কাৰ কি ভবা-গুণা

Updated: Oct 3, 2024

সুনীল কুমাৰ শইকীয়া
দিচৈ নগৰ, যোৰহাট
জীৱ-জন্তু বিলাকে কেনেকৈ
কৰি আছে ভবা-গুণা
মৰমৰ অকণি মখাই
কাণ পাতি পাতি শুনা।
পাতিহাঁহৰ চিন্তা হ'ল
ৰাজহংসক দেখি,
এখোজ-দুখোজকৈ গৈ থকা
খোজবোৰ লেখি লেখি।
হাতীটোৱে ৰৈ ৰৈ ভাবিলে
মাখিটো কিয়নো সৰু
এবছৰে শেষ কৰি খাব
পাৰিবনে ভাত চৰু?
শিয়ালে পেটে পেটে গুণিলে
কথাষাৰ জানো হয়
মানুহে হাঁহৰ ওপৰত
মোক ৰজা বুলি কয়।
গাঁতত বহি নেউলদেৱে
নেউলদেৱীক ক'লে
কেৰ্কেটুৱাই বদনাম দি
গছৰ তামোল খালে।
ভতুৱাই ক'লে গৃহস্থৰ
দুৱাৰ মুখত পৰি
পাকঘৰত গৈ মাছ খায়
মেকুৰীয়ে আগধৰি।
মেকুৰীয়ে যাওঁতে চেঁকুৰি
কৈ থৈ যায় হাঁহি হাঁহি,
তইনো কি বুজিবি ভলুকা
মই যে বাঘৰ মাহী।
কোৱাই ক'লে কুলিও ক'লা
অমিল হে মাত-কথা
মোক মানুহে ভাল নেপায়
কুলিলৈহে ৰাখে বেথা।
পেটৰ গাখীৰ গৃহস্থক
গাইজনীয়ে দি দিয়ে
মা কি কৰিলা বুলি পোৱালীয়ে
অৱশিষ্টকণ পিয়ে।
বান্দৰে ক'লে ডালত বহি
আমি মানুহৰ আধা
চিন্তা-চৰ্চাৰ অভাৱ মাথোঁ
কাম-কাজতহে বাধা।
সবাৰো শেষত সৰুধনে
ক'লে কথাবোৰ শুনি
ইহঁতৰ পৰাই আমিও
শিক্ষা লওঁ ভাবি-গুণি।
************



Comments