গ্ৰন্থ পৰিচয়: বিগলিত কৰুণা জাহ্নবী যমুনা
- মন্দিতা শৰ্মা, গুৱাহাটী

- Apr 12
- 3 min read

মন্দিতা শৰ্মা, গুৱাহাটী
লিখক পৰিচয়: শংকু মহাৰাজৰ জন্ম ৭ মার্চ ১৯৩১ চনত। তেখেতৰ প্রকৃত নাম জ্যোতির্ময় ঘোষ দস্তিদাৰ। দেউতাকৰ নাম হৰিপদ ঘোষ দস্তিদাৰ। বাল্য শিক্ষা ব্রজমোহন স্কুল আৰু কলেজত; দেশ বিভাজনৰ পিছত কলকাতাৰ বঙ্গবাসী কলেজৰ পৰা স্নাতক।
বাংলা ভ্রমণ সাহিত্যলৈ তেখেতৰ দান অসামান্য। তেখেতৰ প্রথম ভ্রমণবৃত্তান্ত ‘বিগলিত কৰুণা জাহ্নবী যমুনা’। ভ্রমণক লৈয়েই তেখেতৰ যত লেখা, যেনে - ‘হিমালয়' (৫টা খণ্ড), ‘পঞ্চপ্রয়াগ’, ‘অমৰাবতী আসাম’, ‘অমৰতীর্থ অমৰনাথ’, 'গঙ্গা যমুনাৰ দেশে', 'মায়াময় মেঘালয়', ‘তমসাৰ তীৰে তীৰে’ ইত্যাদি।
আচলতে, শঙ্কু মহাৰাজ হ'ল দুজন মানুহ। শঙ্কু এজন আৰু মহাৰাজ আনজন। তেওঁলোক দুজন মিলি একেলগে গ্ৰন্থবোৰ লেখে। দুজনেই একেলগে ভ্রমণ কৰিছিল-(মামাৰ ল'ৰা আৰু পেহীৰ ল'ৰা ভাই)। লেখক হ'ল জ্যোতির্ময় ঘোষ দস্তিদাৰ (শঙ্কু), আৰু আনজন কমলকুমাৰ গুহ (মহাৰাজ)। 'বিগলিত কৰুণা জাহ্নবী যমুনা লেখাটো কিভাবে হ'ল তেওঁলোকে কৈছিল-এজনে লিখিছে আৰু আনজনে পঢ়ি কিবা বাদ পৰিল নেকি চায়। পৰবর্তীকালত কমলবাবুৱে আৰু সহ-লেখক হ'ব নিবিচাৰিলে। পৰবর্তী গ্রন্থ নীল দুর্গমৰ বাদে বাকী সকলোখিনি শঙ্কুবাবুৰ একক প্রচেষ্টা। অৰ্থাৎ বিগলিত কৰুণা জাহ্নৱী যমুনা আৰু নীল দুৰ্গম শংকু মহাৰাজৰ ৰচনা; বাকী গ্ৰন্থ কেইখন জ্যোতির্ময় ঘোষ দস্তিদাৰৰ, অর্থাৎ মাত্র শঙ্কুবাবুৰ।
১৮ অক্টোবৰ ২০০৪ চনত তেখেতৰ জীৱনাৱসান হয়।
'বিগলিত কৰুণা জাহ্নৱী যমুনা' এক মনোৰম উপন্যাসোপম ভ্ৰমণ কাহিনী। অনুবাদ মনোগ্ৰাহী হোৱাৰ লগতে যাত্ৰাপথৰ শ্বাসৰুদ্ধকৰ বৰ্ণনাই পাঠকে এই গ্ৰন্থক নিজৰ পঢ়া গ্ৰন্থসমূহৰ মাজত যে সুকীয়া শাৰীত থ'বই লাগিব ই ধুৰূপ।
