top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গ্ৰন্থ পৰিচয়: 'Tooni The Elephant boy'

  • Writer: স্মিতা ভাগৱতী, গুৱাহাটী
    স্মিতা ভাগৱতী, গুৱাহাটী
  • Apr 6
  • 1 min read

Updated: Apr 17

স্মিতা ভাগৱতী, গুৱাহাটী

 

১৯৭৬ চন মানৰ কথা, মোৰ সৰু মামা ডা° জ্ঞান শৰ্মাই মোক এখন কিতাপ উপহাৰ দিছিল। Tooni The Elephant boy আছিল কিতাপখনৰ নাম। তেতিয়াৰ পৰাই সাঁচি ৰাখিছোঁ কিতাপখন ৷ লেখিকাৰ নাম অষ্ট্ৰিড বাৰ্গমান ছাক্সডৰ্ফ (Astrid Bergman Sucksdorff)। বহুতদিনৰ আগতে পঢ়া কিতাপখনৰ কথা অকণিহঁতক জনাবলৈ মন গ'ল। এতিয়া তেখেত জীৱিত অৱস্থাত আছেনে নাই সেইয়াও মোৰ জ্ঞাত নহয় ৷


চুইডেন নিবাসী এই গৰাকী লেখিকা এগৰাকী প্ৰকৃতিপ্ৰেমী আছিল ৷ তেখেত খুব ভাল ফটোগ্ৰাফাৰো আছিল ৷ সুন্দৰ সুন্দৰ ছবিৰে সৈতে কিতাপ (picture book) লিখিছিল তেখেতে ৷


খুব সম্ভৱ ১৯৬৮/৬৯ মানত শ্ৰীমতী Sucksdorff অসমলৈ আহি কাজিৰঙাৰ ওচৰৰ এখন গাঁৱত কিছুদিন কটাইছিল ৷ তাতে তেওঁ টুনি নামৰ এটি সৰু ল'ৰাক লগ পাইছিল ৷ টুনিৰ দেউতাক আছিল কাজিৰঙাৰ এজন মাউত ৷ তেখেতৰ হাতীজনীৰ নাম আছিল জয়তৰা ৷ টুনিয়ে গাঁৱৰে এখন বিদ্যালয়ত পঢ়িছিল আৰু স্কুল ছুটীৰ পাচত প্ৰায়ে দেউতাকৰ লগত জয়তৰাৰ পিঠিত উঠি হাতীয়ে খাবলৈ নানান ধৰণৰ গছ-বন বিচাৰি আনিছিল ৷ দেউতাকৰ লগত এইদৰে যাওঁতে টুনিয়ে অৰণ্যৰ ভিতৰত এশিঙীয়া গঁড়ৰ উপৰিও ঢেকীয়াপতীয়া বাঘ, বনৰীয়া ম’হ, দল হৰিণ আৰু নানাবিধ চৰাইও প্ৰত্যক্ষ কৰিছিল ৷ টুনিয়ে প্ৰায়ে সপোনত মাউত হোৱা দেখা পাইছিল আৰু তাৰ কল্পনাৰ হাতীটোৰ নাম আছিল আকবৰ ৷ খুব  আকৰ্ষণীয় ছবিৰে সৈতে এখন অতি সুন্দৰ পিকচাৰ বুক হৈছে Tooni The Elephant Boy।


কিতাপখন লিখাৰ সময়ত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হোৱাই নাছিল ৷ সেয়েহে তেখেতে Kaziranga Game Sanctury বুলি লিখিছিল ৷

 

কিতাপখন হংকঙত ছপা হৈছিল আৰু তেতিয়া মূল্য আছিল ভাৰতীয় মূদ্ৰাৰ হিচাপত ২১ টকা মাত্ৰ ৷ সুবিধা পালে তোমালোকেও কিতাপখন পঢ়ি চাবাচোন দেই।


############

Commentaires


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page