চিৰসেউজ সময়
- ইমন বেজবৰুৱা, পুলিবৰ আৰ্দশ উ. মা. বিদ্যাপীঠ, গোলাঘাট
- Sep 20, 2024
- 4 min read
Updated: Sep 22, 2024

ইমন বেজবৰুৱা
পুলিবৰ আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ
গোলাঘাট
"ৰিয়ন আহাঁচোন, তোমাৰ লগত কথা এটা আছে।"
বাদাম ভজা খাই খাই ৰিয়ন টিভিত তাৰ অতি পছন্দৰ ‘ড'ৰেমন’ চোৱাত ব্যস্ত আছিল যদিও মাকে মতাত একেদৌৰে মাকৰ ওচৰ পালেগৈ। মাক, দেউতাক আৰু পেহীয়েকে আইতাকৰ কোঠাত বহি কিবা গুৰুত্বপূৰ্ণ আলোচনা কৰি আছিল। সি গৈ আইতাকৰ বিছনাত বহি থকা পেহীয়েকৰ কাষতে বহিলগৈ।
"ৰিয়ন আমি আইতাক লৈ দিল্লীলৈ যাম।"
"বাঃ বঢ়িয়া, মানে আমি এইবাৰ গৰম বন্ধত দিল্লীলৈ যাম! তাত লালকিল্লা, কুটুবমিনাৰ এইবোৰ আছে….. মই কিতাপত পঢ়িছো নহয়! কিতাপত এইবোৰৰ ৰঙীন ছবিও দিয়া আছে। বাঃ এইবোৰ চাবলৈ পাম! কিমান যে মজা লাগিব।" ৰিয়নৰ উৎসাহৰ অন্ত নোহোৱা হ'ল।
পেহীয়েকে ক'লে, "নহয় সোণ, আইতাৰ অসুখ যে; আমি ডাক্তৰক দেখুৱাবলৈহে যাম। দিল্লীত এইমছ্ বুলি এখন বহুত ডাঙৰ হস্পিটেল আছে। মা-দেউতা আৰু মই আইতাক লৈ তালৈ যাম। তাতে এমাহ মানও লাগি যাব পাৰে। ডাঙৰ কথাটো হ'ল, সৰু ল'ৰা ছোৱালী যদি অসুখীয়া মানুহৰ লগত হস্পিটেললৈ যাই, তেন্তে তাৰ নাৰ্চ সকলে ধৰি-বান্ধি বৰ ডাঙৰ বেজী এটা দি দিয়ে, বিশেষকৈ বেছিকৈ টিভি চোৱা ল'ৰা ছোৱালীবোৰক।"
পেহীয়েকৰ কথা শুনি ৰিয়নে চকু কেইটা ডাঙৰ কৰি সুধিলে "তেনেহলে মই নোযোৱাই ভাল হ’ব….. কিন্তু মই থাকিম ক'ত? পিছে মই জানো, সৰু ল'ৰা-ছোৱালী অসুখীয়া লোকৰ লগত বেছিকৈ লাগি থাকিব নাপায় হেনো।"
মাকে ক'লে,"তুমি এইবাৰ গৰম বন্ধত মামাহঁতৰ ঘৰত থাকিবা। ইচ্ছা কৰিলে তুমি পেহাৰ লগতো থাকিব পাৰা। পেহাৰ লগত থাকিলে তেওঁ অৱশ্যে গৰম বন্ধত হোৱা কৰ্মশালাবোৰলৈ তোমাক লৈ যাব পাৰিব।"
তাৰ মন নাথাকিলেও, মাক দেউতাকে গৰমবন্ধত চহৰখনত হোৱা গান, নাটক, ছবি ইত্যাদিৰ কৰ্মশালবোৰত তাক নাম লগাই দিয়ে। উপায়ো নাই, নহ’লে যে তাৰ কেৱল…হয় টিভি, নহয় উৎপাত। মাকৰ মতে স্কুলবোৰ বাৰমাহে খোলা থাকিলেই ভাল। কৰ্মশালাবোৰৰ কথা মনলৈ অহাত ৰিয়নে তপৰাই ক'লে "মই মামাৰ ঘৰলৈকে যাম"।
ৰিয়নৰ মোমায়েকৰ ঘৰ যোৰহাটৰ দৈয়ঙীয়া গাঁৱত। আইতাক আৰু মামীয়েকে ৰিয়নক বৰ মৰম কৰে। সেইকেইদিন সি ৰজাৰ দৰে থাকিব পাৰিব, কেৱল মোমায়েকৰ ৰঙাচকুলৈ তাৰ অলপ ভয়!
