top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গ্ৰন্থ ৰ্পৰিচয় : “ শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি “

  • Writer: নিবেদিতা শৰ্মা, যোৰহাট
    নিবেদিতা শৰ্মা, যোৰহাট
  • Jul 12
  • 2 min read

Updated: Jul 19

ree

নিবেদিতা শৰ্মা, যোৰহাট


  • সম্পাদক: শ্ৰীযুত প্ৰশান্ত কুমাৰ মহন্ত।

  • প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০২২

  • ISBN : 978-81-959422-0-6

  • আঠজনীয়া সদস্যৰে গঠিত প্ৰকাশন সমিতিৰে পৰিচালিত গ্ৰন্থখন ডা°কিৰণময়ী তামূলীৰ সোঁৱৰণত উছৰ্গিত।

  • সহযোগী প্ৰকাশক: হেৰিটেজ আছাম, যোৰহাট।

  • মুদ্ৰণ: ঋতম, যোৰহাট-৭৮৫০০৬

  • মূল্য: ৮০০ টকা


"শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি" নামৰ ৮০২ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনত বিভিন্ন প্ৰৱন্ধ, শিশু-সাহিত্য, মৌচাক, নতুন আৱিষ্কাৰ, ভ্ৰমণ সাহিত্য, গ্ৰন্থ পৰ্যালোচনা, বিজ্ঞান সাহিত্য, কল্পবিজ্ঞান, সাধুকথা আৰু ভাষা শিক্ষা, কথা- বতৰা, সান্নিধ্য, বানান মৌচাক, গৱেষণা-পত্ৰ, প্ৰাসংগিকীৰে সজাই আটক ধুনীয়াকৈ বিভিন্নজনৰ লিখা প্ৰস্তুত কৰা হৈছে। মুঠ ১১৬ জন লেখক-আলোচকৰ শতাধিক প্ৰবন্ধ এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।

 

"শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি" নামেৰে সংকলন এখন যুগুতোৱাৰ কথা কিয় মনলৈ আহিল, সেইকথা বত্ৰিছ পৃষ্ঠা জোৰা প্ৰস্তাৱনাত উল্লেখ আছে। গ্ৰন্থখনৰ সম্পাদক প্ৰশান্ত কুমাৰ মহন্তই উদ্ধৃতি দিছে এনেধৰণে, "জীৱনক এক মিছনত পৰিণত কৰা বৰ্ণাঢ্য মানুহজনৰ শৈশৱ, কৈশোৰ, যৌৱনে চিন্তাৰ প্ৰৱাহত কেনেদৰে প্ৰভাৱ পেলাইছিল সেইকথা সকলো স্তৰৰ মানুহৰ বাবে চিন্তা আৰু কৌতুহলৰ বিষয়। চাহবাগিছাৰ পৰা বিজ্ঞানৰ গৱেষণালৈ, সাধুৰ পৰা মহাকাশৰ চন্দ্ৰ -সূৰ্যলৈ, শিশুৰ পৰা বৃদ্ধলৈ যাৰ দুচকু প্ৰতিক্ষণতে জেউতি হৈ চৰে, তেনে এজন ব্যক্তি কেৱল এজন মানুহ হৈ নাথাকে, হৈ পৰে এক মহৎ অনুষ্ঠান।"


শান্তনু তামূলী, প্ৰকৃত নাম শ্ৰীযুত প্ৰমোদ চন্দ্ৰ তামূলী
শান্তনু তামূলী, প্ৰকৃত নাম শ্ৰীযুত প্ৰমোদ চন্দ্ৰ তামূলী

শান্তনু তামূলীৰ চমু পৰিচয়:


মৌচাক মামা নামে পৰিচিত তেখেত অসমৰ এগৰাকী বিজ্ঞানৰ লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত “মৌচাক” আৰু “নতুন আৱিষ্কাৰ” নামৰ দুখন শিশু আলোচনীৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমানলৈ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেখেতৰ ছদ্মনাম।


১৯৪৮ চনৰ ১ মাৰ্চ তাৰিখে গোলাঘাট নগৰৰ কাষৰ বেঙেনাখোৱা অঞ্চলত জন্ম লাভ কৰা শান্তনু তামূলীৰ বৰকাঠনি চাহবাগিচাত থকা প্ৰাথমিক বিদ্যালয়খনতে স্কুলীয়া শিক্ষাৰ শুভাৰম্ভ ঘটে। 

 

অসমীয়া শিশু-সাহিত্যৰ ক্ষেত্ৰখনত একেৰাহে পঞ্চাশ বছৰৰো অধিক কাল নিজকে জড়িত কৰি শিশু-সাহিত্যৰ সৃষ্টি, চৰ্চা আৰু উত্তৰণত অনবদ্য অৱদান আগবঢ়াই যোৱা  শ্ৰীযুত শান্তনু তামূলীদেৱক ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰৰে বিভূষিত কৰা হয়।


*************


Yorumlar


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page