গ্ৰন্থ পঠনঃ সাৰ্থক জীৱন গঢ়িবলৈ এক অনুপম অনুপ্ৰেৰণা

Updated: Sep 22, 2024

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,
বিষয় শিক্ষয়িত্ৰী,ৰসায়ন বিজ্ঞান,গোলাঘাট
"জ্ঞানৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে, কিতাপেই হৈছে একমাত্ৰ মাধ্যম। "
- ৰ'জাৰ্চ
অজ্ঞানী লোকক সাঁফৰবিহীন বটলৰ সৈতে ৰিজোৱা হয়। অনুপম মানৱ জীৱন যথাৰ্থতে অৰ্থবহ কৰি তুলিবলৈ হ'লে জ্ঞানৰ সাগৰত অৱগাহন কৰি তাৰ পৰা হীৰা-মণি-মৰকত বুটলিবলৈ প্ৰয়াস কৰিব লাগিব। জীৱনৰ পঢ়াশালিয়ে মানৱীয় গুণ আৰু চাৰিত্ৰিক গুণৰ উৎকৰ্ষ সাধন কৰিবলৈ শিকায়। পাঠ্যক্ৰমিক শিক্ষাই ব্যক্তিৰ মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। অধ্যয়নে জ্ঞানান্বেষণৰ পথ প্ৰশস্ত কৰে। নিজৰ জীৱন পৰিক্ৰমাত ব্যক্তিয়ে দেখি, লেখি আৰু ঠেকি অধ্যয়নৰ পৰিসৰ ব্যাপ্ত কৰে। এই ব্যাপ্ত সাধনাৰ সিদ্ধিৰ লিখিত ৰূপটোৱেই হ'ল গ্ৰন্থ বা কিতাপ। এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত জ্ঞানৰ সঞ্চিত খনিয়ে আজিৰ কিতাপৰ অৱস্থা পাইছেহি। প্ৰাচীন গুহাৰ বেৰত খোদিত চিহ্নৰ পৰা জ্ঞান-যাত্ৰা আৰম্ভ কৰি বোকা মাটিৰ ফলিত লিখিত লিপিয়ে সাঁচিপাত, ভূজপত্ৰ, পেপিৰাচ আদিৰ বুকুৰে বগুৱা বাই পৰিশোধন আৰু পৰিমাৰ্জনৰ মাজেদি আধুনিক ছপা গ্ৰন্থৰ ৰূপ পৰিগ্ৰহণ কৰিছেহি। এই পৰিৱৰ্তন আৰু পৰিশোধনৰ ন-ৰূপ 'ই-বুক' একৈশ শতিকাৰ গ্ৰন্থ জগতত অন্যতম সংযোজন।
মানুহে বিশ্বাস কৰে বিদ্যা অবিহনে জীৱনৰ সাৰ-শূণ্যতা -
"বিদ্যা দদাতি বিনয়ম
বিনায়ত যাতি পাত্ৰতাম
পাত্ৰতাং ধনামা প্ৰোতি
ধনাৎ ধৰ্মঃতত সুষম।"
অৰ্থাৎ বিদ্যাইহে মানুহক বিনয়ী হ'বলৈ শিকায়। বিদ্যাই মানুহক যিকোনো কামৰ বাবে উপযুক্ত কৰে আৰু সজ পথেৰে ধন উপাৰ্জনত সহায় কৰে। এই উপাৰ্জনৰ দ্বাৰা নিজে লাভান্বিত হোৱাৰ লগতে আনকো সহায় কৰে আৰু শেষত পূণ্য অৰ্জন কৰি সুখ-শান্তি লাভ কৰে।
ব্যক্তিৰ সাৰ্থক জীৱন গঢ়াত গ্ৰন্থ পঠন এক অনুপম অনুপ্ৰেৰণা হ'ব পাৰে। সত্যনাথ বৰাদেৱৰ ' পুথি অধ্যয়ন ' পাঠটিত উল্লেখ আছে "চঞ্চল মন থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়াৰ নিচিনা গুণকাৰী উপায় নাই।" জৱাহৰলাল নেহৰুৱে কৈছিল-"মানুহে যিমানে কিতাপ পঢ়িবলৈ শিকে, সিমানে ভাবিবলৈ শিকে।" গ্ৰন্থ পঠনে নতুন নতুন চিন্তাৰ উন্মেষ ঘটাই ব্যক্তি বিশেষৰ সৃষ্টিশীলতাক উচ্চতম পৰ্যায়লৈ উত্তৰণ ঘটায়।
কিতাপ পঢ়া কাৰ্য মগজুৰ বিকাশ আৰু প্ৰখৰতা বঢ়োৱাৰ উত্তম কাৰক। ১৯৯১ চনত প্ৰকাশিত আৰু কেইবছৰ মান অসমৰ চেবা বৰ্ডৰ অধীনৰ বিদ্যালয়ত নৱম আৰু দশম মানৰ দ্ৰুতপাঠ্য হিচাপে চলা "কিতাপ পঢ়াৰ আনন্দ" নামৰ কিতাপখন প্ৰজ্ঞাৰ সাধক প্ৰয়াত হোমেন বৰগোহাঁঞিদেৱে ৰচনা কৰিছিল। কিতাপখনৰ কেইটামান সোণসেৰীয়া শাৰী হ'ল- "যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত বুলি পৰিগণিত হৈছে।" এই সম্পৰ্কত