দক্ষতাৰ মাপকাঠি
- দীপ্তি শৰ্মা বৰুৱা, যোৰহাট
- Jul 13, 2024
- 2 min read
Updated: Sep 22, 2024

দীপ্তি শৰ্মা বৰুৱা
তৰাজান কাকতি গাওঁ, যোৰহাট
নগৰৰ কাষৰীয়া অঞ্চলৰ এখন উচ্চ মাধ্যমিক বিদ্যালয় ৷ চাৰিওকাষে বৃক্ষৰে আৱৰা এখন মনোৰম শিক্ষানুষ্ঠান ৷ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়ৰ নীতি-নিয়ম মানি সুন্দৰ ঐক্যসাজ পৰিধান কৰি বিদ্যালয়লৈ আহে আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে ৷
সেইখন বিদ্যালয়ৰেই ছাত্ৰ প্ৰত্যুষ, প্ৰজ্ঞান আৰু উৎপল তিনিজন নলেগলে লগা বন্ধু আছিল ৷ তিনিওজনৰ ৰুচি বেলেগ আছিল যদিও শ্ৰেণীত তিনিও একেখন বেঞ্চতে বহিছিল ৷ প্ৰত্যুষে সাহিত্য বিষয়টো বৰ ভাল পাইছিল, গল্প-কবিতা লিখিছিল, দেশ-বিদেশৰ ভৌগোলিক - ৰাজনৈতিক বিষয়বোৰ খৰচি মাৰি অধ্যয়ন কৰি বৰ ভাল পাইছিল ৷ পিছে গণিত বিষয়টোত দুৰ্বল আছিল ৷ প্ৰজ্ঞানে পিছে গণিত, বিজ্ঞানৰ সমস্যাবোৰ সমাধান কৰি থাকিহে আমোদ পাইছিল ৷ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। দেশ-বিদেশৰ বিষয়ে পিছে জ্ঞান কম আছিল ৷ উৎপলৰ পঢ়া-শুনাত ৰাপ নাছিল, পুৱা-গধূলি কেৱল খেলৰ অনুশীলনত নিজকে ব্যস্ত ৰাখিছিল, ফলত শ্ৰেণীকোঠাত টোপনিয়াই শিক্ষকৰ শাস্তিৰো সন্মুখীন হৈছিল ৷
প্ৰত্যুষ আৰু প্ৰজ্ঞান যদিও বন্ধু, তেওঁলোক দুজনৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ খুবেই বেছি আছিল ৷ পৰীক্ষাত কোনে কিমান বেছি নম্বৰ পাই, সেই লৈ দুয়োৰে মাজত ভীষণ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অৱশ্যে তেওঁলোক দুয়োৰে অভিভাৱকেও অৰিহণা যোগাইছিল ৷ কিন্তু উৎপলৰ এইবোৰলৈ ভ্ৰূক্ষেপ নাই, নিজৰ ৰুচিত অনুশীলন চলাই গ’ল ৷ তেওঁৰ অভিভাৱকৰ কথা হ'ল, “ভালদৰে যদি পাছ নকৰ, খাবি কি? চাকৰি এটাতো কৰিব লাগিব!" পিছে উৎপল নিজৰ লক্ষ্যত দৃঢ় হৈ ৰ’ল ৷ তেওঁৰ একাগ্ৰতা দেখি এজন প্ৰশিক্ষকে তেওঁক ৰাজ্যিক পৰ্যায়ৰ অনুশীলন কেন্দ্ৰলৈ লৈ গ’ল ৷ উৎপল এতিয়া দেশৰ আগশাৰীৰ দৌৰবিদ, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সোণৰ পদক পাবলৈ সক্ষম হৈছে ৷ তাক লৈ এতিয়া বিদ্যালয়ৰ শিক্ষকসকলে আৰু সমগ্ৰ দেশে গৌৰৱ কৰে ৷
পিছে, প্ৰত্যুষ আৰু প্ৰজ্ঞানৰ কি হ’ল ! দুয়োৰে মাজৰ প্ৰতিযোগিতাৰ ফলত প্ৰত্যুষৰ সাহিত্যৰ বিষয়ত আৰু প্ৰজ্ঞানৰ গণিত বিষয়ত দক্ষতা কমি আহিল ৷ পৰীক্ষাত প্ৰত্যুষে গণিত বিষয়ত আৰু প্ৰজ্ঞানে সাহিত্য বিষয়ত নম্বৰ কিছু বেছি পালে ঠিকেই, কিন্তু প্ৰত্যুষৰ কাপত আজিকালি গল্প-কবিতাৰ সৃষ্টি নোহোৱা হ’ল আৰু প্ৰজ্ঞানৰ গণিত, বিজ্ঞানৰ কঠিন সমাধানবোৰত বেমেজালি লাগিবলৈ ধৰিলে ৷ দুয়োজন একো একোজন সাধাৰণ ছাত্ৰলৈ অৱনমিত হ’ল !
তেওঁলোক দুয়োয়ে যেতিয়া ইয়াৰ কাৰণ বুজি পালে তেতিয়ালৈ বহু পলম হৈ গ’ল ৷ কিন্তু এই অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰে, ভৱিষ্যতে এনে ভুল নকৰাৰ পণ লৈ দুয়ো বন্ধুৱে নিজ নিজ জীৱনৰ বাটত খোজ দিলে।
@@@@@@@@@@
খুউব ভাল লাগিল, লিখা বোৰ ডাঙৰ সৰু সকলোৰে উপযোগী হৈছে।
ভাল লাগিল, গোটেই বোৰ পঢ়া নাই,পঢ়িম