top of page
  • Black Facebook Icon
  • Black Instagram Icon

কালপুৰুষ: অসমীয়া সাহিত্যৰ অনবদ্য সম্পদ

  • Writer: ড° অসমী গগৈ, নাজিৰা, অসম
    ড° অসমী গগৈ, নাজিৰা, অসম
  • Jan 9
  • 2 min read

ড° অসমী গগৈ, নাজিৰা, অসম

 

আমি সাহিত্যৰ তেনেই সাধাৰণ পাঠক, ৰসগ্ৰাহী পাঠকো হ'ব পৰা নাই। তথাপিও আমাৰ বিশ্বাস যে- দেশ কালৰ সীমা ভেদি যিখন গ্ৰন্থ বা যিটো লেখাই পাঠকৰ মন মগজুত খলকনি তুলিব পাৰে, সেই লেখাই সাৰ্থক লেখা। অৱশ্যে এইখিনিতে পাঠকৰ সোৱাদৰ কথা আহিব, কোনে কেনে ধৰণৰ ধাৰাৰ লেখা ভাল পায়!

 

সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। য'তে যি পাইছিলোঁ গোগ্ৰাসে গিলিছিলোঁ। বহুত কিতাপ পঢ়ি গৈছিলোঁ আৰু পাহৰি গৈছিলোঁ। কিন্তু বহুত কিতাপৰ কাহিনীয়ে মনত ৰেখাপাত কৰি গৈছিল।

 

তাৰে এখন কিতাপ কিন্তু আজিও পাহৰিব পৰা নাই। যিখন কিতাপৰ কাহিনীৰ প্ৰতিটো ঘটনা চকুৰ আগত হুবহু ভাঁহি থাকে। অথচ সেইখন কিতাপৰ সেইটো কাহিনীৰ পটভূমিৰ সৈতে আমাৰ কোনো চিনা পৰিচয় নাই। অসমৰ ঐতিহ্যময় এচোৱা সময়ৰ সৈতে আমাৰ কেৱল পুথিগতহে চিনাকি আছে।

 

কালপুৰুষ! হয়, মই দেবেন্দ্ৰ নাথ আচাৰ্যদেৱৰ কালপুৰুষ উপন্যাসখনৰ কথাই কৈছোঁ। ১৯৭৬ চনত পোনপ্ৰথম বাৰৰ বাবে প্ৰকাশ হোৱা উপন্যাসখন আহোম ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ  দলিল। কাহিনীৰ লগত লেখকৰ অতুলনীয় কল্পনা শক্তিৰ পৰশে উপন্যাসখনক কৰি তুলিছে যুগজয়ী।

 দেবেন্দ্ৰ নাথ আচাৰ্য                      জন্মঃ ৩ মাৰ্চ, ১৯৩৭ চন              মৃত্যুঃ ২৯ ছেপ্তেম্বৰ, ১৯৮১ চন
 দেবেন্দ্ৰ নাথ আচাৰ্য জন্মঃ ৩ মাৰ্চ, ১৯৩৭ চন মৃত্যুঃ ২৯ ছেপ্তেম্বৰ, ১৯৮১ চন