তেখেতে জাপানৰ অভূতপূৰ্ব উন্নতিলৈ আঙুলিয়াইছে । দেশৰ চাৰিসীমাতে আবদ্ধ হৈ থকা জাপান ১৮৫৪ চনতহে বাহিৰৰ দেশৰ সংস্পৰ্শলৈ আহিছিল। ইউৰোপৰ জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ স্বৰূপ বুজি লৈ নিজৰ পিছ পৰাৰ কাৰণ ঠাৱৰ কৰিছিল। নিজে পিছ পৰি আছে বুলি হতাশাত বিমূঢ় নহৈ যুগ সাপেক্ষ জ্ঞান অন্বেষন কৰি তাৰ জৰিয়তে দেশৰ প্ৰগতি ত্বৰাণ্বিত কৰিবলৈ কিতাপক অৱলম্বন হিচাপে ল'লে। ইউৰোপৰ বিভিন্ন জ্ঞান-বিজ্ঞানৰ কিতাপ জাপানী ভাষালৈ তৰ্জমা কৰোৱাই সেই কিতাপৰ জ্ঞানেৰে আজি জাপানীসকলে প্ৰযুক্তি জগতৰ শীৰ্ষ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে।
কিতাপ পঢ়াৰ অভ্যাসে কম বয়সীয়া ল'ৰা-ছোৱালীৰ মনত প্ৰজ্ঞানৰ শিপা প্ৰোথিত কৰে যিয়ে মানসিক বিকাশৰ সেন্দূৰীয়া আলি বান্ধে। গ্ৰন্থ অধ্যয়নে পঢ়ুৱৈৰ জীৱনত উচ্চাকাংক্ষা বৃদ্ধি কৰে। নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সংগতি ৰাখি পুথিগত শিক্ষাৰ সহায়ত এজন ব্যক্তিয়ে সঠিক বয়সত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব পাৰে I কিতাপ পঢ়াটো এক চিৰন্তন কলা যিয়ে জীৱনক নতুনকৈ চাবলৈ শিকায়, বুজি পাবলৈ শিকায়। কিতাপ পঢ়াৰ নিশ্চয় কৌশল এটা আছে যাৰ যোগেদি কুঁহিয়াৰৰ পৰা ৰস উলিয়াদি শব্দব্ৰহ্মৰ পৰা জ্ঞানামৃতৰ সোৱাদ ল'ব পাৰি।
Newsnextone.com য়ে কৈছিল - "গ্ৰন্থই এটা যুগৰ পৰা আন এটা যুগৰ বাবে ইতিহাস সংৰক্ষণ কৰে। গ্ৰন্থই মানৱ সৃষ্ট ঘটনা-পৰিঘটনা, বিজ্ঞান, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ-বিগ্ৰহ,স্মৰণীয় ঘটনাক, মানুহৰ জীৱনৰ কৰ্মৰাজীকে ধৰি সকলো কথাই সংৰক্ষণ কৰে।" আধুনিক প্ৰযুক্তিৰ জোৱাৰে পখালি যোৱা নতুন প্ৰজন্মক কিতাপমুখী কৰিবলৈ অসমত আৰম্ভ হৈছে কিতাপৰ সপক্ষে আন্দোলনৰ। জন্ম হৈছে 'কিতাপ পঢ়ো আহক' ৰ দৰে অনুষ্ঠানৰ। ২৩ এপ্ৰিল দিনটোক বিশ্ব গ্ৰন্থ দিৱস হিচাপে পালন কৰা হয়।
আমাৰ অসমত নিদাঘৰ দহন সামৰি বেলিৰ তেজ কমিবলৈ ধৰে হেমন্ত ঋতুৰ আগমনত। এই ঋতুৰ আগমনৰ লগতে অসমৰ নগৰে-চহৰে গ্ৰন্থমেলাৰ আয়োজন আৰম্ভ হয় । গ্ৰন্থমেলা মানেই শীতৰ উৎসৱ । ছপা আৰু বৈদ্যুতিক মাধ্যমত নতুন নতুন কিতাপ প্ৰকাশ হোৱাৰ খবৰ আহে। বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে ভিন্ন সাহিত্যৰ পাণ্ডুলিপিৰ প্ৰতিযোগিতা পাতি ন ন লেখকক সমাজত চিনাকি কৰাই দিয়াৰ সুযোগ লয়। বহুতো আগ্ৰহী পঢ়ুৱৈয়ে সাঁচতীয়া দুটকামান ৰাখি সেই মেলালৈ যায় পচন্দৰ লেখকৰ কিতাপখন কিনিবলৈ।
মানুহৰ জ্ঞান পিপাসা থকালৈকে কিতাপ কিনিবই, কিতাপলৈ হেঁপাহ থাকিবই ; কিয়নো কিতাপেই মানুহৰ অন্তিম দিনৰ সঙ্গী হ'ব পাৰে। আজৰি পৰত চকীত হেলান দি মন পচন্দৰ কিতাপ এখন মেলি লৈ ডুব যাব পাৰি আখৰ নিসৃত প্ৰজ্ঞাৰ সাগৰত। দুচকু মুদি অনুভৱ কৰিব পাৰি আখৰৰ শাৰীয়ে হৃদয়তন্ত্ৰীত বজাই যোৱা সুৰৰ ৰাগিণী।
*********



Comments