top of page
  • Black Facebook Icon
  • Black Instagram Icon

পিতৃৰ দৃষ্টিত জুবিন

  • Writer: নিবেদিতা শৰ্মা, যোৰহাট
    নিবেদিতা শৰ্মা, যোৰহাট
  • Jan 9
  • 4 min read

নিবেদিতা শৰ্মা, যোৰহাট


"পিতৃৰ দৃষ্টিত জুবিন" নামৰ ডিচেম্বৰ-২০১১ ত প্ৰকাশ পোৱা গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে জুবিনৰ দেউতাক শ্ৰীযুত কপিল ঠাকুৰ । প্ৰকাশক- ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, পানবজাৰ,গুৱাহাটী।

 

কেইবা দশক জুৰি নীৰৱে সাহিত্য সাধনা কৰি অহা শ্ৰীযুত কপিল ঠাকুৰদেৱে কিতাপখনৰ পাতনিত শ্ৰদ্ধেয় পাঠক সমাজলৈ উদ্দেশ্যে কৰি লিখিছে….

"নিশ্চয় চিন্তাত পৰিলোঁ। ক'ৰ পৰা আৰম্ভ কৰিম? কেনেকৈ আৰম্ভ কৰিম? পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ অভিনৱ কথা এই প্ৰথম শুনিলোঁ। পুত্ৰই পিতৃৰ গ্ৰন্থ উন্মোচন কৰাও প্ৰথম শুনি অবাক হৈছিলোঁ।“ (এই লেখকৰ নতুন কবিতা পুথি 'কল্পতৰু বৰ্ণমালা' জুবিনে উন্মোচন কৰিছিল ডিচেম্বৰ-২০০৯ ত গুৱাহাটী প্ৰেছ ক্লাবত)। উপৰোক্ত দুয়োটা ঘটনাই সম্ভৱ হ'ল  “চন্দ্ৰ প্ৰকাশন”ৰ সৌজন্যত। হয়তো পৃথিৱীত অন্য ক'তো এনে হোৱা নাই। আমাৰ জনাত নাই।"

 

কিতাপখনত জুবিনৰ জীৱনৰ ৩৯ টা বছৰৰ কথা লিখা আছে (২০১১চনলৈকে)। পুত্ৰৰ জীৱনৰ কথা লিখিবলৈ হ'লে যে পিতৃৰ জীৱন, পটভূমি আৰু সময়ৰ স্পষ্ট প্ৰকাশৰ আৱশ্যক, সেইকথা উনুকিয়াই দি তেখেতে কিতাপখনত প্ৰয়োজন সাপেক্ষে একাধিক তথ্য আৰু বৰ্ণনাৰ উদ্ধৃতি তুলি ধৰিছে।

 

শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ তামুলিছিগা গাঁৱৰ পৰা শিৱসাগৰ জিলাৰ শেষ ৰেলষ্টেচন বৰহাটৰ বৰ্ণনাৰে আহি শিক্ষা আৰু চাকৰিৰ সন্ধানত যোৰহাট পোৱাৰ কথা কপিল ঠাকুৰদেৱে বৰ সুন্দৰকৈ লিখিছে। যোৰহাটৰ পৰা গাৰো পাহাৰৰ তুৰালৈ চাকৰিৰ বাবে আহে। সেইবছৰৰে দূৰ্গা পূজাত জুবিনৰ মাতৃ ইলি অধ্যাপকক বিয়া কৰে মাত্ৰ চৌবিশ বছৰ বয়সতে।

 

১৯৭২ চনৰ নবেম্বৰ মাহৰ ১৮ তাৰিখে ঢল পুৱাতে তুৰাৰ চিভিল হাস্পতালত জুবিন গাৰ্গৰ জন্ম হৈছিল। দেউতাকৰ প্ৰিয় সংগীতকাৰ জুবিন মেহতাৰ নাম অনুসৰি কণমানিটিৰ নাম “জুবিন” ৰখা হ'ল। পাছত প্ৰৱেশিকা পৰীক্ষাৰ সময়ত গোত্ৰ নাম “গাৰ্গ” তেওঁ নিজেই নামৰ লগত যোগ দি ল'লে।

 

জুবিনৰ দুগৰাকী ভনিয়েক- এগৰাকী হ'ল জঙ্কি আৰু আনগৰাকী মমন (পামী)। এই পৃথিবীৰ পৰা অকালতে হেৰাই যোৱা সুকন্ঠী গায়িকা আৰু অভিনয় শিল্পী জঙ্কিৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱাৰ কথা আৰু মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰৰ কথা গ্ৰন্থখনত সবিস্তাৰে আছে।

জুবিন গাৰ্গৰ বিষয়ে ক’বলৈ গৈ পিতৃয়ে গ্ৰন্থৰ এঠাইত লিখিছে "তেওঁ সকলোখিনি মাতৃভক্তি আৰু মৰম গুপুতে গুপুতে গীতটোত ঢালি দিছিল--

