ছাত্র-ছাত্ৰীৰ জীৱনত সময়ৰ মূল্য
- দীপিকা দেৱী পূজাৰী, নকাৰী উঃমাঃ বিদ্যালয়, লখিমপুৰ
- Jul 12
- 4 min read
Updated: Jul 19

দীপিকা দেৱী পূজাৰী, বিষয় শিক্ষয়িত্রী
নকাৰী উঃ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ
পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম |
বহু দূৰ আছে গতি সময় তাকৰ অতি
কৰিব লগীয়া আমি আছে বহু কাম ||
কবি আনন্দ্ৰচন্দ্র আগৰৱালা
সময় হৈছে সকলো বস্তুতকৈ অতি মূল্যৱান। সময়ৰ কাম সময়ত নকৰিলে জীৱন গঢ়াই টান। ছাত্র জীৱনতে সময়ৰ মূল্য সবাতোকৈ বেছি। সময়ক মূল্য দি কিনিব নোৱাৰি। নদী যিদৰে একে গতিৰে অনন্ত কাল বৈ আছে, সময়ৰ সোঁতো কালৰ বুকুত মিলি গৈ আছে। বৈ যোৱা নদীৰ সোঁত যেনেকৈ ঘূৰাই পাব নোৱাৰি অতীতৰ সময়কো তেনেকৈ ঘূৰাই পাব নোৱাৰি। ছাত্র-ছাত্রীসকলে সময়ৰ কাম যদি সময়ত নকৰে তেন্তে জীৱনত নানা বিপর্যয়ৰ মুখামুখি হ'বলগীয়া হয়। ছাত্র-ছাত্রীসকলে এই মূল্যৱান সময়ছোৱাত মোবাইল ফোন, বাইক, গাড়ী আদিৰ কথা চিন্তা কৰি সময় নষ্ট কৰাটো একেবাৰে উচিত নহয়। কিয়নো এই সময়ছোৱাই পঢ়াৰ প্রতি মনোযোগ দিয়াৰ বয়স, জীৱন তথা ভবিষ্যৎ গঢ়াৰ বয়স।
কবিৰ ভাষাত:
গোটোৱা গোলাপ কলি
সময় থাকোতে সখী
সময়ৰ সোঁত বলি যায়
যিটো ফুলে ফুলি আজি
ফুলনি শুৱাই তোলে
কালিলৈ পাহি মেলি
নাহাঁহে দুনাই
সময়ৰ সোঁত বলি যায়।
সময় পাখি লগা কাঁড়ৰ দৰে। সেয়ে ইয়াৰ প্ৰতি জীৱনৰ প্ৰতিক্ষণতে গুৰুত্ব দিব লাগিব।
সময়ৰ কাম সময়ত কৰি যাব নোৱাৰিলে এটা সময়ত কামৰ বোজা গধূৰ হৈ পৰে আৰু জীৱনটো বিশৃংখল কৰি তোলে। আজিৰ দিনটো ভালদৰে বা ভালকৈ পাৰ কৰাই হ’ল এটা সুন্দৰ ভবিষ্যতৰ প্রতিশ্ৰুতি। নিত্য বর্তমানৰ প্রস্তুতিয়েই ভবিষ্যতৰ দিশত সোণালী পদক্ষেপ।
আনহাতে, সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ হ'লে ছাত্র-ছাত্রীসকলৰ কিছুমান নিৰ্দিষ্ট আঁচনি থাকিব লাগিব, য'ত থাকিব লাগিব লক্ষ্যত উপনীত হ'ব পৰা কার্য্যসূচী। মানুহে বিচাৰিলেই জীৱন সুন্দৰ নহয়, কষ্টৰে সেই বাট নিজে গঢ়ি ল'ব লাগিব। 'ধৈয্যৰ ফল সদায় মিঠা'- সেয়ে অসীম ধৈৰ্যৰে কামত আগবাঢ়ি যাব লাগিব। এখন কিতাপৰ ভুলবোৰ শুদ্ধ কৰি তাৰ এটা উন্নত সংস্কৰণ প্রকাশ কৰিব পাৰি। কিন্তু জীৱনৰ ভুলবোৰ শুধৰাই দ্বিতীয়বাৰৰ কাৰণে জীৱনটো নতুনকৈ যাপন কৰিব নোৱাৰি। আন সকলো বস্তু ঘূৰাই পাব পাৰিলেও বিনষ্ট হোৱা সময়খিনি মানুহে কেতিয়াও ঘূৰাই পাব নোৱাৰে।
