ধ্রুপদী ভাষা অসমীয়া- আমাৰ কৰণীয়
- চুমি ৰাণী দত্ত, নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ
- Jul 12
- 3 min read

চুমি ৰাণী দত্ত, সহঃ শিক্ষয়িত্রী,
নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ
আমাৰ অতিকৈ চেনেহৰ 'আইৰ মুখৰ ভাষা অসমীয়া ভাষা' ই শেষতীয়াকৈ হ'লেও ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত সমূহ অসমবাসীৰ লগতে দূৰ-দূৰণিৰ সাহিত্যানুৰাগী সকলো অতিশয় আনন্দিত হৈছে। এই গৌৰৱৰ মুহূর্তত 'অৰুণোদয়া'ৰ পৰা আৰম্ভ হোৱা অসমীয়া ভাষাৰ জয়যাত্ৰাত বিভিন্ন ব্যক্তিৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সাহিত্যৰ তথা ভাষাৰ প্রতি থকা প্ৰেমক আমি সকলোৱে নিশ্চয় এবাৰলৈ হ'লেও মনত পেলাইছোঁ। ভাষাৰ লিখিত মাধ্যম হিচাপে 'সাঁচিপাতৰ পুথিৰ পৰা আৰম্ভ কৰি বর্তমানৰ 'ই-আলোচনী'ৰ মাধ্যমলৈকে ভাষাৰ যি যাত্ৰা - ই এক অতি বিশাল বিষয়। ধ্রুপদী ভাষাৰ মর্যদা লাভ কৰাৰ লগে লগে অসমীয়া হিচাপে, ভাষাৰ প্রতি থকা আমাৰ দায়িত্বও নিশ্চম বহু বাঢ়ি গৈছে। মাতৃভাষাৰ প্রতি থকা প্রেমে নিশ্চয় এই গধূৰ দায়িত্বভাৰ লৈ 'অসমীয়া ভাষাক' বিশ্ব দৰবাৰত সুপ্রতিস্থিত কৰাবলৈ সকলো অসমবাসীক অনুপ্রাণিত কৰিব।
এইখিনিতে এটি প্ৰশ্ন উদয় হয় - কিদৰে ভৱিষ্যৎ প্রজন্মই অসমীয়া ভাষাৰ উত্তৰণৰ জয়যাত্ৰাত নিজৰ স্থিতি বজাই ৰাখিব? আমি মাতৃভাষা অসমীয়াক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সঁচাকৈয়ে সক্ষম হৈছোঁ, কিন্তু এই ভাষাক অধ্যয়ন পিপাসু বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাহিত্যানুৰাগীসকলে জনাকৈ কি কি প্ৰচেষ্টা হাতত লৈছোঁ, সেয়া এক চিন্তাৰ বিষয়। ধ্রুপদী ভাষাৰ গৌৰৱৰে গৌৰৱান্বিত মাতৃভাষাক এক চহকী ভাষা ৰূপে প্রতিষ্ঠা কৰিবলৈ নিশ্চয় আমাৰ কৰণীয় বহু কাম আছে। শুনিবলৈ অলপ অশুৱলা হ'লেও এটা কথা কিন্তু আলোচনাৰ বিষয় হ’ব লাগে যে অসমতে বর্তমান অসমীয়া ভাষাটো বহু এলাগী হ'বলৈ ধৰিছে। নতুন প্রজন্মৰ প্ৰায়সংখ্যক (সকলো অৱশ্যে নহয়) ল'ৰা-ছোৱালীকে শিক্ষিত তথা স্বচ্ছল অভিভাৱকে এক অহেতুক কাৰণত ইংৰাজী মাধ্যমত পঢ়োৱাত যি তৃপ্তি লাভ কৰা দেখা যায় সেই সম তৃপ্তি কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ ক্ষেত্রত দেখা পোৱা নাযায় । ইও অসমীয়া ভাষাৰ প্রতি যেন এক অশুভ ইংগিত। এই ইংৰাজী মাধ্যম, অসমীয়া মাধ্যম বা অন্য মাধ্যম আজিৰ আলোচনাৰ বিষয়বস্তু নহয়, কিন্তু ভাষাৰ সংৰক্ষণ তথা ব্যবহাৰৰ ক্ষেত্রত ই এক চিন্তাৰ কাৰক। এনে নহয় যে ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ অসমীয়া ভাষাৰ প্রতি মৰম কম, এই ভাষা ৰক্ষাত অৱদান কম নাইবা অসমীয়া মাধ্যমত পঢ়া ছাত্র-ছাত্রীৰ ভাষা প্ৰেম বেছি, অৱদান বেছি। আজিৰ আলোচনাৰ বিষয় হৈছে- যি মাধ্যমতে শিক্ষা গ্রহণ নকৰক লাগে, কিদৰে ভৱিষ্যৎ প্রজন্মই নিজ মাতৃভাষাৰ সোৱাদ লভি মানসিক তৃপ্তি লাভ কৰিব পাৰিব আৰু আমাৰ 'চিৰ চেনেহী ভাষা জননী' অসমীয়া ভাষাৰ সাহিত্যৰ সোৱাদ বিশ্ববাসীৰ লগত ভগাই ল'ব পাৰিব।
এইক্ষেত্রত মাথো দুটা কৰণীয় কাৰ্যৰ বিষয়ে মই আজি এই লেখাৰ মাধ্যমেৰে মোৰ মনোভাৱ প্রকাশ কৰিব বিচাৰিছোঁ:
প্ৰথমে - নৱ প্ৰজন্মৰ মাজত ভাষা প্রেম, ভাষা সংৰক্ষণ তথা ভাষাৰ সৌষ্ঠৱ বৃদ্ধিৰ উদেশ্যে আমাৰ অৱশ্যে কৰণীয় হ'ব। পাঠ্যপুথিৰ লগতে ‘বাহিৰা কিতাপ’ পঢ়াৰ যি মনোবৃত্তি তাক নতুন চামৰ মাজত জীয়াই ৰখা। বর্তমান 'মোবাইল ফোন'ৰ প্রতি বাঢ়ি অহা প্রেমে নতুন প্রজন্মৰ মাজত যেন বাহিৰা কিতাপ পঢ়াৰ প্রতি থকা ধাউতি বহু পৰিমাণে হ্ৰাস কৰি আনিছে। অৱশ্যে ই-মাধ্যমৰ জৰিয়তেও যে দেশ বিদেশৰ পুথিৰ জ্ঞান তথা সোৱাদ ল'ব পাৰি সেই কথাও অনস্বীকার্য। ইয়াত কোৱা নতুন চামৰ (সকলো নহয়) মোবাইল ফোনৰ প্রীতি কিন্তু সেই ই-মাধ্যমৰ যোগে সাহিত্যৰ সোৱাদ লোৱা সকলৰ মাজত পৰা নাই।
এগৰাকী শিক্ষয়িত্রী হিচাপে অনুভৱ কাৰিছোঁ যে - আমাৰ সময়ৰ 'বাহিৰা কিতাপ' পঢ়াৰ ধাউতি বর্তমানৰ প্ৰায় সংখ্যক ছাত্র--ছাত্রীৰে নাই। গতিকে অভিভাৱক তথা শিক্ষায়িত্রী হিচাপে মই অনুভৱ কৰা কথাটিৰ অচিলা লৈ ছাত্র-ছাত্রীসকল যি মাধ্যমতে নপঢ়ক কিয় 'বাহিতা কিতাপ - যেনে অসমীয়া উপন্যাস, কবিতা পুথি, প্ৰবন্ধ, নিবন্ধ, আলোচনী, বাতৰি কাকত আদি মাতৃভাষাত পঢ়ি অসমীয়া ভাষাৰ সোৱাদ ল'বলৈ অভিভাৱকসকলে যাতে যৎপৰোনাস্তি চেষ্টা কৰে, সেয়া হ'ব আমাৰ প্ৰথম কৰণীয়। এই কাৰ্যই নিশ্চয়কৈ নতুন চামৰ মাজত অসমীয়া ভাষাত ন ন ৰচনাৰ বাটো মুকলি কৰিব তথা অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিব। এই 'বাহিৰা কিতাপ' পঢ়াৰ ধাউতি যদি ই-মাধ্যমেৰেও হয় সেয়াও হ'ব এক ধনাত্মক গতি।
দ্বিতীয় কৰণীয় হিচাপে ক'ব বিচাৰিছোঁ গ্ৰন্থ অনুবাদ কৰাৰ কথা। ইংৰাজী - অসমীয়া - হিন্দী তথা যি মাধ্যমতে নপঢ়ক লাগে যদিহে আমাৰ সুৱদি ভাষাৰ সম্ভাৰসমূহ অনুবাদৰ যোগেদি হ'লেও অসমীয়াৰ লগতে আন আন ভাষালৈও অনুবাদ হয় ই হ'ব ভাষা বিশ্বায়নৰ এক অতি শুভ ইংগিত। এনে নহয় যে বর্তমানলৈকে সাহিত্যৰ কৃতিসমূহ অনুবাদ হোৱা নাই কিন্তু এই ধাৰা আমি নিশ্চয়কৈ আগবঢ়োৱাৰ সময় আহি পৰিছে। ধ্রুপদী ভাষাৰে গৌৰৱান্বিত অসমীয়া ভাষাৰ বহুতো পুথি বর্তমানেও অনুবাদ কৰা হোৱা নাই। ইংৰাজী ভাষালৈ দুই এখন অনুবাদ হৈছে যদিও গোটেই বিশ্ববাসীৰ আগত চিনাকি কৰাই দিবলৈ অন্যান্য বিদেশী ভাষাত অসমীয়া পুথিসমূহৰ অনুবাদ অতি কম। অনুবাদৰ মাধ্যমেৰে এই পুথিসমূহ নৱ-প্রজন্মৰ যিসকলে অসমীয়া হৈও অসমীয়া ভাষাৰ শিক্ষা লোৱা নাই তেনে দেশী-বিদেশী ছাত্র-ছাত্ৰীৰ বাবে অধিক সুবিধাজনক হ'ব।
কৃত্রিম বুদ্ধিমত্তাৰ যুগত নিশ্চম এই ভাষা অনুবাদে ভাষা বিশ্বায়নত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব। এই ক্ষেত্রত বিদেশত অসমীয়াসকলে যদি আগভাগ লয় ই অতি সহায়ক হ'ব।
শেষত ক’বলৈ বিচাৰোঁ, আমাৰ অসমীয়া ভাষাৰ জয়যাত্রা চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। 'শুৱলা আইৰ মুখৰ ভাষা' অসমীয়াক বিশ্বায়নৰ দিশে নিয়াৰ গধূৰ দায়িত্ব আমি সকলোৱে মূৰ পাতি ল'লেহে ভৱিষ্যৎ প্রজন্মই মাতৃভাষাক বিশ্ববাসীৰ আগত সগৌৰৱে চিনাকী কৰি দিবলৈ সক্ষম হ'ব। এইক্ষেত্ৰত আমাৰ কৰণীয় আৰু বহুতো আছে। আহক, সকলোৱ নিজৰ সন্তানক, ভৱিষ্যৎ প্রজন্মক সুৱদি মাতৃভাষাৰ সোৱাদ ল'বলৈ সহায় কৰোঁহক।
@@@@@@@@@@
Comentarios