কালপুৰুষ উপন্যাসৰ কাহিনীৰ মূল আধাৰ ১৬৩৯ চনৰ পৰা ১৬৭৩ চনলৈকে আহোম ৰাজত্ব কালৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৱলী। উপন্যাসখনত আহোম স্বৰ্গদেউ সকলৰ জীৱন কথাৰ সমান্তৰালকৈ প্ৰজাৰ ৰজাৰ প্ৰতি মনোভাৱ, স্বদেশপ্ৰীতি তথা  কাৰ্যকলাপক ইমান সূক্ষ্মভাৱে, গুৰুত্ব সহকাৰে লিপিবদ্ধ কৰিছে যে চকুৰ আগতে ঘটি থকা যেন লাগে। প্ৰথম পুৰুষত ৰচিত উপন্যাসখনত ঔপন্যাসিকে খৰঙীৰ নদাই সঁজাতী নামৰ কাল্পনিক চৰিত্ৰ এটা সৃষ্টি কৰি উপন্যাসৰ কাহিনীভাগ আগবঢ়াই নিছে। আহোম ৰাজত্ব কালৰ ৰাজনীতি, কূটনীতি, শাসননীতি সকলোবোৰ কথা কামৰ বিৱৰণ দি যোৱা নদাই সজাঁতী উপন্যাসখনৰ মূল চৰিত্ৰ। ৰজা ভঙা-পতাৰ মন্ত্ৰণা, ডাৰৰ বাতৰি ডাৰে দি থকা, আইকুঁৱৰীৰ বিশ্বাসভাজন, ৰাজমন্ত্ৰীৰ আস্থাভাজন নদাই সজাঁতীয়ে মনত ইমান গভীৰকৈ ৰেখাপাত কৰিছিল যে চৰিত্ৰটোক কাল্পনিক বুলি ভাবিবলৈ সত নাযায়। নদাইৰ  চৰিত্ৰৰ আন এক ৰূপ কালনেমি।

"আকাশ ফুটি ওলায়, নেজাল তৰাৰ দৰে চিনমোকাম নথকাকৈ লুকায়।"

 

দিনত কটকী ৷ অন্ধকাৰত ক’লা বস্ত্ৰেৰে মুখ শৰীৰ ঢাকি গুপ্তঘাটক ।  কটকীৰ বাবটো ছদ্মবেশহে । গুপ্ত নাম – “কালনেমি”। কালনেমি কেৱল স্বৰ্গদেউ আৰু সিংহাসনৰ প্ৰতিহে দায়বদ্ধ । নদায় সহজ সৰল । সকলোৰে লগত মিলি থকা । কাকত পঢ়ে । চেতিয়া পাতৰৰ ঘৰৰ পো। অবিবাহিত। সৰ্বশৰীৰ ধাকি নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই থোৱা, দুৰন্ত যোদ্ধা , গুপ্তহত্যাত পাৰ্গত , বতাহৰ সৈতে মিলি যাব পৰা এজন মহানায়ক। এইজন মহানায়কেই আমাৰ মন আৰু মগজুত আজিও সজীৱ। আনকি কেতিয়াবা এনেকুৱাও হৈছিল যে ৰংঘৰ তলাতল ঘৰৰ কোঠাবোৰত নদাইৰ স্থিতি কল্পনা কৰিও চাইছিলোঁ। ইমানেই জীৱন্ত আছিল নদাইৰ কথা কাম যে আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁক বিচাৰিবৰ মন যায়। অসম বুৰঞ্জীৰ সৈতে কোনো পৰিচয় নথকা এজন লোকে উপন্যাসখন পঢ়িলে নদাই সজাঁতীক আহোম যুগৰ শ্ৰেষ্ঠ বিচক্ষণ ৰাজনীতিজ্ঞ বুলি অভিহিত কৰি থৈ যাব। পটভূমি, কাহিনী, উপস্থাপন, বৰ্ণনাশৈলী আদিৰ ফালৰ পৰা উপন্যাসখন এখন একক আৰু অনন্য  উপন্যাস। কল্পনাৰ লগত বুৰঞ্জীৰ মধুৰ মিলন ঘটোৱা এই উপন্যাসখন নি:সন্দেহে অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য বুৰঞ্জীমূলক উপন্যাস। খৰঙীৰ নদাই সজাঁতিৰ স্বদেশ প্ৰেম, দায়বদ্ধতা, নিষ্ঠা, কৰ্ম তৎপৰতা, সততা আদি উপন্যাসখনৰ মূল উপজীব্য। 

 

এই সকলোবোৰৰ বাবেই কালপুৰুষ উপন্যাস আমাৰ দৰে সাধাৰণ পাঠকৰ কাৰণে সদায়েই মনত চাপ বহুওৱা এখন গ্ৰন্থ হৈ ৰ’ব চিৰদিন, চিৰকাল।


 *************


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page