এটকাৰ সাধু
- মন্দিতা শৰ্মা, খ্ৰীষ্টানবস্তি, গুৱাহাটী
- Jul 13, 2024
- 2 min read
Updated: Sep 22, 2024

মন্দিতা শৰ্মা, খ্ৰীষ্টানবস্তি, গুৱাহাটী
ৰুণে পঢ়া সামৰি ভাত খোৱালৈকে সদায় ককাকৰ লগত লাটি-পুটি কৰি সাধু শুনাৰ অভ্যাস। ককাকেও এইখিনি সময়লৈকে যেন অধীৰ আগ্ৰহেৰে বাট চাই থাকে। তেওঁ বিশেষ দৰকাৰ নাথাকিলেও যেন তাৰ পঢ়া টেবুলৰ আগেদি কিবা বস্তু বিচৰাৰ ছলেৰে অহা-যোৱা কৰে! যেন সি সোনকালে পঢ়া সামৰিলেই ভাল হয়।
এসময়ত ৰুণ আহি ককাকৰ বুকুৰ মাজত সাধু শুনিবলৈ সোমাই পৰেহি।
এদিনৰ কথা। ককাকে ক'লে “ৰুণ বাবা, আজি তোমাক মই 'এটা টকা' ৰ সাধু এটা ক'ম। যি সময়ত এটকাতে মোনা ভৰাই বহুত বস্তু পাইছিল, সেই সময়ৰ কথা কৈছোঁ দেই। এদিন দেউতাকে তেওঁৰ ল'ৰাটোক টকা এটাৰে সৈতে লিষ্ট এখন দি গাঁৱৰ একমাত্ৰ দোকান খনলৈ পঠিয়ালে। ল'ৰাটোৱে লিষ্ট অনুসৰি সকলোখিনি বয়-বস্তু আনি ঘৰ পাই দেখে যে টকাটো দেখোন দোকানীজনক দিয়াই নহ'ল, পেণ্টৰ জেপতে থাকি গ'ল! এবাৰ গৈ সি দোকানীজনক টকাটো দি থৈ অহাৰ কথাও ভাবিলে। পিছ মুহূৰ্ততে ভাবিলে, সি যে টকাটো নিদিয়াকৈ গুচি আহিল বুলি দোকানৰ মালিক, মুনিব নাইবা চকীদাৰজনে দেখিছিলে জানো! চকীদাৰ জনৰ চকু কেইটালৈ তাৰ অলপ সন্দেহো হ'ল অৱশ্যে। তথাপিতো সি অলপ দোমোজাত পৰিল। টকাটো সাঁচি থৈ সি পিছত বহুত কিবাকিবি কিনাৰ সপোন দেখিলে। ইফালে দোকানীজনে দেউতাকক কেনেবাকৈ কৈ দিলে দেউতাকে যে কোবাই তাৰ পিঠিৰ ছাল ছিঙিব! কি কৰা যায় দোধোৰ-মোধোৰত গধূলিয়ে হ'ল। সি ৰাতিপুৱাই টকাটো দিবলৈ ৰৈ যোৱা কথাটো দেউতাকক কৈ দিব বুলি মনতে ভাবি থ'লে। তাৰ ৰাতি ভাল টোপনি নহ'ল। যেন ৰাতিপুৱালেই চকীদাৰজন আহি ঘৰ ওলাবহি, তাৰ তেনেকুৱা লাগিল। প্ৰকৃততে জানি-বুজি তেনে কাম সি কৰাও নাছিল।
শুই উঠিয়েইনো দেউতাকক সি কথাটো কয় কেনেকৈ! দেউতাকে আগফালৰ বাৰীখনত ঘাঁহ-বন নিৰলাই আছিল। এনেতে সঁচাকৈয়ে চকীদাৰজনে চাইকেখন জেওৰাতে আওঁজাই থৈ দেউতাকৰ কাষ চাপি গ'লত সি লাহেকৈ ভয়ত ভিতৰ সোমাল। অলপ পিছতে দেউতাকে তাৰ ওচৰলৈ আহি অলপো ডাবি-ধমকি নিদিয়াকৈ “টকাটো দি দে“ বুলি ক'লে আৰু সি দি দিলে। সি দেউতাকৰ আচৰণত অলপ আচৰিতো নোহোৱাকৈ নাথাকিল।
অলপ সময়ৰ পিছত সি গা-পা ধুই, ভাত খাই স্কুলৰ সাজ-পোছাক পিন্ধি বেগটো লৈ স্কুললৈ যাবলৈ ওলাওঁতে দেউতাকো তাৰ লগতেই আহিল। সিহঁতৰ ঘৰটো এটা পুখুৰীৰ পাৰত। পুখুৰীটোৰ দুটা পাৰত মুখামুখিকৈ দুখন স্কুল। দুয়োখন স্কুলৰ ল'ৰা-ছোৱালীবোৰে এই পথটোৰেই অহা-যোৱা কৰে। দেউতাকে তাক ঠাই অকণ দেখুৱাই তেওঁ উভতি নহালৈকে তাতে কাণত ধৰি আঁঠু কাঢ়ি থাকিবলৈ কৈ গুছি গ'ল।
দুয়োখন স্কুলৰ ল'ৰা-ছোৱালীবোৰে তাক তেনে অৱস্থাত দেখি পাৰে মানে হাঁহিলে। লাজে-অপমানে তাৰ যেন গোটেই গাত জ্বৰহে উঠিল! ভৰ দুপৰীয়া ওচৰৰে এঘৰে মাতি তাক ভাত কেইটামান খুৱালে। স্কুল ছুটী হোৱাৰ পিছতো ভালে পৰ সি তেনেকৈয়ে থাকিল। নিয়ম ভংগ কৰিলে জানোচা দেউতাকৰ ৰঙা চকু হালৰ সন্মুখীন হ'ব লগা হয়! সাঁজ লগা সময়লৈকে দেউতাক ঘূৰি নহাত সি ঘৰলৈ উভতিল। দেউতাকে পিছে যেন একোৱেই হোৱা নাই এনেভাৱে তাক একো নুসুধিলে।
পিছে জীৱনলৈ তাৰ শিক্ষা হ'ল যে, কাৰোবাৰ প্ৰাপ্য নিজৰ বুলি ৰাখি থ'ব নেপায় বা লোকৰ ধনলৈ মোহ কৰিব নেপায়। টকা-পইছাৰ লেন-দেনত নিকা নহ'লে আপোনজনো সময়ত আঁতৰি যায়। কথাতে কয় যে, ‘মানুহ চিনিবা লেন-দেনত হে।‘
মন দি কথাখিনি শুনি, ৰুণে ককাকক সুধিলে, “বাৰু, কোৱাচোন ককা, সেই দোকান থকা গাঁওখনৰ নাম কি আছিল?”
ককাক : “নিতাইপুখুৰী।“
ৰুণ : “তেনেহলে সুন্দৰ শিক্ষা পোৱা মানুহজন এয়া মোৰ কাষতে, নহয়নে ককা? তুমি যে সদায় আমি পাৰ কৰি অহা সময়ৰ কথা.... বুলি কাহিনীবোৰ আৰম্ভ কৰা; আজি কিন্তু তেনেকৈ নকৈছিলা, হা হা মই বুজি পাই গ'লো!”
ককাকে লাজলাজ ভাৱেৰে সন্তুষ্টিৰ হাঁহি এটা মাৰি, ৰুণলৈ চাই ৰ'ল।
%%%%%%%%%%%
অতি সুুন্দৰ