top of page
  • Black Facebook Icon
  • Black Instagram Icon

ধনী আৰু দৰিদ্ৰ

Writer: দেৱীকা বৰপূজাৰী, মুম্বাই
দেৱীকা বৰপূজাৰী, মুম্বাই
5d
3 min read


(ভক্তিবেদান্ত বুক ট্ৰাষ্টৰ পৰা প্ৰকাশিত 'গল্প হলেও সত্যি' নামৰ পুথিৰ এক বঙালী গল্পৰ ভাবানুবাদ)


দেৱীকা বৰপূজাৰী, মুম্বাই

 

মৰমৰ মইনাহঁত, ঈশ্বৰে যাক যিদৰে বিচাৰে সেইদৰেই সকলোৰে জীৱনধাৰা চলি আহিছে। কোনোবা বগা, কোনোবা ক'লা; আকৌ কোনোবাজন বৰ ধনী আৰু কোনোবা জন অতি দৰিদ্ৰ। আমি কেৱল আমাৰ মনৰ ভাৱ সুস্থ কৰি ৰাখিব লাগে; অৰ্থাৎ কাকো হীন বুলি ভাবিব নালাগে। সৰু কাহিনী এটা পঢ়ি চোৱাচোন……

 

এখন চহৰত জমিদাৰ সদৃশ অতি ধনী মানুহ এঘৰ আছিল। প্ৰাসাদৰ দৰে বৃহৎ অট্টালিকাত এওঁ বাস কৰে। সমুখত প্ৰাচীৰে আৱৰা সুন্দৰ বাগিচা; গেটত দুজন পহৰাদাৰ। মুঠতে এজন ধনী লোকৰ যি যি থাকিব লাগে - সকলো আছে। নিজে ধনী বুলি তেওঁৰ বৰ অহংকাৰ, দৰিদ্ৰ লোকক সদায় উপেক্ষাৰ চকুৰে চায়।

 

এবাৰ তেওঁৰ ইচ্ছা হ'ল - দৰিদ্ৰলোক সকল কিদৰে থাকে, কেনেকৈ জীৱন যাপন কৰে - নিজৰ পুত্ৰক দেখুৱাবলৈ মন কৰিলে। সেয়েহে নিজৰ গাড়ীৰে পুত্ৰক লৈ চহৰৰ পৰা আঁতৰত থকা তেওঁলোকৰ গাঁৱৰ ঘৰলৈ গৈ দুদিন তাত অৱস্থান কৰিলে। তেওঁলোকৰ গাঁৱৰ সেই ঘৰটো যিয়ে চোৱা মেলা কৰিছিল, তেওঁলোক আছিল অতি দুখীয়া পৰিয়াল। চহকী পিতৃয়ে পুত্ৰক গাঁওখনত ফুৰাবলৈ নি দেখুৱাই কৈ গ'ল - "সেই যে পথাৰত কাম কৰি আছে, তেওঁলোকক কৃষক বুলি কয়, সেই যে ক্ষুদ্ৰ জুপুৰিবোৰ - সেইবোৰেই সিহঁতৰ থকা ঘৰ, সিহঁতৰ ঘৰত লাইট, ফেন আদি নাই। তেওঁলোকৰ ঘৰত লেম্প জ্বলে, কিছুমানৰ ঘৰত তাকো নাই, সিহঁতে এন্ধাৰতে বা জোনৰ পোহৰত ৰাতিটো পাৰ কৰে। সিহঁতে ভালকৈ খাবলৈ নাপায়, কিছুমানে কেৱল এবেলা হে খাবলৈ পায় "....ইত্যাদি।

 

দুদিন গাঁৱৰ ঘৰত কটাই যেতিয়া বাপেক পুতেক নিজ ঘৰলৈ বুলি উভতিল, তেতিয়া গাড়ীত বহি পিতৃয়ে পুত্ৰক সুধিলে "এই ভ্ৰমণটো তোমাৰ কেনে লাগিল "? পুত্ৰই লগে লগেই উত্তৰ দিলে " বাহ! বৰ ভাল লাগিল, ভালকৈ ফুৰা হ'ল ।"

 

দেউতাকে আকৌ সুধিলে "দেখিলা নে দুখীয়া মানুহবোৰ কেনে হয় "? পুত্ৰই উত্তৰ দিলে “ও, সেয়াও দেখিলো। "...দেউতাকে আকৌ সুধিলে, "তেতিয়া হলে এই ফুৰাৰ পৰা তুমি কি কি শিকিলা?”

