top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

"ঘাঁহ খোৱা মেকুৰী" : মই চুমচুমীয়ে কৈছোঁ

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী, মুম্বাই
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী, মুম্বাই
  • Jul 12
  • 6 min read
মই চুমচুমী
মই চুমচুমী

পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

আজি কিছুদিনৰ পৰা মোক লৈ আমাৰ ঘৰখনত এক সমস্যাৰ সৃষ্টি হৈছে। সমস্যাটো হৈছে মোৰ যেতিয়াই তেতিয়াই হ'বলৈ লোৱা বমিক লৈ। হয়, দুমাহমানৰ পৰা মোৰ কিবা বমি বমি ভাৱ এটা হৈ থাকে, বমি কৰি উলিয়াই নিদিয়া পৰ্যন্ত খাবলৈ শুবলৈও মন নাযায়।

 

বমি হোৱাৰ সময়ত পেটৰ গোটেই নাড়ী-ভূৰুবোৰ মুখেৰে ওকালি ওলাই আহিব যেন হয়। সেয়ে মই এঠাইতে ৰৈ থাকিব নোৱাৰা হওঁ, অস্থিৰ হৈ পৰোঁ। গতিকে একে ঠাইতে ৰৈ থাকিব নোৱাৰি, মই দুই তিনি ঠাইমানলৈ গৈ বমি কৰিহে ৰক্ষা পাওঁ।

 

লগেলগে ঘৰখনত কিযে এক পৰিস্থিতিৰ সৃষ্টি হয়! মোৰ স্বাস্থ্যৰ কিবা সমস্যা হৈছে নেকি তাৰ চিন্তাতো আছেই তাতে আকৌ লগেলগে বমিবোৰ চাফ কৰা, ফেনাইল জাতীয় দ্ৰব্যৰে ঠাইখিনি মচি-কাচি পৰিষ্কাৰ কৰা ইত্যাদিবোৰ কৰিব লগা হয়। মোৰ ডিঙিৰ পৰা ওলোৱা “ ঘেঁওক ঘেঁওক ঘেঁক“  শব্দবোৰ শুনাৰ লগেলগেই মাম্মীমাজনীয়ে খুৰ্পী আৰু ঝাৰি এখন লৈ মোৰ পিছে পিছে ঘূৰি ফুৰে, বমিবোৰ চাফ কৰিবলৈ। বমিবোৰ পায়খানাত পেলাই ফ্লাচ কৰাৰ লগলগেই আকৌ ঠাইখিনি মচাৰ কাম। পাপা থাকিলে বাৰু ভালেই হয়, তেওঁৱেই ঠিয়ৈ ঠিয়ৈ মচিব পৰা দীঘল নালৰ শোটাকানিটো লৈ পৰিস্কাৰ কৰি দিয়ে। নহ'লে আকৌ মাম্মীমাৰ কাম বাঢ়িল!

 

কেতিয়াবা আকৌ পৰিস্থিতি আৰু বেয়ালৈ যায়, যেতিয়া মোৰ লগেলগে পিস্কিয়েও এইদৰে বমি কৰিবলৈ লয়। সমস্যা দুগুণে বৃদ্ধি হয়। তেতিয়া পাপাই মাম্মীমাকে দোষাৰোপ কৰে, "তোমাক সেয়েহে মই হুইচ্‌কাছৰ টুনা মাছৰ জেলিটো দিবলৈ মানা কৰোঁ । সেইটো খালেই ইহঁতৰ বমি কৰাৰ কোব চৰে। মিছামিছি কামবোৰ বঢ়াই থাকা…।"

 

