top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

“কাৰাৰুদ্ধ এনিশা” – মই চুমচুমীয়ে কৈছোঁ

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী, মুম্বাই
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী, মুম্বাই
  • Apr 6
  • 6 min read

Updated: Apr 7

ree

পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

সেয়া ২০২৫ চনৰ ২৮ জানুৱাৰীৰ কথা। পুৱাৰে পৰা আমাৰ ঘৰখনত দেখোন খদমদম। আগদিনা সোনকালেই আমাক ৰাতিৰ আহাৰ খুৱাই-বোৱাই শুবলৈ দিলে। শুবলৈ দিলে যদিও ঘৰখনত ধুপুচ-ধাপাচ, খুটুৰ-খাটাৰ ইমান শব্দ হ'বলৈ ধৰিছে, টোপনি আহিব ক'ৰ পৰা!  আলমাৰি খোলা-জপোৱাৰ শব্দ, বেগত কাপোৰ ভৰোৱাৰ শব্দ, ইফালে সিফালে যোৱা খৰ পদধ্বনি, .... এই সকলোবোৰ আমি আঁৰ চকুৰে চাই আছোঁ। ইফালে বেতৰ হেণ্ডেল লগা বেগ এটাত দেখোন পানীৰ বটল, ফলমূল, টৰ্চ, কটাৰী, হাৱাই চেণ্ডেল আদি ভৰাইছে;  তাৰপিছতে আমাৰ আটাইতকৈ আচৰিত হ'ব লগা কথাটো হ'ল, মাম্মীমাই দেখোন মোৰ আৰু পিস্কিৰ বেগ দুটা কোমল ধুনীয়া টাৱেল দুখন পাৰি ৰেডি কৰি আছে।  তাৰমানে আমাৰ দুজনীৰ কপালতো ক'ৰবালৈ যোৱাৰ যোগ পৰিল নেকি বাৰু?? এইয়া কি হ'বলৈ গৈ আছে একো ক'ব পৰা নাই দেই! আমাকো যে ক'ৰবালৈ নিয়াটো খাটাং বুলি ধৰিব পাৰিলোঁ, যেতিয়া আমাৰ whishcus নামৰ শুকান টুকুৰা টুকুৰ খাদ্যটোৰ নতুন এক কেজি ওজনৰ পেকেট এটা, পাঁচ ছয়টামান টুণা মাছৰ জেলীৰ পেকেট আৰু পিস্কীক বাধ্য কৰি ৰাখিবলৈ মাজে মাজে দি থাকিবলৈ মাছৰ দীঘলীয়া পেকেট দুটামান বেতৰ বেগটোত ভৰাই ল'লে। 

 

যোৱা সপ্তাহত পাপা আৰু মাম্মীমাই পিস্কীক গাড়ীত লৈ ক'ৰবালৈ গৈছিল। তিনি চাৰি ঘণ্টামানৰ পিছত ঘূৰি আহিল, কিন্তু পিস্কীৰ দেখোন একো সাৰসুৰ নাই, সম্পূৰ্ণ অচেতন হৈ বাস্কেটোৰ ভিতৰত কাপোৰৰ মাজত শুই আছে! মই অবাক হ'লোঁ, মোক ইমান ধুনীয়াকৈ টা-টা বাই-বাই দি থৈ হাঁহিমুখে যোৱা ভন্তীজনীক এনেকৈ কাপোৰেৰে মেৰিয়াই অচেতন অৱস্থাত ঘূৰাই আনিলে সকলোৱে অবাক হ'বই!

