কুকুৰনেছীয়া আৰু সাতটা ছাগলী পোৱালী
- অনুবাদ: আৰমান হাজৰীকা নৱী মুম্বাই
- Sep 15, 2024
- 5 min read
Updated: Oct 21, 2024

অনুবাদ: আৰমান হাজৰিকা
নৱী মুম্বাই
এসময়ত এখন হাবিত এজনী ছাগলী আৰু তাইৰ সাতোটা সৰু সৰু পোৱালি আছিল। সকলোবোৰ মাকে যেনেকৈ নিজৰ সন্তানক মৰম কৰে, ছাগলী জনীয়েও তেনেকৈ নিজৰ পোৱালীকেইটাক বৰ মৰম কৰিছিল। হাবিত সিহঁতে থকা ঠাইডোখৰত খাদ্যবস্তুৰ ক্ৰমান্বয়ে নাটনি হৈ অহা বাবে ছাগলীজনীয়ে এদিন গভীৰ হাবিৰ মাজলৈ গৈ খাদ্যবস্তু গোটাই অনাৰ কথা ভাবিলে। গতিকে, তাই সাতোটা পোৱালীকে কাষলৈ মাতি আনি ভালকৈ বুজনি দিয়াৰ সুৰত বুজাই ক'লে, "বাচাহঁত, মই আমাৰ আটাইৰে বাবে আহাৰ গোটাবলৈ গভীৰ হাবিৰ মাজলৈ যাম। মই ঘৰত নথকা সময়খিনিত তোমালোক আটাইকেইটাই ঘৰৰ ভিতৰতে খুউব সাৱধানে সোমাই থাকিবা দেই! সেই সময়খিনিত তোমালোক দুষ্ট কুকুৰনেচিয়া বাঘটোৰ পৰা আটাইতকৈ বেছি সাৱধানে থাকিবা! মই নথকা অৱস্থাত যদি সি কেনেবাকৈ আমাৰ ঘৰৰ ভিতৰলৈ সোমাব পাৰে, তেনেহ’লে সি তোমালোক আটাই কেইটাকে গোটে গোটে গিলি খাই থ’ব! ..... এনেয়ে তোমালোকে তাৰ ক'লা ক’লা ঠেং কেইখন আৰু খহটা মাতটো শুনিলেই তাক চিনিব পাৰিবাই, তথাপিও তোমালোকে অনবৰতে সাৱধানে থাকিবা, কাৰণ এই কুকুৰনেছীয়াটোৱে অনবৰতে ছদ্মবেশ ধৰি সকলোকে ঠগাই ফুৰে।"
পোৱলী কেইটাই মাকক আশ্বাস দি ক'লে, "মা, তুমি অকণমানো চিন্তা নকৰিবা। তুমি নথকা সময়খিনিত, আমি যিমান পাৰোঁ সিমান সাৱধানেৰেই থাকিম!"
ছাগলীজনীয়েও পোৱালি কেইটাৰ কথা শুনি আস্বস্ত হ'ল যদিও, কুকুৰনেছীয়া বাঘটোৱে পোৱালী কেইটাৰ কিবা অপকাৰ কৰিব পাৰে বুলি তাইৰ পেটে পেটে ভয় লাগিও থাকিল। কিন্তু, আহাৰ আদি গোটাই নানিলেও পোৱালি কেইটা ভোকত মৰিব পাৰে বুলি নিৰূপায় হৈ তাই, পোৱালী কেইটাক ঘৰতে থৈ গভীৰ হাবিৰ মাজলৈ খাদ্য গোটাবলৈ গ'ল।
ছাগলীজনী যোৱাৰ ক্ষন্তেক পিছতেই কোনোবাই সিহঁতৰ ঘৰৰ দুৱাৰত টোকৰ মাৰি মাত লগালে, "মোৰ মৰমৰ পোৱালি কেইটা! মই তোমালোকৰ মা আহিছোঁ। তোমালোকৰ সকলোলৈকে কিবাকিবি খোৱাবস্তু লৈও আহিছোঁ। তোমালোকে সোনকালেই ঘৰৰ দুৱাৰখন খুলি দিয়াহি!"
