ডাক-বঙলাৰ ভূত
- বিজিত কুমাৰ ভাগৱতী, যোৰহাট
- Jan 8
- 3 min read

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
অকণিহঁত আজি তোমালোকক মই বিজিত মামাই এটা মজাৰ কাহিনী ক'ম দেই।
নীলু বৰা সৰুৰে পৰা এটি অতি সাহসী ল'ৰা বুলি জনসমাজত পৰিচিত। মাজৰাতি জয়াল হাবিৰ মাজেৰে কলেজৰ পৰা তিনি কিলোমিটাৰ বাট অকলে চাইকেল মাৰি ঘৰলৈ ঘূৰি পিছদিনা লগৰবোৰক আচৰিত কৰি দিয়া মানুহ তেওঁ। বাটৰ কাষত খৰি দিয়া মৰিশালিৰ ৰঙা চকুৱা পকা অঙঠাত চিগাৰেট জ্বলাই লৈ হোপা মানুহ তেওঁ।
নীলুৱে সেইবাৰ বিভাগত কামত নতুনকৈ যোগদান কৰিছেহে; এনেতে তেওঁক কাম এটাৰ দায়িত্ব দি বুঢ়া পাহাৰস্থিত কাৰ্যালয়লৈ দুদিনৰ বাবে পঠিওৱা হ'ল। দায়িত্বত লাগি থাকোঁতেই ৰাতি হৈ গ'ল। নৈশ যাপনৰ কথা আহি পৰিল। খবৰ লৈ তেওঁ জানিব পাৰিলে যে পাহাৰৰ নামনিৰ ফালে এটা চৰকাৰী ডাক-বঙলা আছে। কিন্তু কোনো মানুহ তাত থাকিবলৈ নাযায়। কাৰণ তাত বোলে ভূত ওলায়। ভূত ওলোৱা কথাটোত তেওঁ বৰ আমোদ পালে। সকলোৱে মানা কৰিছিল যদিও ডাক-বঙলাটোতে এনিশা খপাৰ তেওঁ সিদ্ধান্ত ল'লে।
বঙলা সোমোৱাৰ কিছু ক্ষণ পিছত বঙলাৰ বুঢ়া চকীদাৰ পকৰিলে তাক ক'লেহি বোলে, ‘চাহাব, ইয়াত ভূত ওলায়, ইয়াত নথকাই ভাল। অলপ আগবাঢ়ি গৈ নগাঁৱত হোটেল এখনতে থাককগৈ ৰাতিটো। ইয়াত আগতে বহুত ডাঙৰ ঘটনা ঘটি গৈছে।‘ নীলুৱে নামানিলে আৰু ডাক-বঙলাতে থকাৰ সিধান্ত ল’লে । উপায়হীন হৈ পকৰিলে ক'লে যে সি বাৰু ভাত-পানী ৰান্ধি দি থৈ যাব, মাথোঁ ৰাতি লগত থাকিব নোৱাৰে। ওচৰতে থকা নিজৰ ঘৰতহে থাকিব। এইটো কথাত নীলুৰ আপত্তি নাছিল। একে আষাৰতে সি মান্তি হ'ল।
সময় লাহে লাহে আগবাঢ়ি গৈ থাকিল। ৰাতি খোৱা-বোৱা কৰি উঠি নীলু লাহেকৈ বিচনাত পৰিল। হঠাৎ নীলু এক আচহুৱা কাৰণত সাৰ পাই গ'ল। ঘড়ীলৈ চাই দেখিলে, মাজনিশা পাৰ হৈ এক বাজিল। বাহিৰত ঘিটমিটিয়া আন্ধাৰত জোনাকী পৰুৱাৰ জিকমিকনি। তেওঁ মন কৰিলে কাষৰে কোঠালীটোত চিলিঙৰ পৰা ওলমি থকা বাল্বটো যেন বতাহত দোলা দি আছে। কোনো কাৰণ নোহোৱাকৈ বাল্বটো দুলি থকাৰ অৰ্থটো তেওঁ বুজিব নোৱাৰিলে। বাহিৰত দুটা মেকুৰীয়ে চিঞৰি চিঞৰি যুদ্ধ কৰি আছে। গুৰুত্ব নিদি লাহেকৈ তেওঁ শুই পৰিল। এনেতে ভাৱ হ'ল যে তেওঁৰ বিচনাখনো লাহে লাহে যেন লৰিবলৈ ধৰিছে। এইবাৰো তেওঁ গুৰুত্ব নিদিলে। বাগৰ সলাই শুই পৰিল। সময় গৈ থাকিল। লাহে লাহে বিচনাখন সঁচাকৈয়ে দুলিবলৈ ধৰিলে। শুই থকা কোঠালীটোৰ খিৰিকী দুখনো জোৰেৰে খোল খাই গ'ল। শীতল বতাহ এজাক কোঠালীটোলৈ সোমাই আহিল।
