চিনাকি অচিনাকি পাহাৰখনি
- মন্দিতা শৰ্মা, গুৱাহাটী
- 2 days ago
- 1 min read

মন্দিতা শৰ্মা, গুৱাহাটী
চিনাকি আছিল পাহাৰখনি,
মোৰ আইৰ সেউজীয়া চাদৰখনেৰে ঢকা।
উন্মনা,
সেউজীয়া হাঁহিৰে মাদকতাভৰা।
জালিকটা জোনাকে প্ৰহেলিকাময় সপোন ৰচিছিল!
ৰ লাগি চাইছিলো মই, চিনাকি পাহাৰখনিক।
যাৰ প্ৰগলভ্ প্ৰেমে মোক দেউলীয়া কৰিছিল।
আজি তাৰ সেউজীয়াবোৰ খান্দি খান্দি
ৰঙা মাটিৰ নৰকঙ্কাল কৰিলে অধমহঁতে!
সেউজীয়াবোৰ হ'ল চকুপানী,
চকুপানীবোৰ গোলকীয় উষ্ণতাই
শুহি শুহি, অম্লজান কৰিলে নিঃশেষ!
বুলড্ৰেজাৰখন মোৰ বুকুতে চলিল
বুকুয়েদি নিগৰে হলকা-হলকে কেঁচাতেজ।
প্ৰচণ্ড বিষত, খঙত মই অসহায়!
পৃথিৱীখন যেন মুড়ি ভজা তপত খোলা!
কুৰুকি কুৰুকি হৃদয়ৰ গভীৰত খহটা বিষাদ!
************
শিৰোনাম: অনন্য অৰণ্য
ধীৰে ধীৰে মোট সলাই
লুংলুঙীয়া বাটটিৰে,
মই মোৰ পৰা বিচ্ছিন্ন হ'লোঁ।
গৈ আছোঁ আপোনপাহৰা হৈ,
জপিয়াই জপিয়াই,
কেঁকোৰা-কেঁকুৰী, আউল-বাউল চুলিৰে
যেন এজনী অকনমানি 'পুতি' হে মই,
'সুবৰ্ণ' ৰ 'মোলাই কাঠনি' অৰণ্য বিচাৰি!
কংক্ৰিটৰ বেষ্টনী এৰি
এক গভীৰ অৰ্থৰ সন্ধানত
লাহে লাহে ঘন ঘোৰ
এক গভীৰ অৰণ্যৰ মাজত নিঃশব্দে মই!
সেউজীয়া,
আস! সেউজীয়া,
মাথোঁ সেউজীয়া চৌপাশ,
পখীৰ লয়লাস নাচোন, মাত কিচিৰ মিচিৰ!
যুগান্তৰৰ মূৰত বট গছজোপাৰ তলত
নীৰবে নিমাতে নিচিন্তে শুলোঁ।
লাহে লাহে, মোৰ চুলিত হাত বুলাই
গছজোপা আজো ককা হ'ল!
প্ৰহেলিকাময় অৰণ্যখন
মোৰ এধানমান বুকুতেই শুলে।
বুকুখন মোৰ এখন মহাঅৰণ্য হ'ল।
এটি মনেসজা চাংঘৰত
নীৰবে পুতি আৰু সুবৰ্ণ!
************
תגובות