কিন্তু, তাইৰ খহটা ধৰণৰ মাতটো শুনিয়েই পোৱালীকেইটাই চিনি পালে, এইটো আছলতে সিহঁতৰ মাকৰ মাত নহয়। এইটো সেই কুকুৰনেছীয়া বাঘটোৰহে মাত! গতিকে, সিহঁতে দুৱাৰ নুখোলাকৈয়ে ঘৰৰ ভিতৰৰ পৰাই মাত লগালে, "আমি দুৱাৰ নুখোলোঁ দেই! আমাৰ মাৰ মাতটো কিমান সুৱদী; কিন্তু তোমাৰ মাতটো ইমান খহটা! আমি শুনিয়েই ধৰিব পাৰিছোঁ, তুমি আছলতে আমাৰ মা নহয়! তুমি সেই হিংস্ৰ কুকুৰনেছীয়াটোহে।"
পোৱালিকেইটাই তাক চিনি পাইছে বুলি ধৰিব পাৰি, সি ততালিকে তাৰ পৰা পলাই, হাবিত থকা মৌৰ বাহৰ পৰা, মৌ অলপ লৈ খাই তাৰ মাতটো কোমল কৰি পেলালে। তেনেকৈ কোমল মাত এষাৰ মাতি সি আকৌ ছাগলী পোৱালী কেইটাক ফুচুলাবলৈ বুলি, আগৰদৰেই সিহঁতৰ ঘৰৰ দুৱাৰত টুকুৰিয়াই মাত লগালেহি, "মৰমৰ পোৱালি কেইটা! এইয়া চোৱা, তোমালোক সকলোলৈকে কিবাকিবি খোৱাবস্তু লৈ, মই তোমালোকৰ মা আহিছোঁ। তোমালোকে মোক দুৱাৰখন খুলি দিয়াহি!"
পোৱালি কেইটাই দুৱৰাৰ ফাঁকেদি জুপি চাই দেখিলে কুকুৰনেছীয়াটোৰ ক'লা ক'লা আগঠেং দুখন সিহঁতৰ দুৱাৰদলিত আছে। সিহঁতে লগে লগে চিঞৰি ক'লে, "আমি তোমাক কেতিয়াও দুৱাৰ খুলি নিদিওঁ দেই! আমি তোমাৰ ক'লা ক'লা ঠেং দুখন দেখিয়েই চিনি পাইছোঁ তুমি যে আমাৰ মা নোহোৱা। আমাৰ মা ৰ দুয়োখন আগঠেং বগা বগা আৰু ধুনীয়া! মাৰ ঠেং দুখন, তোমাৰ এই আগঠেং দুখনৰ দৰে কুৎসিত ক'লা নহয়! তুমি আছলতে আমাৰ মা নহয়, কুকুৰনেছীয়াটোহে হোৱা।"
তেতিয়া কুকুৰনেছীয়াটোৱে তাৰ পৰা আকৌ দৌৰি পলাই গৈ, ওৰলত পিঠাগুড়ি খুন্দি থকা বুঢ়ী এজনীৰ ওচৰলৈ গৈ ক'লে, "মই মোৰ দুয়োখন ঠেংতে দুখ পাইছোঁ। ল'ৰা-লৰিকৈ পিঠাগুড়ি অলপমান মোৰ ঠেং দুখনত সানি দিয়াচোন!"
বুঢ়ীয়েও একো নভৱা-নিচিন্তাকৈ কুকুৰনেছীয়াটোৰ দুয়োখন ঠেংতে হাতৰ মুঠিৰে এমুঠিকৈ পিঠাগুড়ি সানি দিলে।
তাৰপিছত সি নৈৰ ঘাটত কাপোৰ ধূই থকা ছোৱালী এজনীক গৈ ক'লেগৈ, "তুমি নৈৰ পৰা পানী এচলু লৈ, মোৰ ঠেংত লাগি থকা পিঠাগুড়িখিনি ভালকৈ লেওৰ দৰে কৰি, মোৰ ঠেং দুখনৰ ওপৰত ভালদৰে লেপি দিয়াচোন!"