 

আহিয়েই পিস্কীক অনা বাস্কেটটো মজিয়াত থৈয়েই, মাম্মীমাই দৌৰাদৌৰিকৈ কাপোৰ সলাই ঘৰুৱা কাপোৰ এসাঁজ পিন্ধিলৈ বেজেৰুৱা মনৰে, আলফুলে পিস্কীক বাস্কেটৰ পৰা উলিয়াই আনি কোলাত তুলি ল'লে। লিৰিকি বিদাৰি চালে, কিন্তু তাইৰ সাৰসুৰ একো নাই। মাম্মীমাই দুখ মনেৰে তাইক  বিছনাত শুৱাই শুৱাই ক'লে, "মোৰ অকণমানি পিস্কীজনী, তুমি এতিয়া যিমানে শুবা সিমানেই ভাল।  তোমাৰ আজি আৰু কালিলৈ বেছি বিষাব, কিন্তু ডাক্তৰে ঔষধ দিছে নহয়, সেয়া ল'লে বিষ লাহে লাহে কমি আহি সব ঠিক হৈ যাব। মাত্ৰ তুমি পাঁচদিনমান ভাল ছোৱালী হৈ থাকিব লাগিব।"

 

অ' মই এতিয়াহে বুজিলোঁ, পিস্কীক ক'লৈ লৈ গৈছিল! আৰু এতিয়া তাইৰ এনে অৱস্থা কিয় হৈছে, সেয়াও বুজিলোঁ!! প্ৰায় তিনি বছৰমানৰ আগতে মোৰো ঠিক এনে অৱস্থাই হৈছিল, কথাবোৰ মই পাহৰি যোৱাৰ দৰেই হৈছিল। আচলতে কথাটো খোলাখুলিকৈ ক'বলৈ অলপ দিগদাৰেই হয় যদিও আভাস এটা দি থওঁ আৰু, আমিবোৰে বংশ বৃদ্ধি নকৰাকৈ ভালে-কুশলে থাকিবলৈকে ডাক্তৰে স্পেইং (Spaying বা neuter) বুলি কাৰবাৰ এটা কৰি দিয়ে। এইটো হৈ যোৱাৰ পিছত আমাৰ মন-মিজাজ সকলো ঠিকে থাকে, ঘৰখনত চিঞৰ- বাখৰ, খং বা অশান্তি কৰি নাথাকোঁ। মনৰ পৰা চঞ্চল ভাৱটোও নোহোৱা হৈ পৰে।

 

তথাপি এইখিনি কৰাৰ আগতে মাম্মীমাই বৰ দুখী অনুভৱ কৰা যেন লাগে। আমাক বাৰেবাৰে কয়, "তোমালোকে মোক মাফ কৰিবা দেই। এটা অধিকাৰৰ পৰা তোমালোকক বঞ্চিত কৰিবলৈ মই একেবাৰে ইচ্ছুক নহয়। কিন্তু এইখিনি নকৰিলে তোমালোকৰ জীৱনলৈয়ে অনিচ্ছয়তা আহি যাব। এইবোৰ ঠাইত তোমালোকৰ দৰে  প্ৰাণীবোৰৰ সাধাৰণ জীৱনৰ কোনো ভৰষা নাই। তোমালোকক কিছু অবাঞ্চিত আচৰণৰ পৰা মুক্ত ৰাখিবলৈ, স্বাস্থ্যজনিত অনেক উপকাৰৰ হেতু আৰু মুঠতে তোমালোকক অনিশ্চয়তাৰে ভৰা জীৱন এটাৰ পৰা আতঁৰাই ৰাখিবলৈকে আমি এনে ব্যৱস্থা ল'ব লগা হয়। চুমচুমী, তোমাৰ বায়েৰা কংকীলৈ মনত পৰিলে মোৰ এতিয়াও চকুৰ পানী  ওলাই যায়। তাইক যদি এইবোৰ কৰি ঘৰতে ৰাখিলোঁহেতেন, তেতিয়া তাই তোমালোকৰ লগতে আজি খেলি থকিলেহেঁতেন।"

 