মোমায়েকৰ ঘৰত দহবিঘামানৰ চাহখেতি আছে। বাগিচাখনত কাম কৰা পৰিয়াল এটাও তেওঁলোকৰ বাৰীৰ চুকৰ সৰু ঘৰ এটাত থাকে। পৰিয়ালটোত মাক, দেউতাক আৰু তেওঁলোকৰ বাৰ-তেৰ বছৰীয়ামান বয়সৰ পাহোৱাল ধৰণৰ ল'ৰা এটা। তাৰ স্কুলৰ ধুনীয়া নাম এটা আছে যদিও কিন্তু সকলোৱে তাক ‘গেধুৱা’ বুলিহে মাতে।
মোমায়েকৰ ঘৰত প্ৰথম দিনা ৰাতিপুৱাৰ আহাৰ খাই উঠাৰ পিছত "আজি তুমি ছবিকে আঁকা, চাওঁচোন তুমি কেনেকুৱা আঁকা" বুলি মামীয়েকে আদৰুৱাকৈ কোৱা কথাষাৰে ৰিয়নৰ মনলৈ এটা হুমুনিয়াহহে আনিলে; ‘ধেই! ইয়াতো দেখোন একেই!’ সি মনতে কৈ উঠিল। সি ছবিৰ বহীখন উলিয়াই লৈ কি আঁকো কি নেআঁকো ভাবি খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে। সি দেখিলে, বৰশী এটা লৈ গেধুৱা পুখুৰীৰ ফালে গৈছে। সিয়ো বহীখন লাহেকৈ সামৰি মামীয়েক, আইতাকহঁতে নেদেখাকৈ গেধুৱাৰ পিছে পিছে গৈ পুখুৰীৰ পাৰ পালেগৈ। গেধুৱাই তালৈ কেৰেপেই নকৰিলে।
সি গেধুৱাক সুধিলে "মোকো বৰশী বাবলৈ শিকাই দিবি?"
"তই পাৰিবি জানো?" গেধুৱাৰ কথাত ৰিয়নৰ এনে লাগিল যেন পৃথিবীৰ আটাইতকৈ অপদাৰ্থ কেৱল মাথো সিয়েই! সিয়ো হাৰ নামানি দৃঢ়তাৰে ক'লে, "কিয় নোৱাৰিম, পাৰিম।” গেধুৱাই ঘৰৰ পৰা আৰু এটা বৰশী লৈ আহিল। ৰিয়নে বৰশী বাইছেহে বাইছে, কিন্তু মাছ এটাও লগাই নাই। সিফালে গেধুৱাই পাঁচটা ধৰিলেই। "মোৰ এইবাৰ এটা উঠিবই উঠিব চাবি" ৰিয়নে ক'লে।
"তই লাগি থাক। মোৰ কাম আছে… মই যাওঁ" বুলি গেধুৱা উঠি আহিব খোজোঁতেই ৰিয়নৰ মোমায়েক আহি ওলালহি আৰু সিহঁতক পুখুৰীৰ পাৰৰ পৰা উঠি আহিবলৈ ধমকি দিলে।
"মামাই উঠি আহিবলৈ কোৱাৰ কাৰণেহে, …..নহ’লে মই এটা মাছ ধৰিলোৱেইহেতেন" ৰিয়নে নিজৰ দুৰ্বলতা ঢকাৰ চেষ্টা কৰি গেধুৱাৰ কাণে কাণে ক’লে। "হ'ব দে, আজি আবেলি একেলগে ক্ৰিকেট খেলিম দেই", ৰিয়ানে আকৌ ক'লে।
