top of page
  • Black Facebook Icon
  • Black Instagram Icon

গ্ৰন্থ আলোচনা : 'বুদ্ধজায়া'

Writer: নিবেদিতা শৰ্মা, যোৰহাট
নিবেদিতা শৰ্মা, যোৰহাট
5 days ago
2 min read

নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট


ইতিহাসত উপেক্ষিত বুদ্ধপত্নী যশোধৰা গোপাৰ জীৱনৰ আধাৰত ঐতিহাসিক তথ্যৰ আলমত এই উপন্যাসখনৰ কাহিনীভাগ ঔপন্যাসিক শ্ৰীমতী গীতালি বৰাই সুন্দৰকৈ বৰ্ণনা কৰিছে।

   

শ্ৰীমতী গীতালি বৰাৰ ‘বুদ্ধজায়া’ উপন্যাসখন মূলতঃ ইতিহাস আৰু কল্পনাৰ সংমিশ্ৰণেৰে গঢ়া এক নাৰীকেন্দ্ৰিক আখ্যান। ‘বুদ্ধজায়া’ অসমীয়া উপন্যাস সাহিত্যৰ এক ব্যতিক্ৰমী সৃষ্টি। ২০১৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত এই উপন্যাসখন লেখিকাৰ প্ৰথম উপন্যাস।

 

এই উপন্যাসৰ বাবে তেওঁ লাভ কৰিছে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান। 'বুদ্ধজায়া'ৰ বাংলা অনুবাদ প্ৰকাশ পাইছে বাংলাদেশৰ পৰা।

 

গীতালি বৰা প্ৰায় দুই দশকতকৈও অধিক কাল অসমৰ সাংবাদিকতা আৰু সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত। ইতিমধ্যে তেওঁৰ কেইবাখনো উপন্যাস, সাতখন গল্প সংকলন আৰু এখন কাব্য সংকলন প্ৰকাশ হৈছে। গল্পৰ বাবে মুনীন বৰকটকী বঁটা আৰু হোমেন বৰগোহাঞি সাহিত্য বঁটা তেওঁ লাভ কৰিছে। 

 

মুখবন্ধত তেখেতে লিখিছে এনেদৰে, "কিংবদন্তি, পুৰাকথা, ইতিহাস আৰু সাধুকথাৰ উপেক্ষিত যেন লগা নাৰী চৰিত্ৰসমূহৰ প্ৰতি মোৰ সদায়ে অপাৰ কৌতুহল আছিল।" গৌতম বুদ্ধৰ পত্নী ইতিহাসত উপেক্ষিতা যশোধৰা (গোপা) সম্পৰ্কেও তেওঁৰ জিজ্ঞাসা আছিল। তাৰ ফলত আগবঢ়া এক আন্তৰিক আৰু ঐকান্তিক অন্বেষণৰ পৰিণতি এই উপন্যাস - 'বুদ্ধজায়া'।

 

বৌদ্ধ ধৰ্মগ্ৰন্থসমূহতো তেওঁৰ জীৱন সম্পৰ্কে সামান্য তথ্যহে পোৱা যায়। গ্ৰন্থ লেখকে লিখিছে, "বুদ্ধজায়াত সেই তথ্যসমূহহে গ্ৰহণ কৰা হৈছে, যি সত্যৰ আলমত কল্পনাৰে নিৰ্মাণ কৰা এক নাৰী চৰিত্ৰৰ মাজেৰে যুগান্তৰৰ এছোৱা সময়ক উন্মোচন কৰোঁতে সহায়ক হ’ব পাৰে।"

 

গীতালি বৰাই লিখিছে, "মোৰ অনুৰোধ, 'বুদ্ধজায়া'ত কোনেও যাতে ইতিহাস-সত্যৰ সন্ধান নকৰে। আক্ষৰিক অৰ্থতে 'বুদ্ধজায়া' এখন উপন্যাস। এই কল্প-কাহিনীত ধৰ্ম সম্পৰ্কীয় তথ্যসমূহৰ বাদে সঁচা চৰিত্ৰসমূহতো কল্পনাৰ ৰং লাগিছে। কিন্তু ভৌগোলিক, ৰাজনৈতিক আৰু সমাজ -পৰম্পৰাৰ তথ্যসমূহ যথাসম্ভৱ অবিকৃত ৰূপত ৰখা হৈছে।"

 

গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ ২০১৫ চনৰ ডিচেম্বৰত। আমি যোৰহাট গ্ৰন্থমেলাৰ পৰা ক্ৰয় কৰিছিলোঁ ২০১৬ চনৰ ১০ ডিচেম্বৰত। অথচ কেইবছৰমান পলমকৈহে এই কিতাপখন পঢ়িলো, নিজৰ পুথিভঁৰালৰ পৰা। গীতালি বৰাৰ উপন্যাস 'বাসনাহীনা' পঢ়াৰ পাছত 'বুদ্ধজায়া' পঢ়িবলৈ আগ্ৰহ আৰু বেছি বাঢ়িল। কবিতা, ছবি, গান এই তিনটা শিল্পকৰ্মৰ সমাহাৰ ঘটা ‘ফ্ৰিজিডিটি'ক লৈ লিখা সুন্দৰ উপন্যাসখনৰ কথা নিশ্চয় বহুতো পাঠক জ্ঞাত।

 

উপন্যাসখনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে — ই গৌতম বুদ্ধৰ জীৱনক কেন্দ্ৰ কৰি লিখা সাধাৰণ জীৱনীমূলক উপন্যাস নহয়।ইয়াত বুদ্ধক কেৱল ‘ধৰ্মগুৰু’ বা  ‘মহামানৱ’ হিচাপে নহয়,  এগৰাকী মানুহ হিচাপেও চোৱা হৈছে — যিজন প্ৰশ্নৰ ঊৰ্ধ্বত নহয়, ত্ৰুটিৰ ঊৰ্ধ্বতো নহয়।এই মানৱীয় দৃষ্টিভংগীয়েই চৰিত্ৰটোক পৌৰাণিক মহিমাৰ আৱৰণৰ পৰা লিখকে উলিয়াই আনে আৰু পাঠকক তেওঁৰ সিদ্ধান্তৰ মানৱীয় পৰিণতিৰ মুখামুখি কৰায়। 

 

কিতাপখন সকলোৰে পঢ়ি ভাল লাগিব বুলি ভাবোঁ। গ্ৰন্থখনত থকা স্থানসমূহ বিভিন্ন সময়ত নিজ চকুৰে দৰ্শন কৰাৰ বাবেও মোৰ বহুত ভাল লাগিল।

 

কিতাপখনৰ ISBN নম্বৰ হ'ল: 978-93-85934-02-5

প্ৰকাশক: আঁক-বাক, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা প্ৰকাশিত আৰু আঙ্গিক প্ৰেছ, আমবাৰী, গুৱাহাটী-১ত মুদ্ৰিত। 

কিতাপখনৰ মূল্য: ২৯৯ টকা।

প্ৰথম প্ৰকাশ: ২০১৫ চনৰ ডিচেম্বৰত।

 

**********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page