তোমাৰ জন্মদিনত বেলিৰ দুহাত ....
- মৃগাংক বৰুৱা, গোলাঘাট

- Jan 9
- 1 min read

মৃগাংক বৰুৱা, গোলাঘাট
(১)
কালিলৈ তোমাৰ জন্মদিন
জন্মদিন নামৰ আৰু এটা ষ্টেচন
পাৰ হৈ যাব তোমাৰ জীৱন নামৰ ৰেলখন
যিটো ষ্টেচনলৈ উভতি নহাৰ গতিৰে
যোৱা ৰাতিৰ সপোনত দেখিলোঁ
সেই ষ্টেচনটোতে ৰৈ থাকি
তোমাক দিবলৈ নমাই আনিলোঁ
জোন, তৰাৰে ভৰা আকাশ এখন
তুমি ক’লা–
এনেকৈ আকাশখন নমাই নানিলেও হ'ব
যদি স্নেহৰ জীৱন্ত ঘৰ এখন উপহাৰ দিয়া
যাক বুকুত সাৱটি অন্ততঃ
তুমি নমাই আনিব খোজা আকাশখন
একেলগে চাব পাৰোঁ
নিদ্ৰাবিহীন ৰাতিবোৰ একাষৰীয়া কৰি
তুমি পুনৰ ক'লা–
ময়ো এখন আকাশ দিব খোজো সংগোপনে
তুমি জোনাক হৈ মুঠি মুঠি স্বপ্ন বাকী দিবা তাত...
(২)
সুখ-দুখ একাকাৰ হৈ
এনেকৈ গুচি যায় যৌৱন, দিন আৰু ৰাতি
কথা দিছোঁ তোমাক
দুখৰ দিনত তুলি ধৰিম
বেলিৰ দুহাত
দুখৰ দিনত তুলি ধৰিম
বেলিৰ দুহাত...
🌸🌸🌸🌸🌸🌸





Comments