 

পুত্ৰৰ উত্তৰ কিছু দীঘলীয়া - “দেউতা, মই দেখিলো যে আমাৰ দেখোন কেৱল এটা হে কুকুৰ আছে কিন্তু তুমি যাক দুখীয়া বুলি কৈছা, তেওঁলোকৰ দেখোন চাৰিটা কুকুৰ?”

আমাৰ বাগিচাৰ মাজত এটা সৰু পুখুৰী কিন্তু তেওঁবিলাকৰ আছে দীঘলীয়া এখন নদী, যাৰ শেষ ক'ত, মই নাজানোঁ। আমাৰ ঘৰৰ আগত দেশ-বিদেশৰ পৰা  অনা নানান ধৰণৰ  লাইট জ্বলি থাকে কিন্তু  তেওঁবিলাকে পাই নিশাৰ আকাশৰ পৰা অহা অগণন তৰাৰ পোহৰ। আমাৰ পদূলি কেৱল আমাৰ গেটতে সীমাবদ্ধ, তেওঁলোকৰ কিন্তু আছে সমগ্ৰ দিগন্ত। আমি থাকোঁ সীমাবদ্ধ মাটিৰ ওপৰত থকা ঘৰত কিন্তু তেওঁলোক ঘূৰি ফুৰিব পাৰে পথাৰে পথাৰে। আমাৰ ঘৰত কাম কৰিবলৈ লোক আছে, যিয়ে আমাৰ সেৱা কৰে। কিন্তু তেওঁলোকে আনৰ সেৱা কৰে, যি আমি নকৰোঁ। আমি খোৱা বস্তু কিনি খাওঁ, কিন্তু দুখীয়া হলেও তেওঁলোকে নিজে খেতি কৰি খোৱাৰ যোগাৰ কৰে। আমাৰ সম্পত্তিৰ সুৰক্ষাৰ বাবে ঘৰৰ চাৰিওফালে ওখ বেৰা দিয়া আছে কিন্তু তেওঁলোকৰ ঘৰবোৰত কোনো বেৰা নাই কিয়নো তেওঁলোকৰ সুৰক্ষাৰ বাবে আছে তেওঁলোকৰ সুহৃদ প্ৰতিবেশী সকল।"

পুত্ৰৰ এইবোৰ কথা শুনি দেউতাকৰ মুখৰ মাত নোহোৱা হ'ল । নিৰ্বাক হৈ মনে মনে থাকিল। পুত্ৰই আকৌ কলে - "দেউতা আমি যে কিমান দুখীয়া সেই কথা মোক দেখুৱাই অনা বাবে তোমাক ধন্যবাদ জনালো।"

মইনাসকল, এই সৰু গল্পটোৰ পৰা আমি শিকিব পাৰিলোঁ যে - বহু সময়ত, আমাৰ যি আছে, সেই সম্বন্ধে আমি পাহৰি থাকোঁ। কিন্তু যি আমাৰ নাই তাকেই ভাবি মন বেয়া কৰি থাকোঁ। এই বিষয়টো নিৰ্ভৰ কৰে আমাৰ ঘৰত পোৱা শিক্ষা, মানসিকতা আৰু দৃষ্টিভঙ্গীৰ ওপৰত। আমাৰ ঘৰত থকা ধন সম্পত্তি, গাড়ী আদিৰ বিষয়ে আমি গৰ্ব কৰা উচিত নহয়; বৰং আমাৰ যাৰ যিমানখিনি সা-সম্পদ আছে, তাতকৈ আৰু বেছি পাবলৈ আশা কৰি সময় নষ্ট কৰাতকৈ যিখিনি আছে তাতেই সন্তুষ্ট হৈ থকা উচিত আৰু থকা খিনিৰ বাবে সদায় ওপৰত থকা জনক ধন্যবাদ জনাব লাগে ।

 

********


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page