আবেলি সিহঁতে খেলি থাকোঁতেই ঘটিল নহয় অঘটনটো! ৰিয়নে 'ছিক্সাৰ' মাৰোতে বল গৈ টিনৰ ওপৰত উঠিল! ৰিয়নে ভাবিলে, খেলা শেষ আৰু ইমানতে! কিন্তু গেধুৱা ঘৰৰ পিছফালে গৈ, পিছফালে ঘৰৰ গাতে লাগি থকা মধুৰী গছজোপা বগাই গৈ টিনৰ ওপৰৰ পৰা বলটো নমাই আনিলে আৰু লগতে পকা মধুৰী কেইটামানো চিঙি আনিলে।
গেধুৱাৰ এনে কাণ্ডবোৰ দেখি ৰিয়নৰ তাক হিৰ' যেন লাগি গ’ল। সি মনতে ঠিৰাং কৰিলে, গেধুৱাৰ পৰা গছত উঠিবলৈ যেনেতেনে শিকিব লাগিব। সি ভাবি থাকোঁতেই মোমায়েকেৰ কঢ়া নিৰ্দেশ শুনিবলৈ পালে, "তই তাক গছত উঠিবলৈ নিদিবি। কেনেবাকৈ গছত উঠি পৰিব লাগিলে, মই তহঁত দুয়োটাৰে ঠেং ভাঙিম… কৈ থ'লো।"
গেধুৱাৰ কাম-কাজবোৰ দেখি সি আচৰিত হ'ল। ই দেখোন দশম মানত পঢ়া তাৰ পেহীয়েকৰ পুতেক ‘ৰণ দাদা’ কৈয়ো ওষ্টাড! তাৰ নিজৰ ওপৰতে পুতৌ উপজিল। সি দেখোন সিহঁত দুটাৰ তুলনাত যেন বৰ দুৰ্বল!
দুদিনৰ পিছৰ কথা। গেধুৱাৰ বাপেক-মাকে পথাৰত ভূঁই ৰুবলৈ গৈছিল। আইতাকক কুটুৰি কুটুৰি সিও খেতি চাবলৈ গ'ল। এডৰা দ পথাৰ পাৰ হ'লেহে গেধুৱাৰ মাকে ভূঁই ৰোৱা পথাৰখন পাব পাৰি। এইবাৰ বহুত বৰষুণ বাবে পথাৰ খন পানীৰে চপ্চপীয়া হৈ আছিল। "এতিয়া তালৈ কেনেকৈ যাবি? মই খোজ কাঢ়িয়েই গ'লোহেতেন, কিন্ত তই নোৱাৰিবি। ৰহ, মই কিবা এটা কৰোঁ।" এইবুলি গেধুৱাই এজোপা কলগছ কাটি আনি দুটুকুৰা কৰিলে; বাঁহৰ খুঁটি এটাৰ সহায়েৰে দুয়ো টুকুৰা সী ভূৰ এখন সাজি উলিয়ালে, লগতে দীঘল খুঁটি এটা বঠাৰ দৰে কৰি গেধুৱাই ভূৰ চলাই মাকহঁতৰ ওচৰ পালেগৈ। ৰিয়নৰ খুব মজা লাগিল। এনেয়ে সি মাকহঁতৰ লগত পাৰ্কবোৰত থকা ইঞ্জিন চালিত নাওবোৰহে চলাইছে। তাত নুডুবিবৰ ববে লাইফ জেকেটো পিন্ধাই দিয়ে। আজি কিন্তু তাৰ খুব মজা লাগিল। গেধুৱাই মাকহঁতলৈ নিয়া ভাতৰ টোপোলাটো দি উভতি আহি আছিল।
তেনেতে হঠাতে ঘটিল ঘটনাটো! সিপাৰত বান্ধি ৰখা গেধুৱাহঁতৰ ছাগলীটো পঘাত পাক লাগি কেনেবাকৈ পানীত পৰিল আৰু সি বৰকৈ বেবাবলৈ ধৰিলে। গেধুৱাই ভূৰৰ চিন্তা নকৰি কঁকাল পাৰ হৈ পানীৰ মাজেৰে জপংজপংকৈ খোজ ল'লে। ইফালে ছাগলীয়ে বেবোৱা শুনি ৰিয়নৰ আইতাক, মোমায়েকহঁত পথাৰৰ কাষ পালেগৈ। তেওঁলোকে ভূৰুত অকলে উঠি থকা