কাপোৰ ধুই থকা ছোৱালীজনীৰ পিছে কুকুৰনেছীয়াটোৰ ওপৰত অলপ সন্দেহ হ'ল। তাই ভাবিলে, এই কুকুৰনেছীয়াটোৱে নিশ্চয় কাৰোবাক ঠগিবৰ বাবে এইটো কিবা ফন্দি কৰিছে! সেয়ে তাই তাৰ কথামতে ঠেং দুখনত তেনেকৈ পিঠাগুড়িৰ লেও দিবলৈ অসন্মত হ'ল। তেতিয়া কুকুৰনেছীয়াটোৱে ছোৱালীজনীক ভয় দেখুৱাই ক'লে, "যদি তই মই কোৱাৰ দৰে নকৰ, তেন্তে মই তোক এতিয়াই খাই পেলাম!"
কুকুৰনেছীয়াটোৰ কথাত ছোৱালীজনীয়ে ভয় খাই, সি কোৱামতেই তাৰ ঠেংদুখনত লাগি থকা পিঠাগুড়িখিনিত পানী মিহলাই লেওৰ দৰে কৰি তাৰ দুয়োখন ঠেংৰ ওপৰত মিহিকৈ লেপি দিলে।
তাৰপিছত কুকুৰনেছীয়াটোৱে আকৌ তৃতীয় বাৰৰ বাবে ছাগলী পোৱালী কেইটাৰ ঘৰলৈ গৈ মিঠাকৈ মাতটো উলিয়াই সিহঁতৰ ঘৰৰ দুৱাৰত টুকুৰিয়াই আগৰ দৰেই মাত লগালে, "মোৰ মৰমৰ পোৱালি কেইটা! এইয়া চোঁৱা মই তোমালোকৰ মা আহিছোঁ। তোমালোকৰ সকলোলৈকে কিবাকিবি খোৱাবস্তু লৈও আহিছোঁ। তোমালোকে মোক দুৱাৰখন খুলি দিয়াহি!"
ছাগলী পোৱালিকেইটাই আগতে দুবাৰকৈ কুকুৰনেছীয়াটোৱে আহি সিহঁতক ঠগিব খোজা বাবে সাৱধান হৈয়ে আছিল। সেয়ে সিহঁতে ক'লে, "ঠিক আছে, তুমি যদি সঁচাকৈয়ে আমাৰ মা হোৱা, তেনে তোমাৰ দুয়োখন আগঠেং আমাৰ দুৱাৰদলিটোৰ ওপৰত থোৱাচোন! আমি তোমাৰ আগঠেং দুখন দেখিলেহে গম পাম, তুমি আছলতে আমাৰ মা হয় নে নহয়!"
কুকুৰনেছীয়াটোৱেও তেতিয়া পিঠাগুড়িৰ লেও সানি বগা কৰি অনা তাৰ দুয়োখন আগঠেং ছাগলী পোৱালীকেইটাই দুৱৰাৰ ফাঁকেদি চাব পৰাকৈ, দুৱাৰদলিত থ’লে। পোৱালিকেইটাই বন্ধ দুৱাৰখনৰ সৰু ফাঁকটোৱেদি জুপি চাই দেখিলে, দুয়োখন আগঠেং সিহঁতৰ মাকৰ আগঠেং দুখনৰ দৰেই নিমজ বগা।
তেতিয়া সিহঁতে, কুকুৰনেছীয়াটোকে সিহঁতৰ মাক বুলি ভাবি ঘৰৰ মূল দুৱাৰখন খুলি দিলে।
কুকুৰনেছীয়াটোৱেও সেইটো সুযোগলৈকে বাট চাই আছিল; সি তৎক্ষণাৎ ভিতৰলৈ সোমাই আহিল। ছাগলীপোৱালি কেইটাই কুকুৰনেছীয়াটোক দেখি ভয় খাই, ঘৰটোৰ ভিতৰতে যেনিয়ে পাই তেনিয়ে লুকাবলৈ চেষ্টা কৰিলে। সকলোতকৈ ডাঙৰ পোৱালিটো গৈ বিছনাৰ তলত লুকাল। তাতকৈ সৰু দ্বিতীয় পোৱালিটো গৈ ভাতখোৱা মেজৰ তলত লুকাল। তৃতীয় আৰু চতুৰ্থ পোৱালি দুটাই আখল ঘৰলৈ গৈ চৌকাৰ আঁৰত আৰু ধুই থৈ শুকাবলৈ উবুৰিয়াই থৈ দিয়া ভাতৰ চৰুটোৰ তলত লুকালেগৈ। পঞ্চম পোৱালিটোৱে পাকঘৰৰ খৰিৰ চাঙখনত উঠি লুকাই থাকিল। ষষ্ঠ পোৱালিটোৱেও কাপোৰ থোৱা আলমাৰিটোৰ ভিতৰত সোমাই লুকালেগৈ। একেবাৰে সৰু সপ্তম পোৱালিটোৱেহে কেনি যাওঁ, কেনি নেযাওঁকৈ, উৱাদিহ নেপাই, অৱশেষত বেৰত ওলোমাই থোৱা সিহঁতৰ চাবি দিয়া ঘড়ীটোৰ ঢাকোনখন খুলি, তাৰ ভিতৰত লুকাই থাকিল।
