top of page
  • Black Facebook Icon
  • Black Instagram Icon

প্ৰত্যাশিত প্ৰত্যুষ

  • Writer: কুইন শৰ্মা, নৱগ্ৰহ, শিলপুখুৰী, গুৱাহাটী
    কুইন শৰ্মা, নৱগ্ৰহ, শিলপুখুৰী, গুৱাহাটী
  • Apr 6
  • 1 min read
ree










কুইন শৰ্মা, নৱগ্ৰহ, শিলপুখুৰী, গুৱাহাটী

 

উমি উমি জ্বলি থকা আঙঠাবোৰ

পুনৰ ফুৱাই নিদিবাহক

ফুৱালে যে দুগুণে জ্বলিব

হিংসাৰ জুই কালান্তক।

 

হাঁহিৰ সঁফুৰাৰে ঢাকি থোৱা

দুচকুত বিৰিঙি উঠা

লেলিহান ক্ষোভৰ অনল

বিলাই দিয়া চৌদিশে

সুন্দৰতাৰ এমুঠন প্ৰীতিৰ সুবাস।

সুন্দৰে যে ফুলাব সম্প্ৰীতিৰ শতদল।

 

প্ৰত্যাশা মাথোঁ সেই প্ৰত্যুষৰ

য'ত উদিত হ'ব

এটি নতুন সূৰ্য

এজাক কাঁচিয়লী ৰ'দৰ

উমাল বিকিৰণে

সৰ্বত্ৰতে সিঁচি দিব

শান্তিৰ মিচিল…

নিপাত যাব অচিৰেই

দুৰ্নীতিৰ সমস্ত বীৰ্য।

 

আহা, আমি ৰুদ্ধ কৰোঁ

সন্ত্ৰাসৰ পাষাণ দুৱাৰ

আইৰ বেদীত জ্বলাও আহাঁ

এগছি বন্তি অহিংসাৰ।

 

*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page