আচলতে সময়ৰ অপচয়ক পাপ বুলি ভবা উচিত। সুন্দৰ জীৱনৰ এক পূৰ্বচৰ্ত হ'ল অধ্যয়ন। তাৰবাবে ছাত্র-ছাত্রীসকলে এটি উদ্যমী, শক্তিমান, স্বাস্থ্যৱান শৰীৰৰ গৰাকী হোৱাৰ চেষ্টা কৰিব লাগিব। ৰুগীয়া শৰীৰ মানে হ’ল এক ব্যর্থ জীৱন। শৰীৰটো কর্মময় কৰি ৰাখিবৰ কাৰণে আহাৰ গ্ৰহণত সচেতনতা, সুনিদ্ৰা, নিয়মিত ব্যায়াম, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ইয়াৰ উপৰিও দুঃচিন্তা, বিৰক্তি, হতাশা, উৎকণ্ঠা, খং আদিৰ বাবেও ছাত্র-ছাত্রীসকলৰ শৰীৰ আৰু মনৰ ক্ষতি হয় আৰু তেওঁলোকে কর্মপ্ৰেৰণা হেৰুৱাই পেলায়। এটি সুস্থ দেহ আৰু সুস্থ মনৰ বাবে হাঁহি হ'ল মহৌষধ। এটি সুন্দৰ জীৱনৰ এইবোৰ পূর্বচর্ত পূৰণ কৰিলে কষ্টসাধ্য পৰিক্রমাৰ অন্ততঃ সফলতাৰ সেন্দুৰীয়া পথেৰে আগবাঢ়ি সুখৰ মুকুতা বুটলিবলৈ সক্ষম হ'ব বুলি দৃঢ়ভাৱে ক'ব পাৰি।
ছাত্র-ছাত্রীক সময়ৰ জ্ঞান দিয়া তথা সময়ৰ সদব্যবহাৰ সম্পর্কে সজাগ কৰা অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্রীৰ দায়িত্বও অত্যন্ত গুৰুত্বপূর্ণ। প্রাথমিক পৰ্য্যায়ৰ পৰা মহাবিদ্যালয়লৈকে প্ৰতিটো স্তৰতে সময়ৰ ভাগ-বাটোৱাৰা বেলেগ বেলেগ হ'ব লাগিব। প্রাথমিক স্তৰত খেলা-ধূলা, নাচ-গান আদিত বেছি সময় ব্যৱহাৰ কৰি পঢ়াশুনাত কিছু কম সময় দিয়াত গুৰুত্ব প্রদান কৰিব লাগে। কিন্তু মাধ্যমিক আৰু উচ্চ পৰ্য্যায়ত ক্রমান্বয়ে ইয়াৰ সালসলনি কৰিবলৈ শিক্ষকসকলে ছাত্র-ছাত্ৰীক বুজাব লাগিব আৰু উৎসাহিত কৰিব লাগিব। তাৰোপৰি কম সময়তে কেনেকৈ বেছি কাম সমাধা কৰিব পাৰি তাকো উদাহৰণেৰে সৈতে তেওঁলোকক সজাগ কৰাৰ দায়িত্বও শিক্ষকৰ লগতে অভিভাৱকৰো। প্ৰতিটো পৰ্য্যায়তে ছাত্ৰ-ছাত্ৰীক এখন সময় তালিকা (ৰুটিন) শিক্ষকে আগভাগ লৈ প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াব লাগে। কিন্তু সততে দৃষ্টি ৰাখিব লাগিব যাতে খুউব ব্যস্ত সময় তালিকা জাপি দি তেওঁলোকক অতিষ্ঠ কৰা নাযায়; তেওঁলোকৰ কাৰণে অৱসৰ বিনোদনৰ সময়ৰো অতীৱ প্ৰয়োজন।