মোৰ ভনী - পিস্কি
মোৰ ভনী - পিস্কি

মাম্মীমাজনীয়েনো কি কৰিব, আমি যিহে তেওঁক ফুচুলাই ফুচুলাই এই টুনা মাছৰ জেলিটো খুজি থাকোঁ। পিস্কিয়ে পুৱাৰ সময়খিনিত ভালদৰে দুঘণ্টামান শুই লয়, সেইসময়তে মাম্মীমাই যেতিয়া কিতাপ পঢ়িবলৈ বা কিবা এটা লিখিবলৈ বহিব, তেতিয়াই কেচুঁৱা মানুহৰ দৰে যেনেকৈহে "মেঁ মেঁ" খন কৰি ভৰিয়ে হাতে জপতিয়াই ধৰিবগৈ! কোলাত বহি লৈ গালে-মুখে চেলেকিবগৈ! এনেখন কৰিলে কোনো কাঠচিতীয়া মানুহেও আৰু ৰৈ থাকিব নোৱাৰে। ….. “পিস্কি, তোমাৰ খাবলৈ হ’লেই নে? অলপ আগতেহে দানা দানা খানাটো খাই লৈছিলা। এনেকৈ খালে তোমাৰ গেৰেলা পেটটো আৰু গেৰেলা হৈ যাব নহয়।“….. এইবোৰ মুখেৰে কৈ থাকে যদিও কিন্তু তাইক কোচত লৈ মৰম কৰি কৰি ফ্ৰিজটো খোলেগৈয়ে। ফ্ৰিজৰ পৰা জেলিৰ পেকেটটো উলিয়াই লয়গৈ মানে ময়ো গৈ সাজু হওঁগৈ। আমি দুয়োজনীয়ে এইযে ফ্ৰিজ খুলি জেলিৰ পেকেটটো উলিওৱা শব্দটো, য’তে থাকিলেও বুজি পাই যাওঁ।

 

কেতিয়াবা অৱশ্যে ময়ো মাম্মীমাক ফুচুলাওঁ...। তেওঁ পাকঘৰত কাম কৰি থাকিলে, মই তেওঁৰ আগে পিছে ঘূৰি, ভৰিদুখনতে মোৰ গাটো ঘঁহাই থৈ " ম্মা, ম্মা" কৈ দুবাৰমান অহা-যোৱা কৰি দেখাওঁ। তেওঁ "আৱৈ মোৰ লতা মাংগেশকাৰজনী, ইমান ধুনীয়া মাতটো ক'ৰ পৰানো ওলাই আহে অ' " বুলি ভোলেই যাই নহয়! কিয় ক'ব নোৱাৰোঁ....তেওঁৰ ওচৰত অকলশৰীয়াকৈ থাকিলেহে মোৰ মুখৰ পৰা ইমান কোমলকৈ এইটো মাত ওলাই আহে...। তেওঁ আকৌ কৈ উঠে, "এনে কোমল, এনে অমাতৰ মাত মই আগতে কেতিয়াও,  ক'তো শুনা নাই। ইমান মিঠাকৈ মাত দিব পৰা কাৰোৰে এনেকুৱা চুমচুমী বেটী নাই দেই। মই ক'লেও কোনেও বিশ্বাসেই নকৰিব...।"

 

এনেদৰে কৈ কৈ মাম্মীমাই জলপানৰ বাবে ৰখা আমাৰ ঘূৰণীয়া সৰু ষ্টিলৰ প্লেটদুখন উলিওৱাৰ লগেলগেই  "মহাভাৰত" ছিৰিয়েলখনত "শকুনি"ৰ চৰিত্ৰটোত অভিনয় কৰা গুফি পেন্টেলৰ দৰে  লেকুচিয়াই লেকুচিয়াই পিস্কিজনী ক'ৰ পৰানো আহি ওলাইহি ! আহিয়েই তাই এনে হুলস্থূলখন কৰিবলৈ লয়হি, আমি দুজনী দস্তৰমত বেহুচ হৈ পৰাৰ দৰে পৰোঁ। মাম্মীমাই "এই গুফিজনীৰ পৰা মোৰ উপাই নাই..." বুলি কৈ কৈ কেঁচিৰে পেকেটটো কাটি মাছৰ লেপথেপীয়া জেলী এচামোচ প্লেট এখনত লৈ "আহ আহ গুফী...." বুলি ৰুম এটালৈ লৈ গৈ, প্লেটখন ফ্ল'ৰত থৈয়েই বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়ে। এই দুৱাৰখন বন্ধ কৰি দিয়াৰ কাৰণো আছে। তাই নহ’লে নিজৰ প্লেটৰ খানাখিনি ইমান টপাটপ গিলি মোৰ ওচৰলৈ আহি মোক ঠেলা মাৰি মোৰ প্লেটৰ খানাখিনি খাবলৈ আৰম্ভ কৰে। খাই শেষ কৰিয়েই কোৱাৰি চেলেকি চেলেকি তাই মোৰ ফাললৈ এনেকৈ চাব যে মই যেন তাইক মোৰ ভাগৰখিনি খাবলৈ অনুৰোধহে কৰিছিলোঁ।

 