এইবাৰ নীলু হাতত সাৰে ভৰিত সাৰে বিচনাৰ পৰা নামি গ'ল। মোবাইল ফোনৰ লাইটটো জ্বলাই বিচনাখননো কিয় ল'ৰি আছে জুমি চাবলৈ যত্ন কৰিলে। তেওঁ উঠা দেখি বিচনাখন ল'ৰি থকাটো বন্ধ হৈ গ'ল। ঘৰটোৰ পৰা অলপ দূৰৈত এজনী ছোৱালীৰ খিকখিক হাঁহিৰ শব্দ শুনা গ'ল। নিউ নিউ শব্দ কৰি ঘৰৰ মূধচৰ পৰা ফেঁচা এজনী উৰি গ'ল।
নীলুৱে আৰু দেৰি নকৰিলে। দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল আৰু 'কোন? কোন?' বুলি খেদি গ'ল। তেওঁ অস্পষ্ট পোহৰত দেখিলে দুটা ছায়া মূৰ্ত্তিয়ে পাহাৰটোৰ দাঁতিৰফাললৈ বঙলাটোৰ কাটা তাঁৰৰ দেওনা পাৰ হৈ দৌৰ মাৰিছে। তেওঁ আৰু আগবাঢ়ি নগ'ল। ভূত কোন বুজি পালে তেওঁ।
মানুহক ভয় খুৱাই ঘৰটোত থাকিব নোৱাৰা কৰিলে চকীদাৰৰ বহু কাম কমি যায়। সেয়েহে এই ভূতৰ ভাওনা।
সেইদিনা তেওঁ আৰু নুশুলে। কি ঠিক হয়তো ভূত আছে বুলি মানুহক পতিয়ন নিয়াবলৈ তেওঁক মাৰি পেলোৱাও হ'ব পাৰে। পিছদিনা নিচেই পুৱাতে চকীদাৰ পকৰিল আহিল। তাৰ চকু দুটা ৰঙা ৰঙা। মুখত আঁচোৰ সহ এক আতংকৰ ভাৱ। সি আহিয়েই নীলুৰ ভৰি দুটাত সাৱট মাৰি ধৰি ক্ষমা খুজিলে। ঘটনাৰ নায়ক তাক নীলুৱে ধৰা পেলালে বুলি পকৰিল নিশ্চিত আছিল। নীলুৱে তাক কাণত ধৰি দহবাৰ উঠা-বহা কৰিবলৈ দিলে আৰু ভৱিষ্যতে এনে কাম নকৰে বুলি শপত খুৱাই ল'লে। নীলুৰ উদাৰতাত পকৰিলৰ চাকৰিটো বাচিল।
সেইদিনাৰ পৰা আজিলৈকে বুঢ়াপাহাৰৰ দাঁতিত থকা সেই ডাক-বঙলাটোত ভূতৰ কোনো উপদ্ৰৱ নাই। এটা অতি সুন্দৰ অথচ এলাগী ঘৰে অবৈধ অপবাদৰ পৰা মুক্তি পালে।
অকণিহঁত, কেতিয়াবা ফাঁকিবাজ, এলেহুৱা লোকে অনাহকত ভূত-প্ৰেত আদিৰ কাহিনীৰ সৃষ্টি কৰি জনসাধাৰনৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে। তোমালোকে এনেবোৰ কাহিনী শুনিলে সহজভাৱে মানি নলৈ নিজৰ যুক্তিৰে ফঁহিয়াই চাবলৈ চেষ্টা কৰিবাহঁক দেই।
@@@@@@@@@
Comments