গোহাৰি জীৱন জীয়াবলে…
- যোগানন্দ মহন্ত, গুৱাহাটী
- Jan 7
- 1 min read

যোগানন্দ মহন্ত, গুৱাহাটী
আটায়ে জানে, আমিও জানো
উষ্ণতা আৰু তাপ
তাপ নিজেই শক্তি এবিধ
উষ্ণতা তাৰ মাপ।
সূৰ্যই বিলায় তাপ শক্তি
তপত হয় ধৰা
সূৰ্যৰ তাপ নাপালে জীৱ
থাকিব ক'ৰ পৰা!
প্ৰকৃতি আছে এনেকৈয়ে চলি
আটায়ে আমি জানো
সৃষ্টিকৰ্তাৰে বিধান এয়া
সেয়াও আমি মানো।
ইয়াৰ মাজতো শুনো বায়ুৰ
উষ্ণতা বঢ়া বুলি
পৃথিৱী ব্যাপি জলবায়ুত
বাঢ়িছে গেছ ধূলি ।
গোলকতেই বাঢ়িছে তাপ
কাৰণো আছে বহু
খেদি মেলি হুৰাই দিবলৈ
নহয় ই বাঘ' পহু।
সেউজ গৃহ, গ্ৰীণ হাউছ
ঘনাই শুনা নাম
গেছ ধূলি কুঁৱলীৰ হেনো
গ্ৰহ ঢকাই কাম!
চামনি পাতি কৰি আমনি
ধৰাক দিয়ে হেঁচা
তাপ বিকিৰণ কমি গ'লে
ধৰা নহয় চেঁচা।
তেনেদৰেই গোলকতেই
উষ্ণতা গৈছে বাঢ়ি
চিন্তা হৈছে গোলকৰ তাপে
জীৱকো নিব কাঢ়ি!
বিশ্বজুৰি কত আলোচনা
উপায় কিনো হ'ব
কেনেকৈনো ধুনীয় ধৰাখন
ধুনীয়া হৈয়ে ৰ'ব!
কাৰ্বন, মিথেন, কিবাকবি
আছে বহু গেছ
গাড়ী মটৰৰ কাৰখানাতো
হয় নিৰ্গত বেচ্।
কমি গৈছে গছ গছনিও
হাবিত হৈছে ঘৰ
এনেকৈয়ে গৈছে উষ্ণতা বাঢ়ি
বিশ্বৰে হৈছে জ্বৰ!
সেউজীয়া গছে লয় নিজে
এঙাৰ গেছ শুহি
বননিকৰণ হ'লে পাম
সেউজী পাত কুঁহি।
সেয়েহে আমি সবেও মিলি
সচেষ্ট যদি হওঁ
নাবাঢ়ে গোলকীয় উষ্ণতা
সেয়া ডাঠি কওঁ।।
********
Commentaires