যি কি নহওঁক, পুৱা পাঁচ বজাতে আমাক জগাই দি বেলকনিলৈ উলিয়াই দিলে যাতে পুৱাৰ জড়তা আঁতৰাই আমি সোনকালে পুৱাৰ আমাৰ দৈনন্দিন কামখিনি কৰি সাজু হ'ব পাৰোঁ। মই ফটাফট সকলোখিনি কৰি ল'লোঁ। কিন্তু পিস্কীক লৈহে সমস্যা হৈছে। এইকেইদিন তাইক দুই ধৰণৰে ৰাখিবলগীয়া হৈছে। হয় তাইৰ আগৰ আৰু পিছফালৰ ঠেং দুযোৰ মুকলিকৈ ৰাখি মাজৰ পেটৰ অংশটো কোমল কাপোৰেৰে বান্ধি থোৱা হৈছে। নহ'লে ডিঙিত প্লাষ্টিকৰ ক’ন (cone) এটা পিন্ধাই তাই মুখখন বেঁকা কৰিব নোৱৰাকৈ ৰখা হৈছে যাতে ডিঙি বেঁকা কৰি তাই পেটৰ ঘাঁ টুকুৰা চেলেকিব নোৱাৰে। নহলে আমাৰ খহটা জীভাখনে পেটৰ অপাৰেশ্যনৰ ঠাইডোখৰত চেলেকিলে চিলাই খুলি যাব পাৰে বুলি ডাক্তৰে ভয় খুৱাই পঠাইছে। এইকেইদিন সেই ক'নটো খুলি তাইক ৰাতি জগাইয়ো খানা পানী আদি খুৱাওঁতে মাম্মীমাৰ বেচেৰীজনীৰ বৰ কষ্ট হৈছিল। মাম্মীমাই এইসময়ত পিন্ধাবলৈ তাইৰ কাৰণে পাতন ৰঙৰ কপাহী কাপোৰৰ চোলা এটাও চিলাই দিছে।

 

আমি চাৰিওজনে পাতলীয়াকৈ ব্ৰেকফাষ্ট কৰি গাড়ীত বহিলোঁগৈ। আমাৰ লগতে ওচৰৰে আঙ্কল-আণ্টি দুজনো গৈছিল, সেয়ে মাম্মীমাই মোক নিজৰ লগতে লৈ আগৰ চিটত আৰু পিস্কীক পিচৰ দীঘলীয়া চিটটোত দুয়োজনৰে মাজত বহুৱাই লৈ গৈছিল।  কিমান দূৰ জানো আহিলো ক'বই নোৱাৰো, মূৰটো ঘূৰোৱা নিচিনা লাগি আহিছিলেই। কিন্তু গাড়ীত আন মানুহ আছে, আমনি কৰিলে তেওঁলোকে আমাক কি বুলি ভাবিব বুলিয়েই চুপেচাপে বহি আহিলোঁ।  আৰু তেতিয়াই যেনিবা গাড়ীখনে লাহেলাহে গতিবেগ কমাই, অলপ ৰৈ, অলপ গৈ এঠাইত সম্পূৰ্ণকৈ ৰৈ গ'ল। মাম্মীমাই ক'লে, "আজি আমাৰ এই দুইজনী বৰ ভাল ছোৱালীৰ দৰে আহিল দেই, অকণো আমনি নকৰিলে। তোমালোকক এতিয়া যে কি আচৰিত কিবা এটা দেখুৱাম, ভয় নকৰিবা কিন্তু দেই।" এইবুলি গাড়ীৰ দৰজা খুলি আমাৰ দুজনীৰ বেগ দুটা বাহিৰলৈ উলিয়াই আনিলে।

 

ঠাণ্ডা বতাহ এজাক আহি গাত লাগিলহি, লগেলগে কিবা অচিনাকি গোন্ধ এটাও নাকত লাগিলহি। দূৰলৈ চাই পঠিয়ালোঁ...। হে ভগৱান, এইয়া কি ?? ইমান পানী !! সেই সময়তে দেখিলোঁ, পিস্কীয়েও ইমান আহল-বহল ঢৌ খেলি থকা পানীখিনি দেখিয়েই কিজানি বাস্কেটৰ ভিতৰতে এবাৰ ঠিয় হৈ, এবাৰ বহি খদমদম লগাইছে। সন্মুখত দেখোন সেইখন প্ৰকাণ্ড জাহাজ, টিকটিককৈ ৰঙা, একেবাৰে পকা বিলাহীটোৰ দৰে...! আমি টিভিত আন ৰঙৰ জাহাজ বহুতো দেখিছোঁ, কিন্তু ইমান ধুনীয়া, ইমান ৰঙা জাহাজ আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ। তেনেতে গাড়ীৰে সৈতে আমি দলং এখনত উঠিলোহি, যিখন দলংৰ আনটো মূৰ সেই  ৰঙা জাহাজখনত লাগিছেগৈ। তাৰ মানে আমি আজি জাহাজত উঠি ফুৰিবলৈ যাম !! আমাৰ লগতে আমাৰ গাড়ীখনো যাব! বাহ বাহ কি যে মজা লাগিব!!

