ কৰিবলগীয়া হৈছে। বাৰু মাজনী তুমি অলপ ডাঙৰ হৈ লোৱা তেতিয়া সকলোবোৰ নিজে নিজেই বুজি পাবা দেই..। ----গৌৰৱে কণমানিজনীক কিছু সান্ত্বনা দিবলৈ চেষ্টা কৰিলে আৰু বজাৰলৈ দুয়োটাকে হাতত ধৰি লৈ সোমাই গ'ল।
ফলমূলৰ দোকানখন পাৰ হৈ বজাৰখনৰ ভিতৰলৈ সোমাই যাওঁতে চিনাকি মাছ বেপাৰীটোৱে গৌৰৱক হাত বাউল দি মাতিলে।
: ছাৰ ডাঙৰ মাছ এটা কাটিছিলোঁ। বিহু বুলি দুই কিলোমান লৈ যাওক।
: চুলুঙৰ পৰা আমদানি কৰা ফৰমেলডিহাইড দিয়া মাছ নহয়তো ! গৌৰৱে সন্দেহ প্রকাশ কৰি সুধিলে।
: মই সেইবিলাক বিক্রী নকৰোঁ নহয় ছাৰ। আপুনিটো জানেই। আজি ৰাতিপুৱা নদীত ধৰা মাছ। বাৰ কেজি ওজনৰ মাছ। দুই কেজিমান কাটি দিওঁ। লৈ যাওক ছাৰ।
: বজাৰৰ ভিতৰত পাক এটা মাৰি আহোচোন ৰ'বা।
: দেউতা মাছকেইটাৰ চকুকেইটা দেখিলানে। আজি ৰাতিপুৱা তুমি যে খগেশ্বৰ বৰতাৰ লগত গেলাবিল নদীত বিহ দি মাছ মৰা কথাবোৰ পাতি আছিলা...! মই শুনি আছিলোঁ। আচলতে মাছ বিলাকৰ চকুতহে বিহ দিয়ে হয়নে নাই দেউতা? --- স্বাগতে ক'লে।
: হয় নেকি দাদা। মাছৰ চকুত বিহ দিলে কি হয়নো দাদা? --- নন্দিনীয়ে সুধিলে।
: পানীত বিহ দিলে মাছৰ চকুত লাগি মাছবোৰে পানীত চকুৰে একো নেদেখা হৈ ককবকাই পানীৰ ওপৰ ভাগলৈ ওলাই আহিব বিচাৰে আৰু তেতিয়াই বদমাছ মানুহবোৰে জাল পাতি মাছবিলাক ধৰি নাৱত উঠাই লৈ যায় আৰু বজাৰত বিক্ৰী কৰে আৰু সেইবোৰকে আমি খাওঁ। ন দেউতা...?
: ছিঃ মই তেতিয়াহ'লে আজিৰ পৰা মাছ নাখাওঁ দেই বৰতা।
: কথাটো হয়। কিন্তু সদায় সদায় সেই বেয়া কামটো নহয় নহয় মাজনী। কেতিয়াবাহে পুলিচৰ চকুত ধূলি দি বদমাছ মানুহবোৰে এই কামটো কৰে। পুলিচে সিহঁতক ধৰি লৈ যায় নহয়। এতিয়া যাওঁ ব'লা। আইচক্রীম খাব লাগিব।
: মজা।
আজিকালি ব্যৱসায়ীসকলে থলুৱা গৰৈ, মাগুৰ, শ'ল, ভাঙনৰ পৰা আদি কৰি ৰৌ-বৰালি, বাহু মাছলৈকে সকলোতে মাছবিলাক সজীৱ কৰি ৰাখিবলৈ নিষিদ্ধ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিবলৈ লৈছে। যাৰ ফলত মাৰাত্মক বিহ এসোপা আমি আমাৰ উত্তৰ প্ৰজন্মক প্রতি সাজ ভাতৰ লগতে খুৱাই আছো আমাৰ জ্ঞাত-অজ্ঞাতসাৰে। সেয়া লাগিলে মাছ-মাংসতেই হওক নতুবা ফলমূল আৰু শাক-পাচলিতেই হওক। গৌৰৱে গোটেই বজাৰখন ঘূৰিলে যদিও পচন্দৰ মাছ ক'তো বিচাৰি নাপালে। সি পুনৰ তাৰ চিনাকি মাছ বেপাৰীটোৰ ওচৰলৈ ঘূৰি আহি মাছ দুই কেজি জুখিবলৈ ক'ব খোজোতেই স্বাগতে কোৱাৰ দৰে তাৰ চকু মাছটোৰ চকু দুটিলৈ গ'ল। হঠাৎ ৰাতিপুৱা খগেশ্বৰ কাইটিয়ে কোৱা কথাষাৰ মনত পৰি গ'ল। ডাঙৰ মাছটোৰ চকুকেইটা এনেদৰে থিৰ হৈ আছে যেন এসোপামান বিহহে চকুত লাগি আছে।
: নাই নালাগে দিয়া বুজিছা। আজি মাছ নাখাওঁ। পাঠা মাংসকে খাম ৰাতিলৈ। - গৌৰৱে কথাষাৰ কৈ তাত অলপো ৰৈ নাথাকি দুয়োটা ল'ৰা-ছোৱালীকে হাতত ধৰি বজাৰখনৰ বাহিৰলৈ ওলাই আহিল।
: ছাৰ ইমান ধুনীয়া তাজা মাছ ক'ত পাব। অলপ লৈ যাওক। দাম কমাই ল'ম আহক ছাৰ। ....মাছ বেপাৰীটোৱে পিছফালৰ পৰা চিঞৰি থাকিল।
( ক্ৰমশঃ…. )





Comments