"গুপুতে গুপুতে অকলে এৰি থৈ ক’তেনো থাকাগৈ তুমি--

চকু মেলা, সাৰ পোৱা, মোলে চোৱা---"

 

ইয়াৰ পিচত তেখেতে তেজপুৰ, যোৰহাট, কৰিমগঞ্জ, বিজনীত থকা সময়ৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে। বিজনীৰ পৰা তামোলপুৰলৈ বদলি হৈ আহি দেউতাকৰ চৰকাৰী বাসভৱনতে এটি মিনি জু খুলি লৈ তাতে হৰিণা, এটা বাঘ পোৱালি, হাইঠা, বনৰীয়া চৰাই আৰু ভূটীয়া কুকুৰ পুহিছিলে। তামোলপুৰলৈ  বদলি হৈ আহোতে তেওঁলোকে সৰুৰে পৰা ডাঙৰ কৰা পূৰ্ণবয়স্ক ময়ুৰ এটা অতিকায় হোৱাৰ বাবে ময়ুৰটো বিজনীৰ শিৱ মন্দিৰত গতাই থৈ অহাৰ কথা উল্লেখ কৰিছে।

 

কপিল ঠাকুৰে গ্ৰন্থখনত লিখিছে, "জুবিনৰ বেছি গানেই গাঁও আৰু চহৰ জীৱনৰ কথকতা। সুৰতো সেয়ে ঠায়ে ঠায়ে পশ্চিমীয়া সংগীতৰ প্ৰভাৱ আছে। কিন্তু তেওঁৰ সৃষ্টিৰ শিপাই অসমকে খামুচি ধৰি আছে। অসম মানে আগৰ বৃহত্তৰ অসম। সৰ্বাধিক ভাষাৰ গীত নিজ কন্ঠত বাণীবদ্ধ কৰা শিল্পীজনেই হ'ল জুবিন গাৰ্গ।"

 

গ্ৰন্থখনত দেউতাকে লিখিছে, “জুবিনে ফিল্ম ফেয়াৰ এৱাৰ্ড, স্বয়ং ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লৈ আহিও ইয়াত একো কথা কোৱাহি নাই। মাথোঁ সুধিলে কয়, ’অ প্ৰাইজটো লৈ আহিলোঁ।‘ বচ সিমানেই, তেওঁৰ চিন্তাত কিবা আধ্যাত্মিক ভাৱ আছেনে নাই ক'ব নোৱাৰো। সেই বিষয়ে কোনোদিন কথা  পতাও নাই। কিন্তু মই বুজিছো তেওঁ গীতাৰ ‘কৰ্মত অধিকাৰ ফলত নহয়’ ---এই নীতি কায়মনোবাক্যে অনুসৰণ কৰে।“

 

প্ৰকৃতি প্ৰমী, সমাজ সচেতন, ৰাইজৰ বাবে কিবা এটা কৰাৰ মন থকা জুবিনৰ কথা দেউতাকে লিখিছিল--"জুবিনক লৈ আমাৰ কল্পনা অসীম।"

এই গ্ৰন্থখনত কপিল ঠাকুৰে জুবিনক বিভিন্নজনে বিভিন্ন সময়ত দিয়া মন্তব্যবোৰ লিখিছে---

 

হীৰুদাৰ মতে "সংগীত জগতত জুবিন এক জোকাৰণি। তেওঁ অসমীয়া গানৰ ট্ৰেণ্ডটো সলনি কৰি দিলে। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নিসন্দেহে।"

 

তফজ্জুল আলীৰ গীতটোৰ দৰে "খেয়ালী মোৰ মনৰ আকাশ, ক্ষণে ক্ষণে বৰণ সলায়--" জুবিনো বৰ খেয়ালী। জুবিনে গীতৰ শব্দত, সুৰত বা সকলোতে বেলেগ কিবা বিচাৰি ফুৰে । অভিমানী জুবিন কেতিয়াবা আত্ম মগন, কেতিয়াবা অন্যমনস্ক।

 

ড°ভবেন্দ্ৰনাথ শইকীয়াই এবাৰ জুবিনক কৈছিল "তুমি বৰ উচ্চাংগ সুৰত গোৱা, তোমাৰ গানবোৰ গুণগুণাবলৈ অসুবিধা।"

জুবিন এদিনতে হোৱা শিল্পী নহয়। বহুত ধুমুহা অতিক্ৰম কৰিছে জুবিনে। "ধুমুহাৰ সতে মোৰ বহুযুগৰে নাচোন" শীৰ্ষক গীতটোৱে সেই তপত চকুলোৰ কথাকে দোহাৰে।

শেষত আকৌ হীৰুদাৰ মৰমৰ প্ৰকাশৰ কথা দেউতাকে কিতাপখনত উল্লেখ কৰিছে। হীৰুদাই লিখিছিল--

"গানৰ জুবিন

গান গাই থাকক চিৰদিন।"