তেতিয়াহে মাম্মীমাই লাহেকৈ মোৰ প্লেটখনত জেলী দুচামুচ  দিবলৈ আহৰি পায়। মোৰ প্লেটখনত দুচামুচ দিয়াৰো কাৰণ আছে। পিস্কিজনীয়ে যিমানেই উৎপাত নকৰক লাগিলে, তাই কিন্তু বৰ ভাল আৰু মৰমীয়াল মেকুৰী দেই। তাই যি হে মোক চেলেকী মেলি, মোৰ নেজডাল টানি আজুঁৰি লগেলগে লাগি ফুৰে, তাইক এৰি কিবা এটা খোৱাৰ কথা মই ভাবিবই নোৱাৰোঁ। মোৰ ভাগৰ সকলো খোৱা বস্তুৰে অলপ হ'লেও মই তাইৰ কাৰণে ৰাখি থওঁৱেই। তাই খপাখপ খাই শেষ কৰিয়েই  দুৱাৰৰ সিপাৰৰ পৰা মাতি থাকে আৰু দুৱাৰখন খুলি দিয়াৰ লগেলগেই দৌৰি আহি মই আধা খাই ৰাখি দিয়া ভাগটো খাইহে তাই ৰক্ষা পায়।

 

মোৰ তেনে স্বভাৱৰ বাবেও মাম্মীমাই মোক আৰু এটা নাম দি থৈছে, "মা-চুমচুমী"। মাম্মীমাই এদিন মোক কোলাত বহুৱাই, মোৰ কাণ-মূৰ খজুৱাই খজুৱাই কৈছিল, " মোৰ মা -জনীৰ স্বভাৱটো তোমাৰ দৰেই আছিল জানা। আমি সৰু থাকোতে খোৱাৰ সময়ত তেওঁৰ কাঁহীৰ পৰা খোৱা বস্তু আমাক দিওতে দিওতে তেওঁৰ ভাগত সামান্যহে ৰৈছিলগৈ। আমি মানা কৰিলেও নুশুনিছিল, ভালৰো ভালটো নিজে নাখাই আমাকহে দিছিল। আমি বিয়া-বাৰু হৈ আঁতৰি অহাৰ পিছত, আমাৰ ঘৰত থকা হালোৱা ল'ৰাটো আৰু ভাগিন এজনীকে নিজৰ ভাগৰ ভাল বস্তুবোৰ খুৱাইছিল। তোমাৰ স্বভাৱটোও সেই মোৰ মাৰ দৰে হোৱাৰ কাৰণেই তোমাক কেতিয়াবা মাৰ দৰেই লাগি যায়, সেয়ে মই তোমাক "মা-চুমচুমী" বুলি মাতোঁ।

 

কথাবোৰ শুনি মাম্মীমালৈ মোৰ বৰ মৰম লাগি যায়। ইমান ডাঙৰ মানুহৰ অন্তৰতো আমাৰ দৰে সৰু সৰু জন্তুৰ দৰে মৰম আকলুৱা মন এটা যে লুকাই থাকে আজিকালি হে বুজিব পাৰিছোঁ!

 

আৰু এটা কথা.... মানুহৰ লগত আমাৰ আৰু বহুত কথাত মিল আছে। আচলতে কালিহে মই এটা কথা বুজি উঠিছোঁ...। পাপা আৰু মাম্মীমাই শাক-পাচলিৰ বজাৰলৈ গ'লে বেঙেনা, কবি, ভেণ্ডি আদিবোৰৰ লগতে বেলেগ বেলেগ বৰণৰ পাত শাক কিছুমান, যেনে -  খুতৰা, ৰঙা মৰিচা, কলমৌ, জিলমিল আদি কিনি আনে। সেইখিনি তেওঁলোকে বৰ আগ্ৰহেৰে খায়। মাম্মীমাই সেইবোৰ শাক বাচি-কুচি থাকোঁতে ময়ো ওচৰতে বহি আলেখলেখ চাই থাকোঁ, শুঙি শুঙি চাওঁ। খাওঁ খাওঁ লাগে, কিন্তু গোন্ধটো কিবা ভাল নালাগে। সেয়া বুজিয়েই নে কিয় জানো মাম্মীমাই এদিন লেমন গ্ৰাছৰ পুলিৰে সৈতে মাটিৰ টাব এটা কিনি আনিলে। এই ঘাঁহ জাতীয় গছৰ পাতবোৰৰ পৰা নেমুৰ দৰে যিটো গোন্ধ ওলাই, সেয়া মোৰ বৰ ভাল লাগে। প্ৰথমে ভয়ে ভয়ে মাজে সময়ে খাইছিলোঁ যদিও পিছলৈ পেটটো অলপ বেয়া লাগিলেই খাবলৈ ধৰিলোঁ। সেইদৰে খালে আৰামো পাই যাওঁ। গতিকে মোৰ আচল মেকুৰী মাজনীয়ে শিকোৱা নাছিল যদিও মাম্মীমাৰ পৰাই ঘাঁহ খাবলৈ শিকিলোঁ। সেই লেমন গ্ৰাছ খাবৰে পৰা কিমান ধৰণেৰে যে উপকৃত হৈছোঁ, কি ক'ম আৰু!

