top of page
  • Black Facebook Icon
  • Black Instagram Icon

তুমি আছানোঁ ক’ত….

  • Writer: কৰবী আচাৰ্য্য, মুম্বাই
    কৰবী আচাৰ্য্য, মুম্বাই
  • Apr 12
  • 1 min read













কৰবী আচাৰ্য্য, মুম্বাই

 

নিঃশব্দে আহি আমনি কৰা মোক

তুমি আছা ক’ত?

নিদ্ৰা আইয়ে আহি জপাই দিয়ে

মোৰ নয়ন দুপাহি,

তুমি জগোৱা হেচুকি

আহাঁ মোৰ দুহাত সাৱটি ৷

তুমিতো সংগীতৰ পূজাৰী

আজি কিয় নাই তোমাৰ সংগীতৰ মূৰ্চ্ছনা

তোমাৰতো আছিল নয়ন ভৰি স্বপ্ন

কিয় গুচি গ'লা !

 

স্বপ্নভগ্ন কৰি জীৱনৰ পুৱতি বেলাতে!

তুমি কোৱা হাতত তোমাৰ সময় কম

কেনি যোৱা, ক’ত আছানো তুমি?

আমনি কৰে মোক তোমাৰ হাঁহি আৰু কান্দোনে,

সদায় আহিছিলা নানা অভিযোগ, অভিমান লৈ——

যাবৰ সময়ত কিয় গুচি গ'লা

বিনা অভিযোগেৰে

সকলোকে কন্দুৱাই?

তোমাৰ শীতল শৰীৰে

তোমাৰ স্তব্ধ ছবিয়ে

আজিও যেন মোক কিবা ক'ব খোজে

কিন্তু সেই ভাষা মোৰ বাবে দুৰ্বোধ্য।

তোমাক বিচাৰি হৃদয়ে কৰে হাঁহাকাৰ

তুমি আছানো ক’ত ?


⁉️⁉️⁉️⁉️⁉️⁉️



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page