ৰিয়নক দেখি অবাক হ'ল। সি মোমায়েকহঁতৰ গালি যে খাব, সেয়া খাটাং আছিল। সি ভূৰখন চলাব নোৱাৰাটো দেখুৱাবলৈ বিচৰা নাছিল, সেয়ে সি গাৰ জোৰেৰে গেধুৱাই কৰাৰ দৰে খুঁটিটোৰে পানী ঠেলিবলৈ ধৰিলে। লাহে লাহে ভূৰখন চলি আগবাঢ়িবলৈ ধৰিলে…. সি যেন সকাহ পালে। তাৰ ভাগৰ লাগিছিল আৰু হাতো বিষাইছিল, তথাপিও সি কিন্তু ৰৈ যোৱা নাছিল, উৎসাহিত হৈ চলাইয়েই থাকিল। ভূৰখন পাৰ পালত মোমায়েকে হাত আগবঢ়াই তাক তুলি আনিলে। সি ভয়তে তলমূৰ কৰি আছিল। আইতাকে তাক দবিয়ালে, "পানীত নামিলে তোৰ জ্বৰ হ'ব, কিয় গৈছিলি!" সি তলমূৰ কৰিয়েই আছিল। মোমায়েকে তেতিয়ালৈকে তাক একো কোঁৱা নাছিল যদিও ঘৰলৈ নি কি কৰে থিক নাই, তাকে ভাবি ভাবি সি ঘৰলৈ গৈ আছিল। আইতাকৰ হাতত ধৰি ঘৰলৈ ওভতোঁতে সি পথাৰৰখনৰ সিটো মূৰলৈ আত্মতুষ্টিৰে চাইছিল, য'ৰ পৰা সি নিজে ভূৰ চলাই উভতি আহিছিল।
মোমায়েকে কিন্তু সেইদিনা সি ভবাৰ দৰে একো নক'লে। বৰঞ্চ মোমায়েকে কোমল সুৰত ক’লে, "গা ধুই ভাত খাই অলপ শুই ল’ ৰিয়ন, তহঁতক আজি আবেলি টাউনত আনন্দমেলা দেখুৱাবলৈ লৈ যাম।" মোমায়েকৰ কথাষাৰত সি স্বস্তিৰ নিশ্বাস পেলাইছিল আৰু তাৰ মনটো আনন্দৰে ভৰি পৰিছিল।
ইয়াৰ পিছতো ৰিয়নে গেধুৱাৰ লগত টেকেলী ভঙা, তিনি ঠেঙীয়া দৌৰ, কুকুৰা যুঁজ আদি নানা খেল খেলি আনন্দ উপভোগ কৰিছিল। তাৰ মাজতে মোমায়েকৰ তত্বাৱধানতাত গাঁৱৰ পুখুৰীত সাঁতোৰ শিকাৰ সৌভাগ্যও ৰিয়ানৰ হৈছিল।
সেই কণমাণি ৰিয়নটো এতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰ।
সি ভাৱে, ড'ৰেমন, টম এণ্ড জেৰী, ছোটা ভীম, মিকী মাউছ, ড'নাল্ড ডাক আদিৰ চৰিত্ৰ বা কাৰ্টুনবোৰে শিশুসকলক মানসিক আনন্দ দিয়ে ঠিকেই, শাৰীৰিক আনন্দ কিন্তু দিব নোৱাৰে। শাৰীৰিক কছৰৎৰ সেই খেলবোৰহে আচলতে একতাৰ লগতে আত্মবিশ্বাস গঢ়া সুস্থ জীৱনবোধৰ উৎস।
আইতাকহঁতৰ মৰম-আদৰৰ মাজত গেধুৱাৰে সৈতে মুকলিমূৰিয়াকৈ কটোৱা সেই দিনবিলাক ৰিয়নৰ মানসপটত সদায়েই সজীৱ হৈ ৰ'ব।
@@@@@@@@@@@@@
Comments