 

সকলো মানুহেই চাগৈ লক্ষ্য কৰে, আমি মেকুৰীবোৰেনো ক'ত মানুহৰ দৰে গা-পা ধুওঁ? বৰষুণ দিলে বাহিৰত যে ঘৰচিৰিকা, কপৌ আদি চৰাইবোৰে ঠোঁটেৰে পাখি কুটুৰি কুটুৰি, চিৰিক-চাৰাককৈ জপিয়াই জপিয়াই যে গা ধুৱে, তেতিয়া তেনেকৈ ধুবলৈ অৱশ্যে মোৰো বৰ মন যায়। কিন্তু কাণৰ ভিতৰলৈ পানী সোমাই যাব বুলি বৰ ভয় লাগে। সেয়ে আমি নিজৰ গাটো নিজে চেলেকি গাৰ গোন্ধ-ভাপবোৰ নাইকিয়া কৰোঁ। নহ'লে পাপা-মাম্মীমাহঁতে বেয়া পাব আৰু আৰু আমাৰ গাৰ গোন্ধ পালে দেখোন কোনো চিকাৰেই আমি ধৰিবলৈ নোৱাৰিম, মেকুৰীৰ গোন্ধ পাই সব পলাই পট্টং দিব।

 

সেয়ে আমি মেকুৰীবোৰে নিজকে পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰাখিবলৈ জিভাৰে নিজৰ গাটো আৰু নখবোৰ চেলেকি থাকোঁ। আমাৰ জিভাখন কাঁইটীয়া পেপিলা নামৰ গঠন যুক্ত হয় বাবে গাৰ আৰু নখৰ ময়লা, ধূলি আদি আঁতৰ কৰাত সহায়ক হোৱাৰ ওপৰিও নখবোৰ চোকা কৰি ৰাখিব পাৰি । নখবোৰত ধাৰ নাথাকিলে আৰু শক্তিশালী নহ'লে আমাৰ কাৰণে চিকাৰ ধৰা, আত্মৰক্ষা কৰা আৰু গছ বা ওখ ঠাইত বগোৱাত অসুবিধা হয়।

 

তাৰোপৰি গাটো চেলেকি থাকিলে মনটো কিবা এটা ভাল লাগি থাকে। গা চেলেকি চেলেকি যি কোনো কথা চিন্তা কৰি থাকিবলৈ বৰ ভাল। ভালদৰে চেলেকি লোৱাৰ পিছত সুন্দৰকৈ টোপনিও আহে।

 

আপোনালোকৰ আগত গা-চেলেকাৰ সপক্ষে ইমানবোৰ ভাল কথা কলোঁ যদিও কিন্তু ইয়াৰ পৰা কিন্তু অপকাৰ নোহোৱাও নহয়। গা চেলেকি থাকোঁতে কিছু নোম আমাৰ পেটলৈও যায় আৰু তেনেকৈ গৈ গৈ সেইবোৰৰ পৰিমাণ বেছি হ'লে পেটত হেয়াৰবল বা নোমৰ থোপাৰ সৃষ্টি কৰেগৈ। এই হেয়াৰবলবোৰ সাধাৰণতে আমি বমি কৰি বাহিৰ কৰি দিওঁ। কিন্তু কেতিয়াবা হেয়াৰবল ডাঙৰ হৈ পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা ব্যাহত কৰেগৈ, যাৰ ফলত আমাৰ ভোক কমা, কোষ্ঠকাঠিন্য আদি হোৱাৰ ওপৰিও কেতিয়াবা বমি, ডায়েৰিয়া আদি হৈ বৰ অস্বস্তিত পৰোঁ।

 

