এটা কুঁৱাৰ জন্ম ৰহস্য
- ৰেখা বৰকটকী, যোৰহাট
- Apr 6
- 2 min read

ৰেখা বৰকটকী, যোৰহাট
মইনাহঁত আজি তোমালোকক এজন সন্যাসীৰ কথা ক'ম। জটাধাৰী সন্যাসীজন বৰ অকলশৰীয়া আছিল। উৱঁলা পঁজা এটাত অকলে থাকে। দিনৰ দিনটো অনাই বনাই ঘূৰে, য'তে ৰাতি হয় তাতেই ৰাতিটো কটায়! যদিও সন্যাসীজন দুখীয়া আছিল, তেওঁৰ স্বভাৱ-চৰিত্ৰ বৰ ভাল আছিল। তেওঁ কেতিয়াও কাৰোৰে পৰা একো বস্তু জোৰ কৰি ল'ব খোজা নাছিল। কোনোবাই মৰমেৰে পা-পইচা, খোৱা বস্তু আদি কিবা এটা দিলেও কৃতজ্ঞতাৰে আশীৰ্বাদ দি গ্ৰহণ কৰিছিল। তেনে এজন সাধু প্ৰকৃতিৰ সন্যাসীৰ কথাকে আজি ক'ব খুজিছোঁ।
গৰমৰ দিন এটাত এনেকৈ টলৌ টলৌ কৈ ঘূৰি ফুৰোঁতে সন্যাসীজনৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকালে। সেই ঠাই টুকুৰাত কোনো মানুহৰ ঘৰো নেদেখি তেওঁ বিপাঙত পৰিল। যেনেতেনে খোজটো দি আগুৱাই গৈ থাকোঁতে হঠাতে এটা পকা কুঁৱা তেওঁৰ চকুত পৰিল। তেওঁ অলপো সময় ব্যয় নকৰি পিয়াহ গুছাই পানী পিবলৈ বুলি লৰালৰিকৈ কুঁৱাটোৰ কাষ পালেগৈ। কুঁৱাটোৰ ওচৰতে থকা ৰছীসহ পিতলৰ বাল্টিটোৰ সহায়ত পানী তুলি আনি দুচলুমান পী খাওঁতেই সন্যাসীৰ সন্যাসীৰ কিবা মতিভ্ৰম হোৱাৰ দৰে হ'ল! সৎ স্বভাৱৰ সন্যাসীজনৰ মনলৈ লোভৰ উদয় হ'ল। সন্যাসীজনে পিতলৰ চিকচিকাই থকা বাল্টিটো দেখি মনলৈ বাল্টিটো চুৰ কৰি লৈ যোৱাৰ বাসনা জাগিল। জ্ঞানী সন্যাসীজনৰ এনে মনোভাৱ অহাৰ বাবে নিজেই বৰ আচৰিত হ'ল। তেওঁ ভাবিবলৈ ধৰিলে কিয়বা হঠাতে এনে চিন্তা মনলৈ আহিল?
তোমালোকে জনা ভাল যে লোভ, মোহ, মদ আৰু মাৎসৰ্য এই চাৰিটা গুণে মানুহক পশু তুল্য কৰে। মানৱতাৰ স্বৰ্গীয় অনুভূতি মনৰপৰা নোহোৱা কৰে। তেওঁৰ মনত সেই কুঁৱাটোৰ ইতিবৃত্ত জানিবৰ বাবে কৌতূহল হ'ল! কাষতে এজন বৃদ্ধ খেতিয়কে নাঙলেৰে পথাৰৰ মাটি চহাই আছিল। সন্যাসীজনে কথাটো সুধিবলৈ বুলি তেখেতৰ কাষলৈ আগবাঢ়ি গ'ল। বৰ বিনয়ভাৱে সন্যাসীজনে কুঁৱাটো কেতিয়াৰপৰা ইয়াত আছে আৰু কোনে খন্দাইছিল সেই বিষয়ে মানুহজনক কিবা জানে নেকি সুধিলে।
সন্যাসীজনে মানুহজনৰপৰা গম পালে যে যিজন মানুহে এই কুঁৱাটো খন্দাইছিল তেওঁ অসময়ত এজন দূৰ্দান্ত চোৰ আছিল। এবাৰ হেনো এঘৰত চুৰ কৰি অজস্ৰ টকা পালে আৰু তাৰে অলপ টকা খৰছ কৰি ৰাইজলৈ কিবা এটা কৰি দিয়াৰ মানসেৰে এই কুঁৱাটোকে খন্দাইছিল।
তেতিয়া সন্যাসীজনৰ মনলৈ আহিল যে চুৰি কৰা টকাৰে ভাল কাম এটা কৰিলেও ভাল ফল পোৱা নাযায়! যিহেতু সেই টকা পাপ কৰি অৰ্থাৎ বেয়া পথেৰে অৰ্জন কৰা টকা, সেই ধৰণে আৰ্জিত টকাৰে পুণ্য আৰ্জিব নোৱাৰি। সন্যাসীজনে চিন্তা কৰিলে সেয়ে চাগে পাপৰ ধনেৰে নিৰ্মিত কুঁৱাৰ পানী খাই তেওঁৰ মনত চোৰৰ প্ৰৱণতা জাগিল। সন্যাসীজনে সেই সত্যটো বুজি পাই তবধ মানিলে আৰু মিচিকি হাঁহি এটিৰে মনতে উচ্চাৰণ কৰি আওঁৰালে....
"ভাল কাম ভাল চিন্তা কৰিলে সদায়,
বেয়া চিন্তা বেয়া ভাৱে মনত নাপায় ঠাই।"
এনে অমূল্য জ্ঞান পাই, সন্যাসীজনে ঈশ্বৰ চিন্তা কৰি ঘৰমুৱা হ'ল।
&&&&&&&&&
Comments