 

তেনেতে জাহাজৰ এই অংশত শাৰী শাৰী কৈ থোৱা আন গাড়ীবোৰৰ মাজতে আমাৰ গাড়ীখনো ৰাখি, পাপাই দুখন হাতত আমাৰ দুটা বেগ লৈ জাহাজখনৰ চিৰিয়েদি ওপৰলৈ উঠিবলৈ ধৰিলেই। আনবোৰ বেগ লৈ মাম্মীমাই পিছে পিছে আহি আমাক কৈ আহিছে, “ আমি এতিয়া ক'লৈ আহিছোঁ তোমালোকে বুজি পালানে? এইয়া আমি এই ধুনীয়া ফেৰীখনলৈ বহিবলৈ ওপৰলৈ উঠি আহিছোঁ। আমি এতিয়া সৌ সৰু সৰু নাওবোৰ, সৌ তেলৰ কোৱাঁবোৰ পাৰ হৈ ধুনীয়া ঠাই এখনলৈ যাম। ফেৰীখন চলিলে যে কিমান ভাল লাগিব, ঝুলনাত ঝুলি থকাৰ দৰে লাগিব। এইয়া কিমান মানুহ আহিছে দেখিছা, এই সকলোবোৰ মানুহ কিন্তু আমাৰ দৰে ফুৰিবলৈ অহা নাই, বহুতে এই ফেৰীৰে মুম্বাই আৰু মাণ্ডুৱা নামৰ ঠাইখনলৈ দৈনিক অহাযোৱা কৰি চাকৰি-বাকৰি, ব্যৱসায় বাণিজ্য কৰি চলি থাকে।“

 

পাপা হঠাতে ৰৈ গ'ল। কাৰণটো হ'ল সেইখিনি ঠাইতে আমাৰ দৰে পোহনীয়া জন্তুবোৰ ৰাখিব লাগিব। তাতোকৈ ওপৰলৈ যাবলৈ দিয়া নহয়। কোনো কথা নাই, ঠাইডোখৰ মোৰ বেচ ভাল লাগিছে। আমি এইখিনি পোৱাহিৰ আগৰে পৰা তিনিটা কুকুৰৰ গৰাকীয়ে তিনিখন আসন গ্ৰহণ কৰিলেহিয়েই। পাপাই মাক ক'লে, “যোৱা তুমি আমাৰ গ্ৰুপৰ আন মানুহখিনিৰ লগতে ওপৰত বহাগৈ, মই ইহঁতৰ লগত ইয়াতে ৰওঁ।“ মাম্মীমাই, “ৰ'বা মই অলপ আলেখলেখ চাই আহোঁগৈ, আকৌ আহি আছোঁ” বুলি ফেৰীখনৰ চিৰিয়েদি ওপৰলৈ গ'লগৈ।

 

ইতিমধ্যে ফেৰীখন চলিবলৈ আৰম্ভ কৰিছিল। ফেৰীৰ ইঞ্জিনৰ শব্দ তল পেলাই ফেৰীখনৰ গাত খুন্দা খোৱা পানীৰ শব্দ আমাৰ কানত পৰিছিলহি। ভয়ো লাগিছিল, মই পিস্কীলৈ আৰু পিস্কীয়ে মোলৈ চাইছিল।


