top of page
  • Black Facebook Icon
  • Black Instagram Icon

গ্ৰন্থ পৰিচয়: "নাং-ফা"

  • Writer: চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
    চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
  • Apr 12
  • 2 min read
গ্ৰন্থ--- নাং-ফা (ঐতিহাসিক উপন্যাস)                লিখক পৰিচয়- - জুৰী বৰা বৰগোহাঞি
গ্ৰন্থ--- নাং-ফা (ঐতিহাসিক উপন্যাস) লিখক পৰিচয়- - জুৰী বৰা বৰগোহাঞি

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী


 

স্কুলীয়া সময়ৰ পৰাই বাতৰি-কাকত, আলোচনী আদিত বিভিন্ন ধৰণৰ লেখাৰে একাংশ পাঠকৰ সুপৰিচিত হৈ আহিলেও শেহতীয়া ভাৱে জুৰী বৰা বৰগোহাঞি এগৰাকী ঔপন্যাসিকা হিচাপে বেছি সমাদাৰ লাভ কৰিছে।

 

গল্পকাৰ হিচাপেও পৰিচিত জুৰী বৰা বৰগোহাঞিৰ অনান্য আলোচনী আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে গল্প, সমিধান সফুৰা, মনণশীল সমাজৰ সাহিত্য- সংস্কৃতি ইত্যাদি ভিন্ন কাৰ্যসূচী প্ৰচাৰ আৰু প্ৰসাৰ হৈ আহিছে।

 

জুৰী বৰা বৰগোহাঞিয়ে সাময়িকভাৱে বহু কেইখন বাতৰি কাকতত সংবাদ সেৱাও আগবঢ়াইছিল। তেওঁৰ প্ৰথম উপন্যাস "ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী”,   দ্বিতীয় উপন্যাস "আপোনজনৰ ঠিকনা", তৃতীয় উপন্যাস "অভিলাসী যাত্ৰা", চতুৰ্থ উপন্যাস "নিৰুদৃষ্ট প্ৰেমিক জনৰ সন্ধানত" আৰু পঞ্চম উপন্যাস "ৰাগ ইমন" ৰ পিছৰ নাং-ফা নামৰ উপন্যাসখন ।

 

সুলেখিকা জুৰী বৰা বৰগোহাঞিৰ নাং-ফা নামৰ উপন্যাসখন প্ৰথম বাৰ ২০১০চনত প্ৰকাশ পাইছিল। বনলতা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই উপন্যাসখন পঢ়ি নিজে বহু উপকৃত হোৱাৰ বাবে আনেও যাতে ইয়াৰ বুৰঞ্জী তথা সেই সময়ৰ সামাজিক অৱস্থিতিৰ ৰস পান কৰি আনন্দ লভিব পাৰে সেয়ে কিতাপখন নপঢ়া সকলৰ বাবে পৰিচয় কৰাই দিব খুজিছোঁ।

 

নাং-ফা শব্দটো তাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ ৰাজকুমাৰী। নাং-ফা শব্দটো যিহেতু চিনাকি নহয়, সেয়ে পঢ়িবলৈ লৈহে গম পাইছিলোঁ কিতাপখন সতী জয়মতীৰ জীৱনৰ ওপৰত ভিত্তি কৰি লিখা এখন  বুৰঞ্জীগত তাৎপৰ্যৰে ভৰপূৰ হৈ থকা উপন্যাস। জয়মতীৰ জীৱনৰ ওপৰত ভিত্তি কৰি লিখা বহু কাহিনী পঢ়িছোঁ যদিও শৈশৱ, কৈশোৰ, যৌৱনে গৰকা জয়মতী, ৰাজনীতিৰ বিচক্ষণ জ্ঞানেৰে পৰিপুষ্টা জয়মতীক জুৰী বৰা বৰগোহাঞিয়ে সাধাৰণ গাঁৱলীয়া সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰীৰ দৰে এনে মনোগ্ৰাহীকৈ উপন্যাসখনত উপস্থাপন কৰিছে যাৰ ফলত সকলোৰে কাৰণে এইখন এখন ভাল লগা উপন্যাস হৈ উঠিছে।

 

ঘৰৰ চোতালৰ পৰা যুদ্ধক্ষেত্ৰলৈ, একে ৰাতিতে কৱচ কাপোৰখন বৈ উলিওৱালৈ অসমীয়া জীয়ৰী সকলো কামতে নিপুন । বিয়াৰ পিছত দুয়োখন ঘৰৰে সুচিন্তা তথা মংগলৰ কাৰণে প্ৰাৰ্থনা কৰা সাধৰণ অসমীয়া মহিলা জয়মতী ৰাজনীতি বিষয়তো সমানে জ্ঞানী।

 

লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ বলি হ'ব নিদি ঘৰৰ, ৰাজ্যৰ, নৰিয়াত পৰি থকা গদাপানিৰ মাক (শাহুৱেক) ৰ, দুটি এমা-ডিমা সন্তানৰ সকলো দায়িত্ব গৰ্ভৱতী জয়মতীয়ে নিজে মূৰ পাতি লৈ ৰাতিয়ে স্বামী গদাপাণিক পলুৱাই পঠিওৱা বিৱৰণসমূহ পঢ়িলে ঔপন্যাসিকাই বুৰঞ্জীৰ পৰা কিমান কষ্টেৰে উপাদান বা সমল সমূহ সংগ্ৰহ কৰিছে তাৰে উমান পোৱা যায়।

 

পাঠকে উপন্যাসখনৰ মাজেৰে নাৰীৰ শক্তিশালী, সাহসী, ত্যাগী আটাইকেইটা গুণেৰে সমৃদ্ধিশালী জয়মতীক ৰাজষিকভাৱে নহয় একেবাৰে সাধাৰণ অসমীয়া নাৰী হিচাপে লগ পোৱা বাবে এইখনক বুৰঞ্জীমূলক উপন্যাসৰ লগতে সামাজিক উপন্যাস বুলিও ক'ব পৰা হৈছে।

 

৺৺৺৺৺৺৺৺


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page