ভগৱানে কৰাত এতিয়ালৈকে ডায়েৰিয়া হোৱা নাই। কিন্তু এই বমিৰ কাৰণে আমাৰ লগতে ঘৰৰ মানুহখিনিৰো কষ্ট হৈছে। আমাৰ বমি কৰাৰ প্ৰকোপ দেখি সিদিনাটো মাম্মীমাই আমাৰ দুজনীক লৈ পশু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বুলি চিকিৎসালয় পোৱালেগৈ। ডাক্তৰে আমাৰ পেটত পেলু হ'ব পাৰে বুলি মুখখন মেলি পিল একোটাকৈহে খুৱাই দিলে।

 

যিয়েই নহওঁক লাগিলে, মোৰ কিন্তু পশু চিকিৎসালয়লৈ গৈ বৰ ভাল লাগে। মোকটো ধুনীয়া বাকচ এটাত ভৰাই লৈ যায়, যিটো বাকচৰ ভিতৰৰ পৰা মই সকলোকে দেখি থাকোঁ, কিন্তু মোক ভালদৰে কোনেও নেদেখে। ওচৰলৈ আহি জুমি চালেহে মোক দেখা পোৱা যায়। চিকিৎসালয়খনলৈ যে সৰু ডাঙৰ কত ৰকমৰ মেকুৰী আৰু কুকুৰবোৰ আহে! কোনোবাটোৰ কিবা বেমাৰ আজাৰ হয়, কোনোবাটোক আকৌ নিয়মৰ বেজী আৰু দৰৱ দিয়াবলৈহে আনে।

 

সিদিনা কিন্তু বৰ আচৰিত ধৰণৰ কুকুৰ এটা দেখালোঁ...। বেছি বয়সৰ নহ'ব, খুউব বেছি এবছৰ মানৰ হ'ব। মুগা বৰণৰ, বিদেশী সঁচৰ কুকুৰটোৰ কঁকালৰ পৰা পিছৰ ডোখৰ আৰু একেবাৰে পিছ ঠেং দুটালৈকে একেবাৰে নোম নাই। আগৰ ডোখৰ কিন্তু বৰ ধুনীয়া, মৰম লগা। কম বয়সৰ ধুনীয়াকৈ আঙ্কল-আণ্টী দুজনে তাক লৈ আহিছিল। ডাক্তৰে তাৰ কিন্তু বহুত পৰীক্ষা- নিৰীক্ষা কৰিলে। তাৰপিছত তাক বেজী কেবাটাও দিলে, চেলাইন দিলে, আৰু কৈছে তাৰ হেনো কিডনিটো বেয়া হ'ব পাৰে। ডাক্তৰৰ কথা শুনি আণ্টিজনীৰ মুখখন চাব লগা হৈছিল আৰু। মোৰ মনটোও বৰ বেয়া লাগিল। তাক পানী বেছিকৈ খুৱাই থাকিবলৈ দিছে।

 

আমাৰ মাম্মীমাহঁতে এটা কথা ধৰিবলৈয়ে পৰা নাই যে লেমন গ্ৰাছত থকা আঁহবোৰে আমাৰ পেটলৈ গৈ আমাৰ মূলতঃ হজম প্ৰক্ৰিয়াত সহায় হোৱাৰ ওপৰিও আমাৰ পেটত হোৱা হেয়াৰবল বমিৰ সহায়ত বাহিৰ কৰি দিয়ে। তাতোকৈও ডাঙৰ কথাটো হৈছে, লেমন গ্ৰাছৰ ফুৰফুৰিয়া সুগন্ধই মোক ইমান আকৰ্ষিত কৰে যে মই ভালকৈ চোবাই নাখাই, পাতবোৰ ফটাফট ঠিয়ৈ ঠিয়ৈ গিলি থৈ দিওঁ। তাৰবাবেও মোৰ বেছি বমি হ'বলৈ ধৰে।

 

কিন্তু এওঁলোকে যে এই কথাৰ গম ধৰিব পৰা নাই, ভালেই হৈছে। নহ'লে লেমন গ্ৰাছৰ টাবটো আমি ঢুকি নোপোৱা ঠাইত থৈ দিলে লেঠাই লাগিব আৰু!

 

কিন্তু জেলীটো খোৱাই আমাক বেমাৰী কৰিছে বুলি পাপাই যে মাম্মীমাজনীক এনেয়ে দোষাৰোপ কৰি থাকে, সেইকাৰণেহে বেয়া লাগে।


@@@@@@@@@@@



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page