লাহে লাহে ভয় আঁতৰিলত মুকলি আকাশখনলৈ চাই পঠিয়ালোঁ ..... বহল আকাশখন, গঙ্গা চিলনীৰ দৰে  চৰাইবোৰে ফেৰীখনৰ আগে পিছে উৰি ফুৰিবলৈ ধৰিছে। সিহঁতৰ কি যে মজা, পানী মাটি ক'তোৱেই ভয় নাই...। সিহঁতৰ লগে-লগে ময়ো যেন মুকলি মনেৰে আকাশত বা বলাই উৰি ফুৰিম! আহ কি মজাৰ কথা হ'লহেঁতেন!!  ......মোৰ হঠাতে ভিক্টৰলৈ মনত পৰিল। সি বা এতিয়া ক'ত আছে !! মই বাৰু তেওঁক আকৌ লগ পাম নে নাই! সিয়ো যদি আজি এই ফেৰীখনতে মোৰ লগেলগে থাকিলহেঁতেন.... কিমান যে ভাল লাগিলহেঁতেন। মই যদি মাম্মীমাক কথাখিনি খুলি ক'ব পাৰিলোঁহেতেন, মাম্মীমাই নিশ্চয় গোটেই পৃথিবী চলাথ কৰি হ'লেও ভিক্টৰক বিচাৰি উলিয়ালেহেঁতেন। আমিনো বাৰু মানুহৰ ভাষাটো কিয় ক'ব নোৱাৰোঁ !! ক'বলৈ গ'লেও কিবা মেঁ মেঁ ৰ দৰে শব্দ এটাহে মুখৰ পৰা ওলাই আহে। সেয়ে কিজানি আমাৰ নাম মেঁ-মেঁ মেকুৰীয়েই ৰাখিলে।

 

যি কি নহওঁক, সাগৰৰ এডোখৰ পাৰ হৈ আমাৰ গন্তব্যস্থল হোটেলখন পালোঁগৈ। তেতিয়াহে আমাৰ আচল পয়মাল আৰম্ভ হ'ল। হোটেলখনত হেনো আমাৰ দৰে প্ৰাণীৰ থকা বা আহ-যাহ মানা। আমিনো ইহঁতৰ কি জগৰ লগালোঁ যে 'Pet prohibited' বুলি লিখি আমাক ইমান হীন ব্যৱহাৰ কৰি দেখুৱাইছে। ফেৰীখনত কৰাৰ দৰে আমাক ৰখাৰ বাবে কিবা এটা ব্যৱস্থা কৰিব নোৱাৰে নেকি হোটেলৰ মালিকে? হোটেলৰ ব্যৱসায় কৰিবলৈ মন মেলিছে যেতিয়া গ্ৰাহকৰ মনৰ কথাও চিন্তা কৰিব লাগে। সদা ব্যস্ত মানুহবোৰে কেতিয়াবা এনেকৈ মুকলিমূৰীকৈ আহি আমাৰ দৰে মৰমৰ পোহনীয়া জীৱ-জন্তুৰ লগত সময় কটাই, খেলি ভাল পায়। তাকে কৰিবলৈ পোৱাটো বাদেই, পাপা আৰু মাম্মীমাই হোটেলৰ বেৰত আঁৰি থোৱা ফলকখন দেখিয়েই মহা চিন্তাত পৰিল। লগতে আমাৰ লগত অহা বাকী পৰিয়ালৰ লোককেইজনো গুণাগঁঠা কৰিবলৈ ধৰিলে। এইখন হোটেল বন্দোবস্ত হোৱাৰ আগতে আন এখন হোটেল চাওঁতে কিন্তু Pet friendly বুলি লিখা আছিলে হেনো, সেয়ে এইখনো তেনেকুৱাই হ'ব বুলি  আমাক লৈ আনিলে। যি হ'য় হ'ব আৰু, এই দুজন মানুহে আমাক ইমান মৰম-যত্ন কৰাৰ বিনিময়ত এটা ৰাতি আমি কোনো হৈ-হাল্লা নকৰাকৈ শান্ত ছোৱালীৰ দৰে থাকিম আৰু!

