জুবিন জুবিন ….

Jan 9
1 min read

বিজিত কুমাৰ ভাগৱতী,
লখিমী নগৰ ১ নং পথ, যোৰহাট
এটা যুগৰ অন্ত হ'ল
এটা বিপ্লৱ শেষ হৈ গ'ল
এটা পণ অপূৰ্ণ হৈ ৰল
অসমীয়াৰ স্বাভিমানৰ
জনক হেৰাই গল।
পাহাৰৰ দাঁতিয়েদি বৈ যোৱা
নদীখনৰ পাৰত বহু সুৰ আছিল
সিচঁৰিত হৈ থকা ফুলেৰে মালা গঁথা
শেষ মালাকাৰ জনৰ মহা প্ৰস্থানত
জনতাৰ মুখৰ মাতেই হেৰাই গল।
এতিয়া তাত ৰ'দ নপৰে
বতৰটোও কিবা গোমাই থাকে
শিয়ালবোৰ ঘূৰি ফুৰে
তন্দ্ৰাচ্ছন্ন পৃথিৱীত
চিকাৰীৰ চকু ।
মুকুতি আজি দিশহাৰা হ'ল।
অন্ধ আকাশৰ তলত বতাহ স্তব্ধ হৈ ৰ’ল ।
@@@@@@@@@



Comments