ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান
- ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী

- Oct 13
- 2 min read

ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী
পৃথিৱীৰ এক অপৰূপা আৰু অমূল্য সৃষ্টি নাৰী। নাৰীৰ অবিহনে এই পৃথিৱী সম্পূৰ্ণ হ'ব নোৱাৰে। নাৰী হ'ল প্ৰেমৰ মূৰ্তি, মৰম আৰু দয়াৰ সাগৰ। সহনশীলতা, ধৈৰ্য আৰু লজ্জা হ'ল নাৰীৰ এক অপূৰ্ব অলংকাৰ। কেতিয়াবা মনত প্ৰশ্ন হয় ইমান গুণৰ অধিকাৰী হৈও নাৰীত্বক কেতিয়াবা অভিশপ্ত যেন অনুভৱ হয়। বৰ্তমান পৃথিৱীত নাৰীৰ ওপৰত যিমান যন্ত্ৰণা, অত্যাচাৰ চলি আছে সেই প্ৰশ্ন মনত আবিৰ্ভাৱ হোৱাতো স্বাভাৱিক। যদিও এক পক্ষে চাবলৈ গ'লে নাৰীয়ে ঘৰ-গৃহস্থী চলোৱাকে ধৰি মহাকাশ অভিযান পৰ্যন্ত চলাই পুৰুষৰ কান্ধত কান্ধ মিলাই উন্নতিৰ শিখৰত বগাবলৈ সক্ষম হৈছে কিন্তু আনফালে নাৰী সুৰক্ষা আৰু স্বাধীনতাক লৈয়ো এক বিপুল সমস্যাৰ সন্মুখীন হৈছে। হত্যা, ধৰ্ষণ, যৌতুক প্ৰথা আদি সমস্যাবোৰ নাৰীৰ জীৱনৰ বাবে এক চৰম ভাবুকি স্বৰূপ হৈ পৰিছে।
বৰ্তমান যুগতো সমাজৰ এক শ্ৰেণী মানুহে কন্যা ভ্ৰূণ হত্যাৰ অপচেষ্টা চলায়। আমি প্ৰায়ে দেখা পাওঁ ল'ৰা আৰু ছোৱালীৰ মাজত ভেদ ভাব ৰাখে।
নিজ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ বাবে মহিলাসকল উঠি পৰি লাগিছে যদিও কৃতকাৰ্য হ'ব পৰা নাই। নাৰী মাত্ৰেই যেন এক শ্ৰেণী পুৰুষৰ লালসা আৰু কামনাৰ চিকাৰ।
কিন্তু এটা কথা মন কৰিবলগীয়া যে সমাজত পুৰুষতকৈ নাৰীয়েই নাৰীৰ সমালোচনা বেছি কৰে। কিবা কাৰণত যদি এগৰাকী নাৰী মাতৃ হ'ব নোৱাৰে তেনেহ'লে সেই নাৰী গৰাকীক সমাজত উপেক্ষা কৰে সেই আন এগৰাকী নাৰীয়েই। তেওঁলোকে এবাৰলৈ ভাবি নাচায় সেই সন্তানহীনা মাতৃ গৰাকীৰ মনোবেদনা। পুৰুষজনৰ দোষৰ বাবেও কেতিয়াবা নাৰীগৰাকী মাতৃ হ'ব নোৱাৰে; তথাপিও সমাজত উপেক্ষিতা হয় সেই নাৰী গৰাকীয়েই। সেয়ে মনত উদয় হয় এনে প্ৰশ্নৰ "নাৰীত্ব প্ৰকৃততে বৰদান নে অভিশাপ?"
ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান আৰু ঘৰৰ পৰিৱেশেই শিশুৰ চৰিত্ৰ গঠনত বিশেষ সহায়ক হয়। ঘৰতেই শিশুৱে দেখি শুনি শিকি লয় সঁচা-ভুল, ভাল-বেয়া আদি কথাবোৰ। ঘৰখনত ইজনে সিজনক সন্মান কৰা, মানি চলা, মহিলা সদস্য (আইতাক, মাক, বাই-ভনী, মাহী, পেহী আদি) সকলক ঘৰৰ আন সকলৰ ব্যৱহাৰৰ পৰা শিশুৰ কুমলীয়া মনত তেনে সদগুণ জাগে। কিন্তু যদি নাৰীক উপেক্ষা কৰা হয়, তেন্তে শিশুৰ মনতো কু-প্ৰভাৱ পৰে। সেইবাবে সৰু বয়সৰ পৰাই শিশুৱে শিকিব লাগিব - নাৰী-পুৰুষ দুয়ো সমান। পুৰুষৰ সমানে নাৰীক সন্মান, মৰম আৰু সুৰক্ষা দিয়া তেওঁলোকৰ দায়িত্ব।
যদি শিশুক সৰুৰে পৰাই সকলো বয়সৰ নাৰীলৈ সন্মান, মৰম, সমতা আৰু সুৰক্ষাৰ প্ৰয়োজন আদি সঁচা মূল্যবোধৰ পাঠ দিয়া হয়, তেন্তে সেই শিশুৱে আগলৈ যিকোনো নাৰীক - মাক, বান্ধবী, পত্নী বা সহকৰ্মীক সন্মান কৰিবলৈ শিকিব। সেয়ে নিশ্চিতভাৱে ক’ব পাৰি যে ঘৰখনেই হৈছে শিশুৰ প্ৰথম শিক্ষানুষ্ঠান।
************





Comments