সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য
- নিবেদিতা শৰ্মা, যোৰহাট

- Jul 13
- 2 min read

নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট
অসমৰ এগৰাকী খ্যাতি সম্পন্ন কবি হীৰেন ভট্টাচাৰ্যদেৱৰ জন্ম হয় ১৯৩২ চনৰ ২৮ জুলাই মাহত, সাংস্কৃতিক নগৰী যোৰহাটত। তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য।
অসমীয়া সাহিত্য জগতৰ অত্যন্ত জনপ্ৰিয় আৰু কালজয়ী কবি ভট্টাচাৰ্যদেৱ 'হীৰুদা' আৰু 'সুগন্ধি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য পখিলাৰ কবি' বুলি জনাজাত হোৱাৰ উপৰিও তেখেত 'প্ৰেম আৰু ৰ'দালিৰ কবি' হিচাপেও পৰিচিত। হীৰুদাই প্ৰেম, প্ৰকৃতি আৰু মানবীয় অনুভূতিৰে, সুৱদী বৰ্ণনাৰে অসমীয়া কাব্য সাহিত্য চহকী কৰি গৈছে।
১৯৯২ চনত তেখেতে 'শইচৰ পথাৰ মানুহ' কাব্যগ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অসমীয়া আৰু বাংলা মিলি তেখেতে মুঠ তেৰখন কাব্যগ্ৰন্থ প্ৰকাশ কৰিছিল। 'সুগন্ধি পখিলা' কাব্য গ্ৰন্থখন তেখেতৰ ইতিপূৰ্বে প্ৰকাশিত কবিতাৰ কবিৰ দ্বাৰাই পুনৰ নিৰ্বাচিত কবিতা। ইয়াৰ উপৰি তিনিখন শিশু পাঠ্যপুথি প্ৰকাশ কৰি শিশু সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে।
তেখেতৰ কবিতাত স্বদেশৰ প্ৰতি গভীৰ ভালপোৱা, সৰলতা আৰু জীৱনবোধৰ সুন্দৰ বৰ্ণনা দেখা পোৱা যায়। সজীৱ শক্তিশালী শব্দ চয়নেৰে তেখেতে গ্ৰাম্যজীৱনৰ নিখুঁত ছবি চিত্ৰণ কৰিব পাৰে, সেয়া হ'ল তেখেতৰ কবিতাৰ বৈশিষ্ট্য।
কবি হিচাপে খ্যাতিমান হোৱাৰ উপৰিও তেখেত এজন মহান গীতিকাৰ। বহু জনপ্ৰিয় গায়কে তেখেতৰ গান সুৰেৰে কন্ঠ নিগৰাই গৈছে। জুবিন গাৰ্গৰ 'গানে কি আনে', 'বকুল ফুলৰ দৰে', 'হেৰ’ বাঁহী' আদি গানবোৰ অসমৰ শ্ৰোতাৰ হৃদয়ত শিপাই আছে। সেইদৰে লোকনাথ গোস্বামীদেৱে গোৱা 'আমোলমোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোৱাৰিচোন' গানটোও শ্ৰোতাৰ মাজত অধিক জনপ্ৰিয়।
এইজনা স্বনামধন্য কবিয়ে ২০১২ চনৰ ৪ জুলাইত গুৱাহাটীত ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ এমুঠি কবিতাৰে শ্ৰদ্ধা নিবেদন কৰিলোঁ…..
১) ৰৌদ্ৰকামনা : ৰচনা কাল ১৯৫৭ চন
উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি।
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি!
২) মোৰ দেশ : ৰচনা কাল ১৯৬২চন
শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছোঁ…
ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।
আৰুতো মোৰ একো নাই!
মোৰ দেশ-- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ,
আদৰ্শৰ কঠিন পৰ্বত মূললৈ…
৩) সময় : ৰচনা কাল ১৯৬৬ চন
সময়।
অশ্ৰু -টলমল চিতাভস্মৰ
স্তূপৰ মাজেৰে
জঁপিয়াই আহে ভয়াল ক্ষিপ্ত বাঘ।
থৌকি -বাথৌ হৃদয়ে -হৃদয়ে
হেন্দোলনি তোলে
তেজৰ দ্ৰুত প্ৰৱাহ।
৪) বসন্তৰ স্তৱক : ৰচনা কাল ১৯৬৮ চন
এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল।
৫) এজোপা গোলাপ : ৰচনা কাল ১৯৬৯ চন
এন্ধাৰে-এন্ধাৰে
এটি জোনাকী
উৰি আহি
মোৰ বুকুত শুলে
তোমাৰ কথা ভাৱিলে
আকাশত নিৰলে
এটি তৰাফুল ফুলে
মোৰ বুকুত
এজোপা গোলাপ কোনে ৰুলে?
৬) লখিমী : ৰচনা কাল ১৯৬৯ চন
মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো।
এতিয়া মোক ঘৰলৈ যাবলৈ দিয়া।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি ল'ৰা এটা হ'লে
ভাল হয় বৰ।
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা।
৭) আকৌ বিষ্ণু ৰাভাৰ বিয়োগত লিখিছিল, ‘মোৰ আইৰ দুচকু’ : ৰচনা কাল ১৯৬৯ চন
চকুৰ পানীৰে
ভৰি উঠে আইৰ দুচকু।
এতিয়া কি স'তে
মই ঘৰলৈ উভতো?
তোমাৰ সেই গৰ্বিত বুকু
ৰঙা পতাকাৰে ঢাকি থ'লো
সাগৰ -স্পন্দিত দেহ
কান্ধত তুলি ল'লো
এতিয়া কি স'তে
মই ঘৰলৈ উভতো?
৮) কৰুণ হাত : ৰচনা কাল ১৯৭০ চন
মই সুধিছিলো
দেৱতাৰ মন্দিৰৰ বাট কেনি?
তাই আগবঢ়াই দিলে
চকুলোৰে সেমেকা হাতখনি।
৯) ভোগালি : ৰচনা কাল ১৯৭১চন
তুমিতো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথো কামিজ
তাৰো ছিগো-ছিগো চিলাই
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়।
১৯৭১ চনৰ পৰা ৭৪ চনলৈ ‘জোনাকী মন’ নাম দি ৬৪টা কবিতা লিখিছিল। তাৰে দুটা কবিতা আগবঢ়ালোঁ…..
১০) জোনাকী মন….(৪)
হাতৰ মুঠিতেই ভাল
মেলি দিলেই উৰি যায়
স্মৃতিৰ ৰঙীন ৰুমাল
মোৰ চিৰদিন, চিৰকাল।
জোনাকী মন….(৯)
বৰ যতনেৰে এটা ফুলৰ গুটি
তাইৰ চকুত থ'লো।
গছজোপা গজা নাই, বুকুখন দাঙি শিপাডাল পালো।
***********



Comments