top of page
  • Black Facebook Icon
  • Black Instagram Icon

চেঙেলী মাছৰ সাধু

  • Writer: কংকণ শৰ্মা, গুৱাহাটী
    কংকণ শৰ্মা, গুৱাহাটী
  • Jan 8
  • 2 min read
ইংৰাজী নাম: Dwarf Snakehead বৈজ্ঞানিক নাম: Channa gachua
ইংৰাজী নাম: Dwarf Snakehead বৈজ্ঞানিক নাম: Channa gachua

কংকণ শৰ্মা, গুৱাহাটী

 

বাৰিষা বৰষুণ হোৱাৰ লগেলগে অসমৰ খাল, বিল, পুখুৰী, নদী আদি পানীৰে উপচি পৰে আৰু সেই সময়তে মাছৰ উজান উঠে। উজানৰ সময়ত বৰালি, কাৱৈ, গৰৈ, চেঙেলী আদি মাছবোৰে ইটো পুখুৰীৰ পৰা সিটো পুখুৰীলৈ, এঠাইৰ পানীভাগৰ পৰা আন ঠাইৰ পানীভাগলৈ যায়। কেতিয়াবা জপিয়াই বা মাটিৰেই বগুৱা বাইয়ো যায়। এনে সময়তেই মানুহে অতি সহজেই বা হাতেৰেই উজানৰ মাছ ধৰে। মাছৰ উজান উঠাৰ এনে সময়তে ঘটা এটা মনোৰম কাহিনী আজি তোমালোকৰ আগত ক’বলৈ ওলাইছোঁ, শুনিবাহঁত দেই।

 

বৰষুণীয়া বতৰ। কাহিলীপুৱাতে এটা চেঙেলী মাছে নিজে থকা পুখুৰীটোৰ পৰা দূৰৈৰ পুখুৰী এটালৈ বুলি ওলাল। কোনো নোহোৱা ছেগতে সি আনটো পুখুৰী পাবগৈ লাগিব। ঈশ্বৰক চিন্তি সি যাত্রা আৰম্ভ কৰিলে। পিছে অলপ দূৰ গৈয়েই লাগিল নহয় মহা পয়মালখন! সেই সময়তে খাদ্য বিচাৰি ঘূৰি ফুৰা শিয়াল এটাই চেঙেলীটো দেখি থাপ মাৰি ধৰিলেহি। চেঙেলীয়ে ভাবিলে, আজি আৰু ৰক্ষা নাই। সি তৎকালে বুধি কৰি মাত লগালে, ‘এয়াচোন আমাৰ চন্দ্ৰমুখী ককাই! কেনি যায় বা?’

 

চেঙেলীৰ কথাত শিয়াল মোহিত হ'ল। সকলোৱে তাক ইমান ঘিণ কৰে, অথচ চেঙেলীয়ে তাক চন্দ্ৰমুখী বুলি মাতিলে। ‘নাই ভাইটি। এনেই অলপ ওলাই আহিছোঁ।‘ এইবুলি হাঁহি মাৰি চেঙেলীক বাট এৰি দি শিয়ালটো গুচি গ'ল। শিয়ালৰ হাতৰ পৰা সাৰি অলপ আগুৱাইছেহে, চেঙেলীক ধৰিলে নহয় কাউৰী এটাই থাপমাৰি। বুধিয়ক চেঙেলীয়ে তৎক্ষণাত মাত লগালে, ‘কি খবৰ ৰাজপক্ষী?’ লগে লগে কাউৰীৰ মন আনন্দত নাচি উঠিল। কোনোদিনে কাৰোৰে পৰা ভাল মাত নোপাৱাৰ বেদনা কাউৰীৰ মনৰ পৰা নিমিষতে আঁতৰি গ'ল । সিও চেঙেলীক বাট এৰি দি যাবলৈ দিলে।

 

জপিয়াই জপিয়াই চেঙেলী পুনৰ আগবাঢ়িল। কিছু দূৰ গৈছেহে, সি এইবাৰ পৰিল নহয় গৰখীয়া ল'ৰা এজনৰ হাতত। গৰখীয়াই থাপ মাৰি ধৰিব খোজোঁতেই চেঙেলীয়ে মৰমেৰে মাত লগালে, ‘হেৰা ৰাজকুমাৰ, ক'লৈনো যোৱা পুৱাই পুৱাই?’ সাধাৰণ গৰখীয়া এটাক ৰাজকুমাৰ বুলি সন্মান দিছে, আৰু কি লাগিছে! গৰখীয়াই নিমাখিত চেঙেলীক তুৰন্তে এৰি দি মিচিকিয়ালে।

 

হাঁহিমুখে চেঙেলী অলপদূৰ আগবাঢ়িছেহে পালে নহয় বামুণ এজনে! বামুণে ক'ৰবাৰ পৰা যজমান কৰি আহিছিল। মাছটো দেখিয়েই বুঢ়াই থাপ মাৰি ধৰিলে আৰু বেগতে আহি ঘৰ পালেহি। চেঙেলীয়ে একো কৰিবলৈ সময়েই নাপালে। সি মনতে ভগৱানক খাটিলে, ‘হে প্ৰভূ, এইবাৰহে এইবাৰ।‘

 

বামুণে ঘৰলৈ আহি ঘৈণীয়েকক ক'লে, ‘দুদিন লোকৰ কাৰণে লঘোণ দি আছোঁ। তই মাছটো বাছি ভাত দুটামান ৰান্ধগৈ যা। মই গা পা ধুই আহোঁ।‘বামুণনীয়েও মৈদাখন আনি ছাঁইত লেটিয়াই মাছটো বাছিব খোজোতেই চিলনী এটাই ছোঁ মাৰি আহি মাছটো লৈ গ'লহি। বামুণনীয়ে তৰ্কিবই নোৱাৰিলে।

 

চিলনীয়ে মাছটো লৈ আকাশত বনাই ফুৰিলে কিছুপৰ। তাৰপিছত এবাৰ মাছটো ঠেঙৰ পৰা ঠোঁটলৈ নিব খোজোঁতেই চেঙেলী সৰি পৰিল ঠেঙৰ পৰা। সি পৰিলগৈ বামুণজনৰ পুখুৰীটোতে।

 

বামুণনীয়ে চিলনীয়ে নিয়া মাছটো পুখুৰীটোত পৰা দেখি তৎক্ষণাত বৰশীটো লৈ আহি টোপাবলৈ ধৰিলে। তাকে দেখি চেঙেলী মাছটোৱে হাঁহি হাঁহি ক'লে,

          "শিয়ালক ক'লোঁ চন্দ্ৰমুখী,

          ঢোঁৰাকাউৰীক ৰাজপক্ষ।

          ক'ত যাৱ তই ৰাজপুত্ৰ,

          বামুণৰ হাতত পৰিলোঁ মাত্র।

          ছাঁইত লেটিয়াই দুই কাণ কটা,

          চৈধ্য ভুৱন দেখুৱালে চিলাৰ বেটা।

          কি টোপ টোপ কৰ তই?

          টোপৰ ভাও বুজোঁ মই।"


এইবুলি মাছটোৱে বুৰ মাৰি গুচি গ'ল।

 

নীতিশিক্ষাঃ বিপদত ধৈর্য্য নেহেৰুৱাই শীতল মগজুৰে চিন্তা কৰি বুদ্ধিৰে বিপদ অতিক্রম কৰিব পাৰি।



°°°°°°°°°°°°°

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page