সিহঁতে যিমানে লুকালেও, কুকুৰনেছীয়াটোৱে কিন্তু সকলো দেখি আছিল! সেয়ে, সি আটাইকেইটা পোৱালিকে সিহঁতে লুকাই থকা ঠাইৰ পৰা ধৰি উলিয়াই আনিলে। তাতে তাৰ বৰ ভোকো লাগিছিল, সেয়ে সি সিহঁতক এটা এটাকৈ ধৰি গোটে গোটে গিলি থৈ দিলে। সি মাত্ৰ ঘড়ীটোৰ ভিতৰত লুকাই থকা, আটাইতকৈ সৰু, সপ্তম পোৱালিটোকহে বিচাৰি নেপালে। ছয়টাকৈ ছাগলীপোৱালি গোটে গোটে গিলি কুকুৰনেছীয়াটোৱে ঘৰৰ বাজলৈ ওলাই আহি ওচৰৰে পথাৰ এখনৰ গছ এজোপাৰ ছাঁত দীঘল দি শুই, একেবাৰে লালকালকৈ টোপনি গ'ল!
ইফালে, ছাগলীজনীয়ে হাবিৰ মাজৰ পৰা, সিহঁত আটাইলৈকে কিছুদিন যোৱাকৈ খোৱা-বস্তু গোটাই ঘৰৰ ওচৰ পাই দেখিলে ঘৰৰ দুৱাৰখন দুফাল ফালকৈ খোল খাই আছে! তাকে দেখিয়েই ছাগলীজনীৰ গা চেবালে। তাই খৰধৰকৈ ঘৰৰ ভিতৰলৈ গৈ দেখিলে, গোটেই ঘৰখন লণ্ডভণ্ড হৈ থকাদি আছে! তাই আটাইকেইটা পোৱালিকে নাম ধৰি ধৰি মাতিলে, কিন্তু কাৰোৱেই মুখৰ মাত নেপালে। মাত্ৰ একেবাৰে সৰু পোৱালিটোৱেহে ঘড়ীটোৰ ভিতৰৰ পৰা মাকৰ মাতৰ সঁহাৰি দিলে। মাকে, পোৱালিটোক ঘড়ীৰ ভিতৰৰ পৰা উলিয়াই আনিলে আৰু তাৰ মুখেৰেহে গম পালে যে, কুকুৰনেছীয়াটোৱে তাই নথকাৰ সুযোগতে পোৱালি কেইটাক ফাঁকিকৈ ফুচুলাই খাই পেলালেহি!
সৰু পোৱালিটোৰ মুখেৰে সকলো কথা শুনি মাক ছাগলীজনীয়ে হিঁয়াঢাকুৰি কান্দি কান্দি লেবেজান হোৱাৰ দৰে হৈ পৰিল। তাই মনৰ বেজাৰতে এবাৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল। সৰু পোৱালিটোৰ লগত কিছু দূৰ আগবাঢ়ি গৈ ইফালে সিফালে চাই দেখিলে, এজোপা গছৰ তলত কুকুৰনেছীয়াটোৱে ধোবাংজুৰি শুই আছে। তাৰ নাকৰ বতাহত, গছৰ পাত পৰ্যন্ত কঁপি গৈছে। সি গভীৰ টোপনিত আছে যদিও কিন্তু, তাৰ পেটৰ ভিতৰত কিবা কিছুমানে লৰচৰ কৰি আছে। ছাগলীজনীয়ে অলপ পৰ সেইফাললৈ চাই আনন্দত আত্মহাৰা হৈ পৰিল। তাই গম পালে, কুকুৰনেছীয়াটোৱে গোটে গোটে গিলি থোৱা তাইৰ হেৰুৱা পোৱালিকেইটা, তাৰ পেটৰ ভিতৰতে এতিয়াও জীয়াই আছে!