ভাৰতৰ হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান গংগোত্ৰী-যমুনোত্ৰী তথা গোমুখীলৈ যোৱা লেখকৰ বিপদসংকুল দুৰ্গম ভ্ৰমণ কাহিনীটোৱেই গ্ৰন্থখনৰ মূল বিষয়বস্তু। উত্তৰকাশীৰ পৰা প্ৰায় ত্ৰিশ কিঃমিঃ দূৰৈৰ উত্তৰাখণ্ডৰ গাঢ়োৱাল ডিভিজনৰ অন্তৰ্গত সমুদ্ৰপৃষ্ঠৰ পৰা ১০৮০৪ ফুট উচ্চতাত যমুনোত্ৰী অৱস্থিত। ঋষিকেশৰ পৰা ১০১ কিঃমিঃ দূৰৈত উত্তৰকাশী জিলাত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ ঠাইখনৰ পৰাই যমুনা নদী প্ৰবাহিত হৈছে। একেদৰে গংগোত্ৰী হ'ল উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰেই ভাগিৰথীৰ পাৰৰ আন এখন তীৰ্থনগৰী। ইয়াৰ পৰা ১৮ কিঃমিঃ দূৰৈত অৱস্থিত গোমুখী হ'ল গংগোত্ৰী হিমপ্ৰবাহৰ উৎসস্থলী। ইয়াৰ পৰাই ভাগিৰথী গংগা বৈ আহিছে। সমুদ্ৰপৃষ্ঠৰ ১৩২০০ ফুট উচ্চতাত অৱস্থিত এই ৰহস্যময় তথা প্ৰকৃতি সুন্দৰী ঠাইখন প্ৰতিবছৰে অগণন ভক্তই ভ্ৰমণ কৰে, শংকু মহাৰাজৰ 'বিগলিত কৰুণা জাহ্নৱী যমুনা' নামৰ এই জনপ্ৰিয় ভ্ৰমণ কাহিনীখনৰ লেখকেও এই হিমশীতল, দুৰ্গম স্থানলৈ কৰা যাত্ৰাপথৰ বিপদসংকুল, শিহৰণকাৰী তথা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বিৱৰণ পাঠকৰ আগত অতি মনোৰমকৈ ডাঙি ধৰিছে।
যিমানেই কষ্টসাধ্য তথা বিপদসংকুল হ'লেও, গংগাৰ বিনন্দীয়া উৎস গোমুখীলৈ মানুহে অনাদিকালৰে পৰা আজিলৈ পুণ্য সঞ্চয়ৰ বাবে গৈ আছে। পিছে বৰফে ঢকা পথ প্ৰতি খোজে খোজে যেন মৃত্যুৱে হাত বাউলি আছে, এনেহে লাগে। ভিন্ন ভিন্ন সহযাত্ৰীৰ সাৱলীল চাৰিত্ৰিক বিবৰণ, হাঁড় কঁপোৱা শীত, হিমপ্ৰবাহৰ খহনীয়া ভৰা এই পথত কিদৰে সুমন নামৰ লাহী মৰমলগা যাত্ৰীগৰাকী, যি সহযাত্ৰাৰ বহু দীঘলীয়া পথ শাৰিৰীক অসুস্থতাৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিছিল; শেষৰফালে তাই নিজে খোজ কাঢ়ি ফুৰিব পৰা হৈছিল, কিন্তু অৱশেষত গংগোত্ৰী পাৰ হৈ গোমুখত চকুৰ পচাৰতে বিপদসংকূল বৰফৰ গহ্বৰত চিৰদিনলৈ নিঃচিহ্ন হৈ যোৱা হৃদয় বিদাৰক বৰ্ণনা......বুকুৰ মাজত আজীৱন কঢ়িয়াই ফুৰিম।
লেখকলৈ প্ৰণাম লগতে খুঁত নথকা অনুবাদকলৈ। তাৰ শিহৰণকাৰী দৃশ্যই প্ৰতিগৰাকী পাঠককে শিহৰিত কৰি ৰাখিব বুলি আমি ভাবো। গংগোত্ৰীৰ পৰাই লাঠিৰে ঠুকি ঠুকি ওঠৰ কিঃমিঃ এই দুৰ্গম পথছোৱা খোজকাঢ়ি চাৰিওফালে তুষাৰবৃত শৃংগৰ মাজেদি অঁকোৱা-পকোৱা পথেদি বহু হিমবাহ নিঃসৃত জলধাৰা পাৰ হৈ মুৰুলীধৰ নামৰ গাইডজনৰ সহায়ত আৰু স্বামীজী নামৰ বাবাজী এজনৰ সহযোগত গংগোত্ৰীৰ পৰা এই বিপদসংকুল পথেৰে খোজকাঢ়িয়েই অপৰূপ সৌন্দৰ্যৰ আঁকৰ গোমুখী পাইছিলগৈ তেওঁলোক। আনকি তাৰ পৰা উভতনি সময়ছোৱাতো হাঁড় কপোৱা বতাহ তথা বৰফৰ ঘনত্ব বাঢ়িয়ে আছিল। অন্তহীন বগাৰ মাজত ভগ্নদূতৰ দৰে থিয় হৈ আছিল শ্লেট পাহাৰ। এই বগাৰ অন্তহীন সীমাৰেখা কেতিয়াবা আছিল ভয়ংকৰী, কেতিয়াবা আছিল সৌন্দৰ্যময়ী। এজন মানুহহে পাৰ হ'ব পৰা ঠেক ৰাস্তাটোতেই আছে গভীৰ গাঁত আৰু খণ্ড-বিখণ্ড শিল, বালিৰ দ'ম। তাৰ মাজে খুপি খুপি মৃত্যুক হাতৰ মুঠিত লৈ আগবাঢ়ি যাব লাগে যাত্ৰীসকল। বহু সময়ত বৰফ পৰি পথৰ মাজৰ গাঁতবোৰ সমান হৈ থাকে, অসাৱধানবশতঃ বা তাক চিনিব নোৱাৰি তাত ভৰি দিলেই চিধাই মৃত্যু গহ্বৰতহে ভৰি দিয়া যেন হয় যাত্ৰীৰ, অৰ্থাৎ চিধাই অটল সমাধি নিশ্চিত। যাত্ৰীসকলৰ বহু সময়ত আঠুলৈকে একোবাৰ বৰফে পোট খাই থাকে, তথাপি জোৰেৰে ভৰিখন জাৰি জোকাৰি বৰফমুক্ত কৰি জীৱটো হাতত লৈ গোমুখীলৈ আগবাঢ়ে। বহুতৰে ঠাণ্ডাত হাত ভৰি জঠৰ হয়, বিভিন্ন আঘাটত জৰ্জৰিত হৈ খোৰাই খোৰাই হ’লেও মনৰ উৎসাহত আগবাঢ়িব লগা হয়। সেয়েহে গ্ৰন্থখনৰ আৰম্ভনিতে লেখকে প্ৰকাশ কৰিছে: "গোমুখীলৈ গ'লে মানুহ উভতি নাহে।".....আনকি ধাৰাছুৰ বাটতেইতো লাগি আছে অলেখ দুৰ্ঘটনা। কেইদিনমান আগতে পাহাৰ খহি পৰি যাত্ৰী বোজাই বাছ এখন চুৰমাৰ হৈ গৈছিল। পিছমুহূৰ্ততে আকৌ লেখকে কৈছে: "প্ৰকৃতিৰ ঐশ্বৰ্য আহৰণ কৰিবলৈ হ'লে প্ৰকৃতিক মূল্য দিবই লাগিব।"
জীৱন আৰু মৃত্যুৰ এক অপূৰ্ব সৌন্দৰ্য-সমলয় 'বিগলিত কৰুণা জাহ্নৱী যমুনা'ৰ মনোমোহা বৰ্ণনা পঢ়ি মুগ্ধ নোহোৱা মানুহ নিশ্চয় কোনো নোলাব। অনুবাদ অতিকৈ নিখুঁত তথা মসৃণ। একে নামৰ আধাৰত হীৰেণ নাগৰ পৰিচালনাত ১৯৭২ চনত বেংগলী ভাষাত বোলছবিৰ ৰূপ পায়।
অসমীয়া অনুবাদ: খগেন্দ্ৰনাৰায়ণ দত্তবৰুবা
প্ৰকাশক: লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী।
১ম প্ৰকাশ ১৯৬২ চন।
আগ্ৰহী পাঠক সকলে AMAZON.IN ৰ যোগেদি কিনিব পাৰিব।
মূল্য: ১৮০ টকা মাত্ৰ।
৺৺৺৺৺৺৺৺৺৺



Comments