জন্মৰ পিছৰেপৰা এক সীমাহীন বান্ধোনেৰে ৰখা এটা সম্পৰ্ক হৈছে মাক-দেউতাকৰ লগত সন্তানৰ সম্পৰ্ক। এই সম্পৰ্ক কোনো বস্তুৰে সৈতে ৰিজাব নোৱাৰি। মাতৃৰ ত্যাগৰ তুলনা নাই। মাতৃৰ মমতা পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ উৰ্দ্ধত। কোনো ধন দৌলতেৰে এই সম্পৰ্ক কিনিব নোৱাৰি। এই সন্তান যদি বিপথে পৰিচালিত হয়, মাতৃ বৰ চিন্তাত পৰে আৰু সৎপথলৈ ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰে। সন্তানৰ প্ৰতিভা বিকাশত মাতৃয়ে এটা ডাঙৰ ভূমিকা পালন কৰে। সন্তানৰ বিষয়ে মাকে উচ্চাৰণ কৰা প্ৰতিটো শব্দই সিহঁতৰ মনত মচিব নোৱাৰা দাগ বহুৱায়। মাকৰ মনে সন্তানৰ সকলো প্ৰয়োজনীয়তাৰ উমান আগতীয়াকৈ পায়। মাক মানেই এক অনুভৱী সত্ত্বা। মাতৃৰ মমতা, ত্যাগ, স্নেহ আদিক পৃথিৱীৰ কোনো সামগ্ৰীৰ লগত তুলনা কৰিব পৰা নাযায়। নিজ সন্তানক মানুহ কৰাৰ আঁৰত থাকে মাতৃৰ অনেক ত্যাগ আৰু দায়বদ্ধতা।
ছাত্ৰ-ছাত্ৰী তথা সন্তানে কৰা সকলো ভাল কামৰ বাবে উৎসাহ দিব লাগে। যদি সন্তানে বুজি পায় যে মাক -দেউতাকে তেওঁক খুউব উৎসাহ দিয়ে আৰু এজন বিচক্ষণ ব্যক্তিৰ দৰে গুৰুত্ব দিয়ে তেতিয়া দুগুণ উৎসাহেৰে নিজৰ দায়িত্ব পালন কৰে। সকলো অভিভাৱকে ইয়াৰ গুৰুত্ব অনুভৱ নকৰে। ইয়াৰ বিপৰীতে বহুতেই ধাৰণা কৰে যে সন্তানক সিহঁতে বুজাকৈ মৰম কৰিলে বা উৎসাহ দিলে সিহঁতৰ স্বভাৱ নষ্ট হ'ব। এইটো তেনেই ভুল ধাৰণা। মৰমেৰে কৰা কামেহে পৰিবেশ সুস্থ কৰি ৰাখে। নিজৰ কামৰ প্ৰতি আপুনি যেনেদৰে কৰ্তব্যপৰায়ণ তেনেদৰে সন্তানৰ লগতো কথা পাতিবলৈ বা কিছু সময় দিবলৈ প্ৰতিজ্ঞাবদ্ধ হওক। সময় কাৰোৰে বাবে অপেক্ষা নকৰে। সময়ৰ লগত আমাৰো বহু পৰিবৰ্তন হ'ব। সেই পৰিবৰ্তনৰ লগত সন্তানৰ বাবে থকা সময় তালিকাখন মিলাই ল'ব লাগিব। সন্তানে যিহেতু মাককেই আটাইতকৈ ওচৰৰ নিৰ্ভৰযোগ্য লোক বুলি ভাবে, গতিকে প্ৰতিগৰাকী মাতৃয়েই সন্তানৰ এই অনুভূতিক গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। কৰ্মক্ষেত্ৰৰ পৰা উভতি আহি জিৰণি লোৱাৰ মাজেৰেই সিহঁতৰ সৈতে মন খুলি কথা-বতৰা পতাত গুৰুত্ব দিব লাগে। সিহঁতে দিনটোত কৰা কামৰ খবৰ লওক, নিজৰ দিনটোও কেনেদৰে পাৰ হ'ল তাকো কওক। মাত্ৰ মনত ৰাখিব শাসনৰ সুৰেৰে নহয়, নিতান্তই বন্ধু সুলভ ভাৱে। দেখিব দিনটো দেখাদেখি নোহোৱাৰ পিছতো সিহঁতে আপোনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব।
সকলো সময়তে নিজক শুদ্ধ বুলি ভবাটোৱেই অভিভাৱকৰ আটাইতকৈ ডাঙৰ ভুল আৰু সেই ভুলৰ বলি হ'ব লগা হয় তেওঁলোকৰেই সন্তান। অভিভাৱক হিচাপে দায়িত্ব পালন কৰা নাইবা আদৰ-যত্ন কৰাটোৱেই ডাঙৰ কথা নহয়, সঠিক পৰিচালনাহে মূল কথা।
@@@@@@@@@@@
Comments