'কুকুৰীকণা' সাধুটিৰ পদ্যৰূপ
- যোগানন্দ মহন্ত, গুৱাহাটী
- Jul 12, 2024
- 2 min read
Updated: Sep 22, 2024

লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ‘বুঢ়ী আইৰ সাধু’ৰ 'কুকুৰীকণা' সাধুটিৰ পদ্যৰূপ
যোগানন্দ মহন্ত, গুৱাহাটী
গাঁও এখনৰ গঞা এজনৰ
দুজনী ছোৱালী আছিল
ৰূপেশ্বৰী আৰু গুণেশ্বৰী বাৰু
ৰূপেৰেও কম নাছিল।
বিয়াৰ বয়স হোৱাৰ পৰত
ৰূপেশ্বৰীলৈ চালে দৰা
মাককহে আকৌ নালাগেই ল'ৰা
আঁতৰৰ গাঁৱৰ পৰা।
ছোৱালীকো দিলে ওচৰ ঘৰলে
সততে দেখিব তাইক
দূৰৈৰ জোঁৱাই নলয় চপাই
হ'লেও ৰজাৰ পাইক।
ঘৈণীৰ কথাৰে ল'ৰা খেপিয়ালে
গাঁৱৰ গঞাই জনা
ৰূপেশ্বৰী আয়ে গমেই নাপালে
দৰাটি কুকুৰী-কণা!
দৰা যে আছিলে কুকুৰীকণাহে
নাজানিয়ে কেৱে গাঁৱত
শাহুৱে শহুৰে ফুটেই নাপালে
কথাটো বিয়াৰ আগত।
বিয়া আঁতৰিল দিনো বাগৰিল
ঘৰুৱাও হ'লগৈ চৰু
জোঁৱায়েও আহি শহুৰক খুজি
হাললৈ নিলেহি গৰু।
পষেক যোৱাতো গৰু নিদিয়াত
শহুৰে পেলালে মনত
কিবা কথাতহে দৈৱৰো দৈৱাৎ
সন্ধিয়াও গৰু বনত।
সন্ধিয়া সেয়েহে কুকুৰীকণাৰ
মস্কিল ডাঙৰেই হ'ল
গৰুৰ নেজতে খামুচি সেয়েহে
শহুৰৰ ঘৰলৈ গ'ল।
গৰুৱে চিধাই গোহালি ধিয়াই
পালেগৈ নিজৰ খুটি
নেজতে ধৰি কুকুৰীকণাৰো
গোহালিতেই জোঁটা-পুটি।
শহুৰে দেখিয়েই জোঁৱাই বুলিয়ে
মিহিকৈয়ে লগালে মাত
জোঁৱায়ে বুলিলে গৰুটো বান্ধিয়েই
বাকীকো ফুৰাইছোঁ হাত।
শহুৰে বুলিলে আৰুটো বেলিয়ে
চবকাত পৰিল গৰু
মেমেৰা ধেমেৰা চিকৌ পিটৌ সেয়া
গোহালিয়ে হ'লগৈ সৰু।
শহুৰে ঘৰত ক'লে জীয়েকক
যাচোন গুণেশ্বৰী আই
ভিনিহিক তয়ে পখালি আনি
বহিবলৈ দিবিহি ঠাই।
গুণেশ্বৰী আহি ভিনিহিক দেখি
মাতিলে মিঠাকৈ মাত
ভিনিহিয়ে ক'লে খুলশালী হ'লে
মৰমেৰে ধৰাহি হাত।
নিজৰ হাতেৰে এঘটি পানীৰে
ধুৱাই ভিনিহিৰ ভৰি
খুলশালীয়ে নি ধৰা পাৰি দি
বহুৱালে যতন কৰি।
কিছুক্ষণ গ'ল ভাত-পানী হ'ল
শাহুৱে লগালেহি মাত
জোঁৱায়েহে বোলে উঠি যাবলেও
ভাগৰেহে ধৰিছে গাত।
শাহুৱেও আহি বহাতেই আনি
দিলেহি ভাতৰ কাঁহী
জোঁৱায়ে চকুৰে নেদেখি একোকে
বহি আছিল হাঁহি হাঁহি।
গুণেশ্বৰী গৈ ওচৰতেই ৰৈ
ভিনিহিক বুলিলে খোৱাঁ
তুমি নুচুলেহি হাতেৰে অকলে
ভিনিহিয়ে নাখাই যোৱাঁ।
গাভৰু ছোৱালী মাৰাৰে পোৱালী
বাপেৰে দিবগৈ পৰত
ভিনিহিয়ে খালে তুমি চোৱা হাতে
আগলৈও থাকিব মনত!
জোৱাঁয়ে ভাবিলে আজিলৈ বাচিলে
খাবলৈ ধৰিলে ভাত
শাহুৱে তেনেতে দেখিলে হঠাতে
মেকুৰীয়ে খাইছে তাত।
জোঁৱায়ে হাঁহিৰে মেকুৰী মাহীৰে
কৰি ভাতৰেই ভোজন
শাহুক বুজালে শাস্ত্ৰতো লেখিছে
জন্তুও ঈশ্বৰৰ স্ৰজন।
সহিব নোৱাৰি দিলে ফলা খৰি
মেকুৰী খেদিবলৈ বুলি
শাহুয়ে জোঁৱাইক মেকুৰী ভাবিয়ে
মাৰিলে ফলাখৰি তুলি।
শাহুৱে চিঞৰি গৈছিলে পৰি
ঘৰৰ মজিয়া খনত
জোঁৱায়ে বুলিলে সপোন দেখিলে
মেকুৰী ওলালে মনত।
লাজে অপমানে জোঁৱাই বোপায়ে
বাহিৰলৈ ল'লে বাট
নেদেখি একোকে কচুৰ হাবিতে
লুকালে নিদিয়াকৈ মাত।
ভাবিলে মনতে এইখন হাবিতে
ৰাতিৰো ৰাতিটো থাকিম
ৰাতি পুৱালেই বেলি ওলাওঁতেই
ঘৰলৈ যাবগৈ পাৰিম।
শাহুৱে তেনেতে চুৱা পাতনিলে
মাৰিলে চৰিয়াৰ পানী
জোঁৱায়ে ভাবিলে বৰষূণ দিছে
মেঘৰ নিৰ্দেশ মানি।
মেঘকো খাটিলে ইমানে আঁটিলে
দুখৰ উপৰিও দুখে
কুকুৰীকণালে চকু মেলি চালে
পোৱালী মেলিব সুখে।
শাহুৱে শুনি জোঁৱাইৰ মাত
চুৱনিলৈ ল'লে বাট
জোঁৱাইক দেখি পালে নিজে বুজি
কুকুৰীকণাৰ যে নাট!
নাটৰ শেষলে শুকান ধুতিৰে
জোঁৱায়ে সলালে সাজ
জীয়েকক মাতি কওঁতে কাহিনী
হ'লহি ৰাতিৰ মাজ !!
%%%%%%%%
Comentarios