 

আচ্চা আমি ইয়াত বাহিৰৰ পৰা থকাকৈ আহিছোঁ বাবে, এওঁলোকৰ এই আপত্তি! কিন্তু ইয়াৰ ওচৰে-পাজৰে থকা মেকুৰীকেইটাৰ পৰা কেনেকৈ আতঁৰি থাকে? কুকুৰ, শহা আদিবোৰৰ পৰা বাৰু বাউণ্ডেৰি বেৰা দি বাচিব পাৰিব, কিন্তু আমি বগাব পৰাবোৰৰ পৰা কেনেকৈ বাচিব! মই কিন্তু আমি থকা কোঠাটোৰ পিছফালৰ পৰা অহা আমাৰ দুটামানৰ গাৰ গোন্ধ ইতিমধ্যে পাইছোঁৱেই।

 

আমি থাকিবলৈ লোৱা এই বঙলাটো চহৰৰ হুলস্থুলৰ পৰা আতঁৰত থকা এটা মস্ত, ধুনীয়া বঙলা। ছটা বেডৰুমৰ ভিতৰত মাম্মীমাই গ্ৰাউণ্ড ফ্ল'ৰৰ ৰূম এটাকে পচন্দ কৰি, আমাক আহল বহল বাথৰূমটোতে থকাৰ বন্দবস্ত কৰি দিলে। ফটাফট বেগৰ পৰা লিটাৰ প্লেটখন উলিয়াই চইল ( Litter plate and soil) ঢালি দি আমাক প্ৰচাৱ আদি কৰিবলৈ সুবিধা কৰি দিলে। পিস্কীজনীয়ে লগে-লগে গৈ কৰিলেগৈয়ে। মই সকলো কাম অলপ ধীৰেকৈহে কৰোঁ, সেয়ে মাম্মীমাৰ মোৰ ওপৰত খং উঠে। বেচেৰীয়ে বাটতো তেওঁলোকে ভাত খোৱাৰ সময়ত হোটেলৰ মালিকক অনুৰোধ কৰি আমাৰ কাৰণেও ঠাই অকণ লৈ আমাক খানা-পানী আদি খোৱাই আনিছে।

মাম্মীমাই ক'লে, "হোটেলৰ বয় আহি ৰূমৰ কলিংবেল বজালেই তোমালোকে বাথৰূমলৈ ফটাফট গুচি যাবা, নহ'ল ইহঁতে আমাক কিবা ক'ব পাৰে। এদিনৰ কথাহে, যেনে তেনে থাকা আৰু।"

 

পিছে তেনে একো নহ'ল, আমাক ভগৱানে কিবা এটা সহায়হে কৰিলে। সেইদিনাখন বঙলাটো চোৱা-চিতা কৰাৰ দায়িত্ব ল'ৰা এজনক দিলে, ল'ৰাজন আকৌ অসমৰ, অসমৰ পৰা আহি ইয়াত হোটেলৰ কাম কৰিছেহি। সকলোৱে ভাবিলে ভালেই হ'ল, অন্তঃত আমাক দেখিলেও ল'ৰাজনক বুজাই ক'লে তেওঁ বুজিব পাৰিব। পিছে সেইবোৰ একো নহ'ল, ল’ৰাজন কামত ইমান ঢিলা যে তেওঁ নিজে আহি আমাৰ এই ডাঙৰ গ্ৰুপটোক চোৱা-চিতা, সহায় কৰাটো বাদেই, আমি কেইবাবাৰো ফোন কৰি মাতিলেহে আহি কোনোমতে কামতো কৰি থৈ যায়হি। গতিকে আমি বাথৰূমত সোমাই নাথাকি ৰূমতে খেলি-মেলি থাকিলোঁ আৰু। কিন্তু নিজৰ ঘৰত থকাৰ দৰে ভাল নালাগিল। মাজতে মাম্মীমা-পাপাহঁত সাগৰৰ পাৰলৈ ফুৰিবলৈ যাওঁতে আমি গৃহবন্দী হোৱাৰ দৰে হৈ লেলাই ধেন্দাই ৰূমতে পৰি থাকিলোঁ। যদি সকলোৰে লগেলগে সাগৰৰ পাৰে পাৰে ফুৰিব পাৰিলোঁহেতেন, কিমান যে  ভাল লাগিলহেঁতেন। হোটেলৰ মালিকসকলে আমাক ৰখাৰ বাবে কিবা এটা সুন্দৰ ব্যৱস্থা কৰিলে কিমান যে ভাল হ’ব। ভবিষ্যতে নিশ্চয় এনে দিন আহিব।


&&&&&&&&&

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page