তেতিয়া ছাগলীজনীয়ে সৰু পোৱালিটোক লগত লৈ ঘৰলৈ আহি, ঘৰৰ পৰা কেঁচি, কটাৰী আৰু বেজী-সূতা লৈ ল'ৰাল’ৰিকৈ কুকুৰনেছীয়াটো শুই থকা ঠাইলৈ আহিল। ভৰপেটকৈ খোৱাৰ পিছত কুৰনেছীয়াটোৰ ইমানেই ভাগৰ লাগিছিল যে তাৰ টোপনি সোনকালে ভগাৰ কোনো সম্ভাৱনা নাছিল।
ছাগলীজনীয়ে খৰধৰকৈ কেঁচি আৰু কটাৰী লৈ কুকুৰনেছীয়াটোৰ পেটতো অলপ কাটি, এটা এটাকৈ আটাইকেইটা পোৱালি তাৰ পেটৰ ভিতৰৰ পৰা উলিয়াই আনিলে। সিহঁতক কুকুৰনেছীয়াটোৱে গোটে গোটে গিলিহে থৈছিল, গতিকে পোৱালিকেইটাৰ একো অনিষ্ট হোৱা নাছিল। আনহাতে ভাগৰুৱা কুকুৰনেছীয়াটোৰ, পেটতো ফালি দিয়াৰ পিছতো টোপনি ভগাই নাছিল। আটাইকেইটা পোৱালি আৰু মাক ছাগলীজনীয়ে মিলি খুউব স্ফূৰ্তি কৰিলে। তাৰপিছত সিহঁতে কথা পাতিলে যে, এতিয়া কুকুৰনেছীয়াটোৰ পেটতো যিহেতু খালী হ'ল, তাত অলপমান শিলগুটি ভৰাই দিয়া যাওক! আলচা মতেই সিহঁতে ডাঙৰ ডাঙৰ শিলৰ টুকুৰা কিছুমান আনি তাৰ পেটৰ ভিতৰত ভৰাই চিলাই কৰি দি, সিহঁতে লৰালৰিকৈ আঁতৰলৈ গৈ লুকাই কুকুৰনেছীয়াটোলৈ চাই থাকিলগৈ।
কিছু সময়ৰ পিছত কুকুৰনেছীয়াটোৰ টোপনি ভাগিল। ইফালে, পেটৰ ভিতৰত সোমাই থকা শিলবোৰৰ কাৰণে তাৰ বৰ পিয়াহ লাগিছিল। সি পানী খাবলৈ কুঁৱাৰ পাৰলৈ যাবলৈ চেষ্টা কৰিলে যদিও, পেটৰ ভিতৰৰ গধুৰ শিলবোৰৰ কাৰণে সি ভালকৈ খোজ কাঢ়িবও নোৱৰা হ'ল! তথাপিও, পিয়াহত তাৰ অণ্ঠকণ্ঠ শুকাই যোৱা বাবে, টলংভটংকৈ খোজ কাঢ়ি কাঢ়ি হ'লেও সি কথমপি কুঁৱাৰ পাৰলৈ আহিল। কুকুৰনেছীয়াটোৱে কুঁৱালৈ হাউলি পানী খাবলৈ চেষ্টা কৰোঁতেই গধুৰ শিলবোৰে বেছিকৈ তাক আগলৈ হাওলাই দিয়াৰ বাবে সি গৈ কুঁৱাৰ ভিতৰত পৰিল। গধুৰ শিলবোৰৰ বাবে সি কুঁৱাৰ পৰা উঠিব নোৱাৰি পানীত ডুবি মৰি থাকিল।
কুকুৰনেছীয়াটো মৰা দেখি, ছাগলীজনী আৰু পোৱালিকেইটাই মনৰ আনন্দতে কুঁৱাৰ পাৰতে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে।
@@@@@@@@@@@
Comments