শিশুৰ প্ৰত্যাৱৰ্তন
- পবিত্ৰা বৰঘৰীয়া, মুম্বাই

- Jul 13
- 10 min read

মূল লেখক: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
অনুবাদ: পবিত্ৰা বৰঘৰীয়া
(প্ৰথম ভাগ)
ৰায়চৰণৰ যেতিয়া প্ৰথম মালিকৰ ঘৰত কাম কৰিবলৈ আহিছিল তেতিয়া তেওঁৰ বয়স আছিল বাৰ বছৰ মাত্ৰ। দীঘল চুলি, ডাঙৰ ডাঙৰ চকু, শ্যামবৰণীয়া গাৰ বৰণৰে ৰায়চৰণ মালিকৰ সৈতে একে কায়স্থ সম্প্ৰদায়ৰ আছিল। তেওঁৰ ওপৰত মালিকৰ সৰু পুতেকটোক চোৱা-চিতা কৰাৰ দায়িত্ব দিয়া হৈছিল। সময়ৰ লগে লগে ল’ৰাটো ডাঙৰ হৈ ৰায়চৰণৰ কোলা এৰি স্কুললৈ যাব পৰা হ'ল। স্কুলৰ পৰা তেওঁ এদিন কলেজলৈ যায় আৰু কলেজৰ শিক্ষা শেষ কৰি তেওঁ ন্যায়িক সেৱাত যোগদান কৰে। আৰু তেওঁৰ সেই মালিক অনুকূলে বিয়া নকৰোৱা পৰ্যন্ত ৰায়চৰণেই একমাত্ৰ পৰিচাৰক হিচাপে আছিল।
কিন্তু ঘৰখনলৈ যেতিয়া এগৰাকী গৃহিণী আহিল, তেতিয়া ৰায়চৰণে এজনৰ সলনি দুজন মালিক পালে। গতিকে অনুকূলবাবুৰ ওপৰত পূৰ্বৰে পৰা তেওঁৰ যি অধিকাৰ আছিল সেয়া লাহে লাহে নতুনকৈ অহা ঘৰৰ গৃহিণীলৈ হস্তগত হৈছিল। কিন্তু গৃহিনীগৰাকীয়ে যিদৰে ৰায়চৰণৰ পূৰ্বাধিকাৰ কিছু হ্ৰাস কৰি পেলাইছিল ঠিক তেনেদৰে এটা নতুন অধিকাৰ দি সেইকণো পূৰণ কৰি দিলে। অলপদিনৰ পিছতে অনুকূলৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল আৰু ৰায়চৰণে তেওঁৰ অদম্য মনোযোগৰ দ্বাৰা অতি সোনকালেই সন্তানটোৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল। তেওঁ কেঁচুৱাটোক অতি উৎসাহেৰে কোলাত লৈ ঝোলাইছিল, অতি নিপুণতাৰে তেওঁক দুইহাতৰ সহায়ত ওপৰলৈ দাঙি ধৰিছিল। কেঁচুৱাটোৰ মুখখনৰ ওচৰলৈ নিজৰ মুখখন চপাই দি হাঁহি হাঁহি আকৌ আঁতৰাই আনিছিল, উত্তৰৰ বাবে কোনো প্ৰত্যাশা নকৰি অৰ্থহীন, অসংগত ভাষাত অনৰ্গল সুৰ লগাই এনেকৈ কথা কৈ থাকে যে তাকে দেখি এই সৰু কেঁচুৱাটোৱে পুলকিত হৈ উঠে।
যেতিয়া শিশুটিয়ে অ'ত-ত'ত ধৰি থিয়দঙা দি ঘৰৰ দুৱাৰমুখ পাৰ হ’ব পৰা হ’ল আৰু কোনোবাই ধৰিবলৈ আহিলে খিলখিলাই হাঁহি দ্ৰুতগতিত নিৰাপদ স্থানত লুকাবলৈ চেষ্টা কৰা হ'ল, তেতিয়া ৰায়চৰণে তাৰ অসাধাৰণ দক্ষতা আৰু বিচাৰ শক্তি দেখি আচৰিত হৈ উঠিছিল। আশ্চৰ্যচকিত হৈ তেওঁ শিশুটিৰ মাকক অতি উৎসাহেৰে সৈতে কৈ উঠিছিল, "তোমাৰ ল'ৰাটো ডাঙৰ হৈ কোনোবাদিনা বিচাৰপতি হ'ব চাবা।"
দিন যোৱাৰ লগে লগে নতুন আশ্চৰ্য্য আহিবলৈ ধৰিলে। যেতিয়া কেঁচুৱাটোৱে থুপুক-থাপাককৈ খোজ কাঢ়িবলৈ ধৰিলে, তেতিয়া সেইটো আছিল ৰায়চৰণৰ বাবে মানৱ ইতিহাসৰ এটা যুগ। যেতিয়া তেওঁ দেউতাকক 'বা-বা' আৰু মাকক 'মা-মা' আৰু ৰায়চৰণক 'চান-না' বুলি মাতিবলৈ ধৰিলে, তেতিয়া ৰায়চৰণৰ আনন্দৰ সীমা নাছিল। গোটেই পৃথিৱীকে তাৰ মাত ফুটাৰ খবৰটো দিবলৈ বুলি সি ওলাই গৈছিল।
কিছুদিনৰ পাছত ৰায়চৰণে শিশুটিক বেলেগ বেলেগ ধৰণেৰে নিজৰ কৌশল দেখুৱাবলগীয়া হৈছিল। উদাহৰণ স্বৰূপে তেওঁ ঘোঁৰাৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হৈছিল, দাঁতৰ মাজত বাঘজৰী ধৰি ভৰিৰে কদমত আগবাঢ়িব লাগিছিল। তেওঁৰ সৰু মালিকৰ সৈতে মল্লযুঁজো কৰিবলগীয়া হৈছিল; আৰু যদি তেওঁ মল্লযুঁজাৰুৰ কৌশলেৰে বাগৰি পৰিব নোৱাৰে তেন্তে এটা ডাঙৰ চিঞৰৰ সৈতে পৰাজয় স্বীকাৰ কৰিবল'গা হোৱাটো খাটাং আছিল।
তেনে সময়তে অনুকূলৰ পদ্মা নদীৰ পাৰৰ এখন জিলালৈ বদলি কৰা হয়। কলিকতাৰ মাজেৰে পাৰ হৈ নতুন ঠাইলৈ যাওঁতে তেওঁ পুত্ৰৰ কাৰণে এখন খেলা-গাড়ী কিনিলে। তাৰোপৰি হালধীয়া চাটিন কাপোৰৰ দীঘল কোট, সোণৰ লেচযুক্ত টুপী আৰু সোণৰ ব্ৰেচলেট আৰু এংকলেট কিছুমানো কিনিলে। ৰায়চৰণে যেতিয়া শিশুটিক লৈ বাহিৰত ফুৰিবলৈ যায়, এইবোৰ উলিয়াই শিশুটিক সজাই-পৰাই পিন্ধাই এক গৌৰৱ অনুভৱ কৰিছিল।
তাৰ পিছত বাৰিষা আহিল আৰু একেলেঠাৰিয়ে হোৱা বৰষুণৰ ফলত চাৰিওফালে বানপানীৰ সৃষ্টি হৈছিল। ভোকাতুৰ পদ্মা নদীখনে বিশাল সাপৰ ৰূপ ধাৰণ কৰি ওচৰ-পাজৰৰ পথাৰ, গাওঁ, কুঁহিয়াৰণি আদি সকলো গিলি পেলাইছিল। মাজে মাজে নদীৰ পাৰবোৰ খহিগৈ ছিন্ন ভিন্ন হৈ পৰাৰ লগে লগে মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছিল। নদীৰ সোঁতৰ অবিৰত গৰ্জন দূৰৰ পৰাই শুনা গৈছিল। দ্ৰুতগতিত পাৰ হৈ যোৱা ফেনে ফুটুকাৰে ভৰা পানী দেখিলেই ধৰিব পাৰি পানীৰ সোঁতৰ তীব্ৰতা।
এদিন দুপৰীয়া বতৰ কিছু ফৰকাল হৈ আহিল। ডাৱৰীয়া আছিল যদিও আন দিনাতকৈ বতৰ কিছু উজ্জ্বল আছিল, শীতল বতাহো ধীৰে ধীৰে গৈ আছিল। তেনে সুন্দৰ দুপৰীয়াটোত ৰায়চৰণৰ কণমানি বীৰজনে ঘৰৰ ভিতৰত সোমাই থাকিব মুঠেই নিবিচাৰিলে। তেওঁ কৃতিত্বৰে সৈতে গৈ খেলনা গাড়ীখনত বহিলগৈ। ৰায়চৰণে বাটত হোৱা গাঁতবোৰৰ পৰা বচাই বচাই খেলনা গাড়ীখনত বহি থকা শিশুটিক টানি লৈ নদীৰ পাৰৰ ধাননি পথাৰখন পালেগৈ। পথাৰখন জনশূন্য আছিল আৰু নদীখনতো কোনো নাওৰ আহ-যাহ নাছিল। পানীৰ সিপাৰে, সুদূৰত, ডাৱৰবোৰ পশ্চিম দিশলৈ উৰা মাৰিছিল। অস্ত যাবলৈ ধৰা সূৰ্যৰ উজ্জ্বল আভাই চৌদিশ উজ্বলাই তুলিছিল। সেই নিস্তব্ধাৰ মাজতে শিশুটিয়ে হঠাতে সন্মুখলৈ আঙুলিয়াই চিঞৰি উঠিল, " চান-না! পিটি ফ'!"
ওচৰৰে বোকাময় সমতল ঠাইখনত ফুলেৰে ভৰ্তি এজোপা কদম গছ থিয় হৈ আছিল। শিশুটিয়ে গছজোপালৈ বৰ লোভনীৰে দৃষ্টিৰে চাই ৰ'ল আৰু ৰায়চৰণে সেই দৃষ্টিৰ অৰ্থ ভালকৈয়ে বুজি উঠিল। অলপ দিনৰ আগতে তেওঁ তেনে কদম ফুলেৰেই এখন সৰু খেলা গাড়ী বনাইছিল আৰু শিশুটোৱে ইয়াক টানি লৈ ফুৰি ইমানেই সুখী হৈছিল যে গোটেই দিনটো ৰায়চৰণৰ ওপৰত তেওঁ আন একো দাবীয়েই ৰখা নাছিল। সেইদিনা ৰায়চৰণে ঘোঁৰাৰ পৰা গৈ যেন এটা দৰালৈহে পদোন্নতি পাইছিল।
কিন্তু সেইদিনা সন্ধিয়া আঁঠুলৈকে বোকা পানী খচকি ফুলখিনিৰ ওচৰ পাবলৈ ৰায়চৰণৰ কোনো ইচ্ছা নাছিল। গতিকে সি খৰখেদাকৈ বিপৰীত দিশলৈ আঙুলিয়াই শিশুটিৰ ধ্যান সলাবলৈ ক'বলৈ ধৰিলে, "চোৱা, চোৱা, মইনা। সৌ চৰাইটোলৈ চোৱা।" আৰু মুখেৰে নানান শব্দ কৰি সি গাড়ীখন দ্ৰুতগতিত গছজোপাৰ পৰা আঁতৰাই ঠেলি নিলে। কিন্তু বিচাৰক হ'বলৈ ভাগ্যত সাধি অহা এটি শিশুটিক ইমান সহজে সেও মনাব নোৱাৰি। তাৰোপৰি সেই সময়ত তেওঁক আকৰ্ষণ কৰিব পৰাকৈ ওচৰে-পাঁজৰে আন একোৱেই নাছিল। আৰু কাল্পনিক চৰাইৰ অভিনয় কৰি তেওঁক বেছি সময়ৰ কাৰণে ধৰি ৰাখিবলৈও নোৱাৰি।
কণমানি শিশুটোৱে ধুনীয়া ফুলখিনিৰ (pretty flowers - পিটি ফ') কাৰণে নেৰানেপেৰাকৈ লাগিছিল আৰু ৰায়চৰণৰ কাৰণে সেইখিনি আনি দিয়াৰ পৰিৱৰ্তে আন বিকল্পও নাছিল। তেওঁ অৱশেষত শিশুটিক ক'লে, "ভাল বাৰু মইনা! তুমি গাড়ীখনতে লৰচৰ নকৰাকৈ বহি থাকা আৰু মই গৈ সৌ ধুনীয়া ফুলবোৰ লৈ আহোঁগৈ। মাথোঁ মনত ৰাখিবা তুমি পানীৰ ওচৰলৈ কেতিয়াও নাযাবা।"
কথাখিনি কৈ থাকোঁতেই তেওঁ কাপোৰ কোঁচাই ভৰি দুখন আঁঠুলৈকে উদং কৰি ল'লে আৰু বোকা পানীৰ চিটিকনিৰ মাজেৰে গছজোপাৰ ফালে খোজ ল'লে।
ৰায়চৰণ যোৱাৰ মুহূৰ্ততে তেওঁৰ সৰু মালিকৰ চিন্তাবোৰে যাবলৈ নিষিদ্ধ কৰি থৈ যোৱা পানীৰ ওচৰলৈ দ্ৰুত গতিৰে দৌৰ মাৰিলে। শিশুটিয়ে নদীখন লৰালৰিকৈ গৈ থকা যেন দেখিলে আৰু যোৱাৰ লগে লগে চিটিকি পৰি গুৰগুৰাই উঠা যেন অনুমান কৰিলে। এনে লাগিল যেন অবাধ্য তৰংগবোৰে নিজেই হাজাৰটা ল'ৰা-ছোৱালীৰ হাঁহি হৈ কোনোবা ৰায়চৰণৰ পৰা পলাই গৈ আছে। তেওঁলোকৰ দুষ্টামিবোৰ দেখি মানৱ সন্তানৰ হৃদয় উত্তেজিত আৰু অস্থিৰ হৈ পৰিল। তেওঁ গোপনে গাড়ীখনৰ পৰা নামি নদীৰ ফালে খোজ আগবঢ়ালে। বাটত তেওঁ সৰু লাঠি এডাল হাতত তুলি লৈ, মাছ ধৰাৰ অভিনয় কৰি কৰি তেওঁ নৈৰ পাৰৰ ফালে হেলান দি আগবাঢ়িবলৈ ধৰিলে। ৰহস্যময় কণ্ঠেৰে নদীৰ দুষ্ট পৰীবোৰে যেন তেওঁক নিজৰ খেলা- ধূলালৈ নিমন্ত্ৰণহে জনাইছিল!
ৰায়চৰণে গছজোপাৰ পৰা এমুঠিমান ফুল চিঙি কাপোৰত বান্ধি লৈ, মুখত এমোকোৰা হাঁহিৰে সৈতে খেলা-গাড়ীখনৰ কাষত উপস্থিত হ'লগৈ। কিন্তু তেতিয়া তাত কোনো নাছিল! সি চাৰিওফালে চালে কিন্তু তাত কোনো নাছিল! তেওঁ গাড়ীখনলৈ পুনৰ ঘূৰি চালে আৰু তাতো কোনোৱেই নাছিল!!
সেই প্ৰথম ভয়ংকৰ মুহূৰ্ততে তাৰ শৰীৰৰ সকলোখিনি তেজ যেন গোট মাৰি নিঠৰ হৈ পৰিছিল। তাৰ চকুৰ আগত গোটেই বিশ্বব্ৰহ্মাণ্ডখনে যেন ক'লা কুঁৱলীৰ দৰে সাঁতুৰি-নাদুৰি ফুৰিব ধৰিছিল। ভগ্ন হৃদয়ৰ গভীৰতাৰ পৰা অস্ফুট এক ক্ৰন্দন ওলাই আহিল মাথোঁ, " মাষ্টৰ, মাষ্টৰ! সৰু মাষ্টৰ!"
কিন্তু কোনোৱেই "চান- না" বুলি প্ৰত্যুত্তৰ নিদিলে। কোনো শিশুৱেই দুষ্টামীভৰা হাঁহিৰে সঁহাৰি নজনালে। তেওঁ উভতি অহাৰ পিছত কোনো শিশুৰ আনন্দৰ চিঞৰে তেওঁক আদৰণি নজনালে! মাথো নদীখনে ছিটিকনি তুলি তুলি, কুলু-কুলু ধ্বনিৰে বৈ থাকে যেন ই একেবাৰেই একোকে নাজানে আৰু এজন শিশুৰ মৃত্যুৰ দৰে ইমান সৰু মানৱীয় পৰিঘটনা এটাত গুৰুত্ব দিবলৈ যেন সময়য়েই নাই!
সন্ধিয়া পাৰ হোৱাৰ লগে লগে ৰায়চৰণৰ মালিকনী উৎকণ্ঠিত হৈ পৰিল। তাহাঁত দুজনক বিচাৰিবলৈ তাই চাৰিওফালে মানুহ পঠিয়াই দিলে। হাতত বন্তি লৈ তেওঁলোক অৱশেষত পদ্মাৰ পাৰ পালেগৈ। তাত তেওঁলোকে দেখিলে ৰায়চৰণে ধুমুহা বতাহৰ দৰে পথাৰৰ এটা মূৰৰ পৰা আনটো মূৰলৈ দৌৰিছে আৰু হতাশাত চিঞৰি উঠিছে, "মাষ্টৰ, মাষ্টৰ, সৰু মাষ্টৰ!"
অৱশেষত যেতিয়া ৰায়চৰণ ঘৰ পালেগৈ, তেতিয়া তেওঁ মালিকনীৰ ভৰিত দীঘল দি পৰিল। উপস্থিত সকলোৱে তেওঁৰ গাত ধৰি জোকাৰি বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ধৰিলে যে শিশুটি ক'ত এৰি থৈ আহিলে। কিন্তু তেওঁ মাত্ৰ ক'বলৈ পাৰিছিল যে তেওঁ একো নাজানে।
যদিও সকলোৰে মতামত আছিল যে পদ্মা নদীখনে শিশুটিক গিলি পেলাইছে, তথাপিও বহুতৰে মনত এটি সন্দেহ ৰৈ গৈছিল কাৰণ সেইদিনা আবেলি গাঁৱৰ বাহিৰত অঘৰীৰ দল এটা দেখা পোৱা গৈছিল। তেওঁলোকৰ ওপৰতে কিছু সন্দেহৰ সৃষ্টি হৈছিল। কিন্তু অত্যন্ত দুখত কাতৰ শিশুটিৰ মাকে আৰু অলপ আগবাঢ়ি গৈ ৰায়চৰণেই শিশুটি চুৰি কৰাটো সম্ভৱ বুলি ভাবিলে। তেখেতে একাষৰীয়াকৈ ৰায়চৰণক মাতি নি ক'লে, " ৰায়চৰণ, মোক মোৰ কেঁচুৱাটো ঘূৰাই দিয়া। মোক মোৰ সন্তানটো ঘূৰাই দিয়া। বিনিময়ত তুমি যিমান টকা বিচৰা মোৰ পৰা পাবা। মাত্ৰ মোৰ সন্তানটো ঘূৰাই দিয়া।"
ৰায়চৰণে উত্তৰত কেৱল নিজৰ কপালখনত থপৰিয়ালে। মালিকনীয়ে তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিলে।
অনুকূলে এই সম্পূৰ্ণ অন্যায় সন্দেহৰ পৰা পত্নীক আঁতৰাই আনিবলৈ চেষ্টা কৰিলে, "পৃথিৱীৰ এনে অন্যায় অপৰাধ সি কৰিবনে?" মাকে কেৱল উত্তৰ দিলে, "শিশুটিৰ শৰীৰত সোণৰ অলংকাৰ আছিল। কোনে জানে?" তাৰপিছত মাকৰ আগত যুক্তি দিয়াটো অসম্ভৱ হৈ পৰিছিল।
( দ্বিতীয় ভাগ )
ৰায়চৰণে নিজৰ গাঁৱলৈ উভতি গ’ল। সেই সময়লৈকে তেওঁৰ কোনো সন্তান নাছিল আৰু তেতিয়ালৈ তেওঁৰ সন্তান জন্ম হোৱাৰ কোনো আশাও নাছিল। কিন্তু এবছৰ শেষ হোৱাৰ আগতেই তেওঁৰ পত্নীয়ে এজন পুত্ৰ সন্তানৰ জন্ম দি মৃত্যুবৰণ কৰে। এই নতুন কেঁচুৱাটো দেখি প্ৰথমতে ৰায়চৰণৰ হৃদয়ত এটা তীব্ৰ ক্ষোভৰ জন্ম হৈছিল। মনৰ মাজত উৎপত্তি হৈছিল এক ধৰণৰ সন্দেহৰ ভাব যে এই কেঁচুৱাটোৱে তাৰ অন্তৰত সৰু মাষ্টৰৰ ঠাই দখল কৰিবলৈ অহা নাইতো! মালিকৰ সৰু ল’ৰাটোৰ লগত যিটো ঘটনা সংঘটিত হৈছিল তাৰ পিছত তেওঁ আৰু নিজৰ ল’ৰা এটাৰ লগত সুখী হোৱাটো এক গুৰুতৰ অপৰাধ হ’ব বুলি ভাবিছিল। সঁচাকৈয়ে, নতুন কেঁচুৱাটোৰ মাতৃ হিচাপে যত্ন কৰিবলৈ যদি তেওঁৰ বিধৱা ভনীয়েকজনী নাথাকিলহেঁতেন, তেন্তে সি বেছি দিন জীয়াই নাথাকিলহেঁতেন।
কিন্তু ক্ৰমান্বয়ে ৰায়চৰণৰ মনলৈ পৰিৱৰ্তন আহিবলৈ ধৰিলে। এটা আচৰিত ঘটনা ঘটিল। এই নতুন কেঁচুৱাটোৱে বগাবলৈ আৰম্ভ কৰিলে আৰু মুখত দুষ্টামিভৰা হাঁহি লৈ দুৱাৰৰ দেওনা পাৰ হ'বলৈ ধৰিলে। ইয়াৰোপৰি কেঁচুৱাটোৱে নিৰাপদ স্থানলৈ পলায়ন কৰাত এক আমোদজনক চতুৰতা দেখুৱাইছিল। তেওঁৰ মাতবোৰ, হাঁহি আৰু কান্দোনৰ শব্দ, আদৱ-কায়দাবোৰ আছিল সৰু মাষ্টৰৰ দৰে একেবাৰেই একে। কেতিয়াবা কেঁচুৱাটোৰ কান্দোন শুনিলে ৰায়চৰণৰ বুকুখনে কামিহাড়ৰ তলত তীব্ৰ গতিত ধক্ ধক্ কৈ কঁপি ধৰিছিল আৰু এনে লাগিছিল যেন তাৰ আগৰ কণমানি মাষ্টৰে মৃত্যুৰ অচিনাকি দেশখনৰ ক’ৰবাত কান্দিছে কাৰণ তেওঁ নিজৰ চান-না হেৰুৱাই পেলাইছে।
ফেইলনা (কাৰণ সেই নামটোৱেই আছিল ৰায়চৰণৰ ভনীয়েকে নতুন কেঁচুৱাটোক দিয়া নাম) ৰ অলপ দিনৰ পিছত মাত ফুটিবলৈ ধৰিলে। তেওঁ কেঁচুৱাসূলভ উচ্চাৰণেৰে বা-বা আৰু মা-মা বুলি ক’বলৈ শিকিলে। ৰায়চৰণে সেই চিনাকি শব্দবোৰ যেতিয়া শুনিলে, লগে লগে ৰহস্যটো স্পষ্ট হৈ পৰিল। তেওঁ খাটাং হ'ল যে সৰু মাষ্টৰে নিজৰ চান-নাৰ নামটো ভালকৈ ফুটাব পৰা নাছিল আৰু সেয়েহে আহি তেওঁৰ ঘৰতে পুনঃজন্ম ল'লেহি।
ইয়াৰ সপক্ষে তিনিটা যুক্তি ৰায়চৰণৰ বাবে একেবাৰে বিতৰ্কৰ বাহিৰত আছিল: কণমানি মালিকৰ মৃত্যুৰ কিছু সময়ৰ পিছতে নতুন কেঁচুৱাটোৰ জন্ম হয়। তেওঁৰ পত্নীয়ে কেতিয়াও এনে পুণ্য সঞ্চয় কৰিব নোৱাৰিলেহেঁতেন যে মধ্যবয়সত এনে এটি পুত্ৰ সন্তান জন্ম দিব পাৰে। আৰু আনটো হৈছে, নতুন কেঁচুৱাটোৱে থিয়দঙা দিয়েই বা-বা আৰু মা-মা কৈ মাতিলে আৰু কেঁচুৱাটোৰ গাত ভৱিষ্যতে বিচাৰক হ'ব পৰা গুণৰ কোনো ধৰণৰ অভাৱ নাছিল।
তেনেতে হঠাৎ ৰায়চৰণৰ মনত পৰিল মালিকনীৰ সেই ভয়ানক অভিযোগ। "আহ!" সি আচৰিত হৈ মনতে ক'লে, "মাকৰ হৃদয়খন ঠিকেই আছিল। তেখেতে জানিছিল যে মই তাইৰ সন্তানটো চুৰি কৰিছোঁ।"
এবাৰ যেতিয়া তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল, তেতিয়া তেওঁৰ মনটো অতীতৰ অৱহেলাৰ বাবে অনুশোচনাৰে ভৰি পৰিছিল। তেওঁ এতিয়া দেহে-প্ৰাণে নতুন কেঁচুৱাটোৰ ওচৰত আত্মসমৰ্পণ কৰি তেওঁৰ নিষ্ঠাবান সেৱক হৈ পৰিল। ৰায়চৰণে ল'ৰাটোক ধনী মানুহৰ পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। তেওঁ খেলনা-গাড়ী, হালধীয়া চেটিনৰ ৱেষ্টকোট আৰু সোণৰ এম্ব্ৰয়ডাৰী কৰা টুপী এটা কিনিলে। মৃত পত্নীৰ সোণৰ অলংকাৰ গলাই ল'ৰাটোৰ বাবে হাতৰ আৰু ভৰিৰ অলংকাৰ তৈয়াৰ কৰিছিল। চুবুৰীটোৰ কোনো এজনৰ লগতে সৰু ল’ৰাটোক খেলিবলৈ দিয়া নাছিল আৰু দিনে-নিশাই নিজেই তেওঁৰ একমাত্ৰ সংগী হৈ পৰিল। কেঁচুৱাটো ডাঙৰ হৈ অহাৰ লগে লগে তেওঁক ইমানেই আদৰ-সাদৰ কৰি নষ্ট কৰা হৈছিল আৰু ইমানেই সুন্দৰ সাজ-পোছাক পিন্ধাইছিল যে গাঁৱৰ ল'ৰা-ছোৱালীবোৰে তেওঁক "মহামান্য" বুলি উপলুঙা কৰি মাতিছিল আৰু তেওঁক উপহাস কৰিছিল; আৰু বয়সস্থ লোকসকলে ৰায়চৰণক শিশুটিৰ প্ৰতি কৰা প্ৰয়োজনাধিক আপডালক একধৰণৰ পাগলামি বুলি মত পোষণ কৰিছিল।
অৱশেষত ল’ৰাটো স্কুললৈ যোৱাৰ সময় আহিল। ৰায়চৰণে নিজৰ যিকণ মাটি আছিল তাকে বিক্ৰী কৰি কলিকতালৈ গ’ল। তাতে তেওঁ খুব কষ্টেৰে চাকৰি এটা যোগাৰ কৰি ফেইলনাক স্কুললৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। ল'ৰাক শ্ৰেষ্ঠ শিক্ষা, উত্তম কাপোৰ, উত্তম খাদ্য দিবৰ বাবে কষ্ট কৰিবলৈ তেওঁ কোনোধৰণৰ কৃপণালি কৰা নাছিল। আনহাতে তেওঁ নিজে মাত্ৰ সাধাৰণভাৱে ভাত এমুঠি খাই জীৱন নিৰ্বাহ কৰিছিল আৰু গোপনে কৈছিল: "আহ, মোৰ সৰু মাষ্টৰ, মোৰ মৰমৰ সৰু মাষ্টৰ, তুমি মোক ইমানেই ভাল পাইছিলা যে তুমি মোৰ ঘৰলৈ উভতি আহিলা! তুমি কেতিয়াও মোৰ পৰা কোনোধৰণৰ অৱহেলা নোপোৱা।"
এইদৰেই বাৰ বছৰ পাৰ হৈ গ’ল। ল’ৰাটোৱে ভালকৈ পঢ়িব আৰু লিখিব পাৰিছিল। তেওঁ আছিল মেধাৱী, স্বাস্থ্যৱান আৰু সুন্দৰ। ল'ৰাটোৱে নিজৰ শ্ৰী-চেহেৰাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছিল আৰু মূৰৰ চুলিখিনি সেওঁতাফালি বৰ পৰিপাটিকৈ ফণিয়াই ৰাখিছিল। তেওঁ অতিপাত খৰচী আছিল আৰু জাকজমক সাজ-পাৰৰ প্ৰতি প্ৰৱল হেঁপাহ আছিল আৰু সেইবোৰৰ কাৰণে মুক্তভাৱে ধন খৰচ কৰিছিল। তেওঁ কেতিয়াও ৰায়চৰণক পিতৃ হিচাপে চাব নোৱাৰিলে, কাৰণ ৰায়চৰণৰ মাজত পিতৃসুলভ মমতা থাকিলেও তেওঁৰ আচাৰ-ব্যৱহাৰ এজন ভৃত্যৰ দৰে আছিল। তাৰোপৰি আৰু এটা দোষ আছিল, তেওঁ নিজেই যে ল'ৰাটিৰ পিতৃ, সেই কথা ৰায়চৰণে সকলোৰে পৰা গোপনে ৰাখিছিল।
ফেইলনা থকা হোষ্টেলটোৰ ছাত্ৰসকলে ৰায়চৰণৰ গাঁৱলীয়া ধৰণৰ আচাৰ-ব্যৱহাৰত বৰ আমোদ পাইছিল আৰু স্বীকাৰ কৰিবই লাগিব যে দেউতাকৰ পিঠিৰ আঁৰত ফেইলনাৱেও তেওঁলোকৰ মজাত যোগ দিছিল। কিন্তু সকলো ছাত্ৰ-ছাত্ৰীয়ে নিৰীহ আৰু দয়ালু হৃদয়ৰ এই বুঢ়া মানুহজনক অন্তৰেৰে ভাল পাইছিল আৰু ফেইলনায়েও তেওঁক বৰ ভাল পাইছিল। কিন্তু, আগতে কোৱাৰ দৰে তেওঁ তাক এক প্ৰকাৰৰ অৱজ্ঞাৰেহে ভাল পাইছিল।
ৰায়চৰণৰ বয়স বাঢ়ি আহিছিল আৰু তাৰ লগে লগে তেওঁৰ মালিকে তেওঁৰ কামৰ মাজত কিবা নহয় কিবা খুঁত বিচাৰি উলিয়াইছিল। ল’ৰাটোৰ স্বাৰ্থত ৰায়চৰণে প্ৰায়ে নিজকে অনাহাৰে ৰাখিছিল, গতিকে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল আৰু দৈনন্দিন কামবোৰ সুচাৰুৰূপে কৰিবলৈ অসক্ষম হৈ পৰিছিল। কথাবোৰ পাহৰি গৈছিল আৰু তাৰ মনটো দিনে দিনে নিস্তেজ আৰু জধা-মূৰ্খ যেন হৈ পৰিছিল। কিন্তু তেওঁৰ মালিকে তেওঁৰ পৰা এজন সম্পূৰ্ণ বেতনভোগী সেৱকৰ দৰে কাম আশা কৰিছিল আৰু কোনোধৰণৰ অজুহাত বিচৰা নাছিল।
ইতিমধ্যে ৰায়চৰণে নিজৰ মাটি বিক্ৰী কৰি লগত লৈ অহা টকাও শেষ হৈ আহিল। ল’ৰাজনে অহৰহ নিজৰ সুন্দৰ সাজ-পোছাকৰ বাবে সচেতন হৈ উঠিছিল আৰু তাকে কিনিবলৈ অধিক টকা বিচাৰিছিল।
(তৃতীয় আৰু শেষ ভাগ)
ৰায়চৰণে এটা সিদ্ধান্ত ল’লে। তেওঁ ভৃত্য হিচাপে কৰি থকা কামটো এৰি দিলে আৰু ফেইলনাৰ হাতত কিছু টকা দি ক'লে: "মোৰ গাঁৱৰ ঘৰত কিছু কৰিবলগীয়া কাম আছে। সেইখিনি কৰিয়েই সোনকালে উভতি আহিম।"
তেওঁ লগে লগে বাৰাছেটলৈ বুলি ৰাওনা হ'ল, য’ত অনুকূলে দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অনুকূলৰ পত্নী তেতিয়াও শোকত ম্ৰিয়মান আছিল। তেখেতৰ আন কোনো সন্তান নাছিল।
এদিনাখন অনুকূলে আদালতৰ দীঘলীয়া আৰু ক্লান্ত দিনৰ অন্তত ঘৰলৈ আহি জিৰণি লৈ আছিল। তেওঁৰ পত্নীয়ে অত্যধিক দামত এজন ভিক্ষাৰী জাতীয় বেজৰ পৰা বনৌষধি কিনিছিল, যাৰ ফলত সন্তানৰ জন্ম নিশ্চিত বুলি কোৱা হৈছিল। তেনেতে চোতালত চিনাকি মাত এটা শুনা গ’ল। কোননো আহিছে চাবলৈ অনুকূল বাহিৰলৈ ওলাই গ’ল। সেইয়া আছিল ৰায়চৰণ। বুঢ়া ভৃত্যজনক দেখি অনুকূলৰ হৃদয়খন কোমল হৈ পৰিল। তেওঁ ৰায়চৰণক ভিতৰলৈ মাতি আনি নানান প্ৰশ্ন কৰিবলৈ ধৰিলে আৰু তেওঁক পুনৰ সেৱাত নিযুক্ত হ'বলৈ প্ৰস্তাৱ দিলে।
ৰায়চৰণে ক্ষীণ হাঁহি এটা মাৰি উত্তৰত ক'লে: "মই মোৰ মালিকনীক সেৱা এটা কৰিব বিচাৰোঁ।"
অনুকূলে ৰায়চৰণক পত্নীৰ ওচৰলৈ লৈ গ’ল, কিন্তু তেখেতে ৰায়চৰণক দেখিও পুৰণি ভৃত্যক কৰাৰ দৰে কোনো উষ্ম ধৰণে ব্যৱহাৰ নকৰিলে। ৰায়চৰণে এই কথাৰ প্ৰতি কোনো গুৰুত্বই নিদিলে, মাত্ৰ হাতযোৰ কৰি ক'লে: "আপোনাৰ কেঁচুৱাটো পদ্মাই চুৰি কৰা নাছিল। মইহে চুৰ কৰিছিলোঁ।"
অনুকূলে চিঞৰি উঠিল: "হে কৰুণাময় ভগৱান! এহ, কি ক'লা তুমি! ক'ত আছে সি?"
ৰায়চৰণে উত্তৰ দিলে: "তেওঁ মোৰ লগতে আছে। পৰহিলৈ মই তাক লৈ আহিম।"
সেইদিনা দেওবাৰ আছিল। সেইদিনা দণ্ডাধীশৰ আদালতৰ কোনো বৈঠক নাছিল। পতি-পত্নী দুয়োজনে ৰাতিপুৱাৰে পৰা ৰায়চৰণৰ বাবে আশাৰে ৰাস্তালৈ চাই অপেক্ষা কৰি আছিল। দহ বজাত সি ফেইলনাক হাতত ধৰি আগুৱাই আহিল।
অনুকূলৰ পত্নীয়ে কোনো প্ৰশ্ন নকৰাকৈয়ে ল’ৰাটোক কোলাত লৈ আবেগত অধীৰা হৈ পৰিল, তেওঁ কেতিয়াবা হাঁহিলে, কেতিয়াবা কান্দিলে, তাক চুই চালে, তাৰ চুলি আৰু কপালত চুমা খালে আৰু আকুল নয়নেৰে তাৰ মুখলৈ চাই ৰ'ল। ল'ৰাটো বৰ সুদৰ্শন চেহেৰাৰ আৰু ভদ্ৰলোকৰ ল'ৰাৰ দৰে সাজ-পোছাক পিন্ধিছিল। অনুকূলৰ হৃদয়খন হঠাতে ল'ৰাটোৰ প্ৰতি মৰমেৰে ভৰি পৰিল।
তথাপিও তেওঁৰ মাজত থকা দণ্ডাধীশজনে প্ৰশ্ন কৰিলে: "তোমাৰ ওচৰত কিবা প্ৰমাণ আছেনে?"
ৰায়চৰণে ক'লে: "এনে কামৰ প্ৰমাণ কেনেকৈ থাকিব পাৰে? কেৱল ভগৱানে জানে যে মই তোমাৰ ল'ৰাটো চুৰি কৰিছিলোঁ, তেওঁৰ বাহিৰে আৰু এই পৃথিৱীত আন কোনোৱেই এই কথা নাজানে।"
অনুকূলে যেতিয়া দেখিলে যে তেওঁৰ পত্নীয়ে ল’ৰাটোক কিমান আগ্ৰহেৰে আঁকোৱালি লৈছে, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে প্ৰমাণ বিচৰাটো অসাৰতা। বিশ্বাস কৰাটোৱেই বুদ্ধিমানৰ কাম হ’ব। তাৰোপৰি ৰায়চৰণৰ দৰে বুঢ়া মানুহ এজনে এনে এটা ল’ৰা ক’ৰ পৰা পাব? আৰু তেওঁৰ বিশ্বাসী সেৱকজনে তেওঁক বিনামূলীয়াকৈ কিয় প্ৰতাৰণা কৰিব?
"কিন্তু" অনুকূলে দৃঢ়তাৰে কৈ উঠিল, "ৰায়চৰণ, তুমি আমাৰ ঘৰত থাকিব নোৱাৰিবা।"
"মই ক'লৈ যাম মাষ্টৰ?" হাতযোৰ কৰি শ্বাসৰুদ্ধ কণ্ঠস্বৰে ৰায়চৰণে ক’লে। "মই বুঢ়া হ'লো। বুঢ়া মানুহ এজনক কোনে চাকৰ হিচাপে ঘৰত ৰাখিব?"
মালিকনীয়ে কৈ উঠিল, "তেওঁক থাকিবলৈ দিয়ক। মোৰ সন্তানটোৱে ভাল পাব। মই তেওঁক ক্ষমা কৰি দিছোঁ।"
কিন্তু অনুকুলৰ দণ্ডাধীশৰ বিবেকে সেইটো কৰিবলৈ তেওঁক অনুমতি নিদিলে। "নাই, নহ'ব।" তেওঁ ক'লে, "তেওঁ যি অপৰাধ কৰিলে তাৰ বাবে তেওঁক ক্ষমা কৰিব নোৱাৰি।"
ৰায়চৰণে মাটিত প্ৰণাম কৰি অনুকূলৰ ভৰি দুখনত সাৱটি ধৰিলে। "মাষ্টৰ," সি কান্দিবলৈ ধৰিলে, "মোক থাকিবলৈ দিয়ক। সেই কামটো মই কৰা নাছিলোঁ, সেইটো ঈশ্বৰেহে কৰিছিল।"
ৰায়চৰণে নিজৰ দোষ ভগৱানৰ গাত পেলাবলৈ চেষ্টা কৰা দেখি অনুকূল আগতকৈ বেছি আচৰিত হ'ল। "নাই," তেওঁ ক'লে, "মই অনুমতি দিব নোৱাৰোঁ। মই তোমাক আৰু বিশ্বাস কৰিব নোৱাৰোঁ। তুমি বিশ্বাসঘাতকতাৰ কাম কৰিলা।"
ৰায়চৰণে উঠি লৈ ক'লে: "সেইটো মই কৰা নাছিলোঁ।"
"তেতিয়া হ'লে কোন কৰিছিল?" অনুকূলে সুধিলে।
ৰায়চৰণে উত্তৰ দিলে: "এয়া মোৰ ভাগ্যতে আছিল।"
কিন্তু কোনো শিক্ষিত মানুহেই এনে কথা মানি লৈ এনে অপৰাধ মাফ কৰি দিব নোৱাৰে। অনুকূল নিজৰ সিদ্ধান্তত আকোঁৰগোজ হৈয়েই থাকিল।
ফৈলনাই যেতিয়া দেখিলে যে তেওঁ আচলতে ধনী দণ্ডাধীশৰহে পুত্ৰ, ৰায়চৰণৰ নহয়, তেতিয়া তেওঁৰ প্ৰথমে খং উঠিছিল এই ভাবি যে ইমান দিনে তেওঁৰ জন্মগত অধিকাৰ তেওঁৰ পৰা লুকাই ৰাখি প্ৰতাৰণা কৰা হৈছিল। কিন্তু ৰায়চৰণক ভাগি পৰা দেখি, তেওঁ উদাৰতাৰে দেউতাকক ক'লে, "দেউতা, তেওঁক ক্ষমা কৰি দিয়ক। আমাৰ লগত থাকিবলৈ নিদিলেও তেওঁক কমকৈ হ'লেও মাহিলী পেঞ্চন এটা দিব পাৰে।"
এই কথা শুনাৰ পিছত ৰায়চৰণে আৰু এটা শব্দও উচ্চাৰণ নকৰিলে। সি শেষবাৰৰ বাবে পুত্ৰৰ মুখলৈ চালে। তেওঁ নিজৰ পুৰণি মালিক আৰু মালিকনীক প্ৰণাম জনালে। তাৰপাছত তেওঁ ওলাই গৈ পৃথিৱীৰ অসংখ্য মানুহৰ লগত মিলি গ'ল।
মাহৰ শেষত অনুকূলে ৰায়চৰণলৈ বুলি গাঁৱৰ ঠিকনাত কিছু টকা পঠিয়াই দিলে। কিন্তু টকাখিনি ঘূৰি আহিল। তাত ৰায়চৰণ নামৰ কোনোয়ে নাছিল।
🌹🌹🌹🌹🌹🌹



Comments