'কৰ্ম আৰু নিষ্ঠাই' জুবিনৰ জীৱন দৰ্শন। সেয়ে হয়তো জুবিনে দিনটোৰ সোতৰ-ওঠৰ ঘন্টা কামতেই ব্যস্ত থাকি ভাল পায়। কামত থকা সময়খিনিত তেওঁ হয়তো নিজকে সম্পূৰ্ণ পাহৰি যায়। দিনতকৈ ৰাতি তেওঁ কাম কৰি বেছি ভাল পায় বুলি লিখি কৈছে--"ৰাতিৰ নিৰ্জনতাই হেনো বিচাৰি পায় সকলো শব্দৰ আধাৰ।" আকৌ এঠাইত দেউতাকে লিখিছে--

 "জুবিনে মই লিখা গান দুটাহে শ্ৰোতাৰ আগত (২০১১ চনলৈকে ) গাইছে। মায়া কেছেটত "জোনাক গলা জাৰৰ নিশা আৰু যোৰহাটৰ আকাশবাণীত "কাজল বৰণী হৰিণী" নাম গীতটি।

 

জুবিনে নিজৰ ল'ৰালি কালৰ প্ৰতি, গাঁৱৰ প্ৰতি থকা আদৰ বহুকেইটা গানত শক্তিশালী ভাৱে ফুটি উঠাৰ কথা বৰ্ণনা কৰি কৈছে—“পাখি কেছেটৰ শীৰ্ষক গানটো ‘পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যা উৰি’ শুনি শ্ৰোতাই একাত্ম নহৈ নোৱাৰিলে। ভগ্নীহাৰা 'শিশু'ৱেও আমাক কন্দুৱালে।“

তেওঁ লিখিছে--

জুবিনৰ কবিতা পুথি, “শব্দ অনুভূতি”ত এফাকি কবিতা আছে----

“শেষ বুলিলেইতো শেষ নহয়

আকৌ আৰম্ভ হয়

শেষ নহয়---“

এনেদৰে তেওঁ জুবিনৰ দুটা সম্পূৰ্ণ কবিতা সংযোজন কৰিছে।

 

জুবিনৰ কথা দেউতাকে লিখিছিল এনেদৰে "তেওঁৰ সংগীতময় জীৱনৰ প্ৰথমৰ পৰাই লক্ষ্য কৰিছিলোঁ, তেওঁৰ নিৰহংকাৰী স্বভাৱৰ। নিজৰ সফলতা বা কীৰ্তিৰ বিষয়ে কেতিয়াও কথা নাপাতে। অসংখ্য গানৰ স্ৰষ্টা হৈও তেওঁ কোনোদিন, কেতিয়াও কাকো সেই গানবোৰৰ বিষয়ে নোসোধে। গানৰ বিষয়ে কাৰোৰে পৰা মতামত নিবিচাৰে।"

 

গ্ৰন্থখনত পত্নী গৰিমাৰ লগতো জুবিনৰ মধুৰ সম্পৰ্কৰ কথা বহুলাই লিখিছে। ---"গৰিমা জুবিনৰ দুখৰ দিনৰ লখিমী” বুলি উল্লেখ কৰি মাক আৰু ভনীয়েকক হেৰুৱাই মৰ্মন্তুদ বেদনা পোৱা জুবিনক সদা-সৰ্বদা সংগ দি জীপাল কৰি ৰাখিবলৈ গৰিমাৰ চেষ্টা আৰু কষ্টৰ যে অন্ত নাই সেই কথা বৰ সুন্দৰকৈ লিখিছে। তেখেতে আৰু লিখিছে--"এতিয়া আমি গৰিমাৰ বিষয়ে দুষাৰ লিখিব লাগিব। অপাৰ ধৈৰ্য আৰু কৰ্ম পটুতাৰ এই ছোৱালীজনী যিকোনো গৃহতে শোভায়। তেওঁ গোলাঘাটৰ শান্তিপুৰৰ শ্ৰী সুৰেন্দ্ৰ নাথ শইকীয়া আৰু শ্ৰীমতী ৰুণুমী শইকীয়াৰ একমাত্ৰ জীয়ৰী। অগ্নিক সাক্ষী কৰি হৈ পৰিল জুবিনৰ ছাঁ--দিবা নিশে। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰিধাৰী গৰিমা আছিল ৰাজ্যিক পৰ্যায়ৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। বৰ্তমান তেওঁ এগৰাকী সফল ফেশ্বন ডিজাইনাৰ। দেশে বিদেশে তেওঁৰ তৈয়াৰী আৰু ডিজাইন কৰা কাপোৰৰ প্ৰদৰ্শনী আৰু বিপণী পাতিছে। জুবিনে পিন্ধা বহু কাপোৰ গৰিমাই ডিজাইন আৰু তৈয়াৰী কৰা----।"

 

দেউতাকে অভিনেতা, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, গায়ক, কবি জুবিনৰ বৰ্ণিল সময়বোৰৰ সকলো দিশ সামৰি লিখা কিতাপখন মোৰ বাবে সদায় প্ৰিয়।


আপোনালোকেও পালে পঢ়িব বুলি আশা কৰিলোঁ।


############



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page