top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গ্ৰন্থ পৰিচয়

  • Writer: অংশুমালা দেৱী, মণিকূট প্ৰকাশন, গুৱাহাটী
    অংশুমালা দেৱী, মণিকূট প্ৰকাশন, গুৱাহাটী
  • Jul 11, 2024
  • 2 min read

Updated: Sep 22, 2024

ইয়াত "মণিকূট প্ৰকাশন"ৰ হৈ শ্ৰীযুতা অংশুমালা দেৱীয়ে মণিকূট প্ৰকাশনৰ পৰা সদ্য প্ৰকাশিত শিশু উপযোগী তিনিখন কিতাপৰ মূল বিষয়বস্তু আৰু লেখকৰ চমু পৰিচয় ডাঙি ধৰিছে । এইখিনি পঢ়ি আমাৰ আলোচনীৰ পাঠকসকলে কিতাপ তিনিখনৰ বিষয়বস্তুৰ বিষয়ে অৱগত হৈ লেখকসকলৰ কলমেদি নিঃসৃত বিচিত্ৰ অভিজ্ঞতাবোৰৰ সোৱাদ ল'ব পাৰিব।

 

গ্ৰন্থৰ নাম:  কণমানি ৰাজকুমাৰ (মূল গ্ৰন্থ: ড্যা লিটল প্ৰিন্স)

অসমীয়া অনুবাদঃ দীপক শৰ্মা


ree
ree

প্ৰকাশকঃ মণিকূট প্ৰকাশন

মূল্যঃ ১৫০ টকা

 

ফৰাচী লেখক এণ্টোৱান ডি চেণ্ট-এক্সুপেৰী (Antoine de Saint-Exupéry) ৰ পৃথিৱী বিখ্যাত ফেণ্টাছী উপন্যাস "The Little Prince এতিয়ালৈকে প্ৰায় ডেৰশ নিযুতখন বিক্ৰী হোৱা, বিশ্বৰ চাৰিশটাতকৈও অধিক ভাষা আৰু উপভাষালৈ অনূদিত এইখন উপন্যাসিকা। বিশ্বৰ এককভাৱে (ছিৰিজ নহয়) বিবেচনা কৰা বেষ্টছেলাৰসমূহৰ তালিকাত বৰ্তমানে ইয়াৰ স্থান একেবাৰে প্ৰথমৰ পিনে আছে। ইয়াৰোপৰি এইখন উপন্যাস টেলিভিছন, বেলে, অপেৰা, চিনেমা, নাটক আদি বিভিন্ন মাধ্যমত অসংখ্যবাৰ প্ৰচাৰিত হৈছে। বিশ্বৰ বহু দেশত ইয়াৰ চৰিত্ৰসমূহক লৈ স্মৃতিচিহ্ন সজা হৈছে, এক্সুপেৰীৰ পাণ্ডুলিপি আৰু অংকিত ছবি আদি বিভিন্ন সংগ্ৰহালয়ত ৰখা হৈছI তেওঁৰ স্মৃতিত মুদ্ৰা, বেংকনোট, ডাকটিকট প্ৰকাশ কৰা হৈছে।

এই "The Little Prince" নামৰ ফেণ্টাছী উপন্যাসখন, " কণমানি ৰাজকুমাৰ" নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰিছে, তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত কৰ্মৰত দীপক শৰ্মাই।

বিশ্বৰ প্ৰভাৱশালী কিতাপবোৰৰ ভিতৰত The Little Prince অন্যতম বুলি বিবেচনা কৰা হয়। এই উপন্যাসিকাখন মণিকূট প্ৰকাশনে আটকধুনীয়াকৈ অসমীয়া ভাষাত প্ৰকাশ কৰি উলিয়াইছে। ' কণমানি ৰাজকুমাৰ' প্ৰকাশ কৰি উলিওৱাৰ পাছতেই বিদেশৰ পৰাও কিতাপখনৰ বিষয়ে বহুতেই উৎসুকতাৰে খবৰ লৈছে আৰু স্পেইনৰ পৰা এই কিতাপখনৰ বিশটাকৈ কপিও মণিকূট প্ৰকাশনৰ পৰা সংগ্ৰহ কৰিছে। মূল কিতাপখনৰ লগতে পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিত কিতাপসমূহ স্পেইনৰ এটা গ্ৰন্থাগাৰত ৰখা হৈছে। স্পেইনৰ গ্ৰন্থাগাৰত  অসমীয়া লিটল্ প্ৰিন্স― ' কণমানি ৰাজকুমাৰ' প্ৰদৰ্শিত হ'ব, সেয়াই আমাক উৎসাহ যোগাবলৈ যথেষ্ট।


গ্ৰন্থৰ নাম : কথাবোৰ মনত পৰে

লেখকঃ আৰমান হাজৰিকা


ree
ree

প্ৰকাশকঃ মণিকূট প্ৰকাশন

মূল্যঃ ২৫০ টকা।

 

কৰ্মসূত্ৰে অসমৰ পৰা আঁতৰত সুদূৰ আহমেদাবাদ আৰু বৰ্তমান মুম্বাইত জীৱন-নিৰ্বাহ কৰি থকা আৰমান হাজৰিকা অতীতক সোঁৱৰি  ভালপোৱা আমাৰ বহুজনৰ মাজৰেই এজন। তেখেতে জীৱনৰ প্ৰতিটো পলতে অসম আৰু অসমৰ সোঁৱৰণীবোৰ বুকুত বান্ধি লৈ ফুৰে। তাৰেই ফলস্বৰূপে সৃষ্টি হৈছিল তেখেতৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ বিচিত্ৰ অভিজ্ঞতাবোৰৰ কিছু সংখ্যক নিৰ্বাচিত ৰচনাৰ এক সংকলিত ৰূপ “কথাবোৰ মনত পৰে”ৰ । ৰসাল আৰু আকৰ্ষণীয় ভাষা আৰু শৈলীৰে আৰমান হাজৰিকাই তেখেতৰ এৰি অহা দিনবোৰৰ অভিজ্ঞতা, অনুভৱ আৰু সেই সময়ৰ সামাজিক জীৱনৰ প্ৰতিচ্ছবিক এই গ্ৰন্থত লিপিবদ্ধ কৰিছে ৷


অতীত ৰোমন্থন মানুহৰ এক সহজাত প্ৰবৃত্তি। নষ্টালজিক হৈ আমি আকৌ এবাৰ ওভতাই পাবলৈ বিচাৰোঁ আমাৰ পুৰণি সময়ক। "কথাবোৰ মনত পৰে" গ্ৰন্থখন পঢ়িলে প্ৰতিজন পাঠকে কিছুপৰৰ বাবে নিজৰ অতীতত ভ্ৰমিবলৈ সুযোগ পাব। সকলো বয়সৰ পাঠকক সমানে আনন্দ লাভ কৰিবলৈ সুযোগ দিয়া আৰমান হাজৰিকাৰ “কথাবোৰ মনত পৰে” সকলো দিশৰে পৰা এখন সুখপাঠ্য গ্ৰন্থ ৰূপে চিহ্নিত হৈছে।


গ্ৰন্থৰ নাম :  শৈশৱতে ধেমালিতে

লেখকঃ ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামী


ree
ree


















প্ৰকাশকঃ মণিকূট প্ৰকাশন

মূল্যঃ ১৫০ টকা

 

ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, বৃত্তিত চকু চিকিৎসক হোৱাৰ উপৰিও ছপা আৰু সামাজিক মাধ্যমৰ এগৰাকী জনপ্ৰিয় নিবন্ধকাৰ। ডাঃ শুভ্ৰ কিঙ্কৰ গোস্বামীদেৱৰ শৈশৱ কালৰ ধেমেলীয়া কাহিনীৰ সংকলন 'শৈশৱতে ধেমালিতে' ।


ইয়াত লেখকে নিজৰ শৈশৱত লগৰীয়া সকলৰ লগত ঘটা দুষ্টালিভৰা ধেমেলীয়া সৰু সৰু কুৰিটা কাহিনী গল্পৰ চলেৰে প্ৰকাশ কৰিছে। কাহিনীবোৰ একেবাৰে বাস্তৱিক আৰু সকলো বয়সৰ পঢ়ুৱৈক সমানে আমোদ দিব পৰা ধৰণৰ।

কিতাপখন পঢ়ি গৈ থাকোঁতে কোনোবা এটি সুৰুঙাৰে হঠাতে আহি আপোনাকো সাৱটি ধৰিব পাৰে আপোনাৰ মধুৰ দিনৰ স্মৃতি সেই সোণোৱালী শৈশৱে।


সকলো বয়সৰ পঢ়ুৱৈৰ মনত সমানে আনন্দ বিলাবলৈ সমৰ্থ হোৱা এখন সুন্দৰ গ্ৰন্থ হৈছে "শৈশৱতে ধেমালিতে"।


@@@@@@@

Comentarios


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page