top of page
  • Black Facebook Icon
  • Black Instagram Icon

এখন বজাৰ, এজোপা বৰগছ আৰু দেহমন

  • Writer: গৌৰৱ বৰুৱা, দেৰগাঁও, অসম
    গৌৰৱ বৰুৱা, দেৰগাঁও, অসম
  • Sep 22, 2024
  • 4 min read

Updated: Sep 22, 2024

ree

গৌৰৱ বৰুৱা, দেৰগাঁও, অসম

ধাৰাবাহিক গল্প


 (তৃতীয় খণ্ড)

 

দুপৰীয়া সময়ৰ বতৰটোৰ গোমা আৰু ধূলিময় পৰিবেশটো এতিয়া নাই যদিও যিকোনো সময়তে মুষলধাৰ বৰষুণ এজাক দিয়াৰ যো-জা চলিছে। বৰষুণজাক অহাৰ আগতে ঘৰ গৈ নাপালে ল'ৰা-ছোৱালীদুটা বৰষুণত তিতিব লাগিব। সেয়েহে বিহুৰ দিনটোত সন্ধিয়াৰ ভাতসাজত লোকেল তাজা মাছ খোৱাৰ আশা বাদ দি স্কুটীখন ষ্টাৰ্ট কৰি প্ৰদ্যুত ঘৰমুখী হ'ল। পিছে আধা বাট পাৰ হৈ আহোঁতেই ডবা-পিটা বৰষুণজাক আহিল। গৌৰৱৰ লগতে স্বাগত আৰু নন্দিনী দুয়োটাই বৰষুণত তিতি জুৰুলি-জুপৰি হ'ল। সিহঁত দুয়োটাই পিছে বৰষুণত তিতি বেছ স্ফূৰ্তি পালে। অলপ দূৰ গৈ জিৰণি ঘৰ এটাৰ সমুখত স্কুটীখন ৰখাই তিনিওটাই তাতে আশ্রয় ল'লেগৈ।

 

জিৰণি ঘৰটোৰ পৰা কিছু দূৰৈত এজাক মানুহে কিবা বস্তু এটা জুম বান্ধি চাই আছে। লাহে লাহে যেন অলপ হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে। বৰষুণজাক লাহে লাহে কমিছে। গৌৰৱ, নন্দিনী আৰু স্বাগতে অনুসন্ধিৎসু মন এটা লৈ জুমটোৰ পিনে আগবাঢ়ি গ'ল। সিহঁতে জুমটোৰ ওচৰ চাপি গৈ দেখিলে, পাহাৰ যেন ফুলি থকা পেট এটা লৈ ছাগলী এটা মাটিত পৰি চটফটাই আছে আৰু মাজে মাজে মৰণ কাতৰ চিঞৰ মাৰিছে। পৰিৱেশটো বৰ দুখ লগা হৈছে। স্বাগতে ছাগলীটো চিনি পাইছে। দেউতাকৰ লগত বজাৰলৈ যাওঁতে সি প্ৰায়ে মন কৰিছিল চহৰৰ দোকানবিলাকৰ সমুখত বিভিন্নজনে পেলাই দিয়া খোৱা বস্তু খাবলৈ ছাগলী এটা ৰৈ থাকে যাৰ পেটটো বৰ ডাঙৰ। হয়তো কোনোবাই পূজাত উৎসৰ্গা কৰি এৰি দিয়া ছাগলী। দিনে-ৰাতিয়ে চহৰ বা গাঁৱৰ দোকানে-পোহাৰে, বজাৰে-হাটে ঘূৰি ফুৰা ছাগলীটোৰ এটা বিশেষত্ব আছে যে ছাগলীটোৱে খাদ্যৰ নামত ৰাস্তা-খাল-নৰ্দমাত পৰি থকা প্লাষ্টিক ভক্ষণ কৰে। প্লাষ্টিক তাৰ প্রিয় খাদ্য। প্লাষ্টিক ভক্ষণ কৰিয়েই আজি তাৰ এই অৱস্থা!

 


(চতুৰ্থ তথা শেষ খণ্ড)

 

গৌৰৱে মন কৰিলে যে মৃত্যুৰ দুৱাৰদলিত থকা ছাগলীটো দুজনমান বেপাৰী জাতীয় মানুহ আহি ডাঙৰ বেগ এটাত ভৰাই ক'ৰবালৈ লৈ যাব বিচাৰিছে। উপস্থিত দুজনমানৰ লগত বিষয়টো লৈ সিহঁতৰ মাজত কথা কটাকটি চলি আছে। গৌৰৱে ল'ৰা-ছোৱালী দুটাক লৈ জুমটোৰ পৰা বাহিৰ ওলাই আহিছে। এনেতে পিছফালৰ পৰা ডেকা ল'ৰা দুটামানৰ কথা-বতৰা ভাহি আহি গৌৰৱৰ কাণত পৰিছেহি-

 

: আমাক দুশ টকা দিব লাগিব কিন্তু দেই। আজিটো বিৰাট ডাঙৰ ভোজ হ'ব আৰু তহঁতৰ। বজাৰত ভাল দামত বিক্ৰী কৰিব পাৰিবি পাঠা ছাগলীটোৰ সুস্বাদু মঙহবোৰ হাঁ হাঁ হাঁ ....।

 

দূৰৈৰ পৰা ভাহি অহা মানুহখিনিৰ বিৰক্তিকৰ কথাখিনি আৰু অট্টহাস্যখিনিয়ে গৌৰৱৰ কাণ দুখনত শেলে বিন্ধাদি বিন্ধিলে। কথাবোৰ শুনি তাৰ ওকালি ওকালি ভাব এটা অহাৰ দৰে হ'ল। তাত আৰু এক মিনিট সময়ো ৰৈ থাকিবলৈ মন নগ'ল তাৰ। ৰাতিলৈ পাঠা মাংস খোৱাৰ আশাকণো নিমিষতে নির্বাপিত হ'ল। কথাবোৰ ভাবি ভাবি তাৰ নিজৰ পেটটোও লাহে লাহে বেলুনটোৰ দৰে ফুলি অহা যেন অনুভৱ হ'ল!

 

: দেউতা আমাৰ দেহমনক যে মানুহ দুজনমানে গাড়ীত কিডনেপ কৰি লৈ গৈছিল তাকো বাৰু সিহঁতে খাই পেলালে নেকি এনেকৈয়ে! ..... ল'ৰাদুটাৰ কথাবোৰ মনে মনে কাণ দি শুনি থকা স্বাগতে আৱেগিকভাবে কথাষাৰ দেউতাকক সুধিলে।

 

স্বাগতৰ সেই প্রশ্নটোৰ উত্তৰো গৌৰৱৰ হাতত নাছিল। তথাপি সি ক'লে-

: নাই নাই আমাৰ দেহমনক চাগে সিহঁতে পুহিবলৈ নিছে।

 

: সেইটো আমাৰ পোহনীয়া দেহমনহে আছিল বৰতা। তাৰমানে সিহঁত বদমাচ ছাগলী চোৰ আছিল নেকি বৰতা?

 

: হ'ব পাৰে মাজনী। পিচে এতিয়া আমি ঘৰলৈ যাওঁ ব'লা। বতৰটো দেখিছাই নহয়, খুব বেয়া হৈ আহিছে।

 

: নহয়, মই এদিন মায়ে কোৱা শুনিছিলো, আজিকালি কিছুমান দুষ্ট ল'ৰাই বেয়া বস্তু খাবলৈ হেনো ছাগলী চুৰ কৰে। সিহঁতক আচলতে পইচা লাগে। সিহঁতক হেনো পুলিচেও ধৰিব নোৱাৰে। হয় নেকি দেউতা...? স্বাগতে সুধিলে ।

 

: হ'ব এতিয়া বৰষুণ আহিব। ঘৰলৈ যাওঁ ব'লা। আজি পনিৰকে খাব লাগিব ন মাজনী।

 

: খাম খাম। আৰু আইচক্রীম...?

: ব'লা....।


আচলতে আজি কিছুদিনৰ আগতে স্বাগতৰ ককাকৰ ঘৰৰ বাৰ্ষিক কালী পূজাভাগত উচৰ্গা কৰি মেলি দিয়া ছাগলীটো নাতিয়েকৰ আপদাৰত ককাকে সিহঁতৰ ঘৰৰ ওচৰতে মেলি দিবলগীয়া হৈছিল। পূজাত উচৰ্গা কৰা ছাগলী যিহেতু ঘৰত ৰাখিব নাপায় সেয়েহে ছাগলীটোক সদায় ৰাতিপুৱা স্কুললৈ যোৱাৰ আগত আৰু স্কুলৰ পৰা অহাৰ পিচত স্বাগতে কিবা এটা খাবলৈ নিদিয়াকৈ এখোজো লৰচৰ হোৱা নাছিল আৰু মৰমতে তাৰ নাম ৰাখিছিল 'দেহমন'। দেহমনেও দিনৰ দিনটো নগৰে চহৰে, গাঁৱে-ভূঞে অনাই বনাই ঘূৰি ফুৰিলেও দিনটোৰ এই বিশেষ সময়খিনিত স্বাগতৰ মৰমসনা সান্নিধ্য ল'বলৈ দৌৰ মাৰি আহিছিল। এটা সময়ত এগালমান নোমেৰে সৈতে দেহমন এটা ভোবোলা ছাগলীলৈ পৰিণত হৈছিল। এদিন হঠাতে এটা নির্জন দুপৰীয়া ঘৰৰ আগফালৰ চোতালত খেলি থাকোতে সি মন কৰিছিল এখন অভিজাত গাড়ীৰ পৰা চুট্ টাই পৰিহিত এজন ভদ্র মানুহ আৰু লগতে এগৰাকী ভদ্র মহিলা নামি আহি সিহঁতৰ ঘৰৰ আগফালে চৰি থকা দেহমনক চিনেমাত দেখাৰ দৰে কিডনেপ কৰাৰ কায়দাৰে ডাংকোলাকৈ নি গাড়ীত ভৰাই বীৰদর্পে তড়িৎ গতিত ৰাস্তাৰ মাজতে গাড়ীখন ঘূৰাই ওলোটা দিশত গুচি গৈছিল। ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ স্বাগতে মাকক চিঞৰি চিঞৰি মাতি গেটখন খুলি তাৰ মৰমৰ দেহমনক চুৰ কৰি লৈ যোৱা ভদ্রতাৰ মুখা পিন্ধা মানুহবোৰে চলাই যোৱা গাড়ীখনৰ পিচে পিচে পাগলৰ দৰে দৌৰি যাব বিচাৰোতে মাকে ল'ৰালৰিকৈ দৌৰি গৈ তাক যেনেতেনে ৰখাইছিল আৰু তাক বুকুত সাবটি লৈছিল.....।

 

: ঐ তহঁতি আমাৰ দেহমনক কিয় লৈ গৈছ? নিনিবি আমাৰ দেহমনক...। নিনিবি....। কান্দি কান্দি স্বাগত ভাগৰি পৰিছিল। মাকে তাক ভিতৰলৈ লৈ গৈছিল। সেইদিনা সি গোটেই দিনটো কান্দিছিল আৰু একো মুখত দিয়া নাছিল।

 

সেইদিন ধৰি ক'ৰবাত দেহমনৰ দৰে সাইলাখ একে ছাগলী দেখিলেই স্বাগতৰ শিশুসুলভ মনটোৱে হাহাকাৰ কৰি উঠিছিল। মাকৰ বুজিবলৈ বাকী ৰোৱা নাছিল দেহমনৰ কিডনেপৰ আঁৰৰ ৰহস্য। আচলতে মানুহবিলাক দিনক দিনে ইমান লজ্জাহীন, হিংসুক আৰু নির্দয় হৈ আহিছে যে নিজকে জীৱশ্রেষ্ঠৰ আসনৰ পৰা অৱনমিত কৰি হিংসুক জন্তুৰ পৰ্যায়লৈ লৈ যাবলৈও কুণ্ঠাবোধ নকৰা হ'ল!

 

গৌৰৱে স্বাগতৰ প্ৰশ্নটো অলপ আওকাণ কৰি এৰাই চলিবলৈ চেষ্টা কৰি লৰালৰিকৈ সিহঁত দুটাক লৈ তাৰপৰা আঁতৰি যোৱাৰ চেষ্টা কৰিলে যদিও শিশু দুটিৰ মনৰ দোদুল্যমান অৱস্থাটোৱে গৌৰৱক বেচ কিছু সময়লৈ মানৱ সমাজৰ পৰা লাহে লাহে হেৰাই যাব খোজা মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ চিন্তাবোৰে গভীৰভাৱে ভৱাই তুলিলে।

 

- সমাপ্ত -

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page