পোহৰ পিয়াসী
- শিখা ৰাণী শৰ্মা, কামৰূপ, অসম

- Jun 5, 2024
- 1 min read
Updated: Jul 13, 2024

শিখা ৰাণী শৰ্মা,
মিৰ্জা, কামৰূপ, অসম
আমি কণ কণ আলফুল অকণি,
যাত্ৰা আমাৰ আলোকসন্ধানী,
প্ৰকৃতিৰ সৈতে ওমলি যামলি,
মানুহ হোৱাৰ ঠিকনা ফুৰিছো বিচাৰি।
সৎ পথেৰে আমি যাম আগুৱাই,
মা দেউতাৰ কথা মানিম সদায়।
ডাঙৰক সন্মান, সৰুক মৰম,
সজ কথা আচৰণ আমাৰ ধৰম।
ধুনীয়া কৰিম আমি হাতৰ আখৰ,
সাধুকথা, ছবি অঁকা কাম আনন্দৰ।
সহায় কৰিম আমি আইতা ককাক,
আলহী আহিলে দিম মৰমৰ মাত।
খোৱা বোৱাত আমি নকৰোঁ আপত্তি,
শাক-পাঁচলি, ফল-মূলে আমাক দিয়ে পুষ্টি।
ফাষ্ট ফুড, জাংক ফুডে নিদিয়ে শক্তি,
খাদ্য খাওঁ আমি গুণাগুণ বুজি।
নৰসিংহ, ভেদাইলতা, মানিমুনি, মচন্দৰী
খাৰ, টেঙা, তিতা খাবলৈ নকৰোঁ আপত্তি।
আমাৰ বুকুত যে খিলখিল হাঁহি,
জিলমিল ৰ'দালিৰ আমি নাতি-নাতিনী।
আমাৰ বুকুত বাজে মৰমৰ বাঁহী,
জোনবায়ে মাতে আমাক মিচিকিয়াই